العنكبوت
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
|
1
আলিফ-লাম-মীম।[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
|
الٓمٓ. ﴿1﴾ |
| 2 মানুহে ভাবিছে নেকি যে, ‘আমি ঈমান আনিছোঁ’ এই বুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব? | أَحَسِبَ ٱلنَّاسُ أَن يُتْرَكُوٓا۟ أَن يَقُولُوٓا۟ ءَامَنَّا وَهُمْ لَا يُفْتَنُونَ. ﴿2﴾ |
| 3 নিশ্চয় আমি সিহঁতৰ পূৰ্বৱৰ্তীসকলকো পৰীক্ষা কৰিছিলোঁ, গতিকে আল্লাহে নিশ্চয় প্ৰকাশ কৰি দিব কোন সত্যবাদী আৰু তেওঁ অৱশ্যে প্ৰকাশ কৰি দিব কোন মিছলীয়া। | وَلَقَدْ فَتَنَّا ٱلَّذِينَ مِن قَبْلِهِمْ ۖ فَلَيَعْلَمَنَّ ٱللَّهُ ٱلَّذِينَ صَدَقُوا۟ وَلَيَعْلَمَنَّ ٱلْكَٰذِبِينَ. ﴿3﴾ |
| 4 অথবা যিসকলে দুষ্কৰ্ম কৰে সিহঁতে ভাবিছে নেকি যে, সিহঁতে আমাৰ আয়ত্তৰ বাহিৰলৈ গুচি যাব? কিমান যে নিকৃষ্ট সিহঁতৰ এই সিদ্ধান্ত! | أَمْ حَسِبَ ٱلَّذِينَ يَعْمَلُونَ ٱلسَّيِّـَٔاتِ أَن يَسْبِقُونَا ۚ سَآءَ مَا يَحْكُمُونَ. ﴿4﴾ |
| 5 যিয়ে আল্লাহৰ সাক্ষাৎ কামনা কৰে তেওঁ জানি থোৱা উচিত যে, আল্লাহৰ নিৰ্ধাৰিত সময় নিশ্চিতভাৱে আহিবই; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ। | مَن كَانَ يَرْجُوا۟ لِقَآءَ ٱللَّهِ فَإِنَّ أَجَلَ ٱللَّهِ لَءَاتٍۢ ۚ وَهُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ. ﴿5﴾ |
| 6 আৰু যিয়ে প্ৰচেষ্টা চলায়, সি নিজৰ বাবেহে প্ৰচেষ্টা চলায়, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী। | وَمَن جَٰهَدَ فَإِنَّمَا يُجَٰهِدُ لِنَفْسِهِۦٓ ۚ إِنَّ ٱللَّهَ لَغَنِىٌّ عَنِ ٱلْعَٰلَمِينَ. ﴿6﴾ |
| 7 আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকৰ পৰা তেওঁলোকৰ পাপসমূহক মাৰ্জনা কৰিম আৰু তেওঁলোকে যি উত্তম আমল কৰিছিল, নিশ্চয় আমি তাৰ প্ৰতিদান দিম। | وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ لَنُكَفِّرَنَّ عَنْهُمْ سَيِّـَٔاتِهِمْ وَلَنَجْزِيَنَّهُمْ أَحْسَنَ ٱلَّذِى كَانُوا۟ يَعْمَلُونَ. ﴿7﴾ |
| 8 আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছোঁ। কিন্তু সিহঁতে যদি মোৰ লগত শ্বিৰ্ক কৰিবলৈ তোমাৰ ওপৰত বল প্ৰয়োগ কৰে যি বিষয়ত তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা। (জানি থোৱা) মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তেতিয়া মই তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা। | وَوَصَّيْنَا ٱلْإِنسَٰنَ بِوَٰلِدَيْهِ حُسْنًۭا ۖ وَإِن جَٰهَدَاكَ لِتُشْرِكَ بِى مَا لَيْسَ لَكَ بِهِۦ عِلْمٌۭ فَلَا تُطِعْهُمَآ ۚ إِلَىَّ مَرْجِعُكُمْ فَأُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ. ﴿8﴾ |
| 9 আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিম। | وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ لَنُدْخِلَنَّهُمْ فِى ٱلصَّٰلِحِينَ. ﴿9﴾ |
| 10 আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কয়, ‘আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ’, কিন্তু আল্লাহৰ পথত যেতিয়া সিহঁতক নিৰ্যাতন কৰা হয়, তেতিয়া সিহঁতে মানুহৰ নিৰ্যাতনক আল্লাহৰ শাস্তিৰ দৰে গণ্য কৰে। কিন্তু তোমাৰ প্ৰতিপালকৰ পৰা কোনো সহায় আহিলে সিহঁতে কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছিলোঁ’, (তেন্তে কোৱাচোন) সৃষ্টিৰ অন্তঃকৰণত যি আছে, সেই বিষয়ে আল্লাহ সম্যক অৱগত নহয়নে? | وَمِنَ ٱلنَّاسِ مَن يَقُولُ ءَامَنَّا بِٱللَّهِ فَإِذَآ أُوذِىَ فِى ٱللَّهِ جَعَلَ فِتْنَةَ ٱلنَّاسِ كَعَذَابِ ٱللَّهِ وَلَئِن جَآءَ نَصْرٌۭ مِّن رَّبِّكَ لَيَقُولُنَّ إِنَّا كُنَّا مَعَكُمْ ۚ أَوَلَيْسَ ٱللَّهُ بِأَعْلَمَ بِمَا فِى صُدُورِ ٱلْعَٰلَمِينَ. ﴿10﴾ |
| 11 আৰু আল্লাহে নিশ্চয় প্ৰকাশ কৰি দিব কোনে ঈমান আনিছে আৰু অৱশ্যে প্ৰকাশ কৰি দিব কোন মুনাফিক। | وَلَيَعْلَمَنَّ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ وَلَيَعْلَمَنَّ ٱلْمُنَٰفِقِينَ. ﴿11﴾ |
| 12 আৰু কাফিৰসকলে মুমিনসকলক কয়, "তোমালোকে আমাৰ পথ অনুসৰণ কৰা, আমি তোমালোকৰ পাপকৰ্মৰ বোজা বহন কৰিম"। অথচ সিহঁতে সিহঁতৰ গুনাহৰ কোনো বোজাই বহন নকৰিব। নিশ্চয় সিহঁত হৈছে মিছলীয়া। | وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لِلَّذِينَ ءَامَنُوا۟ ٱتَّبِعُوا۟ سَبِيلَنَا وَلْنَحْمِلْ خَطَٰيَٰكُمْ وَمَا هُم بِحَٰمِلِينَ مِنْ خَطَٰيَٰهُم مِّن شَىْءٍ ۖ إِنَّهُمْ لَكَٰذِبُونَ. ﴿12﴾ |
| 13 বৰং সিহঁতে নিশ্চয় বহন কৰিব নিজৰ (পাপকৰ্মৰ) বোজা লগতে আৰু কিছুমান বোজা; আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেই বিষয়ে সিহঁতক নিশ্চয় কিয়ামতৰ দিনা প্ৰশ্ন কৰা হ’ব। | وَلَيَحْمِلُنَّ أَثْقَالَهُمْ وَأَثْقَالًۭا مَّعَ أَثْقَالِهِمْ ۖ وَلَيُسْـَٔلُنَّ يَوْمَ ٱلْقِيَٰمَةِ عَمَّا كَانُوا۟ يَفْتَرُونَ. ﴿13﴾ |
| 14 আৰু আমিয়েই নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁ সিহঁতৰ মাজত অৱস্থান কৰিছিল পঞ্চাশ বছৰ কম এহেজাৰ বছৰ। তাৰ পিছত মহা-প্লাৱনে সিহঁতক গ্ৰাস কৰিছিল, কাৰণ সিহঁত আছিল যালিম। | وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِۦ فَلَبِثَ فِيهِمْ أَلْفَ سَنَةٍ إِلَّا خَمْسِينَ عَامًۭا فَأَخَذَهُمُ ٱلطُّوفَانُ وَهُمْ ظَٰلِمُونَ. ﴿14﴾ |
| 15 তাৰ পিছত আমি তেওঁক আৰু নাৱত আৰোহণকাৰীসকলক ৰক্ষা কৰিছিলোঁ আৰু সৃষ্টিজগতৰ বাবে ইয়াক এটা নিদৰ্শন বনাই দিছোঁ। | فَأَنجَيْنَٰهُ وَأَصْحَٰبَ ٱلسَّفِينَةِ وَجَعَلْنَٰهَآ ءَايَةًۭ لِّلْعَٰلَمِينَ. ﴿15﴾ |
| 16 আৰু (স্মৰণ কৰা) ইব্ৰাহীমক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা আৰু তেওঁৰেই তাক্বৱা অৱলম্বন কৰা; এইটোৱেই তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন! | وَإِبْرَٰهِيمَ إِذْ قَالَ لِقَوْمِهِ ٱعْبُدُوا۟ ٱللَّهَ وَٱتَّقُوهُ ۖ ذَٰلِكُمْ خَيْرٌۭ لَّكُمْ إِن كُنتُمْ تَعْلَمُونَ. ﴿16﴾ |
| 17 তোমালোকে আল্লাহক এৰি কেৱল মূৰ্তিপূজাহে কৰি আছা আৰু মিছা উদ্ভাৱন কৰি আছা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰি আছা সিহঁত কিন্তু তোমালোকৰ জীৱিকাৰ মালিক নহয়। সেয়ে তোমালোকে কেৱল আল্লাহৰ ওচৰতেই জীৱিকা বিচৰা আৰু তেওঁৰেই ইবাদত কৰা। তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা। | إِنَّمَا تَعْبُدُونَ مِن دُونِ ٱللَّهِ أَوْثَٰنًۭا وَتَخْلُقُونَ إِفْكًا ۚ إِنَّ ٱلَّذِينَ تَعْبُدُونَ مِن دُونِ ٱللَّهِ لَا يَمْلِكُونَ لَكُمْ رِزْقًۭا فَٱبْتَغُوا۟ عِندَ ٱللَّهِ ٱلرِّزْقَ وَٱعْبُدُوهُ وَٱشْكُرُوا۟ لَهُۥٓ ۖ إِلَيْهِ تُرْجَعُونَ. ﴿17﴾ |
| 18 আৰু তোমালোকে যদি অস্বীকাৰ কৰা তেন্তে (জানি থোৱা) তোমালোকৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। সুস্পষ্টভাৱে প্ৰচাৰ কৰাটোৱে হৈছে ৰাছুলৰ গুৰু দায়িত্ব। | وَإِن تُكَذِّبُوا۟ فَقَدْ كَذَّبَ أُمَمٌۭ مِّن قَبْلِكُمْ ۖ وَمَا عَلَى ٱلرَّسُولِ إِلَّا ٱلْبَلَٰغُ ٱلْمُبِينُ. ﴿18﴾ |
| 19 সিহঁতে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ সৃষ্টিক অস্তিত্ব দান কৰে? তাৰ পিছত তেওঁ ইয়াৰ পুনৰাবৃত্তি কৰিব। নিশ্চয় এইটো আল্লাহৰ বাবে অতি সহজ। | أَوَلَمْ يَرَوْا۟ كَيْفَ يُبْدِئُ ٱللَّهُ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥٓ ۚ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٌۭ. ﴿19﴾ |
| 20 কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা, তাৰ পিছত প্ৰত্যক্ষ কৰা, কেনেকৈ তেওঁ সৃষ্টি আৰম্ভ কৰিছে, তাৰ পিছত আল্লাহেই পুনৰবাৰ সৃষ্টি কৰিব’। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। | قُلْ سِيرُوا۟ فِى ٱلْأَرْضِ فَٱنظُرُوا۟ كَيْفَ بَدَأَ ٱلْخَلْقَ ۚ ثُمَّ ٱللَّهُ يُنشِئُ ٱلنَّشْأَةَ ٱلْءَاخِرَةَ ۚ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌۭ. ﴿20﴾ |
| 21 তেওঁ যাক ইচ্ছা কৰে শাস্তি দিয়ে আৰু যাৰ প্ৰতি ইচ্ছা কৰে অনুগ্ৰহ কৰে। তোমালোকক তেওঁৰ ওচৰতেই ওভতাই নিয়া হ’ব। | يُعَذِّبُ مَن يَشَآءُ وَيَرْحَمُ مَن يَشَآءُ ۖ وَإِلَيْهِ تُقْلَبُونَ. ﴿21﴾ |
| 22 তোমালোকে আল্লাহক পৃথিৱীত অথবা আকাশত ক'তো ব্যৰ্থ কৰিব নোৱাৰিবা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই, আৰু কোনো সাহায্যকাৰীও নাই। | وَمَآ أَنتُم بِمُعْجِزِينَ فِى ٱلْأَرْضِ وَلَا فِى ٱلسَّمَآءِ ۖ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِىٍّۢ وَلَا نَصِيرٍۢ. ﴿22﴾ |
| 23 আৰু যিসকলে আল্লাহৰ নিদৰ্শনক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰে, সিহঁতেই মোৰ অনুগ্ৰহৰ পৰা নিৰাশ হয়, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। | وَٱلَّذِينَ كَفَرُوا۟ بِـَٔايَٰتِ ٱللَّهِ وَلِقَآئِهِۦٓ أُو۟لَٰٓئِكَ يَئِسُوا۟ مِن رَّحْمَتِى وَأُو۟لَٰٓئِكَ لَهُمْ عَذَابٌ أَلِيمٌۭ. ﴿23﴾ |
| 24 উত্তৰত ইব্ৰাহীমৰ সম্প্ৰদায়ে কেৱল এই কথাষাৰকে ক'লে যে, ইয়াক হত্যা কৰা অথবা জুইত জ্বলাই দিয়া। তাৰ পিছত আল্লাহে তেওঁক জুইৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে। | فَمَا كَانَ جَوَابَ قَوْمِهِۦٓ إِلَّآ أَن قَالُوا۟ ٱقْتُلُوهُ أَوْ حَرِّقُوهُ فَأَنجَىٰهُ ٱللَّهُ مِنَ ٱلنَّارِ ۚ إِنَّ فِى ذَٰلِكَ لَءَايَٰتٍۢ لِّقَوْمٍۢ يُؤْمِنُونَ. ﴿24﴾ |
| 25 ইব্ৰাহীমে আৰু ক’লে, ‘তোমালোকে দেখোন আল্লাহৰ পৰিবৰ্তে মূৰ্তিবোৰকহে উপাস্যৰূপে গ্ৰহণ কৰিছা, পাৰ্থিৱ জীৱনত তোমালোকৰ পাৰস্পাৰিক বন্ধুত্বৰ খাতিৰত। কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰিবা। তোমালোকৰ আবাস হ’ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব’। | وَقَالَ إِنَّمَا ٱتَّخَذْتُم مِّن دُونِ ٱللَّهِ أَوْثَٰنًۭا مَّوَدَّةَ بَيْنِكُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ ثُمَّ يَوْمَ ٱلْقِيَٰمَةِ يَكْفُرُ بَعْضُكُم بِبَعْضٍۢ وَيَلْعَنُ بَعْضُكُم بَعْضًۭا وَمَأْوَىٰكُمُ ٱلنَّارُ وَمَا لَكُم مِّن نَّٰصِرِينَ. ﴿25﴾ |
| 26 তাৰ পিছত লূতে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে। ইব্ৰাহীমে ক'লে, মই মোৰ প্ৰতিপালকৰ উদ্দেশ্যে হিজৰত কৰিম। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়। | ۞ فَـَٔامَنَ لَهُۥ لُوطٌۭ ۘ وَقَالَ إِنِّى مُهَاجِرٌ إِلَىٰ رَبِّىٓ ۖ إِنَّهُۥ هُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ. ﴿26﴾ |
| 27 আৰু আমি ইব্ৰাহীমক দান কৰিছিলোঁ ইছহাক্ব আৰু ইয়াকূব। লগতে তেওঁৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলোঁ নবূওৱত আৰু কিতাব। আমি তেওঁক পৃথিৱীতেই পুৰস্কৃত কৰিছিলোঁ আৰু আখিৰাততো তেওঁ নিশ্চয় সৎকৰ্মপৰায়ণসকলৰ অন্যতম হ’ব। | وَوَهَبْنَا لَهُۥٓ إِسْحَٰقَ وَيَعْقُوبَ وَجَعَلْنَا فِى ذُرِّيَّتِهِ ٱلنُّبُوَّةَ وَٱلْكِتَٰبَ وَءَاتَيْنَٰهُ أَجْرَهُۥ فِى ٱلدُّنْيَا ۖ وَإِنَّهُۥ فِى ٱلْءَاخِرَةِ لَمِنَ ٱلصَّٰلِحِينَ. ﴿27﴾ |
| 28 আৰু স্মৰণ কৰা লূতৰ কথা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘নিশ্চয় তোমালোকে এনেকুৱা অশ্লীল কাম কৰি আছা, যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাছিল’। | وَلُوطًا إِذْ قَالَ لِقَوْمِهِۦٓ إِنَّكُمْ لَتَأْتُونَ ٱلْفَٰحِشَةَ مَا سَبَقَكُم بِهَا مِنْ أَحَدٍۢ مِّنَ ٱلْعَٰلَمِينَ. ﴿28﴾ |
| 29 ‘তোমালোকেই পুৰুষৰ ওচৰলৈ সমকামিতাৰ উদ্দেশ্যে গমন কৰা (কাম তৃপ্তিৰ বাবে), আৰু তোমালোকেই বাটে-পথে ডকাইতি কৰা আৰু তোমালোকেই নিজৰ বৈঠকত প্ৰকাশ্য ঘৃণনীয় কাম কৰা’। উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এইটোৱে ক’লে যে, ‘তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যদি তুমি সত্যবাদী হোৱা’। | أَئِنَّكُمْ لَتَأْتُونَ ٱلرِّجَالَ وَتَقْطَعُونَ ٱلسَّبِيلَ وَتَأْتُونَ فِى نَادِيكُمُ ٱلْمُنكَرَ ۖ فَمَا كَانَ جَوَابَ قَوْمِهِۦٓ إِلَّآ أَن قَالُوا۟ ٱئْتِنَا بِعَذَابِ ٱللَّهِ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ. ﴿29﴾ |
| 30 তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! বিপৰ্যয় সৃষ্টিকাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি মোক সহায় কৰা’। | قَالَ رَبِّ ٱنصُرْنِى عَلَى ٱلْقَوْمِ ٱلْمُفْسِدِينَ. ﴿30﴾ |
| 31 আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল সুসংবাদসহ ইব্ৰাহীমৰ ওচৰলৈ আহিল, তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এই জনপদবাসীক ধ্বংস কৰিম। নিশ্চয় ইয়াৰ অধিবাসীবিলাক যালিম’। | وَلَمَّا جَآءَتْ رُسُلُنَآ إِبْرَٰهِيمَ بِٱلْبُشْرَىٰ قَالُوٓا۟ إِنَّا مُهْلِكُوٓا۟ أَهْلِ هَٰذِهِ ٱلْقَرْيَةِ ۖ إِنَّ أَهْلَهَا كَانُوا۟ ظَٰلِمِينَ. ﴿31﴾ |
| 32 ইব্ৰাহীমে ক’লে, ‘নিশ্চয় এই জনপদৰ মাজত দেখোন লূতো আছে। তেওঁলোকে ক'লে, তাত কোন কোন আছে সেই কথা আমি ভালকৈয়ে জানো, নিশ্চয় আমি লূতক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিম, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই হ’ব পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত। | قَالَ إِنَّ فِيهَا لُوطًۭا ۚ قَالُوا۟ نَحْنُ أَعْلَمُ بِمَن فِيهَا ۖ لَنُنَجِّيَنَّهُۥ وَأَهْلَهُۥٓ إِلَّا ٱمْرَأَتَهُۥ كَانَتْ مِنَ ٱلْغَٰبِرِينَ. ﴿32﴾ |
| 33 আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰলৈ আহিল, তেতিয়া তেওঁ তেওঁলোকৰ বিষয়ে চিন্তিত হৈ পৰিল আৰু তেওঁ নিজকে তেওঁলোকক ৰক্ষা কৰিবলৈ অসমৰ্থ বুলি ভাবিলে। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, চিন্তাও নকৰিব, নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ৰক্ষা কৰিম, কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে; তাই হৈছে পিছত অৱস্থানকাৰীবিলাকৰ অন্তৰ্ভুক্ত; | وَلَمَّآ أَن جَآءَتْ رُسُلُنَا لُوطًۭا سِىٓءَ بِهِمْ وَضَاقَ بِهِمْ ذَرْعًۭا وَقَالُوا۟ لَا تَخَفْ وَلَا تَحْزَنْ ۖ إِنَّا مُنَجُّوكَ وَأَهْلَكَ إِلَّا ٱمْرَأَتَكَ كَانَتْ مِنَ ٱلْغَٰبِرِينَ. ﴿33﴾ |
| 34 ‘নিশ্চয় আমি এই জনপদবাসীৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিম, কাৰণ সিহঁত মহাপাপত লিপ্ত হৈছে’। | إِنَّا مُنزِلُونَ عَلَىٰٓ أَهْلِ هَٰذِهِ ٱلْقَرْيَةِ رِجْزًۭا مِّنَ ٱلسَّمَآءِ بِمَا كَانُوا۟ يَفْسُقُونَ. ﴿34﴾ |
| 35 আৰু নিশ্চয় আমি ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে এটা স্পষ্ট নিদৰ্শন ৰাখিছোঁ। | وَلَقَد تَّرَكْنَا مِنْهَآ ءَايَةًۢ بَيِّنَةًۭ لِّقَوْمٍۢ يَعْقِلُونَ. ﴿35﴾ |
| 36 আৰু আমি মাদিয়ানবাসীৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ সিহঁতৰ ভাতৃ শ্বুআইবক। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা আৰু শেষ দিৱসৰ আশা কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’। | وَإِلَىٰ مَدْيَنَ أَخَاهُمْ شُعَيْبًۭا فَقَالَ يَٰقَوْمِ ٱعْبُدُوا۟ ٱللَّهَ وَٱرْجُوا۟ ٱلْيَوْمَ ٱلْءَاخِرَ وَلَا تَعْثَوْا۟ فِى ٱلْأَرْضِ مُفْسِدِينَ. ﴿36﴾ |
| 37 তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিলে; ফলত সিহঁত ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হৈ নিজ নিজ ঘৰতে নতজানু অৱস্থাত শেষ হৈ গ’ল। | فَكَذَّبُوهُ فَأَخَذَتْهُمُ ٱلرَّجْفَةُ فَأَصْبَحُوا۟ فِى دَارِهِمْ جَٰثِمِينَ. ﴿37﴾ |
| 38 আদ আৰু ছামূদক আমিয়ে ধ্বংস কৰিছিলোঁ, সিহঁতৰ ঘৰ-দুৱাৰৰ কিছুমান ধ্বংসাৱশেষ তোমালোকৰ বাবে উন্মোচিত হৈছে। চয়তানে সিহঁতৰ কৰ্মক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দিছিল আৰু সিহঁতক সৎপথ অৱলম্বনত বাধা দিছিল, যদিও সিহঁত আছিল অতি বিচক্ষণ। | وَعَادًۭا وَثَمُودَا۟ وَقَد تَّبَيَّنَ لَكُم مِّن مَّسَٰكِنِهِمْ ۖ وَزَيَّنَ لَهُمُ ٱلشَّيْطَٰنُ أَعْمَٰلَهُمْ فَصَدَّهُمْ عَنِ ٱلسَّبِيلِ وَكَانُوا۟ مُسْتَبْصِرِينَ. ﴿38﴾ |
| 39 আৰু আমি ধ্বংস কৰিছিলোঁ ক্বাৰূন, ফিৰআউন আৰু হামানক। নিশ্চয় মুছাই সিহঁতৰ ওচৰলৈ সুস্পষ্ট নিদৰ্শনসহ আহিছিল; তথাপিও সিহঁতে পৃথিৱীত অহংকাৰ কৰিছিল; কিন্তু সিহঁতে মোৰ শাস্তিৰ পৰা বাচিব পৰা নাছিল। | وَقَٰرُونَ وَفِرْعَوْنَ وَهَٰمَٰنَ ۖ وَلَقَدْ جَآءَهُم مُّوسَىٰ بِٱلْبَيِّنَٰتِ فَٱسْتَكْبَرُوا۟ فِى ٱلْأَرْضِ وَمَا كَانُوا۟ سَٰبِقِينَ. ﴿39﴾ |
| 40 এতেকে সিহঁতৰ প্ৰত্যেককে নিজ নিজ অপৰাধৰ বাবে আমি সিহঁতক কৰায়ত্ত কৰিছিলোঁ। সিহঁতৰ কিছুমানৰ ওপৰত আমি প্ৰেৰণ কৰিছিলোঁ শিলাবৃষ্টিসম্পন্ন প্ৰচণ্ড ধুমুহা, লগতে সিহঁতৰ কিছুমানক আক্ৰমণ কৰিছিল বিকট চিঞৰে, আৰু কিছুমানক পুতি পেলাইছিলোঁ ভূ-গৰ্ভত আৰু কিছুমানক ডুবাই মাৰিছিলোঁ। আল্লাহ এনেকুৱা নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিব, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল। | فَكُلًّا أَخَذْنَا بِذَنۢبِهِۦ ۖ فَمِنْهُم مَّنْ أَرْسَلْنَا عَلَيْهِ حَاصِبًۭا وَمِنْهُم مَّنْ أَخَذَتْهُ ٱلصَّيْحَةُ وَمِنْهُم مَّنْ خَسَفْنَا بِهِ ٱلْأَرْضَ وَمِنْهُم مَّنْ أَغْرَقْنَا ۚ وَمَا كَانَ ٱللَّهُ لِيَظْلِمَهُمْ وَلَٰكِن كَانُوٓا۟ أَنفُسَهُمْ يَظْلِمُونَ. ﴿40﴾ |
| 41 যিসকলে আল্লাহৰ বাহিৰে আনক অভিভাৱক হিচাপে গ্ৰহণ কৰে, সিহঁতৰ দৃষ্টান্ত মকৰাৰ নিচিনা, যিয়ে ঘৰ বনায়। নিশ্চয় ঘৰৰ মাজত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰাৰ ঘৰ, হায়! যদি সিহঁতে জানিলেহেঁতেন। | مَثَلُ ٱلَّذِينَ ٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ أَوْلِيَآءَ كَمَثَلِ ٱلْعَنكَبُوتِ ٱتَّخَذَتْ بَيْتًۭا ۖ وَإِنَّ أَوْهَنَ ٱلْبُيُوتِ لَبَيْتُ ٱلْعَنكَبُوتِ ۖ لَوْ كَانُوا۟ يَعْلَمُونَ. ﴿41﴾ |
| 42 নিশ্চয় আল্লাহে সেইবোৰক জানে, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে, তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়। | إِنَّ ٱللَّهَ يَعْلَمُ مَا يَدْعُونَ مِن دُونِهِۦ مِن شَىْءٍۢ ۚ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ. ﴿42﴾ |
| 43 আৰু এইবোৰ দৃষ্টান্ত আমি কেৱল মানুহৰ বাবেই দিওঁ, কিন্তু কেৱল জ্ঞানীসকলেহে সেয়া বুজি পায়। | وَتِلْكَ ٱلْأَمْثَٰلُ نَضْرِبُهَا لِلنَّاسِ ۖ وَمَا يَعْقِلُهَآ إِلَّا ٱلْعَٰلِمُونَ. ﴿43﴾ |
| 44 আল্লাহেই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে; নিশ্চয় ইয়াত আছে মুমিনসকলৰ বাবে নিদৰ্শন। | خَلَقَ ٱللَّهُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ ۚ إِنَّ فِى ذَٰلِكَ لَءَايَةًۭ لِّلْمُؤْمِنِينَ. ﴿44﴾ |
| 45 তোমাৰ প্ৰতি যি কিতাব অহী কৰা হৈছে, তাৰ পৰা তুমি তিলাৱত কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে। | ٱتْلُ مَآ أُوحِىَ إِلَيْكَ مِنَ ٱلْكِتَٰبِ وَأَقِمِ ٱلصَّلَوٰةَ ۖ إِنَّ ٱلصَّلَوٰةَ تَنْهَىٰ عَنِ ٱلْفَحْشَآءِ وَٱلْمُنكَرِ ۗ وَلَذِكْرُ ٱللَّهِ أَكْبَرُ ۗ وَٱللَّهُ يَعْلَمُ مَا تَصْنَعُونَ. ﴿45﴾ |
| 46 আৰু তোমালোকে উত্তম পন্থাৰ বাহিৰে কিতাবীসকলৰ লগত বিতৰ্ক নকৰিবা, কিন্তু সিহঁতৰ মাজৰ যিসকলে অন্যায় কৰিছে সিহঁতৰ লগত কৰিব পাৰা। তোমালোকে কোৱা, ‘আমাৰ প্ৰতি আৰু তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত আমি ঈমান আনিছোঁ। আমাৰ ইলাহ আৰু তোমালোকৰ ইলাহ এজনেই, আমি তেওঁৰ প্ৰতিহে আত্মসমৰ্পণকাৰী’। | ۞ وَلَا تُجَٰدِلُوٓا۟ أَهْلَ ٱلْكِتَٰبِ إِلَّا بِٱلَّتِى هِىَ أَحْسَنُ إِلَّا ٱلَّذِينَ ظَلَمُوا۟ مِنْهُمْ ۖ وَقُولُوٓا۟ ءَامَنَّا بِٱلَّذِىٓ أُنزِلَ إِلَيْنَا وَأُنزِلَ إِلَيْكُمْ وَإِلَٰهُنَا وَإِلَٰهُكُمْ وَٰحِدٌۭ وَنَحْنُ لَهُۥ مُسْلِمُونَ. ﴿46﴾ |
| 47 এইদৰেই আমি তোমাৰ প্ৰতিও কিতাব অৱতীৰ্ণ কৰিছোঁ, এতেকে যিসকলক আমি (পূৰ্বে) কিতাব প্ৰদান কৰিছিলোঁ তেওঁলোকেও ইয়াৰ প্ৰতি ঈমান পোষণ কৰে। ইহঁতৰ মাজৰো কিছুমানে ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰে। কাফিৰসকলৰ বাহিৰে আন কোনেও আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ নকৰে। | وَكَذَٰلِكَ أَنزَلْنَآ إِلَيْكَ ٱلْكِتَٰبَ ۚ فَٱلَّذِينَ ءَاتَيْنَٰهُمُ ٱلْكِتَٰبَ يُؤْمِنُونَ بِهِۦ ۖ وَمِنْ هَٰٓؤُلَآءِ مَن يُؤْمِنُ بِهِۦ ۚ وَمَا يَجْحَدُ بِـَٔايَٰتِنَآ إِلَّا ٱلْكَٰفِرُونَ. ﴿47﴾ |
| 48 আৰু তুমিতো ইয়াৰ পূৰ্বে কোনো কিতাব পঢ়া নাছিলা আৰু নিজ হাতে কোনো কিতাবো লিখা নাই যে, বাতিল পন্থীসকলে সন্দেহ পোষণ কৰিব। | وَمَا كُنتَ تَتْلُوا۟ مِن قَبْلِهِۦ مِن كِتَٰبٍۢ وَلَا تَخُطُّهُۥ بِيَمِينِكَ ۖ إِذًۭا لَّٱرْتَابَ ٱلْمُبْطِلُونَ. ﴿48﴾ |
| 49 বৰং যিসকলক জ্ঞান দান কৰা হৈছে প্ৰকৃততে তেওঁলোকৰ অন্তৰত এইখন হৈছে এটা স্পষ্ট নিদৰ্শন। কেৱল যালিমসকলেই আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰে। | بَلْ هُوَ ءَايَٰتٌۢ بَيِّنَٰتٌۭ فِى صُدُورِ ٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ ۚ وَمَا يَجْحَدُ بِـَٔايَٰتِنَآ إِلَّا ٱلظَّٰلِمُونَ. ﴿49﴾ |
| 50 সিহঁতে আৰু কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰলৈ নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘নিদৰ্শনসমূহ হৈছে কেৱল আল্লাহৰ নিয়ন্ত্ৰণাধীন। মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ’। | وَقَالُوا۟ لَوْلَآ أُنزِلَ عَلَيْهِ ءَايَٰتٌۭ مِّن رَّبِّهِۦ ۖ قُلْ إِنَّمَا ٱلْءَايَٰتُ عِندَ ٱللَّهِ وَإِنَّمَآ أَنَا۠ نَذِيرٌۭ مُّبِينٌ. ﴿50﴾ |
| 51 এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে যে, আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যিখন সিহঁতৰ ওচৰত পাঠ কৰা হয়। নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে। | أَوَلَمْ يَكْفِهِمْ أَنَّآ أَنزَلْنَا عَلَيْكَ ٱلْكِتَٰبَ يُتْلَىٰ عَلَيْهِمْ ۚ إِنَّ فِى ذَٰلِكَ لَرَحْمَةًۭ وَذِكْرَىٰ لِقَوْمٍۢ يُؤْمِنُونَ. ﴿51﴾ |
| 52 কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া তেওঁ জানে। যিসকলে বাতিলক বিশ্বাস কৰে আৰু আল্লাহৰ লগত কুফৰী কৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত’। | قُلْ كَفَىٰ بِٱللَّهِ بَيْنِى وَبَيْنَكُمْ شَهِيدًۭا ۖ يَعْلَمُ مَا فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۗ وَٱلَّذِينَ ءَامَنُوا۟ بِٱلْبَٰطِلِ وَكَفَرُوا۟ بِٱللَّهِ أُو۟لَٰٓئِكَ هُمُ ٱلْخَٰسِرُونَ. ﴿52﴾ |
| 53 আৰু সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। যদি সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন তেন্তে নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহি পৰিলহেঁতেন। (জানি থোৱা) নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহিব আকস্মিকভাৱে, আনকি সিহতে উপলব্ধিও কৰিব নোৱাৰিব। | وَيَسْتَعْجِلُونَكَ بِٱلْعَذَابِ ۚ وَلَوْلَآ أَجَلٌۭ مُّسَمًّۭى لَّجَآءَهُمُ ٱلْعَذَابُ وَلَيَأْتِيَنَّهُم بَغْتَةًۭ وَهُمْ لَا يَشْعُرُونَ. ﴿53﴾ |
| 54 সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। অথচ জাহান্নামে কাফিৰসকলক নিশ্চয় পৰিবেষ্টন কৰিব। | يَسْتَعْجِلُونَكَ بِٱلْعَذَابِ وَإِنَّ جَهَنَّمَ لَمُحِيطَةٌۢ بِٱلْكَٰفِرِينَ. ﴿54﴾ |
| 55 সেইদিনা শাস্তিয়ে সিহঁতক সিহঁতৰ ওপৰৰ পৰা আৰু তলৰ পৰা আচ্ছন্ন কৰিব, আৰু তেওঁ ক’ব, ‘তোমালোকে যি কৰিছিলা তাৰ সোৱাদ গ্ৰহণ কৰা’। | يَوْمَ يَغْشَىٰهُمُ ٱلْعَذَابُ مِن فَوْقِهِمْ وَمِن تَحْتِ أَرْجُلِهِمْ وَيَقُولُ ذُوقُوا۟ مَا كُنتُمْ تَعْمَلُونَ. ﴿55﴾ |
| 56 হে মোৰ মুমিন বান্দাসকল! নিশ্চয় মোৰ পৃথিৱীখন বহুত প্ৰশস্ত, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা। | يَٰعِبَادِىَ ٱلَّذِينَ ءَامَنُوٓا۟ إِنَّ أَرْضِى وَٰسِعَةٌۭ فَإِيَّٰىَ فَٱعْبُدُونِ. ﴿56﴾ |
| 57 প্ৰতিটো জীৱই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব, তাৰ পিছত তোমালোকে আমাৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তিত হ’বা। | كُلُّ نَفْسٍۢ ذَآئِقَةُ ٱلْمَوْتِ ۖ ثُمَّ إِلَيْنَا تُرْجَعُونَ. ﴿57﴾ |
| 58 আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকৰ বসবাসৰ বাবে জান্নাতত সুউচ্চ প্ৰাসাদ দান কৰিম, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোক স্থায়ী হ’ব, আমলকাৰীসকলৰ বাবে এয়া কিমান যে উত্তম প্ৰতিদান! | وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ لَنُبَوِّئَنَّهُم مِّنَ ٱلْجَنَّةِ غُرَفًۭا تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَا ۚ نِعْمَ أَجْرُ ٱلْعَٰمِلِينَ. ﴿58﴾ |
| 59 যিসকলে ধৈৰ্য্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে। | ٱلَّذِينَ صَبَرُوا۟ وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ. ﴿59﴾ |
| 60 এনেকুৱা বহুতো জীৱ-জন্তু আছে যিবোৰে নিজৰ খাদ্য সঞ্চয় কৰি নাৰাখে। আল্লাহেই সেইবোৰক জীৱিকা দান কৰে আৰু তোমালোককো (দান কৰে), আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ। | وَكَأَيِّن مِّن دَآبَّةٍۢ لَّا تَحْمِلُ رِزْقَهَا ٱللَّهُ يَرْزُقُهَا وَإِيَّاكُمْ ۚ وَهُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ. ﴿60﴾ |
| 61 আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ-সূৰ্যক নিয়ন্ত্ৰিত কৰিছে’? সিহঁতে নিশ্চয় ক’ব ‘আল্লাহ’। তেনেহ’লে সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে! | وَلَئِن سَأَلْتَهُم مَّنْ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ وَسَخَّرَ ٱلشَّمْسَ وَٱلْقَمَرَ لَيَقُولُنَّ ٱللَّهُ ۖ فَأَنَّىٰ يُؤْفَكُونَ. ﴿61﴾ |
| 62 আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সীমিত কৰি দিয়ে। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত। | ٱللَّهُ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ مِنْ عِبَادِهِۦ وَيَقْدِرُ لَهُۥٓ ۚ إِنَّ ٱللَّهَ بِكُلِّ شَىْءٍ عَلِيمٌۭ. ﴿62﴾ |
| 63 আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে মৃত ভূমিক সঞ্জীৱিত কৰে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘সকলো প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ সৰহভাগেই এইটো অনুধাৱন নকৰে। | وَلَئِن سَأَلْتَهُم مَّن نَّزَّلَ مِنَ ٱلسَّمَآءِ مَآءًۭ فَأَحْيَا بِهِ ٱلْأَرْضَ مِنۢ بَعْدِ مَوْتِهَا لَيَقُولُنَّ ٱللَّهُ ۚ قُلِ ٱلْحَمْدُ لِلَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْقِلُونَ. ﴿63﴾ |
| 64 এই পাৰ্থিৱ জীৱন খেল-ধেমালিৰ বাহিৰে আন একো নহয়। আখিৰাতৰ জীৱনেই হৈছে প্ৰকৃত জীৱন, যদি সিহঁতে জানিলেহেঁতেন! | وَمَا هَٰذِهِ ٱلْحَيَوٰةُ ٱلدُّنْيَآ إِلَّا لَهْوٌۭ وَلَعِبٌۭ ۚ وَإِنَّ ٱلدَّارَ ٱلْءَاخِرَةَ لَهِىَ ٱلْحَيَوَانُ ۚ لَوْ كَانُوا۟ يَعْلَمُونَ. ﴿64﴾ |
| 65 কিন্তু সিহঁতে যেতিয়া নৌযানত আৰোহণ কৰে, তেতিয়া সিহঁতে বিশুদ্ধচিত্তে একনিষ্ঠভাৱে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া সিহঁতক উদ্ধাৰ কৰি স্থলত আনে, তেতিয়া সিহঁতে শ্বিৰ্কত লিপ্ত হয়; | فَإِذَا رَكِبُوا۟ فِى ٱلْفُلْكِ دَعَوُا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ فَلَمَّا نَجَّىٰهُمْ إِلَى ٱلْبَرِّ إِذَا هُمْ يُشْرِكُونَ. ﴿65﴾ |
| 66 এই কাৰণে যে, যাতে আমি সিহঁতক যি প্ৰদান কৰিছোঁ, সেয়া সিহঁতে অস্বীকাৰ কৰিব পাৰে আৰু ভোগ-বিলাসত মত্ত থাকিব পাৰে; এতেকে শীঘ্ৰেই সিহঁতে জানিবলৈ পাব (ইয়াৰ ভয়াৱহ পৰিণাম সম্পৰ্কে)। | لِيَكْفُرُوا۟ بِمَآ ءَاتَيْنَٰهُمْ وَلِيَتَمَتَّعُوا۟ ۖ فَسَوْفَ يَعْلَمُونَ. ﴿66﴾ |
| 67 সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি (মক্কাৰ) হাৰামক নিৰাপদ কৰিছোঁ, অথচ ইয়াৰ চাৰিওফালে থকা মানুহবোৰ অপহৰণৰ চিকাৰ হয়। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে, আৰু আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰিবনে? | أَوَلَمْ يَرَوْا۟ أَنَّا جَعَلْنَا حَرَمًا ءَامِنًۭا وَيُتَخَطَّفُ ٱلنَّاسُ مِنْ حَوْلِهِمْ ۚ أَفَبِٱلْبَٰطِلِ يُؤْمِنُونَ وَبِنِعْمَةِ ٱللَّهِ يَكْفُرُونَ. ﴿67﴾ |
| 68 আৰু যি ব্যক্তিয়ে আল্লাহৰ ওপৰত মিছা ৰচনা কৰে অথবা তেওঁৰ তৰফৰ পৰা সত্য অহাৰ পিছতো তাক অস্বীকাৰ কৰে, সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? জাহান্নামৰ মাজতেই কাফিৰসকলৰ আবাসস্থল নহয়নে বাৰু? | وَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوْ كَذَّبَ بِٱلْحَقِّ لَمَّا جَآءَهُۥٓ ۚ أَلَيْسَ فِى جَهَنَّمَ مَثْوًۭى لِّلْكَٰفِرِينَ. ﴿68﴾ |
| 69 আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, আমি তেওঁলোকক নিশ্চয় আমাৰ পথসমূহত পৰিচালিত কৰিম। নিশ্চয় আল্লাহ মুহছিনসকলৰ লগত আছে। | وَٱلَّذِينَ جَٰهَدُوا۟ فِينَا لَنَهْدِيَنَّهُمْ سُبُلَنَا ۚ وَإِنَّ ٱللَّهَ لَمَعَ ٱلْمُحْسِنِينَ. ﴿69﴾ |