الشعراء
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
|
1
ত্ব-ছীম-মীম।[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
|
طسٓمٓ. ﴿1﴾ |
| 2 এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত। | تِلْكَ ءَايَٰتُ ٱلْكِتَٰبِ ٱلْمُبِينِ. ﴿2﴾ |
| 3 সিহঁতে মুমিন হোৱা নাই বুলি হয়তো তুমি দুখতে আত্মঘাতী হৈ পৰিবা। | لَعَلَّكَ بَٰخِعٌۭ نَّفْسَكَ أَلَّا يَكُونُوا۟ مُؤْمِنِينَ. ﴿3﴾ |
| 4 আমি ইচ্ছা কৰিলে আকাশৰ পৰা সিহঁতৰ ওপৰত এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰিলোঁহেঁতেন, যাৰ ফলত সেই নিদৰ্শনৰ প্ৰতি সিহঁতৰ ঘাৰ অৱনত হৈ পৰিলহেঁতেন। | إِن نَّشَأْ نُنَزِّلْ عَلَيْهِم مِّنَ ٱلسَّمَآءِ ءَايَةًۭ فَظَلَّتْ أَعْنَٰقُهُمْ لَهَا خَٰضِعِينَ. ﴿4﴾ |
| 5 আৰু যেতিয়াই সিহঁতৰ ওচৰলৈ ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়। | وَمَا يَأْتِيهِم مِّن ذِكْرٍۢ مِّنَ ٱلرَّحْمَٰنِ مُحْدَثٍ إِلَّا كَانُوا۟ عَنْهُ مُعْرِضِينَ. ﴿5﴾ |
| 6 এতেকে নিশ্চিতভাৱে সিহঁতে অস্বীকাৰ কৰিছে। সেয়ে সিহঁতে যিটোক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল তাৰ প্ৰকৃত বাৰ্তা সিহঁতৰ ওচৰলৈ শীঘ্ৰেই আহি পৰিব। | فَقَدْ كَذَّبُوا۟ فَسَيَأْتِيهِمْ أَنۢبَٰٓؤُا۟ مَا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ. ﴿6﴾ |
| 7 সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি? তাত আমি সকলো প্ৰকাৰৰ বহুতো উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছোঁ! | أَوَلَمْ يَرَوْا۟ إِلَى ٱلْأَرْضِ كَمْ أَنۢبَتْنَا فِيهَا مِن كُلِّ زَوْجٍۢ كَرِيمٍ. ﴿7﴾ |
| 8 নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়। | إِنَّ فِى ذَٰلِكَ لَءَايَةًۭ ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ. ﴿8﴾ |
| 9 আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু। | وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ. ﴿9﴾ |
| 10 আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে মুছাক মাতি ক’লে, ‘তুমি যালিম সম্প্ৰদায়ৰ ওচৰলৈ যোৱা, | وَإِذْ نَادَىٰ رَبُّكَ مُوسَىٰٓ أَنِ ٱئْتِ ٱلْقَوْمَ ٱلظَّٰلِمِينَ. ﴿10﴾ |
| 11 ফিৰআউনৰ সম্প্ৰদায়ৰ ওচৰলৈ; সিহঁতে তাক্বৱা অৱলম্বন নকৰিবনে’? | قَوْمَ فِرْعَوْنَ ۚ أَلَا يَتَّقُونَ. ﴿11﴾ |
| 12 মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ আশংকা হৈছে যে, সিহঁতে মোক অস্বীকাৰ কৰিব। | قَالَ رَبِّ إِنِّىٓ أَخَافُ أَن يُكَذِّبُونِ. ﴿12﴾ |
| 13 ‘আৰু মোৰ বুকু সংকুচিত হৈ পৰিছে, লগতে মোৰ জিভাও স্বাভাৱিক নহয়। এতেকে তুমি হাৰূনৰ প্ৰতিও অহী প্ৰেৰণ কৰা। | وَيَضِيقُ صَدْرِى وَلَا يَنطَلِقُ لِسَانِى فَأَرْسِلْ إِلَىٰ هَٰرُونَ. ﴿13﴾ |
| 14 ‘লগতে মোৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগো আছে, সেয়ে মোৰ আশংকা হৈছে যে, সিহঁতে মোক হত্যা কৰিব’। | وَلَهُمْ عَلَىَّ ذَنۢبٌۭ فَأَخَافُ أَن يَقْتُلُونِ. ﴿14﴾ |
| 15 আল্লাহে ক’লে, ‘নহয়, কেতিয়াও নহয়, তোমালোক দুয়ো মোৰ নিদৰ্শন লৈ যোৱা, নিশ্চয় আমি তোমালোকৰ লগত আছোঁ শ্ৰৱণকাৰী হিচাপে। | قَالَ كَلَّا ۖ فَٱذْهَبَا بِـَٔايَٰتِنَآ ۖ إِنَّا مَعَكُم مُّسْتَمِعُونَ. ﴿15﴾ |
| 16 ‘এতেকে তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ গৈ কোৱা, ‘নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল, | فَأْتِيَا فِرْعَوْنَ فَقُولَآ إِنَّا رَسُولُ رَبِّ ٱلْعَٰلَمِينَ. ﴿16﴾ |
| 17 ‘সেয়ে তুমি বনী ইছৰাঈলক আমাৰ লগত যাবলৈ দিয়া’। | أَنْ أَرْسِلْ مَعَنَا بَنِىٓ إِسْرَٰٓءِيلَ. ﴿17﴾ |
| 18 ফিৰআউনে ক’লে, ‘আমি তোমাক শৈশৱ কালত আমাৰ মাজতে লালন-পালন কৰা নাছিলোঁনে? আৰু নিশ্চয় তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতেই অতিবাহিত কৰিছা, | قَالَ أَلَمْ نُرَبِّكَ فِينَا وَلِيدًۭا وَلَبِثْتَ فِينَا مِنْ عُمُرِكَ سِنِينَ. ﴿18﴾ |
| 19 ‘আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া আছিল সেইটো কৰিয়ে পেলাইছা, আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত’। | وَفَعَلْتَ فَعْلَتَكَ ٱلَّتِى فَعَلْتَ وَأَنتَ مِنَ ٱلْكَٰفِرِينَ. ﴿19﴾ |
| 20 মুছাই ক’লে, ‘সেইটো মই তেতিয়াহে কৰিছিলোঁ, যেতিয়া মই পথ ভ্ৰান্ত আছিলোঁ’। | قَالَ فَعَلْتُهَآ إِذًۭا وَأَنَا۠ مِنَ ٱلضَّآلِّينَ. ﴿20﴾ |
| 21 ‘এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলোঁ, তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলোঁ। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা (নবুওৱত) দান কৰিছে আৰু মোক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিছে। | فَفَرَرْتُ مِنكُمْ لَمَّا خِفْتُكُمْ فَوَهَبَ لِى رَبِّى حُكْمًۭا وَجَعَلَنِى مِنَ ٱلْمُرْسَلِينَ. ﴿21﴾ |
| 22 ‘আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা, তাৰ প্ৰকৃত সত্য এইটো যে, তুমি বনী ইছৰাঈলক দাসত পৰিণত কৰিছা’। | وَتِلْكَ نِعْمَةٌۭ تَمُنُّهَا عَلَىَّ أَنْ عَبَّدتَّ بَنِىٓ إِسْرَٰٓءِيلَ. ﴿22﴾ |
| 23 ফিৰআউনে ক’লে, ‘সৃষ্টিজগতৰ প্ৰতিপালক আকৌ কি’? | قَالَ فِرْعَوْنُ وَمَا رَبُّ ٱلْعَٰلَمِينَ. ﴿23﴾ |
| 24 মুছাই ক’লে, ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক, যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা’। | قَالَ رَبُّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَآ ۖ إِن كُنتُم مُّوقِنِينَ. ﴿24﴾ |
| 25 ফিৰআউনে তাৰ ওচৰে-পাঁজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’? | قَالَ لِمَنْ حَوْلَهُۥٓ أَلَا تَسْتَمِعُونَ. ﴿25﴾ |
| 26 মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো প্ৰতিপালক’। | قَالَ رَبُّكُمْ وَرَبُّ ءَابَآئِكُمُ ٱلْأَوَّلِينَ. ﴿26﴾ |
| 27 ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’। | قَالَ إِنَّ رَسُولَكُمُ ٱلَّذِىٓ أُرْسِلَ إِلَيْكُمْ لَمَجْنُونٌۭ. ﴿27﴾ |
| 28 মুছাই ক’লে, ‘তেৱেঁই পূৱ আৰু পশ্চিমৰ, লগতে এই দুয়োৰে মাজত যি আছে সেই সকলো বস্তুৰ প্ৰতিপালক; যদি তোমালোকে বুজি পোৱা’। | قَالَ رَبُّ ٱلْمَشْرِقِ وَٱلْمَغْرِبِ وَمَا بَيْنَهُمَآ ۖ إِن كُنتُمْ تَعْقِلُونَ. ﴿28﴾ |
| 29 ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক নিশ্চয় কাৰাৰুদ্ধ কৰিম’। | قَالَ لَئِنِ ٱتَّخَذْتَ إِلَٰهًا غَيْرِى لَأَجْعَلَنَّكَ مِنَ ٱلْمَسْجُونِينَ. ﴿29﴾ |
| 30 মুছাই ক’লে, ‘যদি মই তোমাৰ ওচৰলৈ স্পষ্ট কোনো (নিদৰ্শন) লৈ আহোঁ, তথাপিও (তুমি মোক কাৰৰুদ্ধ কৰিবানে)’? | قَالَ أَوَلَوْ جِئْتُكَ بِشَىْءٍۢ مُّبِينٍۢ. ﴿30﴾ |
| 31 ফিৰআউনে ক’লে, ‘যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা’। | قَالَ فَأْتِ بِهِۦٓ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ. ﴿31﴾ |
| 32 তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল। | فَأَلْقَىٰ عَصَاهُ فَإِذَا هِىَ ثُعْبَانٌۭ مُّبِينٌۭ. ﴿32﴾ |
| 33 আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল প্ৰতিভাত হ’ল। | وَنَزَعَ يَدَهُۥ فَإِذَا هِىَ بَيْضَآءُ لِلنَّٰظِرِينَ. ﴿33﴾ |
| 34 ফিৰআউনে তাৰ ওচৰে-পাঁজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’। | قَالَ لِلْمَلَإِ حَوْلَهُۥٓ إِنَّ هَٰذَا لَسَٰحِرٌ عَلِيمٌۭ. ﴿34﴾ |
| 35 ‘এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰাই বহিষ্কাৰ কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া’? | يُرِيدُ أَن يُخْرِجَكُم مِّنْ أَرْضِكُم بِسِحْرِهِۦ فَمَاذَا تَأْمُرُونَ. ﴿35﴾ |
| 36 সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক, | قَالُوٓا۟ أَرْجِهْ وَأَخَاهُ وَٱبْعَثْ فِى ٱلْمَدَآئِنِ حَٰشِرِينَ. ﴿36﴾ |
| 37 ‘যাতে সিহঁতে আপোনাৰ ওচৰলৈ প্ৰত্যেক অভিজ্ঞ যাদুকৰক লৈ উপস্থিত হয়’। | يَأْتُوكَ بِكُلِّ سَحَّارٍ عَلِيمٍۢ. ﴿37﴾ |
| 38 তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল, | فَجُمِعَ ٱلسَّحَرَةُ لِمِيقَٰتِ يَوْمٍۢ مَّعْلُومٍۢ. ﴿38﴾ |
| 39 আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’? | وَقِيلَ لِلنَّاسِ هَلْ أَنتُم مُّجْتَمِعُونَ. ﴿39﴾ |
| 40 ‘যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰোঁ, যদি সিহঁতে বিজয়ী হয়’। | لَعَلَّنَا نَتَّبِعُ ٱلسَّحَرَةَ إِن كَانُوا۟ هُمُ ٱلْغَٰلِبِينَ. ﴿40﴾ |
| 41 এতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰআউনক ক’লে, ‘যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিবনে’? | فَلَمَّا جَآءَ ٱلسَّحَرَةُ قَالُوا۟ لِفِرْعَوْنَ أَئِنَّ لَنَا لَأَجْرًا إِن كُنَّا نَحْنُ ٱلْغَٰلِبِينَ. ﴿41﴾ |
| 42 ফিৰআউনে ক’লে, ‘হয়, আৰু নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’। | قَالَ نَعَمْ وَإِنَّكُمْ إِذًۭا لَّمِنَ ٱلْمُقَرَّبِينَ. ﴿42﴾ |
| 43 মুছাই সিহঁতক ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা’। | قَالَ لَهُم مُّوسَىٰٓ أَلْقُوا۟ مَآ أَنتُم مُّلْقُونَ. ﴿43﴾ |
| 44 তাৰ পিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাখুটিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক’লে, ‘ফিৰআউনৰ মৰ্যাদাৰ শপত! নিশ্চয় আমিয়েই বিজয়ী হম’। | فَأَلْقَوْا۟ حِبَالَهُمْ وَعِصِيَّهُمْ وَقَالُوا۟ بِعِزَّةِ فِرْعَوْنَ إِنَّا لَنَحْنُ ٱلْغَٰلِبُونَ. ﴿44﴾ |
| 45 তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত তৎক্ষণাত ই সিহঁতৰ মিছা কীৰ্তিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে। | فَأَلْقَىٰ مُوسَىٰ عَصَاهُ فَإِذَا هِىَ تَلْقَفُ مَا يَأْفِكُونَ. ﴿45﴾ |
| 46 তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল। | فَأُلْقِىَ ٱلسَّحَرَةُ سَٰجِدِينَ. ﴿46﴾ |
| 47 তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলোঁ বিশ্বজগতৰ প্ৰতিপালকৰ প্ৰতি, | قَالُوٓا۟ ءَامَنَّا بِرَبِّ ٱلْعَٰلَمِينَ. ﴿47﴾ |
| 48 ‘মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি’। | رَبِّ مُوسَىٰ وَهَٰرُونَ. ﴿48﴾ |
| 49 ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়েই হৈছে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে তোমালোকে শীঘ্ৰেই ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’। | قَالَ ءَامَنتُمْ لَهُۥ قَبْلَ أَنْ ءَاذَنَ لَكُمْ ۖ إِنَّهُۥ لَكَبِيرُكُمُ ٱلَّذِى عَلَّمَكُمُ ٱلسِّحْرَ فَلَسَوْفَ تَعْلَمُونَ ۚ لَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُم مِّنْ خِلَٰفٍۢ وَلَأُصَلِّبَنَّكُمْ أَجْمَعِينَ. ﴿49﴾ |
| 50 তেওঁলোকে ক’লে, ‘কোনো অসুবিধা নাই, নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালেই উভতি যাম। | قَالُوا۟ لَا ضَيْرَ ۖ إِنَّآ إِلَىٰ رَبِّنَا مُنقَلِبُونَ. ﴿50﴾ |
| 51 নিশ্চয় আমি আশা পোষণ কৰোঁ যে, আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব, কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম। | إِنَّا نَطْمَعُ أَن يَغْفِرَ لَنَا رَبُّنَا خَطَٰيَٰنَآ أَن كُنَّآ أَوَّلَ ٱلْمُؤْمِنِينَ. ﴿51﴾ |
| 52 আৰু আমি মুছাৰ প্ৰতি এই মৰ্মে অহী কৰিলোঁ যে, ‘আমাৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছে পিছে খেদি যোৱা হ’ব’। | ۞ وَأَوْحَيْنَآ إِلَىٰ مُوسَىٰٓ أَنْ أَسْرِ بِعِبَادِىٓ إِنَّكُم مُّتَّبَعُونَ. ﴿52﴾ |
| 53 তাৰ পিছত ফিৰআউনে চহৰে চহৰে লোক সংগ্ৰহকাৰী প্ৰেৰণ কৰিলে, | فَأَرْسَلَ فِرْعَوْنُ فِى ٱلْمَدَآئِنِ حَٰشِرِينَ. ﴿53﴾ |
| 54 ‘(এই বুলি যে,) নিশ্চয় ইহঁত হৈছে ক্ষুদ্ৰ এটা দল, | إِنَّ هَٰٓؤُلَآءِ لَشِرْذِمَةٌۭ قَلِيلُونَ. ﴿54﴾ |
| 55 ‘আৰু নিশ্চয় সিহঁতে আমাৰ ক্ৰোধ উদ্ৰেক কৰিছে, | وَإِنَّهُمْ لَنَا لَغَآئِظُونَ. ﴿55﴾ |
| 56 ‘আৰু নিশ্চিতভাৱে আমি সকলোৱে সদায় সতৰ্ক’। | وَإِنَّا لَجَمِيعٌ حَٰذِرُونَ. ﴿56﴾ |
| 57 পৰিণামত আমি ফিৰআউন গোষ্ঠীক সিহঁতৰ উদ্যানসমূহ আৰু প্ৰস্ৰৱনৰ পৰা বহিষ্কাৰ কৰিলোঁ, | فَأَخْرَجْنَٰهُم مِّن جَنَّٰتٍۢ وَعُيُونٍۢ. ﴿57﴾ |
| 58 লগতে ধন-ভাণ্ডাৰ আৰু মনোৰম সৌধমালাৰ পৰাও। | وَكُنُوزٍۢ وَمَقَامٍۢ كَرِيمٍۢ. ﴿58﴾ |
| 59 এইদৰেই হৈছিল আৰু আমি বনী ইছৰাঈলক কৰিছিলোঁ এইবোৰৰ অধিকাৰী। | كَذَٰلِكَ وَأَوْرَثْنَٰهَا بَنِىٓ إِسْرَٰٓءِيلَ. ﴿59﴾ |
| 60 সিহঁতে সূৰ্যোদয়ৰ প্ৰাকমুহূৰ্ততে তেওঁলোকক চোঁচা ল’লে। | فَأَتْبَعُوهُم مُّشْرِقِينَ. ﴿60﴾ |
| 61 এতেকে যেতিয়া দুয়ো দলে পৰস্পৰক দেখিলে, তেতিয়া মুছাৰ সঙ্গীসকলে ক’লে, ‘নিশ্চয় আমি ধৰা পৰিলোঁ!’ | فَلَمَّا تَرَٰٓءَا ٱلْجَمْعَانِ قَالَ أَصْحَٰبُ مُوسَىٰٓ إِنَّا لَمُدْرَكُونَ. ﴿61﴾ |
| 62 মুছাই ক’লে, ‘কেতিয়াও নহয়, মোৰ লগত মোৰ প্ৰতিপালক আছে; অনতিপলমে তেওঁ মোক পথনিৰ্দেশ কৰিব’। | قَالَ كَلَّآ ۖ إِنَّ مَعِىَ رَبِّى سَيَهْدِينِ. ﴿62﴾ |
| 63 তাৰ পিছত আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তোমাৰ লাখুটিৰে সাগৰত আঘাত কৰা’। ফলত সাগৰ বিভক্ত হৈ প্ৰত্যেক ভাগ বিশাল পৰ্বতৰ দৰে হৈ গ’ল; | فَأَوْحَيْنَآ إِلَىٰ مُوسَىٰٓ أَنِ ٱضْرِب بِّعَصَاكَ ٱلْبَحْرَ ۖ فَٱنفَلَقَ فَكَانَ كُلُّ فِرْقٍۢ كَٱلطَّوْدِ ٱلْعَظِيمِ. ﴿63﴾ |
| 64 আৰু আমি আন দলটোকো সেই ঠাইৰ নিকটৱৰ্তী কৰিলোঁ, | وَأَزْلَفْنَا ثَمَّ ٱلْءَاخَرِينَ. ﴿64﴾ |
| 65 আৰু আমি উদ্ধাৰ কৰিলোঁ মুছা আৰু তেওঁৰ সঙ্গীসকলক, | وَأَنجَيْنَا مُوسَىٰ وَمَن مَّعَهُۥٓ أَجْمَعِينَ. ﴿65﴾ |
| 66 তাৰ পিছত ডুবাই মাৰিলোঁ আনটো দলক। | ثُمَّ أَغْرَقْنَا ٱلْءَاخَرِينَ. ﴿66﴾ |
| 67 নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়। | إِنَّ فِى ذَٰلِكَ لَءَايَةًۭ ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ. ﴿67﴾ |
| 68 আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু। | وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ. ﴿68﴾ |
| 69 আৰু তুমি সিহঁতৰ ওচৰত ইব্ৰাহীমৰ বৃত্তান্ত বৰ্ণনা কৰা। | وَٱتْلُ عَلَيْهِمْ نَبَأَ إِبْرَٰهِيمَ. ﴿69﴾ |
| 70 যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে কিহৰ ইবাদত কৰা’? | إِذْ قَالَ لِأَبِيهِ وَقَوْمِهِۦ مَا تَعْبُدُونَ. ﴿70﴾ |
| 71 সিহঁতে ক’লে, ‘আমি মূৰ্তি পূজা কৰোঁ; এতেকে আমি নিষ্ঠাৰ সৈতে সেইটোকে ধৰি থাকিম’। | قَالُوا۟ نَعْبُدُ أَصْنَامًۭا فَنَظَلُّ لَهَا عَٰكِفِينَ. ﴿71﴾ |
| 72 তেওঁ ক’লে, ‘তোমালোকে যেতিয়া আহ্বান কৰা তেতিয়া সেইবোৰে শুনা পায়নে? | قَالَ هَلْ يَسْمَعُونَكُمْ إِذْ تَدْعُونَ. ﴿72﴾ |
| 73 ‘অথবা সিহঁতে তোমালোকৰ উপকাৰ নাইবা অপকাৰ কৰিব পাৰেনে’? | أَوْ يَنفَعُونَكُمْ أَوْ يَضُرُّونَ. ﴿73﴾ |
| 74 সিহঁতে ক’লে, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক পাইছোঁ, তেওঁলোকে এনেকুৱাই কৰিছিল’। | قَالُوا۟ بَلْ وَجَدْنَآ ءَابَآءَنَا كَذَٰلِكَ يَفْعَلُونَ. ﴿74﴾ |
| 75 ইব্ৰাহীমে ক’লে, ‘তোমালোকে ভাবি চাইছানে, যিসকলৰ ইবাদত তোমালোকে কৰি আছা, | قَالَ أَفَرَءَيْتُم مَّا كُنتُمْ تَعْبُدُونَ. ﴿75﴾ |
| 76 ‘তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষসকল! | أَنتُمْ وَءَابَآؤُكُمُ ٱلْأَقْدَمُونَ. ﴿76﴾ |
| 77 ‘সিহঁত আটায়ে মোৰ শত্ৰু, কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ বাহিৰে। | فَإِنَّهُمْ عَدُوٌّۭ لِّىٓ إِلَّا رَبَّ ٱلْعَٰلَمِينَ. ﴿77﴾ |
| 78 ‘যিজনে মোক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই মোক হিদায়ত দিছে। | ٱلَّذِى خَلَقَنِى فَهُوَ يَهْدِينِ. ﴿78﴾ |
| 79 ‘তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়। | وَٱلَّذِى هُوَ يُطْعِمُنِى وَيَسْقِينِ. ﴿79﴾ |
| 80 ‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে। | وَإِذَا مَرِضْتُ فَهُوَ يَشْفِينِ. ﴿80﴾ |
| 81 ‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব। | وَٱلَّذِى يُمِيتُنِى ثُمَّ يُحْيِينِ. ﴿81﴾ |
| 82 ‘আৰু তেওঁৰ ওচৰতেই মোৰ আশা যে, তেওঁ মোক কিয়ামতৰ দিনা মোৰ অপৰাধসমূহ ক্ষমা কৰি দিব। | وَٱلَّذِىٓ أَطْمَعُ أَن يَغْفِرَ لِى خَطِيٓـَٔتِى يَوْمَ ٱلدِّينِ. ﴿82﴾ |
| 83 ‘হে মোৰ প্ৰতিপালক! মোক হিকমত দান কৰা আৰু সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত কৰা। | رَبِّ هَبْ لِى حُكْمًۭا وَأَلْحِقْنِى بِٱلصَّٰلِحِينَ. ﴿83﴾ |
| 84 ‘আৰু পৰৱৰ্তীসকলৰ মাজত মোৰ সুনাম-সুখ্যাতি অব্যাহত ৰাখা, | وَٱجْعَل لِّى لِسَانَ صِدْقٍۢ فِى ٱلْءَاخِرِينَ. ﴿84﴾ |
| 85 ‘আৰু মোক সুখময় জান্নাতৰ উত্তৰাধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা, | وَٱجْعَلْنِى مِن وَرَثَةِ جَنَّةِ ٱلنَّعِيمِ. ﴿85﴾ |
| 86 ‘আৰু মোৰ পিতৃক ক্ষমা কৰা, নিশ্চয় তেওঁ পথভ্ৰষ্টবিলাকৰ অন্তৰ্ভুক্ত আছিল। | وَٱغْفِرْ لِأَبِىٓ إِنَّهُۥ كَانَ مِنَ ٱلضَّآلِّينَ. ﴿86﴾ |
| 87 ‘আৰু (হে মোৰ প্ৰতিপালক!) পুনৰুত্থানৰ দিনা মোক লাঞ্ছিত নকৰিবা। | وَلَا تُخْزِنِى يَوْمَ يُبْعَثُونَ. ﴿87﴾ |
| 88 ‘যিদিনা ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব; | يَوْمَ لَا يَنفَعُ مَالٌۭ وَلَا بَنُونَ. ﴿88﴾ |
| 89 ‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’। | إِلَّا مَنْ أَتَى ٱللَّهَ بِقَلْبٍۢ سَلِيمٍۢ. ﴿89﴾ |
| 90 আৰু (সেইদিনা) মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব জান্নাত, | وَأُزْلِفَتِ ٱلْجَنَّةُ لِلْمُتَّقِينَ. ﴿90﴾ |
| 91 আৰু পথভ্ৰষ্টসকলৰ বাবে উন্মোচিত কৰা হ’ব জাহান্নাম; | وَبُرِّزَتِ ٱلْجَحِيمُ لِلْغَاوِينَ. ﴿91﴾ |
| 92 সিহঁতক কোৱা হ’ব, ‘তোমালোকৰ সেইবোৰ উপাস্য (আজি) ক’ত, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা-- | وَقِيلَ لَهُمْ أَيْنَ مَا كُنتُمْ تَعْبُدُونَ. ﴿92﴾ |
| 93 আল্লাহৰ পৰিবৰ্তে? সিহঁতে তোমালোকক সহায় কৰিবনে অথবা সিহঁতে আত্মৰক্ষা কৰিবলৈ সক্ষমনে? | مِن دُونِ ٱللَّهِ هَلْ يَنصُرُونَكُمْ أَوْ يَنتَصِرُونَ. ﴿93﴾ |
| 94 তাৰ পিছত সেই উপাস্যবোৰক আৰু পথভ্ৰষ্টবিলাকক তলমূৰ কৰি জাহান্নামত নিক্ষেপ কৰা হ’ব, | فَكُبْكِبُوا۟ فِيهَا هُمْ وَٱلْغَاوُۥنَ. ﴿94﴾ |
| 95 লগতে ইবলীছৰ সৈন্যবাহিনীবিলাককো। | وَجُنُودُ إِبْلِيسَ أَجْمَعُونَ. ﴿95﴾ |
| 96 সিহঁতে তাত বিতৰ্কত লিপ্ত হৈ ক’ব, | قَالُوا۟ وَهُمْ فِيهَا يَخْتَصِمُونَ. ﴿96﴾ |
| 97 ‘আল্লাহৰ শপত! নিশ্চয় আমি স্পষ্ট পথভ্ৰষ্টতাত আছিলোঁ, | تَٱللَّهِ إِن كُنَّا لَفِى ضَلَٰلٍۢ مُّبِينٍ. ﴿97﴾ |
| 98 ‘যেতিয়া আমি তোমালোকক বিশ্বজগতৰ প্ৰতিপালকৰ সমকক্ষ বুলি গণ্য কৰিছিলোঁ; | إِذْ نُسَوِّيكُم بِرَبِّ ٱلْعَٰلَمِينَ. ﴿98﴾ |
| 99 ‘আৰু আমাক কেৱল অপৰাধীবিলাকেই পথভ্ৰষ্ট কৰিছিল, | وَمَآ أَضَلَّنَآ إِلَّا ٱلْمُجْرِمُونَ. ﴿99﴾ |
| 100 ‘এতেকে আমাৰ কোনো চুপাৰিছকাৰী নাই’। | فَمَا لَنَا مِن شَٰفِعِينَ. ﴿100﴾ |
| 101 ‘আৰু কোনো অন্তৰঙ্গ বন্ধুও নাই। | وَلَا صَدِيقٍ حَمِيمٍۢ. ﴿101﴾ |
| 102 ‘হায়, যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালোঁহেঁতেন, তেন্তে আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোঁহেঁতেন!’ | فَلَوْ أَنَّ لَنَا كَرَّةًۭ فَنَكُونَ مِنَ ٱلْمُؤْمِنِينَ. ﴿102﴾ |
| 103 নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়। | إِنَّ فِى ذَٰلِكَ لَءَايَةًۭ ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ. ﴿103﴾ |
| 104 আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু। | وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ. ﴿104﴾ |
| 105 নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল। | كَذَّبَتْ قَوْمُ نُوحٍ ٱلْمُرْسَلِينَ. ﴿105﴾ |
| 106 যেতিয়া সিহঁতৰ ভাতৃ নূহে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’? | إِذْ قَالَ لَهُمْ أَخُوهُمْ نُوحٌ أَلَا تَتَّقُونَ. ﴿106﴾ |
| 107 ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল। | إِنِّى لَكُمْ رَسُولٌ أَمِينٌۭ. ﴿107﴾ |
| 108 ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা। | فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ. ﴿108﴾ |
| 109 ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত। | وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَٰلَمِينَ. ﴿109﴾ |
| 110 ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা। | فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ. ﴿110﴾ |
| 111 সিহঁতে ক’লে, ‘আমি তোমাৰ প্ৰতি ঈমান আনিম নেকি, অথচ তোমাক কেৱল নিম্নশ্ৰেণীৰ লোকেহে অনুসৰণ কৰিছে’? | ۞ قَالُوٓا۟ أَنُؤْمِنُ لَكَ وَٱتَّبَعَكَ ٱلْأَرْذَلُونَ. ﴿111﴾ |
| 112 নূহে ক’লে, ‘সিহঁতে কি কৰে সেই বিষয়ে জনাটো মোৰ কি প্ৰয়োজন? | قَالَ وَمَا عِلْمِى بِمَا كَانُوا۟ يَعْمَلُونَ. ﴿112﴾ |
| 113 ‘সিহঁতৰ হিচাপ লোৱাটো হৈছে মোৰ প্ৰতিপালকৰ কাম; যদি তোমালোকে বুজি পালাহেঁতেন! | إِنْ حِسَابُهُمْ إِلَّا عَلَىٰ رَبِّى ۖ لَوْ تَشْعُرُونَ. ﴿113﴾ |
| 114 ‘আৰু মুমিনসকলক খেদি পঠিওৱাটোও মোৰ কাম নহয়। | وَمَآ أَنَا۠ بِطَارِدِ ٱلْمُؤْمِنِينَ. ﴿114﴾ |
| 115 ‘মইহে কেৱল এজন স্পষ্ট সতৰ্ককাৰী’। | إِنْ أَنَا۠ إِلَّا نَذِيرٌۭ مُّبِينٌۭ. ﴿115﴾ |
| 116 সিহঁতে ক’লে, ‘হে নূহ! যদি তুমি বিৰত নোহোৱা তেন্তে নিশ্চয় তোমাক শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান কৰা হ’ব’। | قَالُوا۟ لَئِن لَّمْ تَنتَهِ يَٰنُوحُ لَتَكُونَنَّ مِنَ ٱلْمَرْجُومِينَ. ﴿116﴾ |
| 117 নূহে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে’। | قَالَ رَبِّ إِنَّ قَوْمِى كَذَّبُونِ. ﴿117﴾ |
| 118 ‘সেয়ে তুমি মোৰ আৰু সিহঁতৰ মাজত স্পষ্টৰূপে মীমাংসা কৰি দিয়া, লগতে মোক আৰু মোৰ লগত থকা মুমিনসকলক ৰক্ষা কৰা’। | فَٱفْتَحْ بَيْنِى وَبَيْنَهُمْ فَتْحًۭا وَنَجِّنِى وَمَن مَّعِىَ مِنَ ٱلْمُؤْمِنِينَ. ﴿118﴾ |
| 119 ফলত আমি তেওঁক আৰু তেওঁৰ লগত যিসকল আছিল সকলোকে বোজাই নাৱত আৰোহণ কৰাই ৰক্ষা কৰিলোঁ। | فَأَنجَيْنَٰهُ وَمَن مَّعَهُۥ فِى ٱلْفُلْكِ ٱلْمَشْحُونِ. ﴿119﴾ |
| 120 তাৰ পিছত বাকী থকাসকলক ডুবাই মাৰিলোঁ। | ثُمَّ أَغْرَقْنَا بَعْدُ ٱلْبَاقِينَ. ﴿120﴾ |
| 121 নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়। | إِنَّ فِى ذَٰلِكَ لَءَايَةًۭ ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ. ﴿121﴾ |
| 122 আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু। | وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ. ﴿122﴾ |
| 123 আদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল, | كَذَّبَتْ عَادٌ ٱلْمُرْسَلِينَ. ﴿123﴾ |
| 124 যেতিয়া সিহঁতৰ ভাতৃ হূদে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে? | إِذْ قَالَ لَهُمْ أَخُوهُمْ هُودٌ أَلَا تَتَّقُونَ. ﴿124﴾ |
| 125 ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল। | إِنِّى لَكُمْ رَسُولٌ أَمِينٌۭ. ﴿125﴾ |
| 126 ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা। | فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ. ﴿126﴾ |
| 127 ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত। | وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَٰلَمِينَ. ﴿127﴾ |
| 128 ‘তোমালোকে কিয় প্ৰতিটো উচ্চ স্থানত অযথা সৌধ নিৰ্মাণ কৰা? | أَتَبْنُونَ بِكُلِّ رِيعٍ ءَايَةًۭ تَعْبَثُونَ. ﴿128﴾ |
| 129 ‘আৰু তোমালোকে এনেকৈ প্ৰাসাদসমূহ নিৰ্মাণ কৰি আছা, যেনিবা তোমালোকে (পৃথিৱীত) চিৰস্থায়ী হ’বা। | وَتَتَّخِذُونَ مَصَانِعَ لَعَلَّكُمْ تَخْلُدُونَ. ﴿129﴾ |
| 130 ‘আৰু যেতিয়া তোমালোকে আঘাত কৰা তেতিয়া স্বেচ্ছাচাৰী হৈ আঘাত কৰা। | وَإِذَا بَطَشْتُم بَطَشْتُمْ جَبَّارِينَ. ﴿130﴾ |
| 131 ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা। | فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ. ﴿131﴾ |
| 132 ‘আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰা সেই সত্ত্বাৰ যিজনে তোমালোকক দান কৰিছে সেই সকলো বিষয়, যিবোৰ তোমালোকে জানা। | وَٱتَّقُوا۟ ٱلَّذِىٓ أَمَدَّكُم بِمَا تَعْلَمُونَ. ﴿132﴾ |
| 133 ‘তেৱেঁই তোমালোকক দান কৰিছে চতুষ্পদ জন্তু আৰু পুত্ৰ সন্তান, | أَمَدَّكُم بِأَنْعَٰمٍۢ وَبَنِينَ. ﴿133﴾ |
| 134 ‘উদ্যান আৰু ঝৰ্ণাসমূহ, | وَجَنَّٰتٍۢ وَعُيُونٍ. ﴿134﴾ |
| 135 ‘নিশ্চয় মই তোমালোকৰ ওপৰত এটা মহা দিৱসৰ শাস্তিৰ আশংকা কৰি আছোঁ’। | إِنِّىٓ أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ عَظِيمٍۢ. ﴿135﴾ |
| 136 সিহঁতে ক’লে, ‘তুমি আমাক উপদেশ দিয়া বা নিদিয়া, উভয়ে আমাৰ বাবে সমান। | قَالُوا۟ سَوَآءٌ عَلَيْنَآ أَوَعَظْتَ أَمْ لَمْ تَكُن مِّنَ ٱلْوَٰعِظِينَ. ﴿136﴾ |
| 137 ‘এইটো পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতিহে মাত্ৰ। | إِنْ هَٰذَآ إِلَّا خُلُقُ ٱلْأَوَّلِينَ. ﴿137﴾ |
| 138 ‘আমি কেতিয়াও শাস্তিপ্ৰাপ্ত নহওঁ’। | وَمَا نَحْنُ بِمُعَذَّبِينَ. ﴿138﴾ |
| 139 এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে, ফলত আমি সিহঁতক ধ্বংস কৰিলোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়। | فَكَذَّبُوهُ فَأَهْلَكْنَٰهُمْ ۗ إِنَّ فِى ذَٰلِكَ لَءَايَةًۭ ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ. ﴿139﴾ |
| 140 আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু। | وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ. ﴿140﴾ |
| 141 ছামূদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল, | كَذَّبَتْ ثَمُودُ ٱلْمُرْسَلِينَ. ﴿141﴾ |
| 142 যেতিয়া সিহঁতৰ ভাতৃ ছলেহে সিহঁতক কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন নকৰিবানে? | إِذْ قَالَ لَهُمْ أَخُوهُمْ صَٰلِحٌ أَلَا تَتَّقُونَ. ﴿142﴾ |
| 143 ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল। | إِنِّى لَكُمْ رَسُولٌ أَمِينٌۭ. ﴿143﴾ |
| 144 ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা। | فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ. ﴿144﴾ |
| 145 ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বাজগতৰ ৰব (আল্লাহ)ৰ ওচৰত। | وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَٰلَمِينَ. ﴿145﴾ |
| 146 ‘এই পাৰ্থিৱ ভোগ-বিলাসৰ মাজত তোমালোকক নিৰাপদে এৰি দিয়া হ’বনে? | أَتُتْرَكُونَ فِى مَا هَٰهُنَآ ءَامِنِينَ. ﴿146﴾ |
| 147 ‘উদ্যান আৰু ঝৰ্ণাসমূহৰ মাজত, | فِى جَنَّٰتٍۢ وَعُيُونٍۢ. ﴿147﴾ |
| 148 ‘শস্যক্ষেত্ৰত আৰু সুকোমল জোকা বিশিষ্ট খেজুৰ বাগানত? | وَزُرُوعٍۢ وَنَخْلٍۢ طَلْعُهَا هَضِيمٌۭ. ﴿148﴾ |
| 149 ‘আৰু তোমালোকে নিপুণতাৰ সৈতে পাহাৰ কাটি যিবোৰ গৃহ নিৰ্মাণ কৰিছা (সেইবোৰৰ মাজত)। | وَتَنْحِتُونَ مِنَ ٱلْجِبَالِ بُيُوتًۭا فَٰرِهِينَ. ﴿149﴾ |
| 150 ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা। | فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ. ﴿150﴾ |
| 151 ‘আৰু তোমালোকে সীমালংঘনকাৰীসকলৰ নিৰ্দেশৰ আনুগত্য নকৰিবা, | وَلَا تُطِيعُوٓا۟ أَمْرَ ٱلْمُسْرِفِينَ. ﴿151﴾ |
| 152 ‘যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে আৰু সংশোধন (তথা শান্তি স্থাপন) নকৰে’। | ٱلَّذِينَ يُفْسِدُونَ فِى ٱلْأَرْضِ وَلَا يُصْلِحُونَ. ﴿152﴾ |
| 153 সিহঁতে ক’লে, ‘তুমি হৈছা যাদুগ্ৰস্তবিলাকৰ অন্যতম। | قَالُوٓا۟ إِنَّمَآ أَنتَ مِنَ ٱلْمُسَحَّرِينَ. ﴿153﴾ |
| 154 ‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, সেয়ে তুমি যদি সত্যবাদী হোৱা তেন্তে এটা নিদৰ্শন লৈ আহা’। | مَآ أَنتَ إِلَّا بَشَرٌۭ مِّثْلُنَا فَأْتِ بِـَٔايَةٍ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ. ﴿154﴾ |
| 155 তেওঁ ক’লে, ‘এইজনী হৈছে (নিদৰ্শনীয়) উট, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল, আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল। | قَالَ هَٰذِهِۦ نَاقَةٌۭ لَّهَا شِرْبٌۭ وَلَكُمْ شِرْبُ يَوْمٍۢ مَّعْلُومٍۢ. ﴿155﴾ |
| 156 ‘আৰু তোমালোকে ইয়াৰ কোনো অনিষ্ট সাধন নকৰিবা, যদি (অনিষ্ট সাধন) কৰা তেন্তে মহা দিৱসৰ শাস্তি তোমালোকৰ ওপৰত আপতিত হ’ব’। | وَلَا تَمَسُّوهَا بِسُوٓءٍۢ فَيَأْخُذَكُمْ عَذَابُ يَوْمٍ عَظِيمٍۢ. ﴿156﴾ |
| 157 তথাপিও সিহঁতে সেই উটজনীক বধ কৰিলে, পৰিণামত সিহঁত অনুতপ্ত হ’ল। | فَعَقَرُوهَا فَأَصْبَحُوا۟ نَٰدِمِينَ. ﴿157﴾ |
| 158 ফলত শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়। | فَأَخَذَهُمُ ٱلْعَذَابُ ۗ إِنَّ فِى ذَٰلِكَ لَءَايَةًۭ ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ. ﴿158﴾ |
| 159 আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু। | وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ. ﴿159﴾ |
| 160 লূত সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল, | كَذَّبَتْ قَوْمُ لُوطٍ ٱلْمُرْسَلِينَ. ﴿160﴾ |
| 161 যেতিয়া সিহঁতৰ ভাতৃ লূতে কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে? | إِذْ قَالَ لَهُمْ أَخُوهُمْ لُوطٌ أَلَا تَتَّقُونَ. ﴿161﴾ |
| 162 ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল। | إِنِّى لَكُمْ رَسُولٌ أَمِينٌۭ. ﴿162﴾ |
| 163 ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা। | فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ. ﴿163﴾ |
| 164 ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত। | وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَٰلَمِينَ. ﴿164﴾ |
| 165 ‘সৃষ্টিজগতৰ মাজত (নাৰীসকলক এৰি) তোমালোকে কেৱল পুৰুষসকলৰ ওচৰতেই উপগত হোৱা নেকি? | أَتَأْتُونَ ٱلذُّكْرَانَ مِنَ ٱلْعَٰلَمِينَ. ﴿165﴾ |
| 166 ‘আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যি স্ত্ৰীসকলক সৃষ্টি কৰিছে সিহঁতক তোমালোকে বৰ্জন কৰি আছা? বৰং তোমালোক হৈছা এটা সীমালংঘনকাৰী সম্প্ৰদায়’। | وَتَذَرُونَ مَا خَلَقَ لَكُمْ رَبُّكُم مِّنْ أَزْوَٰجِكُم ۚ بَلْ أَنتُمْ قَوْمٌ عَادُونَ. ﴿166﴾ |
| 167 সিহঁতে ক’লে, ‘হে লূত! তুমি যদি বিৰত নোহোৱা, তেন্তে নিশ্চয় তুমি বহিষ্কাৰ হ’বা’। | قَالُوا۟ لَئِن لَّمْ تَنتَهِ يَٰلُوطُ لَتَكُونَنَّ مِنَ ٱلْمُخْرَجِينَ. ﴿167﴾ |
| 168 তেওঁ ক’লে, ‘নিশ্চয় মই তোমালোকৰ এই কুকৰ্মক ঘৃণা কৰোঁ। | قَالَ إِنِّى لِعَمَلِكُم مِّنَ ٱلْقَالِينَ. ﴿168﴾ |
| 169 (তেওঁ প্ৰাৰ্থনা কৰি ক’লে,) ‘হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কুকৰ্মৰ পৰা ৰক্ষা কৰা’। | رَبِّ نَجِّنِى وَأَهْلِى مِمَّا يَعْمَلُونَ. ﴿169﴾ |
| 170 ফলত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিলোঁ। | فَنَجَّيْنَٰهُ وَأَهْلَهُۥٓ أَجْمَعِينَ. ﴿170﴾ |
| 171 কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থাৱকাৰী বিলাকৰ অন্তৰ্ভুক্ত। | إِلَّا عَجُوزًۭا فِى ٱلْغَٰبِرِينَ. ﴿171﴾ |
| 172 তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলোঁ। | ثُمَّ دَمَّرْنَا ٱلْءَاخَرِينَ. ﴿172﴾ |
| 173 আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিলোঁ। এতেকে যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল! | وَأَمْطَرْنَا عَلَيْهِم مَّطَرًۭا ۖ فَسَآءَ مَطَرُ ٱلْمُنذَرِينَ. ﴿173﴾ |
| 174 নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়। | إِنَّ فِى ذَٰلِكَ لَءَايَةًۭ ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ. ﴿174﴾ |
| 175 আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু। | وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ. ﴿175﴾ |
| 176 আইকাৰ অধিবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল, | كَذَّبَ أَصْحَٰبُ لْـَٔيْكَةِ ٱلْمُرْسَلِينَ. ﴿176﴾ |
| 177 যেতিয়া শ্বুআইবে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’? | إِذْ قَالَ لَهُمْ شُعَيْبٌ أَلَا تَتَّقُونَ. ﴿177﴾ |
| 178 ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল। | إِنِّى لَكُمْ رَسُولٌ أَمِينٌۭ. ﴿178﴾ |
| 179 ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা। | فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ. ﴿179﴾ |
| 180 ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত। | وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ ۖ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَٰلَمِينَ. ﴿180﴾ |
| 181 ‘তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণৰূপে ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোকে সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা। | ۞ أَوْفُوا۟ ٱلْكَيْلَ وَلَا تَكُونُوا۟ مِنَ ٱلْمُخْسِرِينَ. ﴿181﴾ |
| 182 ‘আৰু ওজন কৰিবা সঠিক তুলাচনীত। | وَزِنُوا۟ بِٱلْقِسْطَاسِ ٱلْمُسْتَقِيمِ. ﴿182﴾ |
| 183 ‘আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা। | وَلَا تَبْخَسُوا۟ ٱلنَّاسَ أَشْيَآءَهُمْ وَلَا تَعْثَوْا۟ فِى ٱلْأَرْضِ مُفْسِدِينَ. ﴿183﴾ |
| 184 ‘আৰু সেই সত্ত্বাৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে’। | وَٱتَّقُوا۟ ٱلَّذِى خَلَقَكُمْ وَٱلْجِبِلَّةَ ٱلْأَوَّلِينَ. ﴿184﴾ |
| 185 সিহঁতে ক’লে, ‘তুমি হৈছা যাদুগ্ৰস্তসকলৰ অন্যতম। | قَالُوٓا۟ إِنَّمَآ أَنتَ مِنَ ٱلْمُسَحَّرِينَ. ﴿185﴾ |
| 186 ‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, আৰু আমি তোমাক মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত বুলি ভাবোঁ। | وَمَآ أَنتَ إِلَّا بَشَرٌۭ مِّثْلُنَا وَإِن نَّظُنُّكَ لَمِنَ ٱلْكَٰذِبِينَ. ﴿186﴾ |
| 187 ‘এতেকে তুমি যদি সত্যবাদী হোৱা, তেন্তে আকাশৰ এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়াচোন’। | فَأَسْقِطْ عَلَيْنَا كِسَفًۭا مِّنَ ٱلسَّمَآءِ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ. ﴿187﴾ |
| 188 তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকেই ভালদৰে জানে তোমালোকে যি কৰা’। | قَالَ رَبِّىٓ أَعْلَمُ بِمَا تَعْمَلُونَ. ﴿188﴾ |
| 189 এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে। ফলত সিহঁতক মেঘাচ্ছন্ন দিনৰ শাস্তিয়ে গ্ৰাস কৰিলে। নিশ্চয় এয়া আছিল এটা ভীষণ দিনৰ শাস্তি। | فَكَذَّبُوهُ فَأَخَذَهُمْ عَذَابُ يَوْمِ ٱلظُّلَّةِ ۚ إِنَّهُۥ كَانَ عَذَابَ يَوْمٍ عَظِيمٍ. ﴿189﴾ |
| 190 নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়। | إِنَّ فِى ذَٰلِكَ لَءَايَةًۭ ۖ وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ. ﴿190﴾ |
| 191 আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু। | وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ. ﴿191﴾ |
| 192 নিশ্চয় এইখন (কোৰআন) বিশ্বজগতৰ প্ৰতিপালক (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ। | وَإِنَّهُۥ لَتَنزِيلُ رَبِّ ٱلْعَٰلَمِينَ. ﴿192﴾ |
| 193 বিশ্বস্ত ৰূহে (জীব্ৰীলে) এইখন লৈ অৱতৰণ কৰিছে। | نَزَلَ بِهِ ٱلرُّوحُ ٱلْأَمِينُ. ﴿193﴾ |
| 194 তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা। | عَلَىٰ قَلْبِكَ لِتَكُونَ مِنَ ٱلْمُنذِرِينَ. ﴿194﴾ |
| 195 সুস্পষ্ট আৰবী ভাষাত (অৱতীৰ্ণ কৰা হৈছে)। | بِلِسَانٍ عَرَبِىٍّۢ مُّبِينٍۢ. ﴿195﴾ |
| 196 আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহতো ইয়াৰ বিষয়ে উল্লেখ আছে। | وَإِنَّهُۥ لَفِى زُبُرِ ٱلْأَوَّلِينَ. ﴿196﴾ |
| 197 এইখন সিহঁতৰ বাবে এটা নিদৰ্শন নহয়নে বাৰু যে, বনী ইছৰাঈলৰ আলিমসকলেও এই বিষয়ে জানে? | أَوَلَمْ يَكُن لَّهُمْ ءَايَةً أَن يَعْلَمَهُۥ عُلَمَٰٓؤُا۟ بَنِىٓ إِسْرَٰٓءِيلَ. ﴿197﴾ |
| 198 আৰু যদি আমি ইয়াক কোনো অনাৰবৰ প্ৰতি অৱতীৰ্ণ কৰিলোঁহেঁতেন; | وَلَوْ نَزَّلْنَٰهُ عَلَىٰ بَعْضِ ٱلْأَعْجَمِينَ. ﴿198﴾ |
| 199 আৰু সেইখনক তেওঁ সিহঁতৰ সন্মুখত পাঠ কৰিলে তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন। | فَقَرَأَهُۥ عَلَيْهِم مَّا كَانُوا۟ بِهِۦ مُؤْمِنِينَ. ﴿199﴾ |
| 200 এইদৰেই আমি বিষয়টো অপৰাধীসকলৰ অন্তৰত সঞ্চাৰ কৰিছোঁ। | كَذَٰلِكَ سَلَكْنَٰهُ فِى قُلُوبِ ٱلْمُجْرِمِينَ. ﴿200﴾ |
| 201 সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে ইয়াৰ ওপৰত ঈমান পোষণ নকৰিব। | لَا يُؤْمِنُونَ بِهِۦ حَتَّىٰ يَرَوُا۟ ٱلْعَذَابَ ٱلْأَلِيمَ. ﴿201﴾ |
| 202 এতেকে সেই (শাস্তি)টো সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব। | فَيَأْتِيَهُم بَغْتَةًۭ وَهُمْ لَا يَشْعُرُونَ. ﴿202﴾ |
| 203 তেতিয়া সিহঁতে ক’ব, ‘আমাক অলপ অৱকাশ দিয়া হ’বনে’? | فَيَقُولُوا۟ هَلْ نَحْنُ مُنظَرُونَ. ﴿203﴾ |
| 204 তথাপিও সিহঁতে আমাৰ শাস্তিক ত্বৰান্বিত কৰিব বিচাৰে নেকি? | أَفَبِعَذَابِنَا يَسْتَعْجِلُونَ. ﴿204﴾ |
| 205 তুমি ভাবি চোৱাচোন! যদি আমি সিহঁতক দীৰ্ঘকাল ভোগ-বিলাস কৰিবলৈ দিওঁ, | أَفَرَءَيْتَ إِن مَّتَّعْنَٰهُمْ سِنِينَ. ﴿205﴾ |
| 206 তাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল, সেই শাস্তিটো সিহঁতৰ ওচৰলৈ আহি পৰে, | ثُمَّ جَآءَهُم مَّا كَانُوا۟ يُوعَدُونَ. ﴿206﴾ |
| 207 সিহঁতক যিবোৰ ভোগ-বিলাসৰ উপকৰণ হিচাপে দিয়া হৈছিল, সেইবোৰ তেতিয়া সিহঁতৰ কোনো উপকাৰত আহিবনে? | مَآ أَغْنَىٰ عَنْهُم مَّا كَانُوا۟ يُمَتَّعُونَ. ﴿207﴾ |
| 208 আৰু আমি এনে কোনো জনপদ ধ্বংস কৰা নাই, যাৰ বাবে কোনো সতৰ্ককাৰী নাছিল, | وَمَآ أَهْلَكْنَا مِن قَرْيَةٍ إِلَّا لَهَا مُنذِرُونَ. ﴿208﴾ |
| 209 (সিহঁতৰ বাবে) স্মৰণ হিচাপে; আৰু আমি অন্যায়কাৰী নহয়। | ذِكْرَىٰ وَمَا كُنَّا ظَٰلِمِينَ. ﴿209﴾ |
| 210 আৰু চয়তানবিলাকে এইখন লৈ অৱতৰণ কৰা নাই। | وَمَا تَنَزَّلَتْ بِهِ ٱلشَّيَٰطِينُ. ﴿210﴾ |
| 211 আৰু সিহঁত এই কামৰ যোগ্যও নহয়, লগতে এই কামৰ সামৰ্থও সিহঁতৰ নাই। | وَمَا يَنۢبَغِى لَهُمْ وَمَا يَسْتَطِيعُونَ. ﴿211﴾ |
| 212 নিশ্চয় সিহঁতক শ্ৰৱণ কৰাৰ পৰাও আঁতৰত ৰখা হৈছে। | إِنَّهُمْ عَنِ ٱلسَّمْعِ لَمَعْزُولُونَ. ﴿212﴾ |
| 213 এতেকে তুমি আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা, অন্যথা তুমি শাস্তিপ্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত হ’বা। | فَلَا تَدْعُ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ فَتَكُونَ مِنَ ٱلْمُعَذَّبِينَ. ﴿213﴾ |
| 214 আৰু তুমি তোমাৰ নিকটাত্মীয়সকলক সতৰ্ক কৰা। | وَأَنذِرْ عَشِيرَتَكَ ٱلْأَقْرَبِينَ. ﴿214﴾ |
| 215 আৰু মুমিনসকলৰ মাজৰ যিসকলে তোমাৰ অনুসৰণ কৰে, তেওঁলোকৰ প্ৰতি তোমাৰ বাহু অৱনত কৰা। | وَٱخْفِضْ جَنَاحَكَ لِمَنِ ٱتَّبَعَكَ مِنَ ٱلْمُؤْمِنِينَ. ﴿215﴾ |
| 216 এতেকে তেওঁলোকে যদি তোমাৰ অবাধ্যতা কৰে, তেন্তে কোৱা, ‘তোমালোকে যি কৰা, নিশ্চয় তাৰ বাবে মই দায়ী নহয়’। | فَإِنْ عَصَوْكَ فَقُلْ إِنِّى بَرِىٓءٌۭ مِّمَّا تَعْمَلُونَ. ﴿216﴾ |
| 217 আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত, | وَتَوَكَّلْ عَلَى ٱلْعَزِيزِ ٱلرَّحِيمِ. ﴿217﴾ |
| 218 যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা, | ٱلَّذِى يَرَىٰكَ حِينَ تَقُومُ. ﴿218﴾ |
| 219 আৰু (তেৱেঁই) ছাজদাকাৰীসকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)। | وَتَقَلُّبَكَ فِى ٱلسَّٰجِدِينَ. ﴿219﴾ |
| 220 নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ। | إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ. ﴿220﴾ |
| 221 মই তোমালোকক সংবাদ দিমনে, কাৰ ওপৰত চয়তান অৱতীৰ্ণ হয়? | هَلْ أُنَبِّئُكُمْ عَلَىٰ مَن تَنَزَّلُ ٱلشَّيَٰطِينُ. ﴿221﴾ |
| 222 সিহঁত অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ঠ ব্যক্তিৰ ওপৰত। | تَنَزَّلُ عَلَىٰ كُلِّ أَفَّاكٍ أَثِيمٍۢ. ﴿222﴾ |
| 223 সিহঁতে কাণ পাতি থাকে আৰু সিহঁতৰ অধিকাংশই হৈছে মিছলীয়া। | يُلْقُونَ ٱلسَّمْعَ وَأَكْثَرُهُمْ كَٰذِبُونَ. ﴿223﴾ |
| 224 আৰু কবিসকল, সিহঁতৰ অনুসৰণ কেৱল বিভ্ৰান্তবিলাকেহে কৰে। | وَٱلشُّعَرَآءُ يَتَّبِعُهُمُ ٱلْغَاوُۥنَ. ﴿224﴾ |
| 225 তুমি লক্ষ্য কৰা নাইনে যে, সিহঁত উদ্ভ্ৰান্ত হৈ প্ৰত্যেক উপত্যকাত ঘূৰি ফুৰে? | أَلَمْ تَرَ أَنَّهُمْ فِى كُلِّ وَادٍۢ يَهِيمُونَ. ﴿225﴾ |
| 226 আৰু সিহঁতে এনেকুৱা কথা কয়, যিটো সিহঁতে (নিজেই) নকৰে। | وَأَنَّهُمْ يَقُولُونَ مَا لَا يَفْعَلُونَ. ﴿226﴾ |
| 227 কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰে আৰু অত্যাচাৰিত হোৱাৰ পিছত প্ৰতিশোধ গ্ৰহণ কৰিছে। যালিমসকলে শীঘ্ৰেই জানিবলৈ পাব যে, কোন ধৰণৰ গন্তব্যস্থলত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব। | إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ وَذَكَرُوا۟ ٱللَّهَ كَثِيرًۭا وَٱنتَصَرُوا۟ مِنۢ بَعْدِ مَا ظُلِمُوا۟ ۗ وَسَيَعْلَمُ ٱلَّذِينَ ظَلَمُوٓا۟ أَىَّ مُنقَلَبٍۢ يَنقَلِبُونَ. ﴿227﴾ |