Loading date... | Loading Hijri date... | Loading time...

القارعة

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 ভীতিপ্ৰদ মহা বিপদ। ٱلْقَارِعَةُ. ﴿1﴾
2 ভীতিপ্ৰদ মহা বিপদ কি? مَا ٱلْقَارِعَةُ. ﴿2﴾
3 ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা? وَمَآ أَدْرَىٰكَ مَا ٱلْقَارِعَةُ. ﴿3﴾
4 সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে। يَوْمَ يَكُونُ ٱلنَّاسُ كَٱلْفَرَاشِ ٱلْمَبْثُوثِ. ﴿4﴾
5 আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙীন ঊণৰ দৰে। وَتَكُونُ ٱلْجِبَالُ كَٱلْعِهْنِ ٱلْمَنفُوشِ. ﴿5﴾
6 এতেকে যাৰ (ছোৱাবৰ) তুলাচনী গধুৰ হ’ব, فَأَمَّا مَن ثَقُلَتْ مَوَٰزِينُهُۥ. ﴿6﴾
7 তেওঁ থাকিব সন্তোষজনক জীৱনত; فَهُوَ فِى عِيشَةٍۢ رَّاضِيَةٍۢ. ﴿7﴾
8 আৰু যাৰ পাল্লা পাতল হ’ব, وَأَمَّا مَنْ خَفَّتْ مَوَٰزِينُهُۥ. ﴿8﴾
9 তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’। فَأُمُّهُۥ هَاوِيَةٌۭ. ﴿9﴾
10 আৰু তুমি কি জানা সেইটোনো কি? وَمَآ أَدْرَىٰكَ مَا هِيَهْ. ﴿10﴾
11 সেইটো হৈছে এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড। نَارٌ حَامِيَةٌۢ. ﴿11﴾