العاديات
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাবোৰৰ, | وَٱلْعَٰدِيَٰتِ ضَبْحًۭا. ﴿1﴾ |
| 2 যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়, | فَٱلْمُورِيَٰتِ قَدْحًۭا. ﴿2﴾ |
| 3 যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে, | فَٱلْمُغِيرَٰتِ صُبْحًۭا. ﴿3﴾ |
| 4 ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়; | فَأَثَرْنَ بِهِۦ نَقْعًۭا. ﴿4﴾ |
| 5 আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে। | فَوَسَطْنَ بِهِۦ جَمْعًا. ﴿5﴾ |
| 6 নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ, | إِنَّ ٱلْإِنسَٰنَ لِرَبِّهِۦ لَكَنُودٌۭ. ﴿6﴾ |
| 7 নিশ্চয় সি এই বিষয়ে সাক্ষী, | وَإِنَّهُۥ عَلَىٰ ذَٰلِكَ لَشَهِيدٌۭ. ﴿7﴾ |
| 8 আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত খুবেই প্ৰবল। | وَإِنَّهُۥ لِحُبِّ ٱلْخَيْرِ لَشَدِيدٌ. ﴿8﴾ |
| 9 সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব, | ۞ أَفَلَا يَعْلَمُ إِذَا بُعْثِرَ مَا فِى ٱلْقُبُورِ. ﴿9﴾ |
| 10 আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব? | وَحُصِّلَ مَا فِى ٱلصُّدُورِ. ﴿10﴾ |
| 11 নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত। | إِنَّ رَبَّهُم بِهِمْ يَوْمَئِذٍۢ لَّخَبِيرٌۢ. ﴿11﴾ |