هود
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
|
1
আলিফ-লাম-ৰা,[1] এই (কোৰআন) এনেকুৱা এখন কিতাব যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু তাৰ পিছত বিশদভাৱে বিবৃত প্ৰজ্ঞাময়, সবিশেষ অৱহিত সত্তাৰ তৰফৰ পৰা (অৱতীৰ্ণ);
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
|
الٓر ۚ كِتَٰبٌ أُحْكِمَتْ ءَايَٰتُهُۥ ثُمَّ فُصِّلَتْ مِن لَّدُنْ حَكِيمٍ خَبِيرٍ. ﴿1﴾ |
| 2 (এই কথা কোৱা হৈছে) যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তেওঁৰ তৰফৰ পৰা তোমালোকৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতা। | أَلَّا تَعْبُدُوٓا۟ إِلَّا ٱللَّهَ ۚ إِنَّنِى لَكُم مِّنْهُ نَذِيرٌۭ وَبَشِيرٌۭ. ﴿2﴾ |
| 3 লগতে তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ পিনে উভতি আহা, তেওঁ তোমালোকক এটা নিৰ্দিষ্ট সময়ৰ বাবে এটা উত্তম জীৱন উপভোগ কৰিবলৈ দিব আৰু তেওঁ প্ৰত্যেক গুণী ব্যক্তিক তাৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব; আৰু যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে নিশ্চয় মই তোমালোকৰ ওপৰত মহা দিৱসৰ শাস্তিৰ আশংকা কৰোঁ। | وَأَنِ ٱسْتَغْفِرُوا۟ رَبَّكُمْ ثُمَّ تُوبُوٓا۟ إِلَيْهِ يُمَتِّعْكُم مَّتَٰعًا حَسَنًا إِلَىٰٓ أَجَلٍۢ مُّسَمًّۭى وَيُؤْتِ كُلَّ ذِى فَضْلٍۢ فَضْلَهُۥ ۖ وَإِن تَوَلَّوْا۟ فَإِنِّىٓ أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍۢ كَبِيرٍ. ﴿3﴾ |
| 4 আল্লাহৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। | إِلَى ٱللَّهِ مَرْجِعُكُمْ ۖ وَهُوَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌ. ﴿4﴾ |
| 5 জানি থোৱা! সিহঁতে তেওঁৰ পৰা লুকাবলৈ নিজৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে, নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত। | أَلَآ إِنَّهُمْ يَثْنُونَ صُدُورَهُمْ لِيَسْتَخْفُوا۟ مِنْهُ ۚ أَلَا حِينَ يَسْتَغْشُونَ ثِيَابَهُمْ يَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ ۚ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ. ﴿5﴾ |
| 6 আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব হৈছে কেৱল আল্লাহৰেই, আৰু তেওঁ সেইবোৰৰ স্থায়ী ও অস্থায়ী অৱস্থিতি সম্পৰ্কেও অৱহিত; প্ৰতিটো বিষয় সুস্পষ্ট কিতাবত (লওহে মাহফুজত লিপিবদ্ধ) আছে। | ۞ وَمَا مِن دَآبَّةٍۢ فِى ٱلْأَرْضِ إِلَّا عَلَى ٱللَّهِ رِزْقُهَا وَيَعْلَمُ مُسْتَقَرَّهَا وَمُسْتَوْدَعَهَا ۚ كُلٌّۭ فِى كِتَٰبٍۢ مُّبِينٍۢ. ﴿6﴾ |
| 7 আৰু তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; আৰু তেওঁৰ আৰশ্ব আছিল পানীৰ ওপৰত; যাতে তেওঁ তোমালোকক পৰীক্ষা কৰিব পাৰে যে, আমলৰ ক্ষেত্ৰত তোমালোকৰ মাজত উত্তম কোন? আৰু যদি তুমি কোৱা যে, ‘নিশ্চয় মৃত্যুৰ পিছত তোমালোকক পুনৰুত্থান কৰা হ’ব’, তেতিয়া কাফিৰসকলে অৱশ্যে ক’ব, ‘এয়া হৈছে স্পষ্ট যাদু’। | وَهُوَ ٱلَّذِى خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ فِى سِتَّةِ أَيَّامٍۢ وَكَانَ عَرْشُهُۥ عَلَى ٱلْمَآءِ لِيَبْلُوَكُمْ أَيُّكُمْ أَحْسَنُ عَمَلًۭا ۗ وَلَئِن قُلْتَ إِنَّكُم مَّبْعُوثُونَ مِنۢ بَعْدِ ٱلْمَوْتِ لَيَقُولَنَّ ٱلَّذِينَ كَفَرُوٓا۟ إِنْ هَٰذَآ إِلَّا سِحْرٌۭ مُّبِينٌۭ. ﴿7﴾ |
| 8 আৰু যদি নিৰ্দিষ্ট সময়ৰ বাবে আমি সিহঁতৰ পৰা শাস্তি স্থগিত ৰাখোঁ তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘শাস্তিক কিহে আটক কৰিছে’? সাৱধান! যিদিনা সিহঁতৰ ওচৰলৈ এইটো আহিব, সেইদিনা এইটোক সিহঁতৰ পৰা নিবৃত্ত কৰা নহ’ব আৰু যি বিষয়টোক সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱেই সিহঁতক আগুৰি ধৰিব। | وَلَئِنْ أَخَّرْنَا عَنْهُمُ ٱلْعَذَابَ إِلَىٰٓ أُمَّةٍۢ مَّعْدُودَةٍۢ لَّيَقُولُنَّ مَا يَحْبِسُهُۥٓ ۗ أَلَا يَوْمَ يَأْتِيهِمْ لَيْسَ مَصْرُوفًا عَنْهُمْ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ. ﴿8﴾ |
| 9 আৰু যদি আমি মানুহক আমাৰ ফালৰ পৰা ৰহমতৰ সোৱাদ লবলৈ দিওঁ আৰু পিছত তাৰ পৰা সেয়া কাঢ়ি লওঁ তেন্তে নিশ্চয় সি হতাশ আৰু অকৃতজ্ঞ হৈ পৰে। | وَلَئِنْ أَذَقْنَا ٱلْإِنسَٰنَ مِنَّا رَحْمَةًۭ ثُمَّ نَزَعْنَٰهَا مِنْهُ إِنَّهُۥ لَيَـُٔوسٌۭ كَفُورٌۭ. ﴿9﴾ |
| 10 আৰু যদি দুখ-দৈন্যই স্পৰ্শ কৰাৰ পিছত আমি তাক সুখৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সি অৱশ্যে ক’ব, ‘মোৰ পৰা বিপদ-আপদ দূৰ হৈছে’, আৰু (তেতিয়া) সি উৎফুল্লিত অহংকাৰী হৈ পৰে। | وَلَئِنْ أَذَقْنَٰهُ نَعْمَآءَ بَعْدَ ضَرَّآءَ مَسَّتْهُ لَيَقُولَنَّ ذَهَبَ ٱلسَّيِّـَٔاتُ عَنِّىٓ ۚ إِنَّهُۥ لَفَرِحٌۭ فَخُورٌ. ﴿10﴾ |
| 11 কিন্তু যিসকলে ধৈৰ্য্য ধাৰণ কৰিছে আৰু সৎকৰ্ম কৰিছে (তেওঁলোকে এনেকুৱা নকৰে) তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু মহাপুৰস্কাৰ। | إِلَّا ٱلَّذِينَ صَبَرُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ أُو۟لَٰٓئِكَ لَهُم مَّغْفِرَةٌۭ وَأَجْرٌۭ كَبِيرٌۭ. ﴿11﴾ |
| 12 তেন্তে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তাৰ পৰা কিবা তুমি বৰ্জন কৰিবা নেকি আৰু সিহঁতৰ এনেকুৱা কথাৰ বাবে তোমাৰ মন সংকুচিত হ’ব নেকি যে, ‘তাৰ ওচৰলৈ ধন-ভাণ্ডাৰ কিয় অৱতীৰ্ণ কৰা নহয় অথবা তাৰ লগত ফিৰিস্তা কিয় নাহে’? (কিন্তু হে নবী!) তুমি কেৱল এজন সতৰ্ককাৰীহে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত কৰ্মবিধায়ক। | فَلَعَلَّكَ تَارِكٌۢ بَعْضَ مَا يُوحَىٰٓ إِلَيْكَ وَضَآئِقٌۢ بِهِۦ صَدْرُكَ أَن يَقُولُوا۟ لَوْلَآ أُنزِلَ عَلَيْهِ كَنزٌ أَوْ جَآءَ مَعَهُۥ مَلَكٌ ۚ إِنَّمَآ أَنتَ نَذِيرٌۭ ۚ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ وَكِيلٌ. ﴿12﴾ |
| 13 অথবা সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ এইখন নিজেই ৰচনা কৰিছে’? কোৱা, ‘তোমালোকে যদি (তোমালোকৰ দাবীত) সত্যবাদী হোৱা তেন্তে তোমালোকে ইয়াৰ দৰে দহটা ছুৰা ৰচনা কৰি লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা (এই বিষয়ে সহযোগৰ বাবে) মাতি লোৱা’। | أَمْ يَقُولُونَ ٱفْتَرَىٰهُ ۖ قُلْ فَأْتُوا۟ بِعَشْرِ سُوَرٍۢ مِّثْلِهِۦ مُفْتَرَيَٰتٍۢ وَٱدْعُوا۟ مَنِ ٱسْتَطَعْتُم مِّن دُونِ ٱللَّهِ إِن كُنتُمْ صَٰدِقِينَ. ﴿13﴾ |
| 14 তথাপিও যদি সিহঁতে তোমালোকৰ আহ্বানত সঁহাৰি নিদিয়ে তেন্তে জানি থোৱা, এইটো আল্লাহৰ জ্ঞান অনুসাৰেই অৱতীৰ্ণ কৰা হৈছে আৰু তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) হ’বানে? | فَإِلَّمْ يَسْتَجِيبُوا۟ لَكُمْ فَٱعْلَمُوٓا۟ أَنَّمَآ أُنزِلَ بِعِلْمِ ٱللَّهِ وَأَن لَّآ إِلَٰهَ إِلَّا هُوَ ۖ فَهَلْ أَنتُم مُّسْلِمُونَ. ﴿14﴾ |
| 15 যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে, আমি এনেকুৱা লোকক পৃথিৱীতেই সিহঁতৰ আমলৰ পৰিপূৰ্ণ ফলাফল প্ৰদান কৰোঁ আৰু এইক্ষেত্ৰত সিহঁতক কম দিয়া নহয়। | مَن كَانَ يُرِيدُ ٱلْحَيَوٰةَ ٱلدُّنْيَا وَزِينَتَهَا نُوَفِّ إِلَيْهِمْ أَعْمَٰلَهُمْ فِيهَا وَهُمْ فِيهَا لَا يُبْخَسُونَ. ﴿15﴾ |
| 16 ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ বাবে আখিৰাতত (জাহান্নামৰ) জুইৰ বাহিৰে আন একো নাই; আৰু সিহঁতে পাৰ্থিৱ জীৱনত যি (আমল) কৰিছিল আখিৰাতত সেইবোৰ নিষ্ফল হৈ যাব আৰু সিহঁতে যি কৰিছিল সেইবোৰ আছিল নিৰৰ্থক। | أُو۟لَٰٓئِكَ ٱلَّذِينَ لَيْسَ لَهُمْ فِى ٱلْءَاخِرَةِ إِلَّا ٱلنَّارُ ۖ وَحَبِطَ مَا صَنَعُوا۟ فِيهَا وَبَٰطِلٌۭ مَّا كَانُوا۟ يَعْمَلُونَ. ﴿16﴾ |
| 17 যিয়ে নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আৰু যাৰ লগত আছে তেওঁৰ প্ৰেৰিত সাক্ষী লগতে যাৰ আগত আছিল মুছাৰ কিতাব আদৰ্শ আৰু অনুগ্ৰহস্বৰূপ, (এনেকুৱা ব্যক্তি সেইসকল লোকৰ দৰে নে যিসকলে পৃথিৱীৰ কামনাত বিভোৰ) বৰং উক্ত গুণ সম্পন্ন ব্যক্তিসকলেই এই (কোৰআনৰ) ওপৰত ঈমান পোষণ কৰে। আনহাতে বিভিন্ন দলৰ যিসকলে ইয়াক অস্বীকাৰ কৰিব, অগ্নিয়েই হ’ব সিহঁতৰ প্ৰতিশ্ৰুত স্থান। এতেকে তুমি কেতিয়াও ইয়াত সন্দেহ পোষণ নকৰিবা। এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য (গ্ৰন্থ); কিন্তু অধিকাংশ মানুহেই বিশ্বাস নকৰে। | أَفَمَن كَانَ عَلَىٰ بَيِّنَةٍۢ مِّن رَّبِّهِۦ وَيَتْلُوهُ شَاهِدٌۭ مِّنْهُ وَمِن قَبْلِهِۦ كِتَٰبُ مُوسَىٰٓ إِمَامًۭا وَرَحْمَةً ۚ أُو۟لَٰٓئِكَ يُؤْمِنُونَ بِهِۦ ۚ وَمَن يَكْفُرْ بِهِۦ مِنَ ٱلْأَحْزَابِ فَٱلنَّارُ مَوْعِدُهُۥ ۚ فَلَا تَكُ فِى مِرْيَةٍۢ مِّنْهُ ۚ إِنَّهُ ٱلْحَقُّ مِن رَّبِّكَ وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يُؤْمِنُونَ. ﴿17﴾ |
| 18 সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আৰুনো কোন হ’ব পাৰে যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে? এনেকুৱা লোকক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত কৰোৱা হ’ব আৰু সাক্ষী (ফিৰিস্তা)সকলে ক’ব, ‘ইহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজ প্ৰতিপালকৰ বিষয়ে মিছা কৈছিল’। সাৱধান! যালিমসকলৰ ওপৰত আল্লাহৰ অভিশাপ। | وَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا ۚ أُو۟لَٰٓئِكَ يُعْرَضُونَ عَلَىٰ رَبِّهِمْ وَيَقُولُ ٱلْأَشْهَٰدُ هَٰٓؤُلَآءِ ٱلَّذِينَ كَذَبُوا۟ عَلَىٰ رَبِّهِمْ ۚ أَلَا لَعْنَةُ ٱللَّهِ عَلَى ٱلظَّٰلِمِينَ. ﴿18﴾ |
| 19 যিসকলে আল্লাহৰ পথত (মানুহক) বাধা দিয়ে আৰু তাত বক্ৰতা অনুসন্ধান কৰে; আৰু ইহঁতেই হৈছে আখিৰাত অস্বীকাৰকাৰী। | ٱلَّذِينَ يَصُدُّونَ عَن سَبِيلِ ٱللَّهِ وَيَبْغُونَهَا عِوَجًۭا وَهُم بِٱلْءَاخِرَةِ هُمْ كَٰفِرُونَ. ﴿19﴾ |
| 20 পৃথিৱীত আল্লাহক ব্যৰ্থ কৰাৰ ক্ষমতা সিহঁতৰ নাছিল আৰু আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কাৰীও নাছিল; সিহঁতৰ শাস্তি দ্বিগুণ কৰা হ’ব; সিহঁতৰ শুনিবলৈও সামৰ্থ নাছিল আৰু দেখিবলৈও নাছিল। | أُو۟لَٰٓئِكَ لَمْ يَكُونُوا۟ مُعْجِزِينَ فِى ٱلْأَرْضِ وَمَا كَانَ لَهُم مِّن دُونِ ٱللَّهِ مِنْ أَوْلِيَآءَ ۘ يُضَٰعَفُ لَهُمُ ٱلْعَذَابُ ۚ مَا كَانُوا۟ يَسْتَطِيعُونَ ٱلسَّمْعَ وَمَا كَانُوا۟ يُبْصِرُونَ. ﴿20﴾ |
| 21 ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যিবোৰ মিছা (উপাস্যক) কল্পনা কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ গৈছে। | أُو۟لَٰٓئِكَ ٱلَّذِينَ خَسِرُوٓا۟ أَنفُسَهُمْ وَضَلَّ عَنْهُم مَّا كَانُوا۟ يَفْتَرُونَ. ﴿21﴾ |
| 22 এইটো সুনিশ্চিত যে, নিঃসন্দেহে সিহঁতেই আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব। | لَا جَرَمَ أَنَّهُمْ فِى ٱلْءَاخِرَةِ هُمُ ٱلْأَخْسَرُونَ. ﴿22﴾ |
| 23 নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে লগতে নিজ প্ৰতিপালকৰ প্ৰতি বিনীত হৈছে; তেওঁলোকেই হ’ব জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰকাল থাকিব। | إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ وَأَخْبَتُوٓا۟ إِلَىٰ رَبِّهِمْ أُو۟لَٰٓئِكَ أَصْحَٰبُ ٱلْجَنَّةِ ۖ هُمْ فِيهَا خَٰلِدُونَ. ﴿23﴾ |
| 24 দুয়ো দলৰ উদাহৰণ হৈছে এনেকুৱা, এজন হৈছে অন্ধ আৰু বধিৰ, আৰু আনজন হৈছে দৃষ্টি আৰু শ্ৰৱণশক্তিসম্পন্ন। তুলনাত এই দুয়োজন ব্যক্তি সমান হ’ব পাৰেনে? (কেতিয়াও নহয়) তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে? | ۞ مَثَلُ ٱلْفَرِيقَيْنِ كَٱلْأَعْمَىٰ وَٱلْأَصَمِّ وَٱلْبَصِيرِ وَٱلسَّمِيعِ ۚ هَلْ يَسْتَوِيَانِ مَثَلًا ۚ أَفَلَا تَذَكَّرُونَ. ﴿24﴾ |
| 25 নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠিয়াইছিলোঁ। (তেওঁ কৈছিল,) ‘নিশ্চয় মই হৈছোঁ তোমালোকৰ বাবে প্ৰকাশ্য সতৰ্ককাৰী’। | وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِۦٓ إِنِّى لَكُمْ نَذِيرٌۭ مُّبِينٌ. ﴿25﴾ |
| 26 তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তোমালোকৰ বাবে এটা যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰিছোঁ। | أَن لَّا تَعْبُدُوٓا۟ إِلَّا ٱللَّهَ ۖ إِنِّىٓ أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ أَلِيمٍۢ. ﴿26﴾ |
| 27 তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছোঁ, লগতে আমি দেখি আছোঁ তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে, বাহ্যিক দৃষ্টিত যিসকল আমাৰ মাজত অধম আৰু আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব আমি দেখা পোৱা নাই, বৰং আমি তোমালোকক মিছলীয়া বুলি গণ্য কৰোঁ’। | فَقَالَ ٱلْمَلَأُ ٱلَّذِينَ كَفَرُوا۟ مِن قَوْمِهِۦ مَا نَرَىٰكَ إِلَّا بَشَرًۭا مِّثْلَنَا وَمَا نَرَىٰكَ ٱتَّبَعَكَ إِلَّا ٱلَّذِينَ هُمْ أَرَاذِلُنَا بَادِىَ ٱلرَّأْىِ وَمَا نَرَىٰ لَكُمْ عَلَيْنَا مِن فَضْلٍۭ بَلْ نَظُنُّكُمْ كَٰذِبِينَ. ﴿27﴾ |
| 28 তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, যদি মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ (নবুওৱত) দান কৰি থাকে, আৰু সেইটো যদি তোমালোকৰ চকুত নপৰে, তেন্তে মই তোমালোকক সেইটো মানিবলৈ বাধ্য কৰিম নেকি, অথচ তোমালোকে সেইটোক অপছন্দ কৰা’? | قَالَ يَٰقَوْمِ أَرَءَيْتُمْ إِن كُنتُ عَلَىٰ بَيِّنَةٍۢ مِّن رَّبِّى وَءَاتَىٰنِى رَحْمَةًۭ مِّنْ عِندِهِۦ فَعُمِّيَتْ عَلَيْكُمْ أَنُلْزِمُكُمُوهَا وَأَنتُمْ لَهَا كَٰرِهُونَ. ﴿28﴾ |
| 29 ‘হে মোৰ সম্প্ৰদায়! ইয়াৰ বিনিময়ত মই তোমালোকৰ ওচৰত কোনো ধন-সম্পদ নিবিচাৰোঁ। মোৰ প্ৰতিদান কেৱল আল্লাহৰ ওচৰত। যিসকলে ঈমান আনিছে তেওঁলোকক খেদি দিয়াটোও মোৰ কাম নহয়; তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ প্ৰতিপালকক সাক্ষাৎ কৰিব। কিন্তু মোৰ দৃষ্টিত তোমালোক হৈছা এটা অজ্ঞ সম্প্ৰদায়’। | وَيَٰقَوْمِ لَآ أَسْـَٔلُكُمْ عَلَيْهِ مَالًا ۖ إِنْ أَجْرِىَ إِلَّا عَلَى ٱللَّهِ ۚ وَمَآ أَنَا۠ بِطَارِدِ ٱلَّذِينَ ءَامَنُوٓا۟ ۚ إِنَّهُم مُّلَٰقُوا۟ رَبِّهِمْ وَلَٰكِنِّىٓ أَرَىٰكُمْ قَوْمًۭا تَجْهَلُونَ. ﴿29﴾ |
| 30 ‘হে মোৰ সম্প্ৰদায়! মই যদি তেওঁলোকক খেদি পঠিয়াওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা (ৰক্ষা কৰিবলৈ) মোক কোনে সহায় কৰিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে? | وَيَٰقَوْمِ مَن يَنصُرُنِى مِنَ ٱللَّهِ إِن طَرَدتُّهُمْ ۚ أَفَلَا تَذَكَّرُونَ. ﴿30﴾ |
| 31 ‘আৰু মই তোমালোকক এই বুলিও নকওঁ যে, ‘মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে’। মই গায়েব নাজানো আৰু মই এই বুলিও নকওঁ যে, ‘মই এজন ফিৰিস্তা’। তোমালোকৰ দৃষ্টিত যিসকল হীন, সিহঁতৰ বিষয়েও মই এইটো নকওঁ যে, ‘আল্লাহে সিহঁতক কেতিয়াও কল্যাণ প্ৰদান নকৰিব’; সিহঁতৰ অন্তৰত যি আছে সেই বিষয়ে আল্লাহেই অধিক অৱগত। (যদি মই উক্ত কথাবোৰ কোৱাহেঁতেন) তেন্তে নিশ্চয় মই যালিমসকলৰ অন্তৰ্ভুক্ত হ'ম’। | وَلَآ أَقُولُ لَكُمْ عِندِى خَزَآئِنُ ٱللَّهِ وَلَآ أَعْلَمُ ٱلْغَيْبَ وَلَآ أَقُولُ إِنِّى مَلَكٌۭ وَلَآ أَقُولُ لِلَّذِينَ تَزْدَرِىٓ أَعْيُنُكُمْ لَن يُؤْتِيَهُمُ ٱللَّهُ خَيْرًا ۖ ٱللَّهُ أَعْلَمُ بِمَا فِىٓ أَنفُسِهِمْ ۖ إِنِّىٓ إِذًۭا لَّمِنَ ٱلظَّٰلِمِينَ. ﴿31﴾ |
| 32 সিহঁতে ক’লে, ‘হে নূহ! তুমি কেৱল আমাৰ সৈতে বাদানুবাদ কৰিছা--- অতিমাত্ৰা বাক-বিতণ্ডা কৰিছা; গতিকে যদি তুমি সত্যবাদী হোৱা তেন্তে তুমি আমাক যি প্ৰতিশ্ৰুতি দিছা, সেয়া আমাৰ ওচৰলৈ লৈ আহা’। | قَالُوا۟ يَٰنُوحُ قَدْ جَٰدَلْتَنَا فَأَكْثَرْتَ جِدَٰلَنَا فَأْتِنَا بِمَا تَعِدُنَآ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ. ﴿32﴾ |
| 33 তেওঁ ক’লে, ‘সেইটো আল্লাইহে তোমালোকৰ সন্মুখত আনিব পাৰিব যদি তেওঁ ইচ্ছা কৰে, আৰু তেওঁক তোমালোকে ব্যৰ্থ কৰিব নোৱাৰিবা’। | قَالَ إِنَّمَا يَأْتِيكُم بِهِ ٱللَّهُ إِن شَآءَ وَمَآ أَنتُم بِمُعْجِزِينَ. ﴿33﴾ |
| 34 ‘যদি আল্লাহে তোমালোকক বিভ্ৰান্ত কৰিব বিচাৰে তেন্তে মই তোমালোকক উপদেশ দিব বিচাৰিলেও মোৰ উপদেশ তোমালোকৰ কোনো কামত নাহিব। তেৱেঁই তোমালোকৰ প্ৰতিপালক, তেওঁৰ ওচৰতেই তোমালোকক ওভতাই নিয়া হ’ব’। | وَلَا يَنفَعُكُمْ نُصْحِىٓ إِنْ أَرَدتُّ أَنْ أَنصَحَ لَكُمْ إِن كَانَ ٱللَّهُ يُرِيدُ أَن يُغْوِيَكُمْ ۚ هُوَ رَبُّكُمْ وَإِلَيْهِ تُرْجَعُونَ. ﴿34﴾ |
| 35 অথবা সিহঁতে এই কথা কয় নেকি যে, ‘তেওঁ এইখন নিজেই ৰচনা কৰিছে’? কোৱা, ‘যদি মই এইখন নিজেই ৰচনা কৰিছোঁ তেন্তে এই অপৰাধৰ বাবে ময়েই দায়ী হ'ম। কিন্তু তোমালোকে যি অপৰাধ কৰিছা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই’। | أَمْ يَقُولُونَ ٱفْتَرَىٰهُ ۖ قُلْ إِنِ ٱفْتَرَيْتُهُۥ فَعَلَىَّ إِجْرَامِى وَأَنَا۠ بَرِىٓءٌۭ مِّمَّا تُجْرِمُونَ. ﴿35﴾ |
| 36 আৰু নূহৰ প্ৰতি অহী কৰা হ’ল, ‘যিসকলে ঈমান আনিছে তেওঁলোকৰ বাহিৰে তোমাৰ সম্প্ৰদায়ৰ আন কোনেও ঈমান পোষণ নকৰিব। গতিকে সিহঁতে যি কৰে তাৰ বাবে তুমি চিন্তিত নহ’বা’। | وَأُوحِىَ إِلَىٰ نُوحٍ أَنَّهُۥ لَن يُؤْمِنَ مِن قَوْمِكَ إِلَّا مَن قَدْ ءَامَنَ فَلَا تَبْتَئِسْ بِمَا كَانُوا۟ يَفْعَلُونَ. ﴿36﴾ |
| 37 ‘তুমি আমাৰ চকুৰ সন্মুখত আৰু আমাৰ অহী অনুযায়ী এখন নাও নিৰ্মাণ কৰা আৰু যিসকলে অপৰাধ কৰিছে সিহঁতৰ বিষয়ে তুমি মোৰ ওচৰত কোনো আবেদন নকৰিবা; নিশ্চয় সিহঁতক পানীত ডুবোৱা হ’ব’। | وَٱصْنَعِ ٱلْفُلْكَ بِأَعْيُنِنَا وَوَحْيِنَا وَلَا تُخَٰطِبْنِى فِى ٱلَّذِينَ ظَلَمُوٓا۟ ۚ إِنَّهُم مُّغْرَقُونَ. ﴿37﴾ |
| 38 আৰু তেওঁ নাও নিৰ্মাণ কৰিবলৈ ধৰিলে, যেতিয়াই তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে তেওঁৰ ওচৰেদি পাৰ হৈছিল, তেতিয়াই তেওঁৰ প্ৰতি উপহাস কৰিছিল; তেওঁ কৈছিল, ‘তোমালোকে যদি আমাকলৈ উপহাস কৰা, তেন্তে নিশ্চয় আমিও তোমালোকক উপহাস কৰিম, যেনেকৈ তোমালোকে উপহাস কৰি আছা’। | وَيَصْنَعُ ٱلْفُلْكَ وَكُلَّمَا مَرَّ عَلَيْهِ مَلَأٌۭ مِّن قَوْمِهِۦ سَخِرُوا۟ مِنْهُ ۚ قَالَ إِن تَسْخَرُوا۟ مِنَّا فَإِنَّا نَسْخَرُ مِنكُمْ كَمَا تَسْخَرُونَ. ﴿38﴾ |
| 39 এতেকে তোমালোকে শীঘ্ৰেই জানিব পাৰিবা, কাৰ ওপৰত আহিব এনেকুৱা শাস্তি যিটোৱে তাক লাঞ্ছিত কৰিব, আৰু তাৰ ওপৰত আপতিত হ’ব স্থায়ী শাস্তি। | فَسَوْفَ تَعْلَمُونَ مَن يَأْتِيهِ عَذَابٌۭ يُخْزِيهِ وَيَحِلُّ عَلَيْهِ عَذَابٌۭ مُّقِيمٌ. ﴿39﴾ |
| 40 অৱশেষত যেতিয়া আমাৰ আদেশ আহি পৰিল আৰু চৌকা উথলি উঠিল, আমি ক’লোঁ, ‘প্ৰত্যেক জাতৰে এযোৰ এযোৰকৈ (প্ৰাণী) নাৱত তুলি লোৱা, লগতে তোমাৰ পৰিয়ালকো তুলি লোৱা কিন্তু যিসকলৰ বিৰুদ্ধে পূৰ্ব-সিদ্ধান্ত হৈছে সিহঁতৰ বাহিৰে, আৰু অন্যান্য মুমিনসকলকো তুলি লোৱা। প্ৰকৃততে তেওঁৰ সৈতে কিছুসংখ্যক লোকেহে ঈমান আনিছিল’। | حَتَّىٰٓ إِذَا جَآءَ أَمْرُنَا وَفَارَ ٱلتَّنُّورُ قُلْنَا ٱحْمِلْ فِيهَا مِن كُلٍّۢ زَوْجَيْنِ ٱثْنَيْنِ وَأَهْلَكَ إِلَّا مَن سَبَقَ عَلَيْهِ ٱلْقَوْلُ وَمَنْ ءَامَنَ ۚ وَمَآ ءَامَنَ مَعَهُۥٓ إِلَّا قَلِيلٌۭ. ﴿40﴾ |
| 41 আৰু তেওঁ ক’লে, ‘তোমালোকে ইয়াত আৰোহণ কৰা, ইয়াৰ গতি আৰু স্থিতি হ’ব আল্লাহৰ নামত, নিশ্চয় মোৰ প্ৰতিপালক, অতি ক্ষমাশীল, পৰম দয়ালু’। | ۞ وَقَالَ ٱرْكَبُوا۟ فِيهَا بِسْمِ ٱللَّهِ مَجْر۪ىٰهَا وَمُرْسَىٰهَآ ۚ إِنَّ رَبِّى لَغَفُورٌۭ رَّحِيمٌۭ. ﴿41﴾ |
| 42 আৰু সেই নাওখনে পৰ্বতৰ দৰে তৰঙ্গৰ মাজত তেওঁলোকক লৈ গতি কৰিলে; নূহে তেওঁৰ পুত্ৰক মাতিলে, যিজন আছিল ভিন্ন স্থানত, ‘হে মোৰ প্ৰিয় পুত্ৰ! আমাৰ লগত আৰোহণ কৰা আৰু কাফিৰসকলৰ সংগী নহ’বা’। | وَهِىَ تَجْرِى بِهِمْ فِى مَوْجٍۢ كَٱلْجِبَالِ وَنَادَىٰ نُوحٌ ٱبْنَهُۥ وَكَانَ فِى مَعْزِلٍۢ يَٰبُنَىَّ ٱرْكَب مَّعَنَا وَلَا تَكُن مَّعَ ٱلْكَٰفِرِينَ. ﴿42﴾ |
| 43 সি ক’লে, ‘ (নালাগে দিয়ক) মই কোনো এখন পৰ্বতত গৈ আশ্ৰয় লম যিয়ে মোক পানীৰ পৰা ৰক্ষা কৰিব’। তেওঁ ক’লে, ‘আজি আল্লাহৰ আদেশৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাই, কিন্তু যাক আল্লাহে দয়া কৰিব তাৰ বাহিৰে’। এনেতে তৰঙ্গ এটা আহি সিহঁতৰ মাজত অন্তৰায় হৈ পৰিল, ফলত সি ডুবি মৰাসকলৰ অন্তৰ্ভুক্ত হৈ গ’ল’। | قَالَ سَـَٔاوِىٓ إِلَىٰ جَبَلٍۢ يَعْصِمُنِى مِنَ ٱلْمَآءِ ۚ قَالَ لَا عَاصِمَ ٱلْيَوْمَ مِنْ أَمْرِ ٱللَّهِ إِلَّا مَن رَّحِمَ ۚ وَحَالَ بَيْنَهُمَا ٱلْمَوْجُ فَكَانَ مِنَ ٱلْمُغْرَقِينَ. ﴿43﴾ |
| 44 অৱশেষত কোৱা হ’ল, ‘হে মাটি! তুমি তোমাৰ পানী গ্ৰাস কৰি লোৱা, আৰু হে আকাশ! ক্ষেন্ত হোৱা’। ফলত পানী হ্ৰাস কৰা হ’ল আৰু সিদ্ধান্ত বাস্তৱায়িত হ’ল; আৰু নাওখন আল-জুদী পৰ্বতৰ ওপৰত স্থিৰ হ’ল, আৰু কোৱা হ’ল, ‘যালিম সম্প্ৰদায় ধ্বংস হওক’। | وَقِيلَ يَٰٓأَرْضُ ٱبْلَعِى مَآءَكِ وَيَٰسَمَآءُ أَقْلِعِى وَغِيضَ ٱلْمَآءُ وَقُضِىَ ٱلْأَمْرُ وَٱسْتَوَتْ عَلَى ٱلْجُودِىِّ ۖ وَقِيلَ بُعْدًۭا لِّلْقَوْمِ ٱلظَّٰلِمِينَ. ﴿44﴾ |
| 45 আৰু নূহে তেওঁৰ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ পুত্ৰ মোৰ পৰিয়ালৰে অন্তৰ্ভুক্ত আৰু নিশ্চয় তোমাৰ প্ৰতিশ্ৰুতি সত্য, তুমি বিচাৰকসকলৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ বিচাৰক’। | وَنَادَىٰ نُوحٌۭ رَّبَّهُۥ فَقَالَ رَبِّ إِنَّ ٱبْنِى مِنْ أَهْلِى وَإِنَّ وَعْدَكَ ٱلْحَقُّ وَأَنتَ أَحْكَمُ ٱلْحَٰكِمِينَ. ﴿45﴾ |
| 46 আল্লাহে ক’লে, ‘হে নূহ! নিশ্চয় সি তোমাৰ পৰিয়ালৰ অন্তৰ্ভুক্ত নহয়। অৱশ্যে সি হৈছে অসৎকৰ্মপৰায়ণ। সেয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেই বিষয়ে তুমি মোক অনুৰোধ নকৰিবা। মই তোমাক উপদেশ দিওঁ যে, তুমি অজ্ঞসকলৰ অন্তৰ্ভুক্ত নহ’বা’। | قَالَ يَٰنُوحُ إِنَّهُۥ لَيْسَ مِنْ أَهْلِكَ ۖ إِنَّهُۥ عَمَلٌ غَيْرُ صَٰلِحٍۢ ۖ فَلَا تَسْـَٔلْنِ مَا لَيْسَ لَكَ بِهِۦ عِلْمٌ ۖ إِنِّىٓ أَعِظُكَ أَن تَكُونَ مِنَ ٱلْجَٰهِلِينَ. ﴿46﴾ |
| 47 তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! যি বিষয়ে মোৰ কোনো জ্ঞান নাই সেই বিষয়ে মই যাতে তোমাক অনুৰোধ নকৰোঁ তাৰ বাবে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ। তুমি যদি মোক ক্ষমা নকৰা আৰু মোক দয়া নকৰা, তেন্তে মই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’। | قَالَ رَبِّ إِنِّىٓ أَعُوذُ بِكَ أَنْ أَسْـَٔلَكَ مَا لَيْسَ لِى بِهِۦ عِلْمٌۭ ۖ وَإِلَّا تَغْفِرْ لِى وَتَرْحَمْنِىٓ أَكُن مِّنَ ٱلْخَٰسِرِينَ. ﴿47﴾ |
| 48 কোৱা হ’ল, ‘হে নূহ! আমাৰ ফালৰ পৰা শান্তি আৰু কল্যাণৰ সৈতে তুমি অৱতৰণ কৰা (নাৱৰ পৰা), (এই শান্তি আৰু কল্যাণ দান কৰা হৈছে) তোমাৰ প্ৰতি আৰু তোমাৰ লগত থকা জাতিসকলৰ প্ৰতি; আৰু কিছুমান এনেকুৱা সম্প্ৰদায়ো আছে যিসকলক আমি কিছুকাল (পাৰ্থিৱ) জীৱন উপভোগ কৰিবলৈ দিম, কিন্তু পিছত আমাৰ ফালৰ পৰা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব; | قِيلَ يَٰنُوحُ ٱهْبِطْ بِسَلَٰمٍۢ مِّنَّا وَبَرَكَٰتٍ عَلَيْكَ وَعَلَىٰٓ أُمَمٍۢ مِّمَّن مَّعَكَ ۚ وَأُمَمٌۭ سَنُمَتِّعُهُمْ ثُمَّ يَمَسُّهُم مِّنَّا عَذَابٌ أَلِيمٌۭ. ﴿48﴾ |
| 49 ‘এইবোৰ হৈছে গায়েবৰ সংবাদ, আমি তোমাক অহীৰ জৰিয়তে অৱহিত কৰিছোঁ, যিবোৰ ইয়াৰ আগত তুমি জনা নাছিলা আৰু তোমাৰ সম্প্ৰদায়েও জনা নাছিল। গতিকে তুমি ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই (নিৰ্ধাৰিত)’। | تِلْكَ مِنْ أَنۢبَآءِ ٱلْغَيْبِ نُوحِيهَآ إِلَيْكَ ۖ مَا كُنتَ تَعْلَمُهَآ أَنتَ وَلَا قَوْمُكَ مِن قَبْلِ هَٰذَا ۖ فَٱصْبِرْ ۖ إِنَّ ٱلْعَٰقِبَةَ لِلْمُتَّقِينَ. ﴿49﴾ |
| 50 আৰু আদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ হূদক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ, তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। তোমালোকে কেৱল মিছাহে ৰচনা কৰা’। | وَإِلَىٰ عَادٍ أَخَاهُمْ هُودًۭا ۚ قَالَ يَٰقَوْمِ ٱعْبُدُوا۟ ٱللَّهَ مَا لَكُم مِّنْ إِلَٰهٍ غَيْرُهُۥٓ ۖ إِنْ أَنتُمْ إِلَّا مُفْتَرُونَ. ﴿50﴾ |
| 51 ‘হে মোৰ সম্প্ৰদায়! মই তোমালোকৰ ওচৰত ইয়াৰ বিনিময়ত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ। মোৰ পাৰিশ্ৰমিকৰ দায়িত্ব হৈছে সেই সত্ত্বাৰ ওপৰত, যিজনে মোক সৃষ্টি কৰিছে। তথাপিও তোমালোকে বুজি নোপোৱানে’? | يَٰقَوْمِ لَآ أَسْـَٔلُكُمْ عَلَيْهِ أَجْرًا ۖ إِنْ أَجْرِىَ إِلَّا عَلَى ٱلَّذِى فَطَرَنِىٓ ۚ أَفَلَا تَعْقِلُونَ. ﴿51﴾ |
| 52 ‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, আৰু তেওঁৰ ওচৰতেই তাওবা কৰা (উভতি আহা)। তেওঁ তোমালোকৰ ওপৰত ধাৰাষাৰ বৰষুণ অৱতীৰ্ণ কৰিব; আৰু তেৱেঁই তোমালোকক শক্তি প্ৰদান কৰি অধিক শক্তিশালী কৰিব। এতেকে তোমালোকে অপৰাধী হৈ মুখ ঘূৰাই নল’বা’। | وَيَٰقَوْمِ ٱسْتَغْفِرُوا۟ رَبَّكُمْ ثُمَّ تُوبُوٓا۟ إِلَيْهِ يُرْسِلِ ٱلسَّمَآءَ عَلَيْكُم مِّدْرَارًۭا وَيَزِدْكُمْ قُوَّةً إِلَىٰ قُوَّتِكُمْ وَلَا تَتَوَلَّوْا۟ مُجْرِمِينَ. ﴿52﴾ |
| 53 সিহঁতে ক’লে, ‘হে হূদ! তুমি আমাৰ ওচৰলৈ কোনো স্পষ্ট প্ৰমাণ লৈ আহা নাই। গতিকে তোমাৰ কথাত আমি আমাৰ উপাস্যবোৰক এৰি নিদিওঁ আৰু আমি তোমাৰ প্ৰতি বিশ্বাসো নকৰোঁ’। | قَالُوا۟ يَٰهُودُ مَا جِئْتَنَا بِبَيِّنَةٍۢ وَمَا نَحْنُ بِتَارِكِىٓ ءَالِهَتِنَا عَن قَوْلِكَ وَمَا نَحْنُ لَكَ بِمُؤْمِنِينَ. ﴿53﴾ |
| 54 আমি কেৱল এইটোৱে কওঁ যে, ‘হয়তো আমাৰ উপাস্যবোৰৰ কোনোবাই তোমাক হানি কৰিছে’। তেওঁ ক’লে, ‘নিশ্চয় মই আল্লাহক সাক্ষী কৰিলোঁ আৰু তোমালোকেও সাক্ষী থাকা যে, নিশ্চয় সেইবোৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই যিবোৰক তোমালোকে অংশী কৰা’, | إِن نَّقُولُ إِلَّا ٱعْتَرَىٰكَ بَعْضُ ءَالِهَتِنَا بِسُوٓءٍۢ ۗ قَالَ إِنِّىٓ أُشْهِدُ ٱللَّهَ وَٱشْهَدُوٓا۟ أَنِّى بَرِىٓءٌۭ مِّمَّا تُشْرِكُونَ. ﴿54﴾ |
| 55 ‘কেৱল আল্লাহৰ বাহিৰে। এতেকে তোমালোক সকলোৱে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা; আৰু মোক অকণো অৱকাশ নিদিবা’। | مِن دُونِهِۦ ۖ فَكِيدُونِى جَمِيعًۭا ثُمَّ لَا تُنظِرُونِ. ﴿55﴾ |
| 56 ‘নিশ্চয় মই কেৱল নিৰ্ভৰ কৰোঁ মোৰ আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ ওপৰত; (ভূ-পৃষ্ঠত বিচৰণকাৰী) যিমানবোৰ জীৱ-জন্তু আছে, প্ৰত্যেকৰে আগচুলি তেওঁ ধৰি আছে (অৰ্থাৎ সেইবোৰ তেওঁৰ পূৰ্ণ আয়ত্তাধীন); নিশ্চয় মোৰ প্ৰতিপালক সৰল পথত আছে’। | إِنِّى تَوَكَّلْتُ عَلَى ٱللَّهِ رَبِّى وَرَبِّكُم ۚ مَّا مِن دَآبَّةٍ إِلَّا هُوَ ءَاخِذٌۢ بِنَاصِيَتِهَآ ۚ إِنَّ رَبِّى عَلَىٰ صِرَٰطٍۢ مُّسْتَقِيمٍۢ. ﴿56﴾ |
| 57 ‘এতেকে তোমালোকে যদি বিমুখ হোৱা, তেন্তে (জানি থোৱা) মই যি বাৰ্তাসহ তোমালোকৰ ওচৰলৈ প্ৰেৰিত হৈছোঁ সেয়া মই তোমালোকক অৱগত কৰিছোঁ; আৰু মোৰ প্ৰতিপালকে তোমালোকৰ ঠাইত বেলেগ কোনো জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা। নিশ্চয় মোৰ প্ৰতিপালক সকলো বস্তুৰ ৰক্ষণাবেক্ষণকাৰী’। | فَإِن تَوَلَّوْا۟ فَقَدْ أَبْلَغْتُكُم مَّآ أُرْسِلْتُ بِهِۦٓ إِلَيْكُمْ ۚ وَيَسْتَخْلِفُ رَبِّى قَوْمًا غَيْرَكُمْ وَلَا تَضُرُّونَهُۥ شَيْـًٔا ۚ إِنَّ رَبِّى عَلَىٰ كُلِّ شَىْءٍ حَفِيظٌۭ. ﴿57﴾ |
| 58 এতেকে যেতিয়া আমাৰ (শাস্তিৰ) নিৰ্দেশ আহিল, তেতিয়া আমি হূদ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোকক ৰক্ষা কৰিছিলোঁ কঠিন শাস্তিৰ পৰা। | وَلَمَّا جَآءَ أَمْرُنَا نَجَّيْنَا هُودًۭا وَٱلَّذِينَ ءَامَنُوا۟ مَعَهُۥ بِرَحْمَةٍۢ مِّنَّا وَنَجَّيْنَٰهُم مِّنْ عَذَابٍ غَلِيظٍۢ. ﴿58﴾ |
| 59 আৰু এই আদ জাতিয়ে সিহঁতৰ প্ৰতিপালকৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু অমান্য কৰিছিল তেওঁৰ ৰাছুলসকলক। আনহাতে সিহঁতে প্ৰত্যেক প্ৰতাপশালী স্বৈৰাচাৰীৰ নিৰ্দেশৰ অনুসৰণ কৰিছিল। | وَتِلْكَ عَادٌۭ ۖ جَحَدُوا۟ بِـَٔايَٰتِ رَبِّهِمْ وَعَصَوْا۟ رُسُلَهُۥ وَٱتَّبَعُوٓا۟ أَمْرَ كُلِّ جَبَّارٍ عَنِيدٍۢ. ﴿59﴾ |
| 60 আৰু এই পৃথিৱীতেই সিহঁতক অভিশপ্ত কৰা হৈছিল আৰু ক্বিয়ামতৰ দিনাও সিহঁত অভিশপ্ত হ’ব। জানি থোৱা! আদ সম্প্ৰদায়ে নিজ প্ৰতিপালককে অস্বীকাৰ কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে হূদৰ সম্প্ৰদায় আদ জাতিৰ পৰিণাম। | وَأُتْبِعُوا۟ فِى هَٰذِهِ ٱلدُّنْيَا لَعْنَةًۭ وَيَوْمَ ٱلْقِيَٰمَةِ ۗ أَلَآ إِنَّ عَادًۭا كَفَرُوا۟ رَبَّهُمْ ۗ أَلَا بُعْدًۭا لِّعَادٍۢ قَوْمِ هُودٍۢ. ﴿60﴾ |
| 61 আৰু আমি ছামূদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে। গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা। নিশ্চয় মোৰ প্ৰতিপালক অতি নিকটৱৰ্তী, আহ্বানত সঁহাৰি প্ৰদানকাৰী’। | ۞ وَإِلَىٰ ثَمُودَ أَخَاهُمْ صَٰلِحًۭا ۚ قَالَ يَٰقَوْمِ ٱعْبُدُوا۟ ٱللَّهَ مَا لَكُم مِّنْ إِلَٰهٍ غَيْرُهُۥ ۖ هُوَ أَنشَأَكُم مِّنَ ٱلْأَرْضِ وَٱسْتَعْمَرَكُمْ فِيهَا فَٱسْتَغْفِرُوهُ ثُمَّ تُوبُوٓا۟ إِلَيْهِ ۚ إِنَّ رَبِّى قَرِيبٌۭ مُّجِيبٌۭ. ﴿61﴾ |
| 62 সিহঁতে ক’লে, ‘হে ছলেহ! ইয়াৰ পূৰ্বে তুমি আছিলা আমাৰ আশাৰ পাত্ৰ। (এতিয়া) তুমি আমাক সেইবোৰ (উপাস্য)ৰ উপাসনাৰ পৰা নিষেধ কৰি আছা নেকি যিবোৰৰ উপাসনা আমাৰ পিতৃ-পুৰুষসকলে কৰিছিল? প্ৰকৃততে তুমি আমাক যি ধৰ্মৰ প্ৰতি আহ্বান কৰি আছা, সেই বিষয়ে নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহ তথা দ্বিধাদ্বন্দৰ মাজত আছোঁ’। | قَالُوا۟ يَٰصَٰلِحُ قَدْ كُنتَ فِينَا مَرْجُوًّۭا قَبْلَ هَٰذَآ ۖ أَتَنْهَىٰنَآ أَن نَّعْبُدَ مَا يَعْبُدُ ءَابَآؤُنَا وَإِنَّنَا لَفِى شَكٍّۢ مِّمَّا تَدْعُونَآ إِلَيْهِ مُرِيبٍۢ. ﴿62﴾ |
| 63 তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ (নবুওৱত) দান কৰে, ইয়াৰ পিছতো যদি মই আল্লাহৰ অবাধ্য হওঁ, তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? গতিকে তোমালোকে কেৱল মোৰ ক্ষতিহে বৃদ্ধি কৰি আছা’। | قَالَ يَٰقَوْمِ أَرَءَيْتُمْ إِن كُنتُ عَلَىٰ بَيِّنَةٍۢ مِّن رَّبِّى وَءَاتَىٰنِى مِنْهُ رَحْمَةًۭ فَمَن يَنصُرُنِى مِنَ ٱللَّهِ إِنْ عَصَيْتُهُۥ ۖ فَمَا تَزِيدُونَنِى غَيْرَ تَخْسِيرٍۢ. ﴿63﴾ |
| 64 ‘হে মোৰ সম্প্ৰদায়! এইজনী হৈছে আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে ইয়াক আল্লাহৰ ভূমিত চৰি খাবলৈ দিয়া। ইয়াক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা আশু শাস্তিয়ে তোমালোকক আক্ৰান্ত কৰিব’। | وَيَٰقَوْمِ هَٰذِهِۦ نَاقَةُ ٱللَّهِ لَكُمْ ءَايَةًۭ فَذَرُوهَا تَأْكُلْ فِىٓ أَرْضِ ٱللَّهِ وَلَا تَمَسُّوهَا بِسُوٓءٍۢ فَيَأْخُذَكُمْ عَذَابٌۭ قَرِيبٌۭ. ﴿64﴾ |
| 65 তথাপিও সিহঁতে তাইক হত্যা কৰিলে। তেতিয়া তেওঁ ক’লে, ‘তোমালোকে নিজৰ ঘৰত তিনিদিন পৰ্যন্ত জীৱন উপভোগ কৰি লোৱা। এইটো এনেকুৱা এটা প্ৰতিশ্ৰুতি যিটো কেতিয়াও মিছা নহয়’। | فَعَقَرُوهَا فَقَالَ تَمَتَّعُوا۟ فِى دَارِكُمْ ثَلَٰثَةَ أَيَّامٍۢ ۖ ذَٰلِكَ وَعْدٌ غَيْرُ مَكْذُوبٍۢ. ﴿65﴾ |
| 66 ফলত যেতিয়া আমাৰ (শাস্তিৰ) নিৰ্দেশ আহি পালে, তেতিয়া আমি ছলেহ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ কৰিলোঁ আৰু ৰক্ষা কৰিলোঁ সেইদিনাৰ লাঞ্ছনাৰ পৰা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা শক্তিমান, মহাপৰাক্ৰমশালী। | فَلَمَّا جَآءَ أَمْرُنَا نَجَّيْنَا صَٰلِحًۭا وَٱلَّذِينَ ءَامَنُوا۟ مَعَهُۥ بِرَحْمَةٍۢ مِّنَّا وَمِنْ خِزْىِ يَوْمِئِذٍ ۗ إِنَّ رَبَّكَ هُوَ ٱلْقَوِىُّ ٱلْعَزِيزُ. ﴿66﴾ |
| 67 আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আক্ৰান্ত কৰিলে; ফলত সিহঁত নিজ নিজ গৃহতে (মৃত অৱস্থাত) নতজানু হৈ পৰি ৰ’ল; | وَأَخَذَ ٱلَّذِينَ ظَلَمُوا۟ ٱلصَّيْحَةُ فَأَصْبَحُوا۟ فِى دِيَٰرِهِمْ جَٰثِمِينَ. ﴿67﴾ |
| 68 যেনিবা সিহঁতে কেতিয়াও তাত বাস কৰা নাছিল। জানি থোৱা! ছামূদ সম্প্ৰদায়ে নিজ প্ৰতিপালকৰ লগত কুফুৰী কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে ছামূদ সম্প্ৰদায়ৰ পৰিণাম। | كَأَن لَّمْ يَغْنَوْا۟ فِيهَآ ۗ أَلَآ إِنَّ ثَمُودَا۟ كَفَرُوا۟ رَبَّهُمْ ۗ أَلَا بُعْدًۭا لِّثَمُودَ. ﴿68﴾ |
| 69 আৰু নিশ্চয় আমাৰ ফিৰিস্তাসকলে সুসংবাদ লৈ ইব্ৰাহীমৰ ওচৰত আহি ক’লে, ‘ছালাম’। তেৱোঁ (উত্তৰত) ক’লে, ‘ছালাম’। তাৰ পিছত তেওঁ পলম নকৰি এটা কাবাবকৃত দামুৰি লৈ আহিল। | وَلَقَدْ جَآءَتْ رُسُلُنَآ إِبْرَٰهِيمَ بِٱلْبُشْرَىٰ قَالُوا۟ سَلَٰمًۭا ۖ قَالَ سَلَٰمٌۭ ۖ فَمَا لَبِثَ أَن جَآءَ بِعِجْلٍ حَنِيذٍۢ. ﴿69﴾ |
| 70 এতেকে তেওঁ যেতিয়া দেখিলে যে, তেওঁলোকৰ হাত সেই খাদ্যৰ ফালে প্ৰসাৰিত হোৱা নাই, তেতিয়া তেওঁলোকক অবাঞ্ছিত বুলি ভাবিলে আৰু তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমি লূত সম্প্ৰদায়ৰ প্ৰতিহে প্ৰেৰিত হৈছোঁ’। | فَلَمَّا رَءَآ أَيْدِيَهُمْ لَا تَصِلُ إِلَيْهِ نَكِرَهُمْ وَأَوْجَسَ مِنْهُمْ خِيفَةًۭ ۚ قَالُوا۟ لَا تَخَفْ إِنَّآ أُرْسِلْنَآ إِلَىٰ قَوْمِ لُوطٍۢ. ﴿70﴾ |
| 71 আৰু তেওঁৰ স্ত্ৰী থিয় হৈ আছিল, ফলত তেওঁ হাঁহি উঠিল। তাৰ পিছত আমি তেওঁক (ইব্ৰাহীমৰ স্ত্ৰীক) সুসংবাদ দিলোঁ ইছহাক্বৰ, আৰু ইছহাক্বৰ পিছত ইয়াকূবৰ। | وَٱمْرَأَتُهُۥ قَآئِمَةٌۭ فَضَحِكَتْ فَبَشَّرْنَٰهَا بِإِسْحَٰقَ وَمِن وَرَآءِ إِسْحَٰقَ يَعْقُوبَ. ﴿71﴾ |
| 72 তেওঁ ক’লে, ‘হায়, কি আচৰিত! মই সন্তান জন্ম দিমনে! অথচ মই এজনী বৃদ্ধা নাৰী আৰু মোৰ স্বামীও হৈছে বৃদ্ধ, নিশ্চয় এইটো এটা অদ্ভুদ কথা’! | قَالَتْ يَٰوَيْلَتَىٰٓ ءَأَلِدُ وَأَنَا۠ عَجُوزٌۭ وَهَٰذَا بَعْلِى شَيْخًا ۖ إِنَّ هَٰذَا لَشَىْءٌ عَجِيبٌۭ. ﴿72﴾ |
| 73 তেওঁলোকে ক’লে, ‘আল্লাহৰ কামত তুমি বিস্ময়বোধ কৰিছা নেকি? হে নবীৰ পৰিয়াল! তোমালোকৰ প্ৰতি আছে আল্লাহৰ (বিশেষ) অনুগ্ৰহ আৰু কল্যাণ। নিশ্চয় তেওঁ প্ৰশংসাৰ যোগ্য আৰু অত্যন্ত সন্মানিত’। | قَالُوٓا۟ أَتَعْجَبِينَ مِنْ أَمْرِ ٱللَّهِ ۖ رَحْمَتُ ٱللَّهِ وَبَرَكَٰتُهُۥ عَلَيْكُمْ أَهْلَ ٱلْبَيْتِ ۚ إِنَّهُۥ حَمِيدٌۭ مَّجِيدٌۭ. ﴿73﴾ |
| 74 তাৰ পিছত যেতিয়া ইব্ৰাহীমৰ সেই ভয় দূৰ হ’ল আৰু তেওঁৰ ওচৰলৈ সুসংবাদ আহিল, তেতিয়া তেওঁ লূতৰ সম্প্ৰদায়ৰ বিষয়ে আমাৰ (প্ৰেৰিত ফিৰিস্তাসকলৰ) লগত বাদানুবাদ কৰিবলৈ ধৰিলে। | فَلَمَّا ذَهَبَ عَنْ إِبْرَٰهِيمَ ٱلرَّوْعُ وَجَآءَتْهُ ٱلْبُشْرَىٰ يُجَٰدِلُنَا فِى قَوْمِ لُوطٍ. ﴿74﴾ |
| 75 নিশ্চয় ইব্ৰাহীম আছিল অত্যন্ত সহনশীল, কোমল হৃদয়, সদায় আল্লাহ অভিমুখী। | إِنَّ إِبْرَٰهِيمَ لَحَلِيمٌ أَوَّٰهٌۭ مُّنِيبٌۭ. ﴿75﴾ |
| 76 হে ইব্ৰাহীম! তুমি এই (বিতৰ্কৰ) পৰা বিৰত হোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ বিধান আহি পৰিছে; আৰু অৱশ্যে সিহঁতৰ প্ৰতি আহিব এনেকুৱা এটা শাস্তি যিটোক প্ৰতিৰোধ কৰা সম্ভৱ নহয়। | يَٰٓإِبْرَٰهِيمُ أَعْرِضْ عَنْ هَٰذَآ ۖ إِنَّهُۥ قَدْ جَآءَ أَمْرُ رَبِّكَ ۖ وَإِنَّهُمْ ءَاتِيهِمْ عَذَابٌ غَيْرُ مَرْدُودٍۢ. ﴿76﴾ |
| 77 আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰলৈ গৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ আগমনত তেওঁ বিষণ্ন হ’ল আৰু তেওঁলোকৰ (সুৰক্ষাৰ) বিষয়টোক চিন্তা কৰি তেওঁৰ হৃদয় সংকুচিত হৈ গ’ল আৰু ক’লে, ‘আজিৰ দিনটো বৰ বিপদৰ দিন’! | وَلَمَّا جَآءَتْ رُسُلُنَا لُوطًۭا سِىٓءَ بِهِمْ وَضَاقَ بِهِمْ ذَرْعًۭا وَقَالَ هَٰذَا يَوْمٌ عَصِيبٌۭ. ﴿77﴾ |
| 78 আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ ওচৰলৈ উদ্ভ্ৰান্ত হৈ দৌৰি আহিল আৰু আগৰ পৰাই সিহঁত অসৎকৰ্মত লিপ্ত আছিল। তেওঁ (লূতে) ক’লে, ‘হে মোৰ সম্প্ৰদায়! ইহঁত মোৰ কন্যা, তোমালোকৰ বাবে ইহঁতহে বেছি পৱিত্ৰ। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অতিথি সম্বন্ধে মোক লজ্জিত নকৰিবা। তোমালোকৰ মাজত কোনো ভাল মানুহ নাইনে’? | وَجَآءَهُۥ قَوْمُهُۥ يُهْرَعُونَ إِلَيْهِ وَمِن قَبْلُ كَانُوا۟ يَعْمَلُونَ ٱلسَّيِّـَٔاتِ ۚ قَالَ يَٰقَوْمِ هَٰٓؤُلَآءِ بَنَاتِى هُنَّ أَطْهَرُ لَكُمْ ۖ فَٱتَّقُوا۟ ٱللَّهَ وَلَا تُخْزُونِ فِى ضَيْفِىٓ ۖ أَلَيْسَ مِنكُمْ رَجُلٌۭ رَّشِيدٌۭ. ﴿78﴾ |
| 79 সিহঁতে ক’লে, ‘তুমিতো জানাই, তোমাৰ কন্যাসকলৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই; আৰু আমি যিটো বিচাৰোঁ সেইটোও তুমি নিশ্চয় জানা’। | قَالُوا۟ لَقَدْ عَلِمْتَ مَا لَنَا فِى بَنَاتِكَ مِنْ حَقٍّۢ وَإِنَّكَ لَتَعْلَمُ مَا نُرِيدُ. ﴿79﴾ |
| 80 তেওঁ ক’লে, ‘হায়! তোমালোকৰ ওপৰত যদি মোৰ শক্তি থাকিলহেঁতেন অথবা মই যদি কোনো সুদৃঢ় স্তম্ভৰ আশ্ৰয় লব পাৰিলোঁহেঁতেন’! | قَالَ لَوْ أَنَّ لِى بِكُمْ قُوَّةً أَوْ ءَاوِىٓ إِلَىٰ رُكْنٍۢ شَدِيدٍۢ. ﴿80﴾ |
| 81 তেওঁলোকে (ফিৰিস্তাসকলে) ক’লে, ‘হে লূত! নিশ্চয় আমি আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা প্ৰেৰিত ফিৰিস্তা। সিহঁতে কেতিয়াও আপোনাৰ ওচৰলৈকে আহিব নোৱাৰিব। গতিকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গকলৈ ওলাই যাওক আৰু আপোনালোকৰ কোনোৱেই যেন পিছফালে ঘূৰি নাচায়। কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে, কাৰণ তাইৰ ওপৰতো সেই শাস্তি আহিব যিটো সিহঁতৰ ওপৰত আহিব। নিশ্চয় প্ৰভাত হৈছে সিহঁতৰ (শাস্তিৰ) বাবে নিৰ্ধাৰিত সময়। প্ৰভাতৰ সময় অতি নিকটৱৰ্তী নহয়নে বাৰু’? | قَالُوا۟ يَٰلُوطُ إِنَّا رُسُلُ رَبِّكَ لَن يَصِلُوٓا۟ إِلَيْكَ ۖ فَأَسْرِ بِأَهْلِكَ بِقِطْعٍۢ مِّنَ ٱلَّيْلِ وَلَا يَلْتَفِتْ مِنكُمْ أَحَدٌ إِلَّا ٱمْرَأَتَكَ ۖ إِنَّهُۥ مُصِيبُهَا مَآ أَصَابَهُمْ ۚ إِنَّ مَوْعِدَهُمُ ٱلصُّبْحُ ۚ أَلَيْسَ ٱلصُّبْحُ بِقَرِيبٍۢ. ﴿81﴾ |
| 82 এতেকে যেতিয়া আমাৰ (শাস্তিৰ) আদেশ আহি পৰিল তেতিয়া আমি জনপদক তল-ওপৰ কৰি দিলোঁ আৰু সিহঁতৰ ওপৰত ক্ৰমাগত বৰ্ষণ কৰিলোঁ পকা মাটিৰ শিল, | فَلَمَّا جَآءَ أَمْرُنَا جَعَلْنَا عَٰلِيَهَا سَافِلَهَا وَأَمْطَرْنَا عَلَيْهَا حِجَارَةًۭ مِّن سِجِّيلٍۢ مَّنضُودٍۢ. ﴿82﴾ |
| 83 যিটো তোমাৰ প্ৰতিপালকৰ ওচৰত (বিশেষভাৱে) চিহ্নিত আছিল; আৰু এইটো যালিমসকলৰ পৰা বেছি আঁতৰত নাছিল। | مُّسَوَّمَةً عِندَ رَبِّكَ ۖ وَمَا هِىَ مِنَ ٱلظَّٰلِمِينَ بِبَعِيدٍۢ. ﴿83﴾ |
| 84 আৰু মাদিয়ানবাসীসকলৰ ওচৰলৈ সিহঁতৰ ভাতৃ শ্বুআইবক (নবী হিচাপে) প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই; আৰু (শুনা) জোখ-মাখত কম নকৰিবা; নিশ্চয় মই তোমালোকক সচ্ছল অৱস্থাত দেখি আছোঁ, কিন্তু মই তোমালোকৰ বিষয়ে এটা সৰ্বগ্ৰাসী দিনৰ শাস্তিৰ আশংকা কৰিছোঁ’। | ۞ وَإِلَىٰ مَدْيَنَ أَخَاهُمْ شُعَيْبًۭا ۚ قَالَ يَٰقَوْمِ ٱعْبُدُوا۟ ٱللَّهَ مَا لَكُم مِّنْ إِلَٰهٍ غَيْرُهُۥ ۖ وَلَا تَنقُصُوا۟ ٱلْمِكْيَالَ وَٱلْمِيزَانَ ۚ إِنِّىٓ أَرَىٰكُم بِخَيْرٍۢ وَإِنِّىٓ أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍۢ مُّحِيطٍۢ. ﴿84﴾ |
| 85 ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ন্যায়-সংগতভাৱে জোখ-মাখ কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি নুফুৰিবা’। | وَيَٰقَوْمِ أَوْفُوا۟ ٱلْمِكْيَالَ وَٱلْمِيزَانَ بِٱلْقِسْطِ ۖ وَلَا تَبْخَسُوا۟ ٱلنَّاسَ أَشْيَآءَهُمْ وَلَا تَعْثَوْا۟ فِى ٱلْأَرْضِ مُفْسِدِينَ. ﴿85﴾ |
| 86 যদি তোমালোকে মুমিন হোৱা তেন্তে আল্লাহ প্ৰদত্ত অৱশিষ্ট (লাভাংশ)খিনিয়ে হৈছে তোমালোকৰ বাবে উত্তম; আৰু মই তোমালোকৰ তত্ত্বাৱধায়ক নহয়। | بَقِيَّتُ ٱللَّهِ خَيْرٌۭ لَّكُمْ إِن كُنتُم مُّؤْمِنِينَ ۚ وَمَآ أَنَا۠ عَلَيْكُم بِحَفِيظٍۢ. ﴿86﴾ |
| 87 সিহঁতে ক’লে, ‘হে শ্বুআইব! তোমাৰ ছালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদত নিজৰ ইচ্ছামতে যি কৰোঁ সেয়াও (বৰ্জন কৰিব লাগিব নেকি)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’! | قَالُوا۟ يَٰشُعَيْبُ أَصَلَوٰتُكَ تَأْمُرُكَ أَن نَّتْرُكَ مَا يَعْبُدُ ءَابَآؤُنَآ أَوْ أَن نَّفْعَلَ فِىٓ أَمْوَٰلِنَا مَا نَشَٰٓؤُا۟ ۖ إِنَّكَ لَأَنتَ ٱلْحَلِيمُ ٱلرَّشِيدُ. ﴿87﴾ |
| 88 তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ভাবিছানে, মই যদি মোৰ প্ৰতিপালকৰ প্ৰেৰিত স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা উৎকৃষ্ট জীৱিকা দান কৰে (তথাপিও মই মোৰ কৰ্তব্যৰ পৰা বিৰত থাকিমনে?) আৰু মই তোমালোকক যিটো নিষেধ কৰোঁ, মই নিজেও তাৰ বিপৰীত কৰিবলৈ ইচ্ছুক নহয়। মই কেৱল মোৰ সক্ষম অনুযায়ী সংস্কাৰহে কৰিব বিচাৰোঁ। মোৰ কাৰ্যসাধন কেৱল আল্লাহৰ তাওফীকত; মই কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰোঁ আৰু মই তেওঁৰেই অভিমুখী’। | قَالَ يَٰقَوْمِ أَرَءَيْتُمْ إِن كُنتُ عَلَىٰ بَيِّنَةٍۢ مِّن رَّبِّى وَرَزَقَنِى مِنْهُ رِزْقًا حَسَنًۭا ۚ وَمَآ أُرِيدُ أَنْ أُخَالِفَكُمْ إِلَىٰ مَآ أَنْهَىٰكُمْ عَنْهُ ۚ إِنْ أُرِيدُ إِلَّا ٱلْإِصْلَٰحَ مَا ٱسْتَطَعْتُ ۚ وَمَا تَوْفِيقِىٓ إِلَّا بِٱللَّهِ ۚ عَلَيْهِ تَوَكَّلْتُ وَإِلَيْهِ أُنِيبُ. ﴿88﴾ |
| 89 ‘আৰু হে মোৰ সম্প্ৰদায়! মোৰ লগত কৰা বৈৰিতাই যেন তোমালোকক কেতিয়াও এনে অপৰাধ কৰিবলৈ প্ৰৰোচিত নকৰে যাৰ ফলত তোমালোকৰ ওপৰতো সেইদৰেই বিপদ আপতিত হ’ব যিদৰে আপতিত হৈছিল নূহৰ সম্প্ৰদায়ৰ ওপৰত অথবা হূদৰ সম্প্ৰদায়ৰ ওপৰত নাইবা ছলেহৰ সম্প্ৰদায়ৰ ওপৰত; আৰু লূত সম্প্ৰদায় তোমালোকৰ পৰা বেছি দূৰত নাছিল’। | وَيَٰقَوْمِ لَا يَجْرِمَنَّكُمْ شِقَاقِىٓ أَن يُصِيبَكُم مِّثْلُ مَآ أَصَابَ قَوْمَ نُوحٍ أَوْ قَوْمَ هُودٍ أَوْ قَوْمَ صَٰلِحٍۢ ۚ وَمَا قَوْمُ لُوطٍۢ مِّنكُم بِبَعِيدٍۢ. ﴿89﴾ |
| 90 ‘আৰু তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনে উভতি আহা। নিশ্চয় মোৰ প্ৰতিপালক পৰম দয়ালু, অতি স্নেহশীল’। | وَٱسْتَغْفِرُوا۟ رَبَّكُمْ ثُمَّ تُوبُوٓا۟ إِلَيْهِ ۚ إِنَّ رَبِّى رَحِيمٌۭ وَدُودٌۭ. ﴿90﴾ |
| 91 সিহঁতে ক’লে, ‘হে শ্বুআইব! তুমি যি কোৱা তাৰে বহু কথা আমি বুজিয়ে নাপাওঁ, আৰু নিঃসন্দেহে আমি তোমাক আমাৰ মাজত দুৰ্বল বুলিহে গম পাওঁ। তোমাৰ আত্মীয়-স্বজন নাথাকিলে আমি তোমাক শিলগুটি দলিয়াই মাৰি পেলালোঁহেঁতেন। কাৰণ তুমি আমাতকৈ বেছি শক্তিশালী নহয়’। | قَالُوا۟ يَٰشُعَيْبُ مَا نَفْقَهُ كَثِيرًۭا مِّمَّا تَقُولُ وَإِنَّا لَنَرَىٰكَ فِينَا ضَعِيفًۭا ۖ وَلَوْلَا رَهْطُكَ لَرَجَمْنَٰكَ ۖ وَمَآ أَنتَ عَلَيْنَا بِعَزِيزٍۢ. ﴿91﴾ |
| 92 তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ ওচৰত মোৰ আত্মীয়-স্বজন আল্লাহতকৈ বেছি শক্তিশালী নেকি? অথচ তোমালোকে তেওঁক সম্পূৰ্ণৰূপে আওকাণ কৰিছা। তোমালোকে যি কৰা নিশ্চয় মোৰ প্ৰতিপালকে সেয়া পৰিবেষ্টন কৰি আছে’। | قَالَ يَٰقَوْمِ أَرَهْطِىٓ أَعَزُّ عَلَيْكُم مِّنَ ٱللَّهِ وَٱتَّخَذْتُمُوهُ وَرَآءَكُمْ ظِهْرِيًّا ۖ إِنَّ رَبِّى بِمَا تَعْمَلُونَ مُحِيطٌۭ. ﴿92﴾ |
| 93 ‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি যোৱা, ময়ো মোৰ কাম কৰি আছোঁ। তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কোন হৈছে মিছলীয়া। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ। | وَيَٰقَوْمِ ٱعْمَلُوا۟ عَلَىٰ مَكَانَتِكُمْ إِنِّى عَٰمِلٌۭ ۖ سَوْفَ تَعْلَمُونَ مَن يَأْتِيهِ عَذَابٌۭ يُخْزِيهِ وَمَنْ هُوَ كَٰذِبٌۭ ۖ وَٱرْتَقِبُوٓا۟ إِنِّى مَعَكُمْ رَقِيبٌۭ. ﴿93﴾ |
| 94 আৰু যেতিয়া আমাৰ (শাস্তিৰ) আদেশ আহি পালে তেতিয়া আমি শ্বুআইব আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলোঁ; আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আঘাত কৰিলে, ফলত সিহঁত নিজ নিজ ঘৰতে নতজানু হৈ (মৃত অৱস্থাত) পৰি থাকিল। | وَلَمَّا جَآءَ أَمْرُنَا نَجَّيْنَا شُعَيْبًۭا وَٱلَّذِينَ ءَامَنُوا۟ مَعَهُۥ بِرَحْمَةٍۢ مِّنَّا وَأَخَذَتِ ٱلَّذِينَ ظَلَمُوا۟ ٱلصَّيْحَةُ فَأَصْبَحُوا۟ فِى دِيَٰرِهِمْ جَٰثِمِينَ. ﴿94﴾ |
| 95 যেনিবা সিহঁতে কেতিয়াও তাত বসবাস কৰাই নাছিল। জানি থোৱা! ধ্বংসই আছিল মাদিয়ানবাসীৰ পৰিণাম, যেনেকৈ ধ্বংস হৈছিল ছামূদ সম্প্ৰদায়। | كَأَن لَّمْ يَغْنَوْا۟ فِيهَآ ۗ أَلَا بُعْدًۭا لِّمَدْيَنَ كَمَا بَعِدَتْ ثَمُودُ. ﴿95﴾ |
| 96 আৰু নিশ্চয় আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী তথা স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলোঁ। | وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِـَٔايَٰتِنَا وَسُلْطَٰنٍۢ مُّبِينٍ. ﴿96﴾ |
| 97 ফিৰআউন আৰু তাৰ নেতৃবৃন্দসকলৰ ওচৰলৈ। কিন্তু নেতাসকলে ফিৰআউনৰ কাৰ্যকলাপৰ অনুসৰণ কৰিছিল; অথচ ফিৰআউনৰ কাৰ্যকলাপ সঠিক নাছিল। | إِلَىٰ فِرْعَوْنَ وَمَلَإِي۟هِۦ فَٱتَّبَعُوٓا۟ أَمْرَ فِرْعَوْنَ ۖ وَمَآ أَمْرُ فِرْعَوْنَ بِرَشِيدٍۢ. ﴿97﴾ |
| 98 ক্বিয়ামতৰ দিনা সি তাৰ সম্প্ৰদায়ৰ সন্মুখত থাকিব। তাৰ পিছত সিয়েই সিহঁতক জুইত উপনীত কৰিব। য’ত সিহঁত উপনীত হ’ব সেইটো অত্যন্ত নিকৃষ্ট উপনীত হোৱাৰ স্থান! | يَقْدُمُ قَوْمَهُۥ يَوْمَ ٱلْقِيَٰمَةِ فَأَوْرَدَهُمُ ٱلنَّارَ ۖ وَبِئْسَ ٱلْوِرْدُ ٱلْمَوْرُودُ. ﴿98﴾ |
| 99 আৰু অভিশাপে সিহঁতক এই পৃথিৱীতো লগ এৰা নাছিল আৰু ক্বিয়ামতৰ দিনাও নেৰিব। সেইটো কিমান যে নিকৃষ্ট পুৰস্কাৰ যিটো সিহঁতক প্ৰদান কৰা হ’ব! | وَأُتْبِعُوا۟ فِى هَٰذِهِۦ لَعْنَةًۭ وَيَوْمَ ٱلْقِيَٰمَةِ ۚ بِئْسَ ٱلرِّفْدُ ٱلْمَرْفُودُ. ﴿99﴾ |
| 100 এইবোৰ হৈছে জনপদসমূহৰ কিছুমান সংবাদ, যিবোৰ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিলোঁ। এইবোৰৰ কিছুমান এতিয়াও বিদ্যমান আছে আৰু কিছুমান নিৰ্মূল হৈছে। | ذَٰلِكَ مِنْ أَنۢبَآءِ ٱلْقُرَىٰ نَقُصُّهُۥ عَلَيْكَ ۖ مِنْهَا قَآئِمٌۭ وَحَصِيدٌۭ. ﴿100﴾ |
| 101 আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলোঁ, সিহঁত নিজেই নিজৰ অন্যায় কৰিছিল। দৰাচলতে যেতিয়া তোমাৰ প্ৰতিপালকৰ (শাস্তিৰ) নিৰ্দেশ আহি পাইছিল, তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যিবোৰ উপাস্যৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত অহা নাছিল; ওলোটা সিহঁতে সিহঁতৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল। | وَمَا ظَلَمْنَٰهُمْ وَلَٰكِن ظَلَمُوٓا۟ أَنفُسَهُمْ ۖ فَمَآ أَغْنَتْ عَنْهُمْ ءَالِهَتُهُمُ ٱلَّتِى يَدْعُونَ مِن دُونِ ٱللَّهِ مِن شَىْءٍۢ لَّمَّا جَآءَ أَمْرُ رَبِّكَ ۖ وَمَا زَادُوهُمْ غَيْرَ تَتْبِيبٍۢ. ﴿101﴾ |
| 102 যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন। | وَكَذَٰلِكَ أَخْذُ رَبِّكَ إِذَآ أَخَذَ ٱلْقُرَىٰ وَهِىَ ظَٰلِمَةٌ ۚ إِنَّ أَخْذَهُۥٓ أَلِيمٌۭ شَدِيدٌ. ﴿102﴾ |
| 103 নিশ্চয় ইয়াত আছে সেই ব্যক্তিৰ বাবে নিদৰ্শন, যিয়ে আখিৰাতক ভয় কৰে। সেইটো হ’ব এনেকুৱা এটা দিন যিদিনা সকলো মানুহকে একত্ৰিত কৰা হ’ব; আৰু সেইদিনা সকলোকে উপস্থিত কৰা হ’ব; | إِنَّ فِى ذَٰلِكَ لَءَايَةًۭ لِّمَنْ خَافَ عَذَابَ ٱلْءَاخِرَةِ ۚ ذَٰلِكَ يَوْمٌۭ مَّجْمُوعٌۭ لَّهُ ٱلنَّاسُ وَذَٰلِكَ يَوْمٌۭ مَّشْهُودٌۭ. ﴿103﴾ |
| 104 আৰু আমি সেইটোক কেৱল নিৰ্দিষ্ট এটা সময়ৰ বাবে বিলম্বিত কৰিছোঁ। | وَمَا نُؤَخِّرُهُۥٓ إِلَّا لِأَجَلٍۢ مَّعْدُودٍۢ. ﴿104﴾ |
| 105 যেতিয়া সেই দিৱসটো আহিব তেতিয়া আল্লাহৰ অনুমতি অবিহনে কোনেও কথাও ক’ব নোৱাৰিব; এতেকে সিহঁতৰ মাজৰ কিছুমান হ’ব দুৰ্ভগীয়া আৰু কিছুমান হ’ব সৌভাগ্যৱান। | يَوْمَ يَأْتِ لَا تَكَلَّمُ نَفْسٌ إِلَّا بِإِذْنِهِۦ ۚ فَمِنْهُمْ شَقِىٌّۭ وَسَعِيدٌۭ. ﴿105﴾ |
| 106 ফলত যিসকল দুৰ্ভগীয়া হ’ব সিহঁত থাকিব (জাহান্নামৰ) জুইত, আৰু তাত সিহঁতে ভীষণ চিঞৰ আৰু আৰ্তনাদ কৰি থাকিব। | فَأَمَّا ٱلَّذِينَ شَقُوا۟ فَفِى ٱلنَّارِ لَهُمْ فِيهَا زَفِيرٌۭ وَشَهِيقٌ. ﴿106﴾ |
| 107 তাত সিহঁত চিৰকাল থাকিব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে; নিশ্চয় তোমাৰ প্ৰতিপালকে সেইটোৱেই কৰে যিটো তেওঁ ইচ্ছা কৰে। | خَٰلِدِينَ فِيهَا مَا دَامَتِ ٱلسَّمَٰوَٰتُ وَٱلْأَرْضُ إِلَّا مَا شَآءَ رَبُّكَ ۚ إِنَّ رَبَّكَ فَعَّالٌۭ لِّمَا يُرِيدُ. ﴿107﴾ |
| 108 আনহাতে যিসকল সৌভাগ্যৱান তেওঁলোক থাকিব জান্নাতত। তাত তেওঁলোক চিৰস্থায়ী হ’ব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে; এইটো এটা নিৰৱচ্ছিন্ন পুৰস্কাৰ। | ۞ وَأَمَّا ٱلَّذِينَ سُعِدُوا۟ فَفِى ٱلْجَنَّةِ خَٰلِدِينَ فِيهَا مَا دَامَتِ ٱلسَّمَٰوَٰتُ وَٱلْأَرْضُ إِلَّا مَا شَآءَ رَبُّكَ ۖ عَطَآءً غَيْرَ مَجْذُوذٍۢ. ﴿108﴾ |
| 109 এতেকে সিহঁতে যিবোৰৰ ইবাদত কৰে সেই বিষয়ে তুমি সংশয়ত নপৰিবা, সিহঁতেও সেইদৰেই (মিছা উপাস্যৰ) উপাসনা কৰে যিদৰে সিহঁতৰ পিতৃ-পুৰুষসকলে কৰিছিল। নিশ্চয় আমি সিহঁতক সিহঁতৰ প্ৰাপ্য সম্পূৰ্ণৰূপে প্ৰদান কৰিম--- অকণো হ্ৰাস নকৰোঁ। | فَلَا تَكُ فِى مِرْيَةٍۢ مِّمَّا يَعْبُدُ هَٰٓؤُلَآءِ ۚ مَا يَعْبُدُونَ إِلَّا كَمَا يَعْبُدُ ءَابَآؤُهُم مِّن قَبْلُ ۚ وَإِنَّا لَمُوَفُّوهُمْ نَصِيبَهُمْ غَيْرَ مَنقُوصٍۢ. ﴿109﴾ |
| 110 আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, তাৰ পিছত তাত মতভেদ ঘটিছিল। তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ মীমাংসা হৈয়ে গ’’লহেঁতেন। নিশ্চয় সিহঁত এই (কোৰআন) সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত নিপতিত। | وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَٰبَ فَٱخْتُلِفَ فِيهِ ۚ وَلَوْلَا كَلِمَةٌۭ سَبَقَتْ مِن رَّبِّكَ لَقُضِىَ بَيْنَهُمْ ۚ وَإِنَّهُمْ لَفِى شَكٍّۢ مِّنْهُ مُرِيبٍۢ. ﴿110﴾ |
| 111 আৰু নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতৰ প্ৰত্যেককে তাৰ কৰ্মফল সম্পূৰ্ণৰূপে প্ৰদান কৰিব। সিহঁতে যি কৰে তেওঁ সেই বিষয়ে সবিশেষ অৱহিত। | وَإِنَّ كُلًّۭا لَّمَّا لَيُوَفِّيَنَّهُمْ رَبُّكَ أَعْمَٰلَهُمْ ۚ إِنَّهُۥ بِمَا يَعْمَلُونَ خَبِيرٌۭ. ﴿111﴾ |
| 112 এতেকে তুমি যিদৰে আদিষ্ট হৈছা তাত অবিচল থাকা আৰু তোমাৰ সৈতে যিসকলে তাওবা কৰিছে তেওঁলোকেও; আৰু তোমালোকে সীমালংঘন নকৰিবা, তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই বিষয়ে সম্যক দ্ৰষ্টা। | فَٱسْتَقِمْ كَمَآ أُمِرْتَ وَمَن تَابَ مَعَكَ وَلَا تَطْغَوْا۟ ۚ إِنَّهُۥ بِمَا تَعْمَلُونَ بَصِيرٌۭ. ﴿112﴾ |
| 113 আৰু যিসকলে অন্যায় কৰিছে সিহঁতৰ প্ৰতি তোমালোকে ঢাল নাখাবা; এনে কৰিলে তোমালোকক জুয়ে স্পৰ্শ কৰিব। তেনে অৱস্থাত আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো সহায়ক নাথাকিব। ফলত তোমালোকক কোনো সহায় কৰা নহ’ব। | وَلَا تَرْكَنُوٓا۟ إِلَى ٱلَّذِينَ ظَلَمُوا۟ فَتَمَسَّكُمُ ٱلنَّارُ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِنْ أَوْلِيَآءَ ثُمَّ لَا تُنصَرُونَ. ﴿113﴾ |
| 114 আৰু তুমি ছালাত কায়েম কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎকৰ্মই অসৎকৰ্মক দূৰ কৰে। উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ। | وَأَقِمِ ٱلصَّلَوٰةَ طَرَفَىِ ٱلنَّهَارِ وَزُلَفًۭا مِّنَ ٱلَّيْلِ ۚ إِنَّ ٱلْحَسَنَٰتِ يُذْهِبْنَ ٱلسَّيِّـَٔاتِ ۚ ذَٰلِكَ ذِكْرَىٰ لِلذَّٰكِرِينَ. ﴿114﴾ |
| 115 আৰু তুমি ধৈৰ্য্য ধাৰণ কৰা, কাৰণ নিশ্চয় আল্লাহে সৎকৰ্মশীলসকলৰ প্ৰতিদান বিনষ্ট নকৰে। | وَٱصْبِرْ فَإِنَّ ٱللَّهَ لَا يُضِيعُ أَجْرَ ٱلْمُحْسِنِينَ. ﴿115﴾ |
| 116 এতেকে তোমালোকৰ পূৰ্বে যিবোৰ প্ৰজন্ম অতিবাহিত হৈছে সিহঁতৰ মাজত এনেকুৱা প্ৰজ্ঞাৱান কিয় হোৱা নাই, যিসকলে পৃথিৱীত অশান্তি সৃষ্টিৰ পৰা নিষেধ কৰিলেহেঁতেন? কিছুসংখ্যক লোকৰ বাহিৰে, যিসকলক আমি সিহঁতৰ মাজৰ পৰা ৰক্ষা কৰিছিলোঁ। আনহাতে যিসকলে অন্যায় কৰিছিল, সিহঁতে বিলাসিতাৰ পিছত পৰি আছিল, আৰু সিহঁত আছিল অপৰাধী। | فَلَوْلَا كَانَ مِنَ ٱلْقُرُونِ مِن قَبْلِكُمْ أُو۟لُوا۟ بَقِيَّةٍۢ يَنْهَوْنَ عَنِ ٱلْفَسَادِ فِى ٱلْأَرْضِ إِلَّا قَلِيلًۭا مِّمَّنْ أَنجَيْنَا مِنْهُمْ ۗ وَٱتَّبَعَ ٱلَّذِينَ ظَلَمُوا۟ مَآ أُتْرِفُوا۟ فِيهِ وَكَانُوا۟ مُجْرِمِينَ. ﴿116﴾ |
| 117 আৰু তোমাৰ প্ৰতিপালক এনেকুৱা নহয় যে, তেওঁ অন্যায়ভাৱে কোনো জনপদক ধ্বংস কৰিব, অথচ তাৰ অধিবাসীসকল হৈছে সংশোধনকাৰী। | وَمَا كَانَ رَبُّكَ لِيُهْلِكَ ٱلْقُرَىٰ بِظُلْمٍۢ وَأَهْلُهَا مُصْلِحُونَ. ﴿117﴾ |
| 118 আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকেই এটা উম্মতত পৰিণত কৰিব পাৰিলেহঁতেন, কিন্তু সিহঁতে সদায় মত-বিৰোধহে কৰি থাকিব, | وَلَوْ شَآءَ رَبُّكَ لَجَعَلَ ٱلنَّاسَ أُمَّةًۭ وَٰحِدَةًۭ ۖ وَلَا يَزَالُونَ مُخْتَلِفِينَ. ﴿118﴾ |
| 119 কিন্তু তেওঁলোক নহয়, যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে। কাৰণ এই বাবেই তেওঁলোকক তেওঁ সৃষ্টি কৰিছে, লগতে তোমাৰ প্ৰতিপালকৰ এই কথাও চূড়ান্ত হৈছে যে, ‘নিশ্চিতভাৱে আমি জ্বিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম পূৰ্ণ কৰিম’। | إِلَّا مَن رَّحِمَ رَبُّكَ ۚ وَلِذَٰلِكَ خَلَقَهُمْ ۗ وَتَمَّتْ كَلِمَةُ رَبِّكَ لَأَمْلَأَنَّ جَهَنَّمَ مِنَ ٱلْجِنَّةِ وَٱلنَّاسِ أَجْمَعِينَ. ﴿119﴾ |
| 120 আৰু ৰাছুলসকলৰ এইবোৰ সংবাদ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিছোঁ, যাৰ দ্বাৰা আমি তোমাৰ মনক সুদৃঢ় কৰোঁ, ইয়াৰ মাধ্যমত তোমাৰ ওচৰলৈ আহিছে সত্য আৰু মুমিনসকলৰ ওচৰলৈ আহিছে উপদেশ আৰু স্মৰণ। | وَكُلًّۭا نَّقُصُّ عَلَيْكَ مِنْ أَنۢبَآءِ ٱلرُّسُلِ مَا نُثَبِّتُ بِهِۦ فُؤَادَكَ ۚ وَجَآءَكَ فِى هَٰذِهِ ٱلْحَقُّ وَمَوْعِظَةٌۭ وَذِكْرَىٰ لِلْمُؤْمِنِينَ. ﴿120﴾ |
| 121 আৰু (হে নবী!) যিসকলে ঈমান পোষণ নকৰে সিহঁতক কোৱা, ‘তোমালোকে নিজৰ নিজৰ অৱস্থানত কাম কৰি যোৱা, আমিও আমাৰ কাম কৰি আছোঁ’। | وَقُل لِّلَّذِينَ لَا يُؤْمِنُونَ ٱعْمَلُوا۟ عَلَىٰ مَكَانَتِكُمْ إِنَّا عَٰمِلُونَ. ﴿121﴾ |
| 122 ‘এতেকে তোমালোকেও প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষা কৰি আছোঁ’। | وَٱنتَظِرُوٓا۟ إِنَّا مُنتَظِرُونَ. ﴿122﴾ |
| 123 আকাশসমূহ আৰু পৃথিৱীৰ গায়েব (ৰ সংবাদ) কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা। কাৰণ তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়। | وَلِلَّهِ غَيْبُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَإِلَيْهِ يُرْجَعُ ٱلْأَمْرُ كُلُّهُۥ فَٱعْبُدْهُ وَتَوَكَّلْ عَلَيْهِ ۚ وَمَا رَبُّكَ بِغَٰفِلٍ عَمَّا تَعْمَلُونَ. ﴿123﴾ |