الفاتحة
অসমীয়া Translation with Arabic Quran Text
Previous Surah
Next Surah
| অসমীয়া | العربية |
|---|---|
| 1 (আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। | بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ. ﴿1﴾ |
| 2 সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে। | ٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَٰلَمِينَ. ﴿2﴾ |
| 3 যিজন পৰম কৰুণাময়, পৰম দয়ালু। | ٱلرَّحْمَٰنِ ٱلرَّحِيمِ. ﴿3﴾ |
| 4 বিচাৰ দিৱসৰ মালিক। | مَٰلِكِ يَوْمِ ٱلدِّينِ. ﴿4﴾ |
| 5 আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ। | إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ. ﴿5﴾ |
| 6 আমাক সৰল পথৰ হিদায়ত দিয়া। | ٱهْدِنَا ٱلصِّرَٰطَ ٱلْمُسْتَقِيمَ. ﴿6﴾ |
| 7 তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, সিহঁতৰ নহয়, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ আপতিত হৈছে আৰু সিহঁতৰো নহয় যিসকল পথভ্ৰষ্ট হৈছে। | صِرَٰطَ ٱلَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ ٱلْمَغْضُوبِ عَلَيْهِمْ وَلَا ٱلضَّآلِّينَ. ﴿7﴾ |