الكافرون
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 কোৱা, ‘হে কাফিৰসকল ! | قُلْ يَٰٓأَيُّهَا ٱلْكَٰفِرُونَ. ﴿1﴾ |
| 2 তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ, | لَآ أَعْبُدُ مَا تَعْبُدُونَ. ﴿2﴾ |
| 3 আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়, | وَلَآ أَنتُمْ عَٰبِدُونَ مَآ أَعْبُدُ. ﴿3﴾ |
| 4 আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা। | وَلَآ أَنَا۠ عَابِدٌۭ مَّا عَبَدتُّمْ. ﴿4﴾ |
| 5 আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়, | وَلَآ أَنتُمْ عَٰبِدُونَ مَآ أَعْبُدُ. ﴿5﴾ |
| 6 (গতিকে) তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে। | لَكُمْ دِينُكُمْ وَلِىَ دِينِ. ﴿6﴾ |