الكهف
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 যাৱতীয় প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিজনে তেওঁৰ বান্দাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছে আৰু তাত তেওঁ কোনো ধৰণৰ বক্ৰতা ৰখা নাই, | ٱلْحَمْدُ لِلَّهِ ٱلَّذِىٓ أَنزَلَ عَلَىٰ عَبْدِهِ ٱلْكِتَٰبَ وَلَمْ يَجْعَل لَّهُۥ عِوَجَا ۜ. ﴿1﴾ |
| 2 সৰলৰূপে (বৰ্ণনা কৰিছে), তেওঁৰ কঠিন শাস্তি সম্পৰ্কে সতৰ্ক কৰাৰ বাবে আৰু মুমিনসকলৰ যিসকলে সৎকৰ্ম কৰে, তেওঁলোকক এই সুসংবাদ দিয়াৰ বাবে যে, তেওঁলোকৰ বাবে আছে উত্তম পুৰস্কাৰ, | قَيِّمًۭا لِّيُنذِرَ بَأْسًۭا شَدِيدًۭا مِّن لَّدُنْهُ وَيُبَشِّرَ ٱلْمُؤْمِنِينَ ٱلَّذِينَ يَعْمَلُونَ ٱلصَّٰلِحَٰتِ أَنَّ لَهُمْ أَجْرًا حَسَنًۭا. ﴿2﴾ |
| 3 তাত তেওঁলোকে স্থায়ীভাৱে অৱস্থান কৰিব, | مَّٰكِثِينَ فِيهِ أَبَدًۭا. ﴿3﴾ |
| 4 আৰু সেইসকল লোককো সতৰ্ক কৰাৰ বাবে যিসকলে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’, | وَيُنذِرَ ٱلَّذِينَ قَالُوا۟ ٱتَّخَذَ ٱللَّهُ وَلَدًۭا. ﴿4﴾ |
| 5 এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই, লগতে সিহঁতৰ পিতৃ-পুৰুষৰো কোনো জ্ঞান নাছিল। কি সাংঘাতিক বাক্য যিটো সিহঁতৰ মুখৰ পৰা ওলায়! সিহঁত মিছাৰ বাহিৰে আন একো নকয়। | مَّا لَهُم بِهِۦ مِنْ عِلْمٍۢ وَلَا لِءَابَآئِهِمْ ۚ كَبُرَتْ كَلِمَةًۭ تَخْرُجُ مِنْ أَفْوَٰهِهِمْ ۚ إِن يَقُولُونَ إِلَّا كَذِبًۭا. ﴿5﴾ |
| 6 এতেকে সিহঁতে এই বাণীত ঈমান পোষণ নকৰিলে সিহঁতৰ পিছে পিছে ঘূৰি সম্ভৱতঃ তুমি দুখতে আত্ম-বিনাশী হৈ পৰিবা। | فَلَعَلَّكَ بَٰخِعٌۭ نَّفْسَكَ عَلَىٰٓ ءَاثَٰرِهِمْ إِن لَّمْ يُؤْمِنُوا۟ بِهَٰذَا ٱلْحَدِيثِ أَسَفًا. ﴿6﴾ |
| 7 নিশ্চয় ভূ-পৃষ্ঠত যি যি আছে আমি সেইবোৰক ইয়াৰ শোভা কৰি দিছোঁ, মানুহক এই পৰীক্ষা কৰাৰ বাবে যে, সিহঁতৰ মাজত কোনে শ্ৰেষ্ঠ আমল কৰে। | إِنَّا جَعَلْنَا مَا عَلَى ٱلْأَرْضِ زِينَةًۭ لَّهَا لِنَبْلُوَهُمْ أَيُّهُمْ أَحْسَنُ عَمَلًۭا. ﴿7﴾ |
| 8 আৰু ইয়াৰ ওপৰত যি যি আছে তাক নিশ্চয় আমি উদ্ভিদশূন্য পথাৰত পৰিণত কৰিম। | وَإِنَّا لَجَٰعِلُونَ مَا عَلَيْهَا صَعِيدًۭا جُرُزًا. ﴿8﴾ |
| 9 তুমি কাহাফ (গুহা) আৰু ৰাক্বীমৰ অধিবাসীসকলক আমাৰ নিদৰ্শনাৱলীৰ মাজত বিস্ময়কৰ বুলি ভবা নেকি? | أَمْ حَسِبْتَ أَنَّ أَصْحَٰبَ ٱلْكَهْفِ وَٱلرَّقِيمِ كَانُوا۟ مِنْ ءَايَٰتِنَا عَجَبًا. ﴿9﴾ |
| 10 যেতিয়া যুৱকসকলে গুহাত আশ্ৰয় ল’লে তেতিয়া তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! তুমি তোমাৰ নিজৰ ফালৰ পৰা আমাক অনুগ্ৰহ দান কৰা আৰু আমাৰ বাবে আমাৰ কৰ্মৰাজিক সঠিকভাৱে পৰিচালনাৰ ব্যৱস্থা কৰা’। | إِذْ أَوَى ٱلْفِتْيَةُ إِلَى ٱلْكَهْفِ فَقَالُوا۟ رَبَّنَآ ءَاتِنَا مِن لَّدُنكَ رَحْمَةًۭ وَهَيِّئْ لَنَا مِنْ أَمْرِنَا رَشَدًۭا. ﴿10﴾ |
| 11 ফলত আমি সিহঁতক গুহাৰ মাজত কেইবা বছৰো ঘুমন্ত অৱস্থাত ৰাখিলোঁ, | فَضَرَبْنَا عَلَىٰٓ ءَاذَانِهِمْ فِى ٱلْكَهْفِ سِنِينَ عَدَدًۭا. ﴿11﴾ |
| 12 তাৰ পিছত আমি সিহঁতক সজাগ কৰিলোঁ এইটো জনোৱাৰ বাবে যে, দুই দলৰ মাজত কোনটোৱে সিহঁতৰ অৱস্থিতিকাল সঠিকভাৱে নিৰ্ণয় কৰিব পাৰে। | ثُمَّ بَعَثْنَٰهُمْ لِنَعْلَمَ أَىُّ ٱلْحِزْبَيْنِ أَحْصَىٰ لِمَا لَبِثُوٓا۟ أَمَدًۭا. ﴿12﴾ |
| 13 আমি তোমাৰ ওচৰত সিহঁতৰ বৃত্তান্ত সঠিকভাৱে বৰ্ণনা কৰিছোঁ, সিহঁত আছিল কেইজনমান যুৱক, সিহঁতে নিজ প্ৰতিপালকৰ ওপৰত ঈমান আনিছিল আৰু আমি সিহঁতৰ হিদায়ত বৃদ্ধি কৰি দিছিলোঁ, | نَّحْنُ نَقُصُّ عَلَيْكَ نَبَأَهُم بِٱلْحَقِّ ۚ إِنَّهُمْ فِتْيَةٌ ءَامَنُوا۟ بِرَبِّهِمْ وَزِدْنَٰهُمْ هُدًۭى. ﴿13﴾ |
| 14 আৰু আমি সিহঁতৰ অন্তৰ দৃঢ় কৰি দিছিলোঁ; সিহঁতে যেতিয়া (সাৰ পাই) উঠি ক’লে, ‘আমাৰ প্ৰতিপালকেই আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক। আমি কেতিয়াও তেওঁৰ পৰিবৰ্তে আন কোনো ইলাহক আহ্বান নকৰোঁ; যদি আহ্বান কৰোঁ তেন্তে এয়া হ’ব বৰ গৰ্হিত কথা। | وَرَبَطْنَا عَلَىٰ قُلُوبِهِمْ إِذْ قَامُوا۟ فَقَالُوا۟ رَبُّنَا رَبُّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ لَن نَّدْعُوَا۟ مِن دُونِهِۦٓ إِلَٰهًۭا ۖ لَّقَدْ قُلْنَآ إِذًۭا شَطَطًا. ﴿14﴾ |
| 15 আমাৰ এই স্বজাতিসকলে তেওঁৰ পৰিবৰ্তে বহুতো ইলাহ গ্ৰহণ কৰিছে। ইহঁতে এইবোৰ ইলাহ সম্পৰ্কে স্পষ্ট প্ৰমাণ উপস্থিত নকৰে কিয়? এতেকে যিয়ে আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? | هَٰٓؤُلَآءِ قَوْمُنَا ٱتَّخَذُوا۟ مِن دُونِهِۦٓ ءَالِهَةًۭ ۖ لَّوْلَا يَأْتُونَ عَلَيْهِم بِسُلْطَٰنٍۭ بَيِّنٍۢ ۖ فَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًۭا. ﴿15﴾ |
| 16 এতিয়া যিহেতু তোমালোকে সিহঁতৰ পৰা আৰু সিহঁতে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা বিচ্ছিন্ন হৈছা, সেয়ে এতিয়া তোমালোকে গুহাত আশ্ৰয় গ্ৰহণ কৰা। তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ ৰহমত বিস্তাৰ কৰিব আৰু তোমালোকৰ বাবে তোমালোকৰ জীৱনোপকৰণৰ বিষয়টো সহজ কৰি দিব। | وَإِذِ ٱعْتَزَلْتُمُوهُمْ وَمَا يَعْبُدُونَ إِلَّا ٱللَّهَ فَأْوُۥٓا۟ إِلَى ٱلْكَهْفِ يَنشُرْ لَكُمْ رَبُّكُم مِّن رَّحْمَتِهِۦ وَيُهَيِّئْ لَكُم مِّنْ أَمْرِكُم مِّرْفَقًۭا. ﴿16﴾ |
| 17 আৰু যদি তুমি সিহঁতক দেখাহেঁতেন, সূৰ্য্য উদয় হোৱাৰ সময়ত সিহঁতৰ গুহাৰ সোঁ ফালে ঢাল খায় আৰু অস্ত যোৱাৰ সময়ত সিহঁতক অতিক্ৰম কৰি বাওঁ ফালে ঢাল খায়, অথচ সিহঁত গুহাৰ প্ৰশস্ত চোতালত (শুই আছে), এইবোৰ আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম। আল্লাহে যাক সৎপথত পৰিচালিত কৰে, সি সৎপথপ্ৰাপ্ত আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে, তুমি কেতিয়াও তাৰ বাবে কোনো পথনিৰ্দেশকাৰী অভিভাৱক বিচাৰি নাপাবা। | ۞ وَتَرَى ٱلشَّمْسَ إِذَا طَلَعَت تَّزَٰوَرُ عَن كَهْفِهِمْ ذَاتَ ٱلْيَمِينِ وَإِذَا غَرَبَت تَّقْرِضُهُمْ ذَاتَ ٱلشِّمَالِ وَهُمْ فِى فَجْوَةٍۢ مِّنْهُ ۚ ذَٰلِكَ مِنْ ءَايَٰتِ ٱللَّهِ ۗ مَن يَهْدِ ٱللَّهُ فَهُوَ ٱلْمُهْتَدِ ۖ وَمَن يُضْلِلْ فَلَن تَجِدَ لَهُۥ وَلِيًّۭا مُّرْشِدًۭا. ﴿17﴾ |
| 18 আৰু তুমি ভাবিলাহেঁতেন সিহঁত সাৰে আছে, অথচ সিহঁত আছিল টোপনিত। আমি সিহঁতক কাতি সলাই দিছিলোঁ সোঁফালে আৰু বাওঁফালে আৰু সিহঁতৰ কুকুৰে সন্মুখৰ ভৰি দুটা গুহাৰ দুৱাৰত প্ৰসাৰিত কৰি আছিল। যদি তুমি সিহঁতৰ ফালে ভুমুকি মাৰি দেখিলাহেঁতেন, তেন্তে অৱশ্যে তুমি ভিৰাই লৰ মাৰিলাহেঁতেন আৰু নিশ্চয় তুমি সিহঁতৰ ভয়ত আতংকগ্ৰস্ত হৈ পৰিলাহেঁতেন; | وَتَحْسَبُهُمْ أَيْقَاظًۭا وَهُمْ رُقُودٌۭ ۚ وَنُقَلِّبُهُمْ ذَاتَ ٱلْيَمِينِ وَذَاتَ ٱلشِّمَالِ ۖ وَكَلْبُهُم بَٰسِطٌۭ ذِرَاعَيْهِ بِٱلْوَصِيدِ ۚ لَوِ ٱطَّلَعْتَ عَلَيْهِمْ لَوَلَّيْتَ مِنْهُمْ فِرَارًۭا وَلَمُلِئْتَ مِنْهُمْ رُعْبًۭا. ﴿18﴾ |
| 19 আৰু এইদৰেই আমি সিহঁতক জাগ্ৰত কৰি তুলিলোঁ, যাতে সিহঁতে পৰস্পৰৰ মাজত সোধ-পোচ কৰিব পাৰে। সিহঁতৰ এজনে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা’? সিহঁতে ক’লে, ‘আমি এদিন বা এদিনৰ কিছু অংশহে অৱস্থান কৰিছোঁ’। সিহঁতে ক’লে, ‘তোমালোকে কিমান সময় অৱস্থান কৰিছা সেয়া তোমালোকৰ প্ৰতিপালকেই ভালদৰে জানে। এতেকে তোমালোকে এতিয়া তোমালোকৰ মাজৰ পৰা এজনক এই মুদ্ৰাসহ বজাৰলৈ পঠাই দিয়া। সি যেন ভালকৈ চাই-চিতি কোনটো উত্তম খাদ্য তাৰ পৰা যেন তোমালোকৰ বাবে কিছু খাদ্য লৈ আহে। লগতে সি যেন বিচক্ষণতাৰ সৈতে কাম কৰে। কোনোমতেই যাতে তোমালোকৰ বিষয়ে কাকো একো জানিব নিদিয়ে। | وَكَذَٰلِكَ بَعَثْنَٰهُمْ لِيَتَسَآءَلُوا۟ بَيْنَهُمْ ۚ قَالَ قَآئِلٌۭ مِّنْهُمْ كَمْ لَبِثْتُمْ ۖ قَالُوا۟ لَبِثْنَا يَوْمًا أَوْ بَعْضَ يَوْمٍۢ ۚ قَالُوا۟ رَبُّكُمْ أَعْلَمُ بِمَا لَبِثْتُمْ فَٱبْعَثُوٓا۟ أَحَدَكُم بِوَرِقِكُمْ هَٰذِهِۦٓ إِلَى ٱلْمَدِينَةِ فَلْيَنظُرْ أَيُّهَآ أَزْكَىٰ طَعَامًۭا فَلْيَأْتِكُم بِرِزْقٍۢ مِّنْهُ وَلْيَتَلَطَّفْ وَلَا يُشْعِرَنَّ بِكُمْ أَحَدًا. ﴿19﴾ |
| 20 নিশ্চয় সিহঁতে যদি তোমালোকৰ বিষয়ে জানিব পাৰে তেন্তে সিহঁতে তোমালোকক শিল দলিয়াই হত্যা কৰিব অথবা তোমালোকক সিহঁতৰ ধৰ্মলৈ ওভতাই নিব। তেতিয়া তোমালোকে কেতিয়াও সফল হ’ব নোৱাৰিবা। | إِنَّهُمْ إِن يَظْهَرُوا۟ عَلَيْكُمْ يَرْجُمُوكُمْ أَوْ يُعِيدُوكُمْ فِى مِلَّتِهِمْ وَلَن تُفْلِحُوٓا۟ إِذًا أَبَدًۭا. ﴿20﴾ |
| 21 আৰু এইদৰে আমি মানুহক তেওঁলোকৰ বিষয়ে জনাই দিলোঁ, যাতে সিহঁতে জানে যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য আৰু নিশ্চয় কিয়ামত সম্পৰ্কে কোনো সন্দেহ নাই। যেতিয়া সিহঁতে (নগৰবাসীয়ে) সিহঁতৰ কৰ্তব্যৰ বিষয়ে নিজৰ মাজতে বিতৰ্ক কৰিছিল তেতিয়া সিহঁতৰ কিছুমানে কৈছিল, ‘তেওঁলোকৰ ওপৰত সৌধ নিৰ্মাণ কৰা’। সিহঁতৰ প্ৰতিপালকেই সিহঁতৰ বিষয়ে ভালকৈ জানে। সিহঁতৰ কৰ্তব্যৰ বিষয়ে যিসকলৰ মত প্ৰবল হৈছিল সিহঁতে কৈছিল, ‘নিশ্চয় আমি তেওঁলোকৰ ওপৰত মছজিদ নিৰ্মাণ কৰিম’। | وَكَذَٰلِكَ أَعْثَرْنَا عَلَيْهِمْ لِيَعْلَمُوٓا۟ أَنَّ وَعْدَ ٱللَّهِ حَقٌّۭ وَأَنَّ ٱلسَّاعَةَ لَا رَيْبَ فِيهَآ إِذْ يَتَنَٰزَعُونَ بَيْنَهُمْ أَمْرَهُمْ ۖ فَقَالُوا۟ ٱبْنُوا۟ عَلَيْهِم بُنْيَٰنًۭا ۖ رَّبُّهُمْ أَعْلَمُ بِهِمْ ۚ قَالَ ٱلَّذِينَ غَلَبُوا۟ عَلَىٰٓ أَمْرِهِمْ لَنَتَّخِذَنَّ عَلَيْهِم مَّسْجِدًۭا. ﴿21﴾ |
| 22 অচিৰেই কিছুমানে ক’ব, ‘তেওঁলোক আছিল তিনিজন, তেওঁলোকৰ চতুৰ্থটো আছিল তেওঁলোকৰ কুকুৰ’, আৰু আন কিছুমানে ক’ব, ‘তেওঁলোক আছিল পাঁচজন, তেওঁলোকৰ ষষ্ঠটো আছিল তেওঁলোকৰ কুকুৰ’, এই সকলোৱে গায়েবী বিষয়ত অনুমানৰ ওপৰত নিৰ্ভৰ কৰে। আকৌ কিছুমানে ক’ব, ‘তেওঁলোক আছিল সাতজন, তেওঁলোকৰ অষ্টমটো হৈছে তেওঁলোকৰ কুকুৰ’। কোৱা, ‘মোৰ প্ৰতিপালকেহে তেওঁলোকৰ সংখ্যাটো ভালকৈ জানে; তেওঁলোকৰ প্ৰকৃত সংখ্যা কেৱল কিছুসংখ্যক লোকেহে জানে। এতেকে সাধাৰণ আলোচনাৰ বাহিৰে তুমি তেওঁলোকৰ বিষয়ে বিতৰ্ক নকৰিবা আৰু ইহঁতৰ কাকো তেওঁলোকৰ বিষয়ে নুসুধিবা। | سَيَقُولُونَ ثَلَٰثَةٌۭ رَّابِعُهُمْ كَلْبُهُمْ وَيَقُولُونَ خَمْسَةٌۭ سَادِسُهُمْ كَلْبُهُمْ رَجْمًۢا بِٱلْغَيْبِ ۖ وَيَقُولُونَ سَبْعَةٌۭ وَثَامِنُهُمْ كَلْبُهُمْ ۚ قُل رَّبِّىٓ أَعْلَمُ بِعِدَّتِهِم مَّا يَعْلَمُهُمْ إِلَّا قَلِيلٌۭ ۗ فَلَا تُمَارِ فِيهِمْ إِلَّا مِرَآءًۭ ظَٰهِرًۭا وَلَا تَسْتَفْتِ فِيهِم مِّنْهُمْ أَحَدًۭا. ﴿22﴾ |
| 23 আৰু কেতিয়াও তুমি কোনো বিষয়ত এই বুলি নক'বা যে, নিশ্চয় মই এইটো কাইলৈ কৰিম, | وَلَا تَقُولَنَّ لِشَا۟ىْءٍ إِنِّى فَاعِلٌۭ ذَٰلِكَ غَدًا. ﴿23﴾ |
| 24 ইন শ্বা আল্লাহ নোকোৱাকৈ, (অৰ্থাৎ যদি আল্লাহে বিচাৰে), আৰু যদি পাহৰি যোৱা তেন্তে তোমাৰ প্ৰতিপালকক স্মৰণ কৰিবা আৰু কোৱা, ‘সম্ভৱতঃ মোৰ প্ৰতিপালকে মোক ইয়াতকৈও সত্যৰ নিকটৱৰ্তী পথ দেখুৱাব’। | إِلَّآ أَن يَشَآءَ ٱللَّهُ ۚ وَٱذْكُر رَّبَّكَ إِذَا نَسِيتَ وَقُلْ عَسَىٰٓ أَن يَهْدِيَنِ رَبِّى لِأَقْرَبَ مِنْ هَٰذَا رَشَدًۭا. ﴿24﴾ |
| 25 আৰু সিহঁতে গুহাত আছিল তিনি শ বছৰ, লগতে অতিৰিক্ত ন বছৰ। | وَلَبِثُوا۟ فِى كَهْفِهِمْ ثَلَٰثَ مِا۟ئَةٍۢ سِنِينَ وَٱزْدَادُوا۟ تِسْعًۭا. ﴿25﴾ |
| 26 কোৱা, ‘সিহঁতে কিমান সময় অৱস্থান কৰিছিল সেয়া আল্লাহেই ভালকৈ জানে’, আকাশসমূহ আৰু পৃথিৱীৰ গায়েবৰ জ্ঞান কেৱল তেওঁৰেই। তেওঁ কিমান সুন্দৰ দ্ৰষ্টা আৰু শ্ৰোতা! তেওঁৰ বাহিৰে সিহঁতৰ আন কোনো অভিভাৱক নাই। তেওঁ কাকো নিজ কৰ্তৃত্বত অংশীদাৰ নকৰে। | قُلِ ٱللَّهُ أَعْلَمُ بِمَا لَبِثُوا۟ ۖ لَهُۥ غَيْبُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۖ أَبْصِرْ بِهِۦ وَأَسْمِعْ ۚ مَا لَهُم مِّن دُونِهِۦ مِن وَلِىٍّۢ وَلَا يُشْرِكُ فِى حُكْمِهِۦٓ أَحَدًۭا. ﴿26﴾ |
| 27 আৰু তোমাৰ প্ৰতিপালকৰ কিতাবৰ পৰা তোমাৰ ওচৰলৈ যি অহী কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই; আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা। | وَٱتْلُ مَآ أُوحِىَ إِلَيْكَ مِن كِتَابِ رَبِّكَ ۖ لَا مُبَدِّلَ لِكَلِمَٰتِهِۦ وَلَن تَجِدَ مِن دُونِهِۦ مُلْتَحَدًۭا. ﴿27﴾ |
| 28 আৰু তুমি নিজকে ধৈৰ্য্যশীল ৰাখিবা সেইসকল লোকৰ সৈতে, যিসকলে পুৱা-গধূলি তেওঁলোকৰ প্ৰতিপালকক আহ্বান কৰে, তেওঁৰ সন্তুষ্টিৰ উদ্দেশ্যে; আৰু তুমি পাৰ্থিৱ জীৱনৰ শোভা কামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি আঁতৰাই নিনিবা। লগতে তুমি সেই ব্যক্তিৰ অনুসৰণ নকৰিবা—যাৰ অন্তৰক আমি আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছোঁ, যিয়ে নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে। | وَٱصْبِرْ نَفْسَكَ مَعَ ٱلَّذِينَ يَدْعُونَ رَبَّهُم بِٱلْغَدَوٰةِ وَٱلْعَشِىِّ يُرِيدُونَ وَجْهَهُۥ ۖ وَلَا تَعْدُ عَيْنَاكَ عَنْهُمْ تُرِيدُ زِينَةَ ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ وَلَا تُطِعْ مَنْ أَغْفَلْنَا قَلْبَهُۥ عَن ذِكْرِنَا وَٱتَّبَعَ هَوَىٰهُ وَكَانَ أَمْرُهُۥ فُرُطًۭا. ﴿28﴾ |
| 29 আৰু কোৱা, ‘সত্য তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (আহিছে), এতেকে যাৰ ইচ্ছা সি ঈমান পোষণ কৰিব পাৰে আৰু যাৰ ইচ্ছা সি কুফৰী কৰিব পাৰে’। নিশ্চয় আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ অগ্নি (জাহান্নাম), যাৰ প্ৰাচীৰবোৰে সিহঁতক পৰিবেষ্টন কৰি ৰাখিব। সিহঁতে পানীয় বিচাৰিলে সিহঁতক দিয়া হ’ব গলিত ধাতুৰ দৰে পানীয়, যিটো সিহঁতৰ মুখমণ্ডল দগ্ধ কৰিব, এইটো বৰ নিকৃষ্ট পানীয়! আৰু জাহান্নাম কিমান যে নিকৃষ্ট বিশ্ৰামস্থল! | وَقُلِ ٱلْحَقُّ مِن رَّبِّكُمْ ۖ فَمَن شَآءَ فَلْيُؤْمِن وَمَن شَآءَ فَلْيَكْفُرْ ۚ إِنَّآ أَعْتَدْنَا لِلظَّٰلِمِينَ نَارًا أَحَاطَ بِهِمْ سُرَادِقُهَا ۚ وَإِن يَسْتَغِيثُوا۟ يُغَاثُوا۟ بِمَآءٍۢ كَٱلْمُهْلِ يَشْوِى ٱلْوُجُوهَ ۚ بِئْسَ ٱلشَّرَابُ وَسَآءَتْ مُرْتَفَقًا. ﴿29﴾ |
| 30 নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে – নিশ্চয় আমি উত্তমৰূপে কৰ্ম সম্পাদন কৰা ব্যক্তিৰ শ্ৰমফল বিনষ্ট নকৰোঁ। | إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ إِنَّا لَا نُضِيعُ أَجْرَ مَنْ أَحْسَنَ عَمَلًا. ﴿30﴾ |
| 31 তেওঁলোকৰ বাবেই আছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোকক সোণৰ কংকনেৰে অলংকৃত কৰা হ’ব, তেওঁলোকে পৰিধান কৰিব মিহি আৰু স্থূল ৰেচমৰ সেউজীয়া বস্ত্ৰ, আৰু তেওঁলোকে তাত সুসজ্জিত আসনত আউজি বহিব, কিমান যে শ্ৰেষ্ঠ পুৰস্কাৰ আৰু উত্তম বিশ্ৰামস্থল! | أُو۟لَٰٓئِكَ لَهُمْ جَنَّٰتُ عَدْنٍۢ تَجْرِى مِن تَحْتِهِمُ ٱلْأَنْهَٰرُ يُحَلَّوْنَ فِيهَا مِنْ أَسَاوِرَ مِن ذَهَبٍۢ وَيَلْبَسُونَ ثِيَابًا خُضْرًۭا مِّن سُندُسٍۢ وَإِسْتَبْرَقٍۢ مُّتَّكِـِٔينَ فِيهَا عَلَى ٱلْأَرَآئِكِ ۚ نِعْمَ ٱلثَّوَابُ وَحَسُنَتْ مُرْتَفَقًۭا. ﴿31﴾ |
| 32 আৰু তুমি সিহঁতৰ বাবে এটা দৃষ্টান্ত দাঙি ধৰা, দুজন ব্যক্তি আছিল, সিহঁতৰ এজনক আমি প্ৰদান কৰিছিলোঁ দুখন আঙুৰৰ বাগান আৰু দুয়োখনকে আমি খেজুৰ গছেৰে পৰিবেষ্টিত কৰিছিলোঁ আৰু দুয়োটাৰে মধ্যৱৰ্তী স্থানত ৰাখিছিলোঁ শস্যক্ষেত্ৰ। | ۞ وَٱضْرِبْ لَهُم مَّثَلًۭا رَّجُلَيْنِ جَعَلْنَا لِأَحَدِهِمَا جَنَّتَيْنِ مِنْ أَعْنَٰبٍۢ وَحَفَفْنَٰهُمَا بِنَخْلٍۢ وَجَعَلْنَا بَيْنَهُمَا زَرْعًۭا. ﴿32﴾ |
| 33 উভয় উদ্যানেই ফল দান কৰিছিল আৰু তাত কোনো ত্ৰুটি কৰা নাছিল আৰু আমি উভয় উদ্যানৰ মাজেৰে প্ৰবাহিত কৰিছিলোঁ এটা নিজৰা। | كِلْتَا ٱلْجَنَّتَيْنِ ءَاتَتْ أُكُلَهَا وَلَمْ تَظْلِم مِّنْهُ شَيْـًۭٔا ۚ وَفَجَّرْنَا خِلَٰلَهُمَا نَهَرًۭا. ﴿33﴾ |
| 34 আৰু তাৰ প্ৰচুৰ ফল-সম্পদ আছিল। তাৰ পিছত কথা প্ৰসঙ্গত সি তাৰ বন্ধুক ক’লে, ‘তোমাতকৈ মোৰ ধন-সম্পদ বেছি আৰু জনবলতো মই তোমাতকৈ অধিক শক্তিশালী’। | وَكَانَ لَهُۥ ثَمَرٌۭ فَقَالَ لِصَٰحِبِهِۦ وَهُوَ يُحَاوِرُهُۥٓ أَنَا۠ أَكْثَرُ مِنكَ مَالًۭا وَأَعَزُّ نَفَرًۭا. ﴿34﴾ |
| 35 আৰু সি অহংকাৰ কৰি তাৰ উদ্যানত প্ৰৱেশ কৰিলে। সি ক’লে, ‘এইখন কেতিয়াও ধ্বংস হ’ব বুলি মোৰ ধাৰণা নহয়; | وَدَخَلَ جَنَّتَهُۥ وَهُوَ ظَالِمٌۭ لِّنَفْسِهِۦ قَالَ مَآ أَظُنُّ أَن تَبِيدَ هَٰذِهِۦٓ أَبَدًۭا. ﴿35﴾ |
| 36 ‘আৰু কিয়ামত সংঘটিত হ’ব বুলিও মোৰ ধাৰণা নহয়, আৰু মোক যদি মোৰ প্ৰতিপালকৰ ওচৰলৈকে ওভতাই নিয়াও হয়, তথাপিও মই নিশ্চয় ইয়াতকৈও উৎকৃষ্ট প্ৰত্যাৱৰ্তন স্থল পাম’। | وَمَآ أَظُنُّ ٱلسَّاعَةَ قَآئِمَةًۭ وَلَئِن رُّدِدتُّ إِلَىٰ رَبِّى لَأَجِدَنَّ خَيْرًۭا مِّنْهَا مُنقَلَبًۭا. ﴿36﴾ |
| 37 ইয়াৰ উত্তৰত তাৰ বন্ধুজনে বিতৰ্কমূলকভাৱে তাক ক’লে, ‘তুমি সেই সত্ত্বাৰ লগত কুফৰী কৰিছা নেকি, যিজনে তোমাক সৃষ্টি কৰিছে মাটিৰ পৰা আৰু তাৰ পিছত বীৰ্যৰ পৰা আৰু তাৰ পিছত তোমাক পুৰ্ণাংঙ্গ পুৰুষ আকৃতি দান কৰিছে’? | قَالَ لَهُۥ صَاحِبُهُۥ وَهُوَ يُحَاوِرُهُۥٓ أَكَفَرْتَ بِٱلَّذِى خَلَقَكَ مِن تُرَابٍۢ ثُمَّ مِن نُّطْفَةٍۢ ثُمَّ سَوَّىٰكَ رَجُلًۭا. ﴿37﴾ |
| 38 ‘কিন্তু (মই কওঁ) তেৱেঁই আল্লাহ, তেৱেঁই মোৰ প্ৰতিপালক; আৰু মই মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰোঁ’। | لَّٰكِنَّا۠ هُوَ ٱللَّهُ رَبِّى وَلَآ أُشْرِكُ بِرَبِّىٓ أَحَدًۭا. ﴿38﴾ |
| 39 ‘যদি তুমি তোমাৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত মোক হীন বুলি ধাৰণা কৰা তেন্তে তুমি যেতিয়া তোমাৰ উদ্যানত প্ৰৱেশ কৰিলা তেতিয়া তুমি কিয় এইদৰে নক’লা যে, আল্লাহে যিটো বিচাৰে সেইটোৱেই হয়, আল্লাহৰ সহায় অবিহনে কোনো শক্তি নাই? | وَلَوْلَآ إِذْ دَخَلْتَ جَنَّتَكَ قُلْتَ مَا شَآءَ ٱللَّهُ لَا قُوَّةَ إِلَّا بِٱللَّهِ ۚ إِن تَرَنِ أَنَا۠ أَقَلَّ مِنكَ مَالًۭا وَوَلَدًۭا. ﴿39﴾ |
| 40 ‘তথাপিও এয়া অসম্ভৱ নহয় যে, হয়তো মোৰ প্ৰতিপালকে মোক তোমাৰ উদ্যানতকৈও উৎকৃষ্ট কিবা দান কৰিব আৰু তোমাৰ উদ্যানত আকাশৰ পৰা নিৰ্ধাৰিত বিপৰ্যয় প্ৰেৰণ কৰিব পাৰে, যাৰ ফলত ই উদ্ভিদশূন্য পথাৰত পৰিণত হ’ব পাৰে। | فَعَسَىٰ رَبِّىٓ أَن يُؤْتِيَنِ خَيْرًۭا مِّن جَنَّتِكَ وَيُرْسِلَ عَلَيْهَا حُسْبَانًۭا مِّنَ ٱلسَّمَآءِ فَتُصْبِحَ صَعِيدًۭا زَلَقًا. ﴿40﴾ |
| 41 ‘অথবা ইয়াৰ পানী ভূগৰ্ভলৈ গুচি যাব পাৰে আৰু তুমি কেতিয়াও সেইটোৰ সন্ধান লাভত সক্ষম হ’ব নোৱাৰিবা’। | أَوْ يُصْبِحَ مَآؤُهَا غَوْرًۭا فَلَن تَسْتَطِيعَ لَهُۥ طَلَبًۭا. ﴿41﴾ |
| 42 এতেকে তাৰ ফল-সম্পদক বিপৰ্যয়ে বেৰি ধৰিলে, আৰু গছবোৰ হেন্দালিৰ সৈতে ভাঙি-চিঙি পৰি থকা দেখি, সি তাত যি ব্যয় কৰিছিল তাৰ বাবে হাত মোহাৰি মোহাৰি আক্ষেপ কৰি ক’লে, ‘হায়, মই যদি মোৰ প্ৰতিপালকৰ লগত কাকো অংশী নকৰিলোহেঁতেন’! | وَأُحِيطَ بِثَمَرِهِۦ فَأَصْبَحَ يُقَلِّبُ كَفَّيْهِ عَلَىٰ مَآ أَنفَقَ فِيهَا وَهِىَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا وَيَقُولُ يَٰلَيْتَنِى لَمْ أُشْرِكْ بِرَبِّىٓ أَحَدًۭا. ﴿42﴾ |
| 43 আৰু আল্লাহৰ বাহিৰে তাক সহায় কৰিবলৈ কোনো নাছিল আৰু সি নিজেও প্ৰতিকাৰত সমৰ্থ নাছিল। | وَلَمْ تَكُن لَّهُۥ فِئَةٌۭ يَنصُرُونَهُۥ مِن دُونِ ٱللَّهِ وَمَا كَانَ مُنتَصِرًا. ﴿43﴾ |
| 44 ইয়াত কৰ্তৃত্ব কেৱল আল্লাহৰেই, যিজন সত্য। পুৰস্কাৰ প্ৰদানত আৰু পৰিণাম নিৰ্ধাৰণত তেৱেঁই শ্ৰেষ্ঠ। | هُنَالِكَ ٱلْوَلَٰيَةُ لِلَّهِ ٱلْحَقِّ ۚ هُوَ خَيْرٌۭ ثَوَابًۭا وَخَيْرٌ عُقْبًۭا. ﴿44﴾ |
| 45 আৰু তুমি সিহঁতৰ ওচৰত পাৰ্থিৱ জীৱনৰ উপমা দাঙি ধৰা, (পাৰ্থিৱ জীৱনৰ উপমা হৈছে) পানীৰ দৰে, যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰোঁ, যাৰ দ্বাৰা ভূমিজ উদ্ভিদ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়, তাৰ পিছত এইবোৰ শুকাই এনেকৈ চূৰ্ণ-বিচূৰ্ণ হয় যে, বতাহে সেইবোৰক উৰুৱাই লৈ যায়। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। | وَٱضْرِبْ لَهُم مَّثَلَ ٱلْحَيَوٰةِ ٱلدُّنْيَا كَمَآءٍ أَنزَلْنَٰهُ مِنَ ٱلسَّمَآءِ فَٱخْتَلَطَ بِهِۦ نَبَاتُ ٱلْأَرْضِ فَأَصْبَحَ هَشِيمًۭا تَذْرُوهُ ٱلرِّيَٰحُ ۗ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ مُّقْتَدِرًا. ﴿45﴾ |
| 46 ধন-সম্পদ আৰু সন্তান-সন্ততি হৈছে পাৰ্থিৱ জীৱনৰ শোভামাত্ৰ, আৰু সৎকৰ্মৰ প্ৰতিফল হৈছে স্থায়ী, এইটো তোমাৰ প্ৰতিপালকৰ ওচৰত পুৰস্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু প্ৰত্যাশাৰ ক্ষেত্ৰতো উৎকৃষ্ট। | ٱلْمَالُ وَٱلْبَنُونَ زِينَةُ ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ وَٱلْبَٰقِيَٰتُ ٱلصَّٰلِحَٰتُ خَيْرٌ عِندَ رَبِّكَ ثَوَابًۭا وَخَيْرٌ أَمَلًۭا. ﴿46﴾ |
| 47 আৰু (স্মৰণ কৰা,) যিদিনা আমি পৰ্বতসমূহক সঞ্চালন কৰিম আৰু তুমি পৃথিৱীক উন্মুক্ত প্ৰান্তৰ হিচাপে দেখিবলৈ পাবা, সেইদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰিম; ফলত সিহঁতৰ এজনকো এৰি নিদিওঁ। | وَيَوْمَ نُسَيِّرُ ٱلْجِبَالَ وَتَرَى ٱلْأَرْضَ بَارِزَةًۭ وَحَشَرْنَٰهُمْ فَلَمْ نُغَادِرْ مِنْهُمْ أَحَدًۭا. ﴿47﴾ |
| 48 আৰু সিহঁতক তোমাৰ প্ৰতিপালকৰ ওচৰত শাৰীবদ্ধভাৱে উপস্থিত কৰা হ’ব আৰু আল্লাহে ক’ব, ‘তোমালোকক আমি প্ৰথমবাৰ যেনেকৈ সৃষ্টি কৰিছিলোঁ ঠিক তেনেকৈয়ে তোমালোকে মোৰ ওচৰত উপস্থিত হৈছা, অথচ তোমালোকে ভাবিছিলা যে, তোমালোকৰ বাবে আমি কোনো প্ৰতিশ্ৰুতি সময় নিৰ্ধাৰণ নকৰিম’। | وَعُرِضُوا۟ عَلَىٰ رَبِّكَ صَفًّۭا لَّقَدْ جِئْتُمُونَا كَمَا خَلَقْنَٰكُمْ أَوَّلَ مَرَّةٍۭ ۚ بَلْ زَعَمْتُمْ أَلَّن نَّجْعَلَ لَكُم مَّوْعِدًۭا. ﴿48﴾ |
| 49 লগতে (সেইদিনা প্ৰত্যেকৰে হাতত) ৰখা হ’ব আমলনামা, তেতিয়া তাত যি লিপিবদ্ধ আছে তাৰ বাবে তুমি অপৰাধীবিলাকক আতংকগ্ৰস্ত দেখিবলৈ পাবা আৰু সিহঁতে ক’ব, ‘হায়, দুৰ্ভাগ্য আমাৰ! এইখন কেনেকুৱা গ্ৰন্থ! য’ত সৰু-বৰ কোনো বিষয়েই বাদ পৰা নাই’। সিহঁতে যি আমল কৰিছিল সেইবোৰ সিহঁতে সন্মুখত উপস্থিত পাব; আৰু তোমাৰ প্ৰতিপালকে কাৰো প্ৰতি অন্যায় নকৰে। | وَوُضِعَ ٱلْكِتَٰبُ فَتَرَى ٱلْمُجْرِمِينَ مُشْفِقِينَ مِمَّا فِيهِ وَيَقُولُونَ يَٰوَيْلَتَنَا مَالِ هَٰذَا ٱلْكِتَٰبِ لَا يُغَادِرُ صَغِيرَةًۭ وَلَا كَبِيرَةً إِلَّآ أَحْصَىٰهَا ۚ وَوَجَدُوا۟ مَا عَمِلُوا۟ حَاضِرًۭا ۗ وَلَا يَظْلِمُ رَبُّكَ أَحَدًۭا. ﴿49﴾ |
| 50 আৰু (স্মৰণ কৰা) আমি যেতিয়া ফিৰিস্তাসকলক কৈছিলোঁ, ‘আদমৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিছিল, সি আছিল জিনসকলৰ বংশধৰ, সি তাৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল। তথাপিও তোমালোকে মোৰ পৰিবৰ্তে তাক আৰু তাৰ বংশধৰসকলক অভিভাৱকৰূপে গ্ৰহণ কৰিবা নেকি? অথচ সিহঁত হৈছে তোমালোকৰ শত্ৰু। যালিমসকলৰ এই বিনিময় কিমান যে নিকৃষ্ট! | وَإِذْ قُلْنَا لِلْمَلَٰٓئِكَةِ ٱسْجُدُوا۟ لِءَادَمَ فَسَجَدُوٓا۟ إِلَّآ إِبْلِيسَ كَانَ مِنَ ٱلْجِنِّ فَفَسَقَ عَنْ أَمْرِ رَبِّهِۦٓ ۗ أَفَتَتَّخِذُونَهُۥ وَذُرِّيَّتَهُۥٓ أَوْلِيَآءَ مِن دُونِى وَهُمْ لَكُمْ عَدُوٌّۢ ۚ بِئْسَ لِلظَّٰلِمِينَ بَدَلًۭا. ﴿50﴾ |
| 51 আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ সময়ত মই সিহঁতক সাক্ষী কৰা নাছিলোঁ আৰু স্বয়ং সিহঁতৰ সৃষ্টিৰ সময়তো সাক্ষী কৰা নাছিলোঁ, আৰু আমি পথভ্ৰষ্টকাৰীসকলক সহায়কৰূপেও গ্ৰহণ কৰা নাছিলোঁ। | ۞ مَّآ أَشْهَدتُّهُمْ خَلْقَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَلَا خَلْقَ أَنفُسِهِمْ وَمَا كُنتُ مُتَّخِذَ ٱلْمُضِلِّينَ عَضُدًۭا. ﴿51﴾ |
| 52 আৰু সেইদিৱসৰ কথা স্মৰণ কৰা, যিদিনা তেওঁ ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতি আনা’। সিহঁতে তেতিয়া সেইবোৰক মাতিব কিন্তু সেইবোৰে সিহঁতৰ আহ্বানত সঁহাৰি নিদিব আৰু আমি সিহঁত উভয়ৰে মধ্যৱৰ্তী ঠাইত এটা ধ্বংস-গহ্বৰ ৰাখি দিম। | وَيَوْمَ يَقُولُ نَادُوا۟ شُرَكَآءِىَ ٱلَّذِينَ زَعَمْتُمْ فَدَعَوْهُمْ فَلَمْ يَسْتَجِيبُوا۟ لَهُمْ وَجَعَلْنَا بَيْنَهُم مَّوْبِقًۭا. ﴿52﴾ |
| 53 আৰু অপৰাধীবিলাকে জুই দেখিয়েই গম পাব যে, সিহঁতে তাত নিক্ষিপ্ত হ’ব কিন্তু সিহঁত সেই ঠাইৰ পৰা (বাচিবলৈ) কোনো পৰিত্ৰাণস্থল বিচাৰি নাপাব। | وَرَءَا ٱلْمُجْرِمُونَ ٱلنَّارَ فَظَنُّوٓا۟ أَنَّهُم مُّوَاقِعُوهَا وَلَمْ يَجِدُوا۟ عَنْهَا مَصْرِفًۭا. ﴿53﴾ |
| 54 নিশ্চয় আমি মানুহৰ বাবে এই কোৰআনত সকলো ধৰণৰ উপমা বিশদভাৱে বৰ্ণনা কৰিছোঁ। কিন্তু মানুহ আটাইতকৈ বেছি বিতৰ্কপ্ৰিয়। | وَلَقَدْ صَرَّفْنَا فِى هَٰذَا ٱلْقُرْءَانِ لِلنَّاسِ مِن كُلِّ مَثَلٍۢ ۚ وَكَانَ ٱلْإِنسَٰنُ أَكْثَرَ شَىْءٍۢ جَدَلًۭا. ﴿54﴾ |
| 55 আৰু যেতিয়া মানুহৰ ওচৰলৈ পথনিৰ্দেশ আহে, তেতিয়া সিহঁতক ঈমান পোষণৰ পৰা আৰু সিহঁতৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ পৰা কেৱল এইটোৱেই বিৰত ৰাখে যে, সিহঁতৰো সেই অৱস্থাই হওক যি অৱস্থা সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ হৈছিল নাইবা সিহঁতৰ ওচৰলৈ প্ৰত্যক্ষভাৱে কোনো শাস্তি আহক। | وَمَا مَنَعَ ٱلنَّاسَ أَن يُؤْمِنُوٓا۟ إِذْ جَآءَهُمُ ٱلْهُدَىٰ وَيَسْتَغْفِرُوا۟ رَبَّهُمْ إِلَّآ أَن تَأْتِيَهُمْ سُنَّةُ ٱلْأَوَّلِينَ أَوْ يَأْتِيَهُمُ ٱلْعَذَابُ قُبُلًۭا. ﴿55﴾ |
| 56 আৰু আমি কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে ৰাছুলসকলক প্ৰেৰণ কৰোঁ, কিন্তু কাফিৰসকলে বাতিলৰ দ্বাৰা তৰ্ক কৰে, যাতে তাৰ মাধ্যমত সত্যক ব্যৰ্থ কৰি দিব পাৰে। লগতে সিহঁতে মোৰ নিদৰ্শনাৱলীক আৰু যিবোৰৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হৈছে সেইবোৰক বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ কৰে। | وَمَا نُرْسِلُ ٱلْمُرْسَلِينَ إِلَّا مُبَشِّرِينَ وَمُنذِرِينَ ۚ وَيُجَٰدِلُ ٱلَّذِينَ كَفَرُوا۟ بِٱلْبَٰطِلِ لِيُدْحِضُوا۟ بِهِ ٱلْحَقَّ ۖ وَٱتَّخَذُوٓا۟ ءَايَٰتِى وَمَآ أُنذِرُوا۟ هُزُوًۭا. ﴿56﴾ |
| 57 আৰু সেইজনতকৈ অধিক যালিম আৰুনো কোন হ’ব পাৰে, যাক তাৰ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিয়া হৈছে কিন্তু সি তাৰ পৰা বিমুখ হৈছে আৰু সি পাহৰি গৈছে তাৰ দুহাতে যি উপস্থিত কৰিছে? নিশ্চয় আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ কৰি দিছোঁ যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত আছে বধিৰতা। তুমি সিহঁতক সৎপথত আহ্বান কৰিলেও সিহঁতে কেতিয়া সৎপথত নাহিব। | وَمَنْ أَظْلَمُ مِمَّن ذُكِّرَ بِـَٔايَٰتِ رَبِّهِۦ فَأَعْرَضَ عَنْهَا وَنَسِىَ مَا قَدَّمَتْ يَدَاهُ ۚ إِنَّا جَعَلْنَا عَلَىٰ قُلُوبِهِمْ أَكِنَّةً أَن يَفْقَهُوهُ وَفِىٓ ءَاذَانِهِمْ وَقْرًۭا ۖ وَإِن تَدْعُهُمْ إِلَى ٱلْهُدَىٰ فَلَن يَهْتَدُوٓا۟ إِذًا أَبَدًۭا. ﴿57﴾ |
| 58 আৰু তোমাৰ প্ৰতিপালক পৰম ক্ষমাশীল, দয়ালু। সিহঁতৰ কৃতকৰ্মৰ বাবে যদি তেওঁ সিহঁতক ধৰিলেহেঁতেন, তেন্তে তেওঁ নিশ্চয় সিহঁতক অতি সোনকালে শাস্তি বিহিলেহেঁতেন; কিন্তু সিহঁতৰ বাবে আছে এটা প্ৰতিশ্ৰুত মুহূৰ্ত, যাৰ পৰা বাচিবলৈ সিহঁতে কদাপিও কোনো আশ্ৰয়স্থল বিচাৰি নাপাব। | وَرَبُّكَ ٱلْغَفُورُ ذُو ٱلرَّحْمَةِ ۖ لَوْ يُؤَاخِذُهُم بِمَا كَسَبُوا۟ لَعَجَّلَ لَهُمُ ٱلْعَذَابَ ۚ بَل لَّهُم مَّوْعِدٌۭ لَّن يَجِدُوا۟ مِن دُونِهِۦ مَوْئِلًۭا. ﴿58﴾ |
| 59 আৰু এইবোৰ হৈছে সেইবোৰ জনপদ যিবোৰক আমি ধ্বংস কৰিছোঁ, যেতিয়া সিহঁতে অন্যায় কৰিছিল আৰু আমি সিহঁতৰ ধ্বংসৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিছিলোঁ। | وَتِلْكَ ٱلْقُرَىٰٓ أَهْلَكْنَٰهُمْ لَمَّا ظَلَمُوا۟ وَجَعَلْنَا لِمَهْلِكِهِم مَّوْعِدًۭا. ﴿59﴾ |
| 60 আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সহচৰ যুৱকক কৈছিল, ‘মই দুখন নৈৰ সঙ্গমস্থলত উপনীত নোহোৱালৈকে নৰখোঁ, লাগিলে মই যুগ যুগ সময় (এইদৰে খোঁজকাঢ়ি) গৈ থাকিম’। | وَإِذْ قَالَ مُوسَىٰ لِفَتَىٰهُ لَآ أَبْرَحُ حَتَّىٰٓ أَبْلُغَ مَجْمَعَ ٱلْبَحْرَيْنِ أَوْ أَمْضِىَ حُقُبًۭا. ﴿60﴾ |
| 61 এতেকে যেতিয়া তেওঁলোক উভয়ে দুখন নৈৰ সঙ্গম স্থলত আহি উপনীত হ’ল, তেতিয়া তেওঁলোকে নিজে লৈ যোৱা মাছৰ কথাটো পাহৰিলে, ফলত মাছটোৱে সুৰঙ্গৰ দৰে নিজৰ পথ বনাই সাগৰলৈ নামি গ’ল। | فَلَمَّا بَلَغَا مَجْمَعَ بَيْنِهِمَا نَسِيَا حُوتَهُمَا فَٱتَّخَذَ سَبِيلَهُۥ فِى ٱلْبَحْرِ سَرَبًۭا. ﴿61﴾ |
| 62 এতেকে যেতিয়া তেওঁলোকে ভালেখিনি ঠাই অতিক্ৰম কৰিলে তেতিয়া মুছাই তেওঁৰ সহচৰজনক ক’লে, ‘আমাৰ দুপুৰীয়াৰ ভোজন লৈ আহা, নিশ্চয় আমি এই ভ্ৰমণত ক্লান্ত হৈ পৰিছোঁ’। | فَلَمَّا جَاوَزَا قَالَ لِفَتَىٰهُ ءَاتِنَا غَدَآءَنَا لَقَدْ لَقِينَا مِن سَفَرِنَا هَٰذَا نَصَبًۭا. ﴿62﴾ |
| 63 সি ক’লে, ‘আপুনি লক্ষ্য কৰিছিলনে, যেতিয়া আমি শিলাখণ্ডত বিশ্ৰাম লৈছিলোঁ তেতিয়া মাছৰ সৈতে যি ঘটিছিল সেই কথা মই আপোনাক জনাবলৈ পাহৰিয়ে গৈছিলোঁ, চয়তানেই সেই কথা মোক পাহৰাই দিছিল; আৰু মাছটোৱে আশ্চৰ্যজনকভাৱে নিজৰ পথ বনাই সাগৰত নামি গৈছিল। | قَالَ أَرَءَيْتَ إِذْ أَوَيْنَآ إِلَى ٱلصَّخْرَةِ فَإِنِّى نَسِيتُ ٱلْحُوتَ وَمَآ أَنسَىٰنِيهُ إِلَّا ٱلشَّيْطَٰنُ أَنْ أَذْكُرَهُۥ ۚ وَٱتَّخَذَ سَبِيلَهُۥ فِى ٱلْبَحْرِ عَجَبًۭا. ﴿63﴾ |
| 64 তেওঁ ক’লে, ‘আমি সেই স্থানটোৰেই অনুসন্ধান কৰি আছোঁ’। তাৰ পিছত তেওঁলোকে নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গ’ল। | قَالَ ذَٰلِكَ مَا كُنَّا نَبْغِ ۚ فَٱرْتَدَّا عَلَىٰٓ ءَاثَارِهِمَا قَصَصًۭا. ﴿64﴾ |
| 65 ইয়াৰ পিছত তেওঁলোকে মোৰ এজন বান্দাৰ সাক্ষাৎ পালে, যাক আমি আমাৰ ফালৰ পৰা অনুগ্ৰহ দান কৰিছিলোঁ আৰু আমাৰ ফালৰ পৰা এটা বিশেষ জ্ঞানৰ শিক্ষা দিছিলোঁ। | فَوَجَدَا عَبْدًۭا مِّنْ عِبَادِنَآ ءَاتَيْنَٰهُ رَحْمَةًۭ مِّنْ عِندِنَا وَعَلَّمْنَٰهُ مِن لَّدُنَّا عِلْمًۭا. ﴿65﴾ |
| 66 মুছাই তেওঁক ক’লে, ‘মই এই চৰ্তত আপোনাৰ অনুসৰণ কৰিব পাৰিমনে যে, যি জ্ঞান আপোনাক দান কৰা হৈছে তাৰ পৰা মোক শিক্ষা দিব, যাৰ দ্বাৰা মই সঠিক পথ পাম’? | قَالَ لَهُۥ مُوسَىٰ هَلْ أَتَّبِعُكَ عَلَىٰٓ أَن تُعَلِّمَنِ مِمَّا عُلِّمْتَ رُشْدًۭا. ﴿66﴾ |
| 67 তেওঁ ক’লে, ‘আপুনি কেতিয়াও মোৰ লগত ধৈৰ্য ধাৰণ কৰি থাকিব নোৱাৰিব, | قَالَ إِنَّكَ لَن تَسْتَطِيعَ مَعِىَ صَبْرًۭا. ﴿67﴾ |
| 68 ‘কাৰণ যি বিষয়ে আপোনাৰ জ্ঞানায়ত্ত নাই সেই বিষয়ে আপুনি কেনেকৈ ধৈৰ্য্য ধাৰণ কৰিব পাৰিব’? | وَكَيْفَ تَصْبِرُ عَلَىٰ مَا لَمْ تُحِطْ بِهِۦ خُبْرًۭا. ﴿68﴾ |
| 69 মুছাই ক’লে, ‘ইন শ্বা আল্লাহ আপুনি মোক ধৈৰ্য্যশীল পাব আৰু আপোনাৰ কোনো আদেশ মই অমান্য নকৰিম’। | قَالَ سَتَجِدُنِىٓ إِن شَآءَ ٱللَّهُ صَابِرًۭا وَلَآ أَعْصِى لَكَ أَمْرًۭا. ﴿69﴾ |
| 70 তেওঁ ক’লে, ‘ঠিক আছে, যদি আপুনি মোৰ অনুসৰণ কৰেই তেন্তে কোনো বিষয়ে মোক প্ৰশ্ন নকৰিব, যেতিয়ালৈকে মই আপোনাক সেই বিষয়ে খুলি নকওঁ’। | قَالَ فَإِنِ ٱتَّبَعْتَنِى فَلَا تَسْـَٔلْنِى عَن شَىْءٍ حَتَّىٰٓ أُحْدِثَ لَكَ مِنْهُ ذِكْرًۭا. ﴿70﴾ |
| 71 তাৰ পিছত দুয়ো যাত্ৰা আৰম্ভ কৰিলে, অৱশেষত যেতিয়া তেওঁলোকে নাৱত আৰোহণ কৰিলে তেতিয়া তেওঁ নাওখন বিদীৰ্ণ কৰি দিলে। মুছাই ক’লে, ‘আপুনি আৰোহীসকলক ডুবাই মাৰিবলৈ ইয়াক বিদীৰ্ণ কৰিলে নেকি? নিশ্চয় আপুনি এটা বৰ গৰ্হিত অন্যায় কাম কৰিলে’। | فَٱنطَلَقَا حَتَّىٰٓ إِذَا رَكِبَا فِى ٱلسَّفِينَةِ خَرَقَهَا ۖ قَالَ أَخَرَقْتَهَا لِتُغْرِقَ أَهْلَهَا لَقَدْ جِئْتَ شَيْـًٔا إِمْرًۭا. ﴿71﴾ |
| 72 তেওঁ ক’লে, ‘মই কোৱা নাছিলোঁনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব’? | قَالَ أَلَمْ أَقُلْ إِنَّكَ لَن تَسْتَطِيعَ مَعِىَ صَبْرًۭا. ﴿72﴾ |
| 73 মুছাই ক’লে, ‘মই পাহৰি যোৱাৰ কাৰণে মোৰ দোষ নধৰিব, লগতে মোৰ বিষয়ে অত্যাধিক কঠোৰতা অৱলম্বন নকৰিব’। | قَالَ لَا تُؤَاخِذْنِى بِمَا نَسِيتُ وَلَا تُرْهِقْنِى مِنْ أَمْرِى عُسْرًۭا. ﴿73﴾ |
| 74 তাৰ পিছত দুয়ো গৈ থাকিল, অৱশেষত তেওঁলোকৰ লগত এটি শিশুৰ সাক্ষাৎ হ’ল, তেতিয়া তেওঁ তাক হত্যা কৰিলে। মুছাই ক’লে, ‘হত্যাৰ অপৰাধ নোহোৱাকৈ আপুনি এটা নিষ্পাপ জীৱনক কিয় নাশ কৰিলে? নিশ্চয় আপুনি এটা গৰ্হিত অন্যায় কাম কৰিলে’। | فَٱنطَلَقَا حَتَّىٰٓ إِذَا لَقِيَا غُلَٰمًۭا فَقَتَلَهُۥ قَالَ أَقَتَلْتَ نَفْسًۭا زَكِيَّةًۢ بِغَيْرِ نَفْسٍۢ لَّقَدْ جِئْتَ شَيْـًۭٔا نُّكْرًۭا. ﴿74﴾ |
| 75 তেওঁ ক’লে, ‘মই আপোনাক কোৱা নাছিলোঁনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব’? | ۞ قَالَ أَلَمْ أَقُل لَّكَ إِنَّكَ لَن تَسْتَطِيعَ مَعِىَ صَبْرًۭا. ﴿75﴾ |
| 76 মুছাই ক’লে, ‘ইয়াৰ পিছত যদি মই আপোনাক কোনো বিষয়ে প্ৰশ্ন কৰোঁ তেন্তে আপুনি মোক লগত নাৰাখিব; আপোনাৰ ওচৰত মোৰ ওজৰ-আপত্তিয়ে চূড়ান্ত সীমা পাইছেগৈ’। | قَالَ إِن سَأَلْتُكَ عَن شَىْءٍۭ بَعْدَهَا فَلَا تُصَٰحِبْنِى ۖ قَدْ بَلَغْتَ مِن لَّدُنِّى عُذْرًۭا. ﴿76﴾ |
| 77 তাৰ পিচত দুয়ো আকৌ যোৱা আৰম্ভ কৰিলে, অৱশেষত যেতিয়া তেওঁলোকে এটা জনপদৰ অধিবাসীসকলৰ ওচৰলৈ গৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকে সিহঁতৰ ওচৰত খাদ্য বিচাৰিলে; কিন্তু সিহঁতে তেওঁলোকক আতিথ্য কৰিবলৈ অস্বীকাৰ কৰিলে। তাৰ পিছত তেওঁলোকে তাত এখন প্ৰাচীৰ দেখা পালে, যিখন বাগৰি যোৱাৰ উপক্ৰম হৈছিল, তেতিয়া তেওঁ সেইটোক সুদৃঢ় কৰি দিলে। মুছাই ক’লে, ‘আপুনি ইচ্ছা কৰিলে ইয়াৰ বাবে পাৰিশ্ৰমিক গ্ৰহণ কৰিব পাৰিলেহেঁতেন’। | فَٱنطَلَقَا حَتَّىٰٓ إِذَآ أَتَيَآ أَهْلَ قَرْيَةٍ ٱسْتَطْعَمَآ أَهْلَهَا فَأَبَوْا۟ أَن يُضَيِّفُوهُمَا فَوَجَدَا فِيهَا جِدَارًۭا يُرِيدُ أَن يَنقَضَّ فَأَقَامَهُۥ ۖ قَالَ لَوْ شِئْتَ لَتَّخَذْتَ عَلَيْهِ أَجْرًۭا. ﴿77﴾ |
| 78 তেওঁ ক’লে, ‘ইয়াতেই মোৰ আৰু আপোনাৰ মাজত সম্পৰ্কচ্ছেদ হৈ গ’ল, যিবোৰ বিষয়ত আপুনি ধৈৰ্য্য ধাৰণ কৰিব পৰা নাই, অচিৰেই মই সেইবোৰৰ তাৎপৰ্য ব্যাখ্যা কৰিম। | قَالَ هَٰذَا فِرَاقُ بَيْنِى وَبَيْنِكَ ۚ سَأُنَبِّئُكَ بِتَأْوِيلِ مَا لَمْ تَسْتَطِع عَّلَيْهِ صَبْرًا. ﴿78﴾ |
| 79 ‘নাওখনৰ বিষয়টো হ’ল—এইখন আছিল কিছুমান দৰিদ্ৰ ব্যক্তিৰ, সিহঁতে সাগৰত কাম কৰিছিল; মই নাওখনক ত্ৰুটিযুক্ত কৰিবলৈ ইচ্ছা কৰিলোঁ; কাৰণ সিহঁতৰ সন্মুখত আছিল এনে এজন ৰজা, যিয়ে বলপ্ৰয়োগ কৰি প্ৰতিখন (নিখুঁত) ভাল নাও কাঢ়ি নিয়ে। | أَمَّا ٱلسَّفِينَةُ فَكَانَتْ لِمَسَٰكِينَ يَعْمَلُونَ فِى ٱلْبَحْرِ فَأَرَدتُّ أَنْ أَعِيبَهَا وَكَانَ وَرَآءَهُم مَّلِكٌۭ يَأْخُذُ كُلَّ سَفِينَةٍ غَصْبًۭا. ﴿79﴾ |
| 80 ‘আনহাতে সেই শিশুটি--- তাৰ পিতৃ-মাতৃ আছিল মুমিন। ফলত আমি আশংকা কৰিলোঁ যে, সি সীমালংঘন কৰি আৰু কুফৰীৰ দ্বাৰা তেওঁলোকক অতিষ্ঠ কৰি তুলিব। | وَأَمَّا ٱلْغُلَٰمُ فَكَانَ أَبَوَاهُ مُؤْمِنَيْنِ فَخَشِينَآ أَن يُرْهِقَهُمَا طُغْيَٰنًۭا وَكُفْرًۭا. ﴿80﴾ |
| 81 ‘সেয়ে আমি বিচাৰিলোঁ যে, তেওঁলোকৰ প্ৰতিপালকে যেন তেওঁলোকক ইয়াৰ পৰিবৰ্তে এজন সুসন্তান দান কৰে, যিজন হ’ব পৱিত্ৰতাত উত্তম আৰু মৰম-চেনেহত অতি ঘনিষ্ঠ। | فَأَرَدْنَآ أَن يُبْدِلَهُمَا رَبُّهُمَا خَيْرًۭا مِّنْهُ زَكَوٰةًۭ وَأَقْرَبَ رُحْمًۭا. ﴿81﴾ |
| 82 ‘আৰু সেই প্ৰাচীৰটো—সেইটো আছিল নগৰবাসী দুজন এতীম শিশুৰ আৰু ইয়াৰ তলত আছিল সিহঁতৰ গুপ্তধন আৰু সিহঁতৰ পিতৃ আছিল এজন সৎকৰ্মপৰায়ণ লোক। সেয়ে আপোনাৰ প্ৰতিপালকে ইচ্ছা কৰিলে যে, সিহঁত দুজন প্ৰাপ্তবয়স্কত উপনীত হওক আৰু সিহঁতৰ সেই গুপ্তধন উদ্ধাৰ কৰক। আৰু (এইবোৰ) মই নিজৰ ফালৰ পৰা একো কৰা নাই; আপুনি যি বিষয়ে ধৈৰ্য্য ধাৰণ কৰিবলৈ অপাৰগ হৈছিল, এইটোৱেই হৈছে তাৰ ব্যাখ্যা’। | وَأَمَّا ٱلْجِدَارُ فَكَانَ لِغُلَٰمَيْنِ يَتِيمَيْنِ فِى ٱلْمَدِينَةِ وَكَانَ تَحْتَهُۥ كَنزٌۭ لَّهُمَا وَكَانَ أَبُوهُمَا صَٰلِحًۭا فَأَرَادَ رَبُّكَ أَن يَبْلُغَآ أَشُدَّهُمَا وَيَسْتَخْرِجَا كَنزَهُمَا رَحْمَةًۭ مِّن رَّبِّكَ ۚ وَمَا فَعَلْتُهُۥ عَنْ أَمْرِى ۚ ذَٰلِكَ تَأْوِيلُ مَا لَمْ تَسْطِع عَّلَيْهِ صَبْرًۭا. ﴿82﴾ |
| 83 আৰু সিহঁতে তোমাক জুল-কাৰনাইন সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘অচিৰেই মই তোমালোকৰ ওচৰত তেওঁৰ বিষয়ে বৰ্ণনা কৰিম’। | وَيَسْـَٔلُونَكَ عَن ذِى ٱلْقَرْنَيْنِ ۖ قُلْ سَأَتْلُوا۟ عَلَيْكُم مِّنْهُ ذِكْرًا. ﴿83﴾ |
| 84 নিশ্চয় আমি তেওঁক পৃথিৱীত কৰ্তৃত্ব প্ৰদান কৰিছিলোঁ আৰু প্ৰত্যেক বিষয়ৰ উপায়-উপকৰণ দান কৰিছিলোঁ। | إِنَّا مَكَّنَّا لَهُۥ فِى ٱلْأَرْضِ وَءَاتَيْنَٰهُ مِن كُلِّ شَىْءٍۢ سَبَبًۭا. ﴿84﴾ |
| 85 তাৰ পিছত তেওঁ এটা পথ অৱলম্বন কৰিলে। | فَأَتْبَعَ سَبَبًا. ﴿85﴾ |
| 86 গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্য্য অস্ত যোৱাৰ স্থলত উপস্থিত হ’ল, তেতিয়া তেওঁ সূৰ্য্যক এটি পংকিল জলাশয়ত অস্ত যোৱা দেখিলে আৰু তেওঁ তাত এটা সম্প্ৰদায়ক লগ পালে। আমি ক'লোঁ, ‘হে জুল-কাৰনাইন! তুমি ইহঁতক শাস্তি দিব পাৰা নাইবা ইহঁতৰ বিষয়টো সদয়ভাৱে গ্ৰহণ কৰিব পাৰা’। | حَتَّىٰٓ إِذَا بَلَغَ مَغْرِبَ ٱلشَّمْسِ وَجَدَهَا تَغْرُبُ فِى عَيْنٍ حَمِئَةٍۢ وَوَجَدَ عِندَهَا قَوْمًۭا ۗ قُلْنَا يَٰذَا ٱلْقَرْنَيْنِ إِمَّآ أَن تُعَذِّبَ وَإِمَّآ أَن تَتَّخِذَ فِيهِمْ حُسْنًۭا. ﴿86﴾ |
| 87 তেওঁ ক’লে, ‘যিয়ে অন্যায় কৰিব অচিৰেই আমি তাক শাস্তি প্ৰদান কৰিম; তাৰ পিছত তাক তাৰ প্ৰতিপালকৰ ওচৰলৈ ওভতাই নিয়া হ’ব, তেতিয়া তেওঁ তাক কঠিন শাস্তি প্ৰদান কৰিব। | قَالَ أَمَّا مَن ظَلَمَ فَسَوْفَ نُعَذِّبُهُۥ ثُمَّ يُرَدُّ إِلَىٰ رَبِّهِۦ فَيُعَذِّبُهُۥ عَذَابًۭا نُّكْرًۭا. ﴿87﴾ |
| 88 ‘কিন্তু যিয়ে ঈমান আনিব আৰু সৎকৰ্ম কৰিব তেওঁৰ বাবে প্ৰতিদান স্বৰূপে আছে কল্যাণ আৰু আমি আমাৰ ব্যৱহাৰতো তেওঁৰ সৈতে নম্ৰভাৱে কথা কম’। | وَأَمَّا مَنْ ءَامَنَ وَعَمِلَ صَٰلِحًۭا فَلَهُۥ جَزَآءً ٱلْحُسْنَىٰ ۖ وَسَنَقُولُ لَهُۥ مِنْ أَمْرِنَا يُسْرًۭا. ﴿88﴾ |
| 89 তাৰ পিছত তেওঁ আন এটা (অভিযানৰ বাবে) পথ ধৰিলে। | ثُمَّ أَتْبَعَ سَبَبًا. ﴿89﴾ |
| 90 গৈ গৈ অৱশেষত তেওঁ যেতিয়া সূৰ্যোদয়ৰ ঠাই পালে, তেতিয়া তেওঁ দেখা পালে যে, সূৰ্য্য এনেকুৱা এটা সম্প্ৰদায়ৰ ওপৰত উদয় হয়, যিসকলৰ বাবে সূৰ্য্যৰ তাপৰ পৰা কোনো অন্তৰাল আমি সৃষ্টি কৰা নাই; | حَتَّىٰٓ إِذَا بَلَغَ مَطْلِعَ ٱلشَّمْسِ وَجَدَهَا تَطْلُعُ عَلَىٰ قَوْمٍۢ لَّمْ نَجْعَل لَّهُم مِّن دُونِهَا سِتْرًۭا. ﴿90﴾ |
| 91 প্ৰকৃত ঘটনা এইটোৱেই, আৰু তেওঁৰ ওচৰত যি আছিল, সেই সম্পৰ্কে আমি সম্যক অৱগত। | كَذَٰلِكَ وَقَدْ أَحَطْنَا بِمَا لَدَيْهِ خُبْرًۭا. ﴿91﴾ |
| 92 তাৰ পিছত তেওঁ আন এটা (অভিযানৰ বাবে) পথ ধৰিলে। | ثُمَّ أَتْبَعَ سَبَبًا. ﴿92﴾ |
| 93 অৱশেষত তেওঁ যেতিয়া দুই পৰ্বতৰ মধ্যৱৰ্তী স্থলত আহি উপনীত হ’ল, তেতিয়া তাত তেওঁ এনেকুৱা এটা সম্প্ৰদায়ক লগ পালে, যিসকলে তেওঁৰ কথা ভালকৈ বুজিব পৰা নাছিল। | حَتَّىٰٓ إِذَا بَلَغَ بَيْنَ ٱلسَّدَّيْنِ وَجَدَ مِن دُونِهِمَا قَوْمًۭا لَّا يَكَادُونَ يَفْقَهُونَ قَوْلًۭا. ﴿93﴾ |
| 94 সিহঁতে ক’লে, ‘হে জুল-কাৰনাইন! ইয়া’জুজ আৰু মা’জুজে পৃথিৱীত অশান্তি সৃষ্টি কৰি আছে। সেয়ে আমি আপোনাক এই চৰ্তত কৰ আদায় দিমনে, যাতে আপুনি আমাৰ আৰু সিহঁতৰ মাজত এটা প্ৰাচীৰ নিৰ্মাণ কৰি দিয়ে’? | قَالُوا۟ يَٰذَا ٱلْقَرْنَيْنِ إِنَّ يَأْجُوجَ وَمَأْجُوجَ مُفْسِدُونَ فِى ٱلْأَرْضِ فَهَلْ نَجْعَلُ لَكَ خَرْجًا عَلَىٰٓ أَن تَجْعَلَ بَيْنَنَا وَبَيْنَهُمْ سَدًّۭا. ﴿94﴾ |
| 95 তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকে মোক যি সামৰ্থ দিছে সেইটোৱে উৎকৃষ্ট। গতিকে তোমালোকে মোক দৈহিক শ্ৰমৰ দ্বাৰা সহায় কৰা, মই তোমালোকৰ আৰু সিহঁতৰ মাজত এখন মজবুত প্ৰাচীৰ নিৰ্মাণ কৰি দিম’। | قَالَ مَا مَكَّنِّى فِيهِ رَبِّى خَيْرٌۭ فَأَعِينُونِى بِقُوَّةٍ أَجْعَلْ بَيْنَكُمْ وَبَيْنَهُمْ رَدْمًا. ﴿95﴾ |
| 96 ‘তোমালোকে মোৰ ওচৰলৈ লোৰ পাতসমূহ আনি দিয়া’, অৱশেষত মধ্যৱৰ্তী খালী ঠাই পূৰ্ণ হৈ যেতিয়া লৌহস্তূপ দুয়ো পৰ্বতৰ সমান হ’ল তেতিয়া তেওঁ ক’লে, ‘এতিয়া ফুঁ দি থকা’। তাৰ পিছত যেতিয়া সেইটো জুইত পৰিণত হ’ল, তেতিয়া তেওঁ ক’লে, ‘তোমালোকে মোৰ ওচৰলৈ গলিত তাম লৈ আহা, মই ইয়াৰ ওপৰত ঢালি দিওঁ’। | ءَاتُونِى زُبَرَ ٱلْحَدِيدِ ۖ حَتَّىٰٓ إِذَا سَاوَىٰ بَيْنَ ٱلصَّدَفَيْنِ قَالَ ٱنفُخُوا۟ ۖ حَتَّىٰٓ إِذَا جَعَلَهُۥ نَارًۭا قَالَ ءَاتُونِىٓ أُفْرِغْ عَلَيْهِ قِطْرًۭا. ﴿96﴾ |
| 97 তাৰ পিছত সিহঁতে (ইয়া’জুজ আৰু মা’জুজে) সেইটো অতিক্ৰম কৰিব নোৱাৰিলে আনকি ফুটা কৰিবও নোৱাৰিলে। | فَمَا ٱسْطَٰعُوٓا۟ أَن يَظْهَرُوهُ وَمَا ٱسْتَطَٰعُوا۟ لَهُۥ نَقْبًۭا. ﴿97﴾ |
| 98 তেওঁ ক’লে, ‘এইটো হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ। কিন্তু যেতিয়া মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুত সময় আহিব তেতিয়া তেওঁ ইয়াক চূৰ্ণ-বিচূৰ্ণ কৰি দিব, আৰু মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি সত্য’। | قَالَ هَٰذَا رَحْمَةٌۭ مِّن رَّبِّى ۖ فَإِذَا جَآءَ وَعْدُ رَبِّى جَعَلَهُۥ دَكَّآءَ ۖ وَكَانَ وَعْدُ رَبِّى حَقًّۭا. ﴿98﴾ |
| 99 আৰু সেইদিনা আমি সিহঁতক এৰি দিম এনেকুৱা অৱস্থাত যে, এটা দলে আনটো দলৰ ওপৰত তৰঙ্গৰ দৰে খুন্দিয়াই পৰিব; আৰু শিঙাত ফুঁ দিয়া হ’ব। তাৰ পিছত আমি সিহঁত সকলোকে একত্ৰিত কৰিম। | ۞ وَتَرَكْنَا بَعْضَهُمْ يَوْمَئِذٍۢ يَمُوجُ فِى بَعْضٍۢ ۖ وَنُفِخَ فِى ٱلصُّورِ فَجَمَعْنَٰهُمْ جَمْعًۭا. ﴿99﴾ |
| 100 আৰু সেইদিনা আমি জাহান্নামক প্ৰত্যক্ষভাৱে উপস্থাপন কৰিম কাফিৰসকলৰ ওচৰত, | وَعَرَضْنَا جَهَنَّمَ يَوْمَئِذٍۢ لِّلْكَٰفِرِينَ عَرْضًا. ﴿100﴾ |
| 101 আমাৰ নিদৰ্শনৰ প্ৰতি যিসকলৰ চকু আৱৰণেৰে ঢাকি থোৱা আছিল আৰু যিসকলে শুনিবলৈও অপাৰগ আছিল। | ٱلَّذِينَ كَانَتْ أَعْيُنُهُمْ فِى غِطَآءٍ عَن ذِكْرِى وَكَانُوا۟ لَا يَسْتَطِيعُونَ سَمْعًا. ﴿101﴾ |
| 102 যিসকলে কুফৰী কৰিছে, সিহঁতে ধাৰণা কৰে নেকি যে, সিহঁতে মোৰ পৰিবৰ্তে মোৰ বান্দাসকলক অভিভাৱকৰূপে গ্ৰহণ কৰিব? নিশ্চয় আমি কাফিৰসকলৰ আপ্যায়নৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জাহান্নাম। | أَفَحَسِبَ ٱلَّذِينَ كَفَرُوٓا۟ أَن يَتَّخِذُوا۟ عِبَادِى مِن دُونِىٓ أَوْلِيَآءَ ۚ إِنَّآ أَعْتَدْنَا جَهَنَّمَ لِلْكَٰفِرِينَ نُزُلًۭا. ﴿102﴾ |
| 103 কোৱা, ‘আমি তোমালোকক এনে লোকৰ বিষয়ে সংবাদ দিমনে, যিসকল আমলৰ ফালৰ পৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত’? | قُلْ هَلْ نُنَبِّئُكُم بِٱلْأَخْسَرِينَ أَعْمَٰلًا. ﴿103﴾ |
| 104 সিহঁতেই হৈছে সেইসকল লোক, পাৰ্থিৱ জীৱনত যিসকলৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে, অথচ সিহঁতে ধাৰণা কৰে যে, সিহঁতে ভাল কামেই কৰি আছে। | ٱلَّذِينَ ضَلَّ سَعْيُهُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَهُمْ يَحْسَبُونَ أَنَّهُمْ يُحْسِنُونَ صُنْعًا. ﴿104﴾ |
| 105 সিহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলীক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰিছে। ফলত সিহঁতৰ সকলো আমল নিষ্ফল হৈ গৈছে; সেয়ে আমি সিহঁতৰ বাবে কিয়ামতৰ দিনা কোনো ওজনৰ ব্যৱস্থা নকৰিম। | أُو۟لَٰٓئِكَ ٱلَّذِينَ كَفَرُوا۟ بِـَٔايَٰتِ رَبِّهِمْ وَلِقَآئِهِۦ فَحَبِطَتْ أَعْمَٰلُهُمْ فَلَا نُقِيمُ لَهُمْ يَوْمَ ٱلْقِيَٰمَةِ وَزْنًۭا. ﴿105﴾ |
| 106 ‘জাহান্নামেই হৈছে সিহঁতৰ প্ৰতিফল। যিহেতু সিহঁতে কুফৰী কৰিছে লগতে মোৰ নিদৰ্শনাৱলীক আৰু ৰাছুলসকলক বিদ্ৰূপৰ বিষয় হিচাপে গ্ৰহণ কৰিছে’। | ذَٰلِكَ جَزَآؤُهُمْ جَهَنَّمُ بِمَا كَفَرُوا۟ وَٱتَّخَذُوٓا۟ ءَايَٰتِى وَرُسُلِى هُزُوًا. ﴿106﴾ |
| 107 নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক আতিথ্য-অভ্যৰ্থনা কৰিবলৈ আছে জান্নাতুল ফিৰদাউছ। | إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ كَانَتْ لَهُمْ جَنَّٰتُ ٱلْفِرْدَوْسِ نُزُلًا. ﴿107﴾ |
| 108 তাত তেওঁলোক চিৰকাল থাকিব, তাৰ পৰা তেওঁলোক (কেতিয়াও) স্থানান্তৰিত হ’ব নিবিচাৰিব। | خَٰلِدِينَ فِيهَا لَا يَبْغُونَ عَنْهَا حِوَلًۭا. ﴿108﴾ |
| 109 কোৱা, ‘মোৰ প্ৰতিপালকৰ কথা লিপিবদ্ধ কৰিবলৈ সাগৰ যদি চিয়াঁহী হয়, তেন্তে মোৰ প্ৰতিপালকৰ কথা শেষ হোৱাৰ আগতেই সাগৰ নিঃশেষ হৈ যাব—যদিও ইয়াৰ সাহায্যাৰ্থে অনুৰূপ আৰু সাগৰ লৈ আহোঁ’। | قُل لَّوْ كَانَ ٱلْبَحْرُ مِدَادًۭا لِّكَلِمَٰتِ رَبِّى لَنَفِدَ ٱلْبَحْرُ قَبْلَ أَن تَنفَدَ كَلِمَٰتُ رَبِّى وَلَوْ جِئْنَا بِمِثْلِهِۦ مَدَدًۭا. ﴿109﴾ |
| 110 কোৱা, ‘মই তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী হয় যে, তোমালোকৰ ইলাহ একমাত্ৰ সত্য ইলাহ। সেয়ে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাৎ কামনা কৰে, তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশীদাৰ স্থাপন নকৰা’। | قُلْ إِنَّمَآ أَنَا۠ بَشَرٌۭ مِّثْلُكُمْ يُوحَىٰٓ إِلَىَّ أَنَّمَآ إِلَٰهُكُمْ إِلَٰهٌۭ وَٰحِدٌۭ ۖ فَمَن كَانَ يَرْجُوا۟ لِقَآءَ رَبِّهِۦ فَلْيَعْمَلْ عَمَلًۭا صَٰلِحًۭا وَلَا يُشْرِكْ بِعِبَادَةِ رَبِّهِۦٓ أَحَدًۢا. ﴿110﴾ |