الهمزة
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে। | وَيْلٌۭ لِّكُلِّ هُمَزَةٍۢ لُّمَزَةٍ. ﴿1﴾ |
| 2 যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে। | ٱلَّذِى جَمَعَ مَالًۭا وَعَدَّدَهُۥ. ﴿2﴾ |
| 3 সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱী কৰি ৰাখিব। | يَحْسَبُ أَنَّ مَالَهُۥٓ أَخْلَدَهُۥ. ﴿3﴾ |
| 4 কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব। | كَلَّا ۖ لَيُنۢبَذَنَّ فِى ٱلْحُطَمَةِ. ﴿4﴾ |
| 5 আৰু তুমি জানানে, হুতামা কি? | وَمَآ أَدْرَىٰكَ مَا ٱلْحُطَمَةُ. ﴿5﴾ |
| 6 ই হৈছে আল্লাহৰ প্ৰজ্বলিত জুই। | نَارُ ٱللَّهِ ٱلْمُوقَدَةُ. ﴿6﴾ |
| 7 যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব। | ٱلَّتِى تَطَّلِعُ عَلَى ٱلْأَفْـِٔدَةِ. ﴿7﴾ |
| 8 নিশ্চয় এইটোৱে সিহঁতক আৱদ্ধ কৰি ৰাখিব। | إِنَّهَا عَلَيْهِم مُّؤْصَدَةٌۭ. ﴿8﴾ |
| 9 ওখ ওখ স্তম্ভসমূহত। | فِى عَمَدٍۢ مُّمَدَّدَةٍۭ. ﴿9﴾ |