التكاثر
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে। | أَلْهَىٰكُمُ ٱلتَّكَاثُرُ. ﴿1﴾ |
| 2 যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা। | حَتَّىٰ زُرْتُمُ ٱلْمَقَابِرَ. ﴿2﴾ |
| 3 সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা। | كَلَّا سَوْفَ تَعْلَمُونَ. ﴿3﴾ |
| 4 আকৌ সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা। | ثُمَّ كَلَّا سَوْفَ تَعْلَمُونَ. ﴿4﴾ |
| 5 হায়! তোমালোকৰ নিশ্চিত জ্ঞান থাকিলে, নিশ্চিতভাৱে তোমালোকে জানিব পাৰিলাহেঁতেন (এই প্ৰতিযোগিতাৰ পৰিণাম কি)। | كَلَّا لَوْ تَعْلَمُونَ عِلْمَ ٱلْيَقِينِ. ﴿5﴾ |
| 6 নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবলৈ পাবা। | لَتَرَوُنَّ ٱلْجَحِيمَ. ﴿6﴾ |
| 7 আকৌ কৈছোঁ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা। | ثُمَّ لَتَرَوُنَّهَا عَيْنَ ٱلْيَقِينِ. ﴿7﴾ |
| 8 তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। | ثُمَّ لَتُسْـَٔلُنَّ يَوْمَئِذٍ عَنِ ٱلنَّعِيمِ. ﴿8﴾ |