يس
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
|
1
ইয়া-ছীন,[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
|
يسٓ. ﴿1﴾ |
| 2 জ্ঞানগৰ্ভ কোৰআনৰ শপত! | وَٱلْقُرْءَانِ ٱلْحَكِيمِ. ﴿2﴾ |
| 3 নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত, | إِنَّكَ لَمِنَ ٱلْمُرْسَلِينَ. ﴿3﴾ |
| 4 সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত। | عَلَىٰ صِرَٰطٍۢ مُّسْتَقِيمٍۢ. ﴿4﴾ |
| 5 এই কোৰআন প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ। | تَنزِيلَ ٱلْعَزِيزِ ٱلرَّحِيمِ. ﴿5﴾ |
| 6 যাতে তুমি সতৰ্ক কৰিব পাৰা এনেকুৱা এটা জাতিক, যিসকলৰ পিতৃ-পুৰুষসকলক সতৰ্ক কৰা হোৱা নাছিল, সেয়ে সিহঁত উদাসীন। | لِتُنذِرَ قَوْمًۭا مَّآ أُنذِرَ ءَابَآؤُهُمْ فَهُمْ غَٰفِلُونَ. ﴿6﴾ |
| 7 নিশ্চয় সিহঁতৰ অধিকাংশৰ ওপৰতে (আল্লাহৰ) বাণী অৱধাৰিত হৈছে, সেয়ে সিহঁতে ঈমান পোষণ নকৰিব। | لَقَدْ حَقَّ ٱلْقَوْلُ عَلَىٰٓ أَكْثَرِهِمْ فَهُمْ لَا يُؤْمِنُونَ. ﴿7﴾ |
| 8 নিশ্চয় আমি সিহঁতৰ ডিঙিত থুঁতৰিলৈকে গলাবান্ধ (শিকলি) মেৰিয়াই দিছোঁ, ফলত সিহঁত উৰ্দ্ধমুখী হৈ গৈছে। | إِنَّا جَعَلْنَا فِىٓ أَعْنَٰقِهِمْ أَغْلَٰلًۭا فَهِىَ إِلَى ٱلْأَذْقَانِ فَهُم مُّقْمَحُونَ. ﴿8﴾ |
| 9 আৰু আমি সিহঁতৰ আগফালে প্ৰাচীৰ আৰু পিছফালে প্ৰাচীৰ স্থাপন কৰিছোঁ, তাৰ পিছত আমি সিহঁতক ঢাকি দিছোঁ, ফলত সিহঁতে দেখিবলৈ নাপায়। | وَجَعَلْنَا مِنۢ بَيْنِ أَيْدِيهِمْ سَدًّۭا وَمِنْ خَلْفِهِمْ سَدًّۭا فَأَغْشَيْنَٰهُمْ فَهُمْ لَا يُبْصِرُونَ. ﴿9﴾ |
| 10 তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা, সিহঁতৰ বাবে উভয়ে সমান; সিহঁতে ঈমান পোষণ নকৰিব। | وَسَوَآءٌ عَلَيْهِمْ ءَأَنذَرْتَهُمْ أَمْ لَمْ تُنذِرْهُمْ لَا يُؤْمِنُونَ. ﴿10﴾ |
| 11 তুমি কেৱল তাকেই সতৰ্ক কৰিব পাৰিবা যিয়ে কোৰআনৰ অনুসৰণ কৰে আৰু ৰহমানক নেদেখাকৈয়ে ভয় কৰে। এতেকে তুমি তাক ক্ষমা আৰু সন্মানজনক পুৰস্কাৰৰ সুসংবাদ দিয়া। | إِنَّمَا تُنذِرُ مَنِ ٱتَّبَعَ ٱلذِّكْرَ وَخَشِىَ ٱلرَّحْمَٰنَ بِٱلْغَيْبِ ۖ فَبَشِّرْهُ بِمَغْفِرَةٍۢ وَأَجْرٍۢ كَرِيمٍ. ﴿11﴾ |
| 12 নিশ্চয় আমিয়েই মৃতক জীৱিত কৰোঁ আৰু লিখি ৰাখোঁ সিহঁতে যি আগলৈ প্ৰেৰণ কৰে আৰু যি সিহঁতে পিছত এৰি যায়। আমি প্ৰত্যেক বস্তুকেই সুস্পষ্ট কিতাবত সংৰক্ষণ কৰি ৰাখিছোঁ। | إِنَّا نَحْنُ نُحْىِ ٱلْمَوْتَىٰ وَنَكْتُبُ مَا قَدَّمُوا۟ وَءَاثَٰرَهُمْ ۚ وَكُلَّ شَىْءٍ أَحْصَيْنَٰهُ فِىٓ إِمَامٍۢ مُّبِينٍۢ. ﴿12﴾ |
| 13 আৰু সিহঁতৰ ওচৰত এটা জনপদৰ অধিবাসীসকলৰ দৃষ্টান্ত বৰ্ণনা কৰা; যেতিয়া সিহঁতৰ ওচৰলৈ ৰাছুলসকল আহিছিল। | وَٱضْرِبْ لَهُم مَّثَلًا أَصْحَٰبَ ٱلْقَرْيَةِ إِذْ جَآءَهَا ٱلْمُرْسَلُونَ. ﴿13﴾ |
| 14 যেতিয়া আমি সিহঁতৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ দুজন ৰাছুল, তেতিয়া সিহঁতে তেওঁলোকক অবিশ্বাস কৰিছিল, তাৰ পিছত আমি তেওঁলোকক তৃতীয় এজনৰ দ্বাৰা শক্তিশালী কৰিছিলোঁ। তেওঁলোকে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ ওচৰলৈ (আল্লাহৰ দূত হিচাপে) প্ৰেৰিত হৈছোঁ’। | إِذْ أَرْسَلْنَآ إِلَيْهِمُ ٱثْنَيْنِ فَكَذَّبُوهُمَا فَعَزَّزْنَا بِثَالِثٍۢ فَقَالُوٓا۟ إِنَّآ إِلَيْكُم مُّرْسَلُونَ. ﴿14﴾ |
| 15 সিহঁতে কৈছিল, ‘তোমালোকে দেখোন আমাৰ দৰেই মানুহ, পৰম কৰুণাময়ে একো অৱতীৰ্ণ কৰা নাই। তোমালোকে কেৱল মিছা কথাহে কৈ আছা’। | قَالُوا۟ مَآ أَنتُمْ إِلَّا بَشَرٌۭ مِّثْلُنَا وَمَآ أَنزَلَ ٱلرَّحْمَٰنُ مِن شَىْءٍ إِنْ أَنتُمْ إِلَّا تَكْذِبُونَ. ﴿15﴾ |
| 16 তেওঁলোকে (উত্তৰত) কৈছিল, ‘আমাৰ প্ৰতিপালকে জানে, নিশ্চয় আমি তোমালোকৰ ওচৰলৈ প্ৰেৰিত হৈছোঁ’। | قَالُوا۟ رَبُّنَا يَعْلَمُ إِنَّآ إِلَيْكُمْ لَمُرْسَلُونَ. ﴿16﴾ |
| 17 ‘আৰু (শুনা!) স্পষ্টভাৱে প্ৰচাৰ কৰাটোহে আমাৰ দায়িত্ব’। | وَمَا عَلَيْنَآ إِلَّا ٱلْبَلَٰغُ ٱلْمُبِينُ. ﴿17﴾ |
| 18 সিহঁতে ক’লে, ‘নিশ্চয় আমি তোমালোকক অমঙ্গলৰ কাৰণ হিচাপেহে গণ্য কৰোঁ, যদি তোমালোকে বিৰত নোহোৱা তেন্তে নিশ্চয় আমি তোমালোকক শিল দলিয়াই হত্যা কৰিম আৰু আমাৰ ফালৰ পৰা তোমালোকক যন্ত্ৰণাদায়ক শাস্তিয়ে স্পৰ্শ কৰিব’। | قَالُوٓا۟ إِنَّا تَطَيَّرْنَا بِكُمْ ۖ لَئِن لَّمْ تَنتَهُوا۟ لَنَرْجُمَنَّكُمْ وَلَيَمَسَّنَّكُم مِّنَّا عَذَابٌ أَلِيمٌۭ. ﴿18﴾ |
| 19 তেওঁলোকে ক’লে, ‘তোমালোকৰ অমঙ্গল তোমালোকৰেই লগত; তোমালোকক উপদেশ দিয়া হৈছে বুলিয়েই এনেকৈ কৈছা নেকি? বৰং তোমালোক হৈছা এটা সীমালঙ্ঘনকাৰী সম্প্ৰদায়’। | قَالُوا۟ طَٰٓئِرُكُم مَّعَكُمْ ۚ أَئِن ذُكِّرْتُم ۚ بَلْ أَنتُمْ قَوْمٌۭ مُّسْرِفُونَ. ﴿19﴾ |
| 20 ইপিনে নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ৰাছুলসকলৰ অনুসৰণ কৰা; | وَجَآءَ مِنْ أَقْصَا ٱلْمَدِينَةِ رَجُلٌۭ يَسْعَىٰ قَالَ يَٰقَوْمِ ٱتَّبِعُوا۟ ٱلْمُرْسَلِينَ. ﴿20﴾ |
| 21 ‘অনুসৰণ কৰা সেইসকল ব্যক্তিৰ, যিসকলে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰে আৰু তেওঁলোক হৈছে সৎপথপ্ৰাপ্ত। | ٱتَّبِعُوا۟ مَن لَّا يَسْـَٔلُكُمْ أَجْرًۭا وَهُم مُّهْتَدُونَ. ﴿21﴾ |
| 22 ‘আৰু মই কি যুক্তিত সেই সত্ত্বাৰ ইবাদতৰ পৰা বিৰত থাকিম, যিজনে মোক সৃষ্টি কৰিছে? আৰু যাৰ ওচৰলৈ তোমালোকক ওভতাই নিয়া হ’ব। | وَمَا لِىَ لَآ أَعْبُدُ ٱلَّذِى فَطَرَنِى وَإِلَيْهِ تُرْجَعُونَ. ﴿22﴾ |
| 23 ‘মই তেওঁৰ বাহিৰে বেলেগ কোনো ইলাহ গ্ৰহণ কৰিম নেকি? ৰহমানে মোৰ কোনো ক্ষতি কৰিব বিচাৰিলে সিহঁতৰ চুপাৰিছ মোৰ কোনো কামত নাহিব আৰু সিহঁতে মোক উদ্ধাৰো কৰিব নোৱাৰিব। | ءَأَتَّخِذُ مِن دُونِهِۦٓ ءَالِهَةً إِن يُرِدْنِ ٱلرَّحْمَٰنُ بِضُرٍّۢ لَّا تُغْنِ عَنِّى شَفَٰعَتُهُمْ شَيْـًۭٔا وَلَا يُنقِذُونِ. ﴿23﴾ |
| 24 ‘এনে কৰিলে নিশ্চয় মই স্পষ্ট বিভ্ৰান্তিত পতিত হ'ম। | إِنِّىٓ إِذًۭا لَّفِى ضَلَٰلٍۢ مُّبِينٍ. ﴿24﴾ |
| 25 ‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছোঁ, এতেকে তোমালোকে মোৰ কথা শুনা’। | إِنِّىٓ ءَامَنتُ بِرَبِّكُمْ فَٱسْمَعُونِ. ﴿25﴾ |
| 26 তেওঁক কোৱা হ’ল, ‘জান্নাতত প্ৰৱেশ কৰা’। তেওঁ ক’লে, ‘হায়! মোৰ সম্প্ৰদায়ে যদি জানিলেহেঁতেন, | قِيلَ ٱدْخُلِ ٱلْجَنَّةَ ۖ قَالَ يَٰلَيْتَ قَوْمِى يَعْلَمُونَ. ﴿26﴾ |
| 27 ‘যাৰ বিনিময়ত মোৰ প্ৰতিপালকে মোক ক্ষমা কৰি দিছে আৰু মোক সন্মানিত কৰিছে’। | بِمَا غَفَرَ لِى رَبِّى وَجَعَلَنِى مِنَ ٱلْمُكْرَمِينَ. ﴿27﴾ |
| 28 আমি তেওঁৰ (মৃত্যুৰ) পিছত তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আকাশৰ পৰা কোনো বাহিনী প্ৰেৰণ কৰা নাছিলোঁ, আনকি প্ৰেৰণ কৰাৰ কোনো প্ৰয়োজনো নাছিল। | ۞ وَمَآ أَنزَلْنَا عَلَىٰ قَوْمِهِۦ مِنۢ بَعْدِهِۦ مِن جُندٍۢ مِّنَ ٱلسَّمَآءِ وَمَا كُنَّا مُنزِلِينَ. ﴿28﴾ |
| 29 সেয়া আছিল কেৱল এটা বিকট শব্দ। যাৰ ফলত সিহঁত নিথৰ নিস্তব্ধ হৈ পৰিছিল। | إِن كَانَتْ إِلَّا صَيْحَةًۭ وَٰحِدَةًۭ فَإِذَا هُمْ خَٰمِدُونَ. ﴿29﴾ |
| 30 পৰিতাপ বান্দাসকলৰ বাবে; সিহঁতৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁৰ লগত ঠাট্টা-বিদ্ৰূপ কৰিছে। | يَٰحَسْرَةً عَلَى ٱلْعِبَادِ ۚ مَا يَأْتِيهِم مِّن رَّسُولٍ إِلَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ. ﴿30﴾ |
| 31 সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছোঁ? নিশ্চয় সেইসকল লোক সিহঁতৰ মাজলৈ আৰু উভতি নাহিব। | أَلَمْ يَرَوْا۟ كَمْ أَهْلَكْنَا قَبْلَهُم مِّنَ ٱلْقُرُونِ أَنَّهُمْ إِلَيْهِمْ لَا يَرْجِعُونَ. ﴿31﴾ |
| 32 সিহঁত সকলোকে একত্ৰিত কৰি আমাৰ ওচৰত উপস্থিত কৰোৱা হ’ব। | وَإِن كُلٌّۭ لَّمَّا جَمِيعٌۭ لَّدَيْنَا مُحْضَرُونَ. ﴿32﴾ |
| 33 আৰু মৃত ভূমি হৈছে সিহঁতৰ বাবে এটা নিদৰ্শন, যাক আমি সঞ্জীৱিত কৰিছোঁ আৰু তাৰ পৰা শস্য উৎপন্ন কৰিছোঁ, যিবোৰ সিহঁতে খায়। | وَءَايَةٌۭ لَّهُمُ ٱلْأَرْضُ ٱلْمَيْتَةُ أَحْيَيْنَٰهَا وَأَخْرَجْنَا مِنْهَا حَبًّۭا فَمِنْهُ يَأْكُلُونَ. ﴿33﴾ |
| 34 আৰু তাত আমি সৃষ্টি কৰিছোঁ খেজুৰ আৰু আঙুৰৰ উদ্যান আৰু তাত আমি প্ৰবাহিত কৰিছোঁ কিছুমান প্ৰস্ৰৱন, | وَجَعَلْنَا فِيهَا جَنَّٰتٍۢ مِّن نَّخِيلٍۢ وَأَعْنَٰبٍۢ وَفَجَّرْنَا فِيهَا مِنَ ٱلْعُيُونِ. ﴿34﴾ |
| 35 যাতে সিহঁতে তাৰ ফলমূল খাব পাৰে, অথচ (এইবোৰক) সিহঁতে নিজ হাতেৰে সৃষ্টি কৰা নাই। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে? | لِيَأْكُلُوا۟ مِن ثَمَرِهِۦ وَمَا عَمِلَتْهُ أَيْدِيهِمْ ۖ أَفَلَا يَشْكُرُونَ. ﴿35﴾ |
| 36 পৱিত্ৰ আৰু মহান তেওঁ, যিজনে সকলোকে যোৰ যোৰকৈ সৃষ্টি কৰিছে, মাটিৰ পৰা উৎপন্ন উদ্ভিদেই হওক বা সিহঁতৰ (মানুহৰ) মাজৰ পৰাই হওক (নাৰী আৰু পুৰুষ) আৰু সেইবোৰ বস্তুৰ মাজতো যিবোৰক সিহঁতে নাজানে। | سُبْحَٰنَ ٱلَّذِى خَلَقَ ٱلْأَزْوَٰجَ كُلَّهَا مِمَّا تُنۢبِتُ ٱلْأَرْضُ وَمِنْ أَنفُسِهِمْ وَمِمَّا لَا يَعْلَمُونَ. ﴿36﴾ |
| 37 আৰু ৰাতিও হৈছে সিহঁতৰ বাবে এটা নিদৰ্শন, আমি তাৰ পৰা দিনক অপসাৰিত কৰোঁ, তেতিয়া সিহঁত অন্ধকাৰাচ্ছন্ন হৈ পৰে। | وَءَايَةٌۭ لَّهُمُ ٱلَّيْلُ نَسْلَخُ مِنْهُ ٱلنَّهَارَ فَإِذَا هُم مُّظْلِمُونَ. ﴿37﴾ |
| 38 আৰু সূৰ্যই ভ্ৰমণ কৰে তাৰ নিৰ্দিষ্ট গন্তব্যৰ ফালে, এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ (আল্লাহ)ৰ নিৰ্ধাৰণ। | وَٱلشَّمْسُ تَجْرِى لِمُسْتَقَرٍّۢ لَّهَا ۚ ذَٰلِكَ تَقْدِيرُ ٱلْعَزِيزِ ٱلْعَلِيمِ. ﴿38﴾ |
| 39 লগতে চন্দ্ৰৰ বাবে আমি নিৰ্দিষ্ট কৰিছোঁ বিভিন্ন মনজিল, অৱশেষত সেইটো শুকান বেকা, পুৰণি খেজুৰ ঠানিৰ আকাৰত উভতি যায়। | وَٱلْقَمَرَ قَدَّرْنَٰهُ مَنَازِلَ حَتَّىٰ عَادَ كَٱلْعُرْجُونِ ٱلْقَدِيمِ. ﴿39﴾ |
| 40 সূৰ্যৰ পক্ষে সম্ভৱ নহয় চন্দ্ৰক লগ পোৱা, আৰু ৰাতিৰ পক্ষেও সম্ভৱ নহয় দিনক অতিক্ৰম কৰা, আৰু প্ৰত্যেকেই নিজ নিজ কক্ষপথত ভাহিঁ আছে। | لَا ٱلشَّمْسُ يَنۢبَغِى لَهَآ أَن تُدْرِكَ ٱلْقَمَرَ وَلَا ٱلَّيْلُ سَابِقُ ٱلنَّهَارِ ۚ وَكُلٌّۭ فِى فَلَكٍۢ يَسْبَحُونَ. ﴿40﴾ |
| 41 সিহঁতৰ বাবে আৰু এটা নিদৰ্শন হৈছে এই যে, আমি সিহঁতৰ বংশধৰবিলাকক ভৰ্তি নৌযানত আৰোহণ কৰোৱাইছিলোঁ; | وَءَايَةٌۭ لَّهُمْ أَنَّا حَمَلْنَا ذُرِّيَّتَهُمْ فِى ٱلْفُلْكِ ٱلْمَشْحُونِ. ﴿41﴾ |
| 42 আৰু সিহঁতৰ বাবেও অনুৰূপ যানবাহন সৃষ্টি কৰিছোঁ যাতে সিহঁতে আৰোহণ কৰে। | وَخَلَقْنَا لَهُم مِّن مِّثْلِهِۦ مَا يَرْكَبُونَ. ﴿42﴾ |
| 43 আৰু আমি ইচ্ছা কৰিলে সিহঁতক ডুবাই মাৰিব পাৰোঁ, তেতিয়া সিহঁতৰ কোনো উদ্ধাৰকাৰী নাথাকিব আৰু সিহঁতে পৰিত্ৰাণো নাপাব, | وَإِن نَّشَأْ نُغْرِقْهُمْ فَلَا صَرِيخَ لَهُمْ وَلَا هُمْ يُنقَذُونَ. ﴿43﴾ |
| 44 একমাত্ৰ আমাৰ কৰুণাইহে সিহঁতক পাৰ লগাই দিয়ে আৰু কিছু সময়ৰ বাবে উপভোগৰ সুযোগ দিয়া হয়। | إِلَّا رَحْمَةًۭ مِّنَّا وَمَتَٰعًا إِلَىٰ حِينٍۢ. ﴿44﴾ |
| 45 আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ সন্মুখত যি আছে আৰু তোমালোকৰ পিছত যি আছে সেই সম্পৰ্কে তাক্বৱা অৱলম্বন কৰা; যাতে তোমালোকৰ প্ৰতি ৰহমত বৰ্ষিত হয়’, | وَإِذَا قِيلَ لَهُمُ ٱتَّقُوا۟ مَا بَيْنَ أَيْدِيكُمْ وَمَا خَلْفَكُمْ لَعَلَّكُمْ تُرْحَمُونَ. ﴿45﴾ |
| 46 আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়। | وَمَا تَأْتِيهِم مِّنْ ءَايَةٍۢ مِّنْ ءَايَٰتِ رَبِّهِمْ إِلَّا كَانُوا۟ عَنْهَا مُعْرِضِينَ. ﴿46﴾ |
| 47 আৰু যেতিয়া সিহঁতক কোৱা হয় যে, ‘আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ব্যয় কৰা’, তেতিয়া কাফিৰসকলে মুমিনসকলক কয়, ‘আমি তাক খাদ্য দান কৰিমনে, যাক আল্লাহে ইচ্ছা কৰিলেই খোৱাব পাৰে? নিশ্চয় তোমালোক স্পষ্ট বিভ্ৰান্তিত আছা’। | وَإِذَا قِيلَ لَهُمْ أَنفِقُوا۟ مِمَّا رَزَقَكُمُ ٱللَّهُ قَالَ ٱلَّذِينَ كَفَرُوا۟ لِلَّذِينَ ءَامَنُوٓا۟ أَنُطْعِمُ مَن لَّوْ يَشَآءُ ٱللَّهُ أَطْعَمَهُۥٓ إِنْ أَنتُمْ إِلَّا فِى ضَلَٰلٍۢ مُّبِينٍۢ. ﴿47﴾ |
| 48 আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ’ব’? | وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَٰدِقِينَ. ﴿48﴾ |
| 49 সিহঁত মাথোন এটা বিকট শব্দৰ অপেক্ষাতহে আছে, যিটোৱে সিহঁতক বাক-বিতণ্ডাত লিপ্ত থকা অৱস্থাতে আক্ৰমণ কৰিব। | مَا يَنظُرُونَ إِلَّا صَيْحَةًۭ وَٰحِدَةًۭ تَأْخُذُهُمْ وَهُمْ يَخِصِّمُونَ. ﴿49﴾ |
| 50 তেতিয়া সিহঁতে অছিয়ত কৰাৰো সামৰ্থ নাপাব আৰু নিজৰ পৰিয়ালবৰ্গৰ ওচৰলৈকেও উভতি আহিব নোৱাৰিব। | فَلَا يَسْتَطِيعُونَ تَوْصِيَةًۭ وَلَآ إِلَىٰٓ أَهْلِهِمْ يَرْجِعُونَ. ﴿50﴾ |
| 51 আৰু যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, তেতিয়া সিহঁতে তৎক্ষণাত কবৰৰ পৰা ওলাই নিজ প্ৰতিপালকৰ পিনে লৰ মাৰিব। | وَنُفِخَ فِى ٱلصُّورِ فَإِذَا هُم مِّنَ ٱلْأَجْدَاثِ إِلَىٰ رَبِّهِمْ يَنسِلُونَ. ﴿51﴾ |
| 52 সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে? দয়াময় আল্লাহে ইয়াৰেই দেখোন প্ৰতিশ্ৰুতি দিছিল আৰু ৰাছুলসকলেও দেখোন সত্য কথাহে কৈছিল’। | قَالُوا۟ يَٰوَيْلَنَا مَنۢ بَعَثَنَا مِن مَّرْقَدِنَا ۜ ۗ هَٰذَا مَا وَعَدَ ٱلرَّحْمَٰنُ وَصَدَقَ ٱلْمُرْسَلُونَ. ﴿52﴾ |
| 53 এইটো হ’ব কেৱল এটা বিকট শব্দ; তেতিয়াই ইহঁত সকলোকে উপস্থিত কৰা হ’ব আমাৰ সন্মুখত, | إِن كَانَتْ إِلَّا صَيْحَةًۭ وَٰحِدَةًۭ فَإِذَا هُمْ جَمِيعٌۭ لَّدَيْنَا مُحْضَرُونَ. ﴿53﴾ |
| 54 এতেকে আজি কাৰো প্ৰতি অন্যায় কৰা নহ'ব আৰু তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব। | فَٱلْيَوْمَ لَا تُظْلَمُ نَفْسٌۭ شَيْـًۭٔا وَلَا تُجْزَوْنَ إِلَّا مَا كُنتُمْ تَعْمَلُونَ. ﴿54﴾ |
| 55 নিশ্চয় জান্নাতবাসীসকল আজি আনন্দত ব্যস্ত থাকিব, | إِنَّ أَصْحَٰبَ ٱلْجَنَّةِ ٱلْيَوْمَ فِى شُغُلٍۢ فَٰكِهُونَ. ﴿55﴾ |
| 56 তেওঁলোক আৰু তেওঁলোকৰ স্ত্ৰীসকলে সুশীতল ছাঁৰ তলত সুসজ্জিত আসনত আউজি বহিব। | هُمْ وَأَزْوَٰجُهُمْ فِى ظِلَٰلٍ عَلَى ٱلْأَرَآئِكِ مُتَّكِـُٔونَ. ﴿56﴾ |
| 57 তাত থাকিব তেওঁলোকৰ বাবে ফলমূল, আৰু তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই পাব, | لَهُمْ فِيهَا فَٰكِهَةٌۭ وَلَهُم مَّا يَدَّعُونَ. ﴿57﴾ |
| 58 অসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ’ব ‘ছালাম’ (অভিনন্দন বা নিৰাপত্তা)। | سَلَٰمٌۭ قَوْلًۭا مِّن رَّبٍّۢ رَّحِيمٍۢ. ﴿58﴾ |
| 59 আৰু ‘হে অপৰাধীসকল! তোমালোকে আজি পৃথক হৈ যোৱা’। | وَٱمْتَٰزُوا۟ ٱلْيَوْمَ أَيُّهَا ٱلْمُجْرِمُونَ. ﴿59﴾ |
| 60 হে আদম সন্তান! মই তোমালোকক এই মৰ্মে নিৰ্দেশ দিয়া নাছিলোঁনে যে, তোমালোকে চয়তানৰ ইবাদত নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু? | ۞ أَلَمْ أَعْهَدْ إِلَيْكُمْ يَٰبَنِىٓ ءَادَمَ أَن لَّا تَعْبُدُوا۟ ٱلشَّيْطَٰنَ ۖ إِنَّهُۥ لَكُمْ عَدُوٌّۭ مُّبِينٌۭ. ﴿60﴾ |
| 61 আৰু কেৱল মোৰেই ইবাদত কৰা, এইটোৱেই হৈছে সৰল পথ। | وَأَنِ ٱعْبُدُونِى ۚ هَٰذَا صِرَٰطٌۭ مُّسْتَقِيمٌۭ. ﴿61﴾ |
| 62 আৰু নিশ্চয় চয়তানে তোমালোকৰ বহু দলক বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে? | وَلَقَدْ أَضَلَّ مِنكُمْ جِبِلًّۭا كَثِيرًا ۖ أَفَلَمْ تَكُونُوا۟ تَعْقِلُونَ. ﴿62﴾ |
| 63 এইখনেই হৈছে সেই জাহান্নাম, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। | هَٰذِهِۦ جَهَنَّمُ ٱلَّتِى كُنتُمْ تُوعَدُونَ. ﴿63﴾ |
| 64 আজি তোমালোকে ইয়াত দগ্ধ হোৱা, কিয়নো তোমালোকে কুফৰী কৰিছিলা। | ٱصْلَوْهَا ٱلْيَوْمَ بِمَا كُنتُمْ تَكْفُرُونَ. ﴿64﴾ |
| 65 আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ। | ٱلْيَوْمَ نَخْتِمُ عَلَىٰٓ أَفْوَٰهِهِمْ وَتُكَلِّمُنَآ أَيْدِيهِمْ وَتَشْهَدُ أَرْجُلُهُم بِمَا كَانُوا۟ يَكْسِبُونَ. ﴿65﴾ |
| 66 আৰু আমি ইচ্ছা কৰিলে নিশ্চয় সিহঁতৰ চকুবোৰক লোপ কৰি দিলোঁহেঁতেন, তেতিয়া সিহঁতে পথ অন্বেষণত দৌৰি ফুৰিলেও (কোনো কামত নাহিব), কাৰণ কেনেকৈনো দেখা পাব! | وَلَوْ نَشَآءُ لَطَمَسْنَا عَلَىٰٓ أَعْيُنِهِمْ فَٱسْتَبَقُوا۟ ٱلصِّرَٰطَ فَأَنَّىٰ يُبْصِرُونَ. ﴿66﴾ |
| 67 আৰু আমি ইচ্ছা কৰিলে সিহঁতক সিহঁতৰ নিজ নিজ স্থানতে আকৃতি পৰিবৰ্তন কৰি দিব পাৰিলোঁহেঁতেন, ফলত সিহঁতে আগুৱাইয়ো যাব নোৱাৰিলেহেঁতেন আৰু উভতিও আহিব নোৱাৰিলেহেঁতেন। | وَلَوْ نَشَآءُ لَمَسَخْنَٰهُمْ عَلَىٰ مَكَانَتِهِمْ فَمَا ٱسْتَطَٰعُوا۟ مُضِيًّۭا وَلَا يَرْجِعُونَ. ﴿67﴾ |
| 68 আৰু আমি যাক দীৰ্ঘ জীৱন দান কৰোঁ, সৃষ্টি অৱয়বত তাৰ অৱনতি ঘটাওঁ। তথাপিও সিহঁতে বুজি নাপায়নে? | وَمَن نُّعَمِّرْهُ نُنَكِّسْهُ فِى ٱلْخَلْقِ ۖ أَفَلَا يَعْقِلُونَ. ﴿68﴾ |
| 69 আমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইখন হৈছে কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন; | وَمَا عَلَّمْنَٰهُ ٱلشِّعْرَ وَمَا يَنۢبَغِى لَهُۥٓ ۚ إِنْ هُوَ إِلَّا ذِكْرٌۭ وَقُرْءَانٌۭ مُّبِينٌۭ. ﴿69﴾ |
| 70 যাতে ই জীৱিতসকলক সতৰ্ক কৰিব পাৰে, লগতে কাফিৰসকলৰ বিৰুদ্ধে শাস্তিৰ কথা সত্য বুলি প্ৰমাণিত হয়। | لِّيُنذِرَ مَن كَانَ حَيًّۭا وَيَحِقَّ ٱلْقَوْلُ عَلَى ٱلْكَٰفِرِينَ. ﴿70﴾ |
| 71 সিহঁতে লক্ষ্য কৰা নাইনে যে, আমাৰ হাতেৰে প্ৰস্তুত কৰা বস্তুসমূহৰ মাজত আমি সিহঁতৰ বাবে ঘৰচীয়া জন্তুও সৃষ্টি কৰিছোঁ। অথচ সিহঁতেই সেইবোৰৰ মালিক। | أَوَلَمْ يَرَوْا۟ أَنَّا خَلَقْنَا لَهُم مِّمَّا عَمِلَتْ أَيْدِينَآ أَنْعَٰمًۭا فَهُمْ لَهَا مَٰلِكُونَ. ﴿71﴾ |
| 72 আৰু আমি সেইবোৰক সিহঁতৰ বশীভূত কৰি দিছোঁ। ফলত সেইবোৰৰ কিছু সংখ্যক হৈছে সিহঁতৰ বাহন আৰু কিছুমানক সিহঁতে ভক্ষণ কৰে। | وَذَلَّلْنَٰهَا لَهُمْ فَمِنْهَا رَكُوبُهُمْ وَمِنْهَا يَأْكُلُونَ. ﴿72﴾ |
| 73 আৰু সিহঁতৰ বাবে এইবোৰৰ মাজত আছে বহুতো উপকাৰ লগতে আছে পানীয় উপাদান। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে? | وَلَهُمْ فِيهَا مَنَٰفِعُ وَمَشَارِبُ ۖ أَفَلَا يَشْكُرُونَ. ﴿73﴾ |
| 74 তথাপিও সিহঁতে আল্লাহৰ পৰিবৰ্তে অন্য ইলাহ গ্ৰহণ কৰিছে, এই আশাত যে, সিহঁতে সাহায্যপ্ৰাপ্ত হ’ব। | وَٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ ءَالِهَةًۭ لَّعَلَّهُمْ يُنصَرُونَ. ﴿74﴾ |
| 75 কিন্তু সেইবোৰে সিহঁতক সহায় কৰিবলৈ সক্ষম নহয়, বৰং সেইবোৰক সিহঁতৰ বিৰুদ্ধে বাহিনীৰূপে উপস্থিত কৰা হ’ব। | لَا يَسْتَطِيعُونَ نَصْرَهُمْ وَهُمْ لَهُمْ جُندٌۭ مُّحْضَرُونَ. ﴿75﴾ |
| 76 এতেকে সিহঁতৰ কথায় যেন তোমাক চিন্তিত নকৰে, নিশ্চয় আমি জানো সিহঁতে যি গোপন কৰে আৰু যি সিহঁতে প্ৰকাশ কৰে। | فَلَا يَحْزُنكَ قَوْلُهُمْ ۘ إِنَّا نَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ. ﴿76﴾ |
| 77 মানুহে লক্ষ্য নকৰে নেকি যে, আমি তাক সৃষ্টি কৰিছোঁ শুক্ৰবিন্দুৰ পৰা, তথাপিও সি পাছত প্ৰকাশ্য বিতণ্ডাকাৰী হৈ পৰে। | أَوَلَمْ يَرَ ٱلْإِنسَٰنُ أَنَّا خَلَقْنَٰهُ مِن نُّطْفَةٍۢ فَإِذَا هُوَ خَصِيمٌۭ مُّبِينٌۭ. ﴿77﴾ |
| 78 আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘হাড়ৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’? | وَضَرَبَ لَنَا مَثَلًۭا وَنَسِىَ خَلْقَهُۥ ۖ قَالَ مَن يُحْىِ ٱلْعِظَٰمَ وَهِىَ رَمِيمٌۭ. ﴿78﴾ |
| 79 কোৱা, ‘তেৱেঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে, আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত’। | قُلْ يُحْيِيهَا ٱلَّذِىٓ أَنشَأَهَآ أَوَّلَ مَرَّةٍۢ ۖ وَهُوَ بِكُلِّ خَلْقٍ عَلِيمٌ. ﴿79﴾ |
| 80 তেৱেঁই তোমালোকৰ বাবে সেউজীয়া গছৰ পৰা জুই উৎপন্ন কৰে, ফলত তোমালোকে তাৰ পৰা অগ্নি প্ৰজ্বলিত কৰা। | ٱلَّذِى جَعَلَ لَكُم مِّنَ ٱلشَّجَرِ ٱلْأَخْضَرِ نَارًۭا فَإِذَآ أَنتُم مِّنْهُ تُوقِدُونَ. ﴿80﴾ |
| 81 যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, তেওঁ সিহঁতৰ অনুৰূপ পুনৰ সৃষ্টি কৰিবলৈ সক্ষম নহয়নে? নিশ্চয় সক্ষম। তেওঁ মহাস্ৰষ্টা, সৰ্বজ্ঞ। | أَوَلَيْسَ ٱلَّذِى خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ بِقَٰدِرٍ عَلَىٰٓ أَن يَخْلُقَ مِثْلَهُم ۚ بَلَىٰ وَهُوَ ٱلْخَلَّٰقُ ٱلْعَلِيمُ. ﴿81﴾ |
| 82 তেওঁৰ বিষয়টো এনেকুৱা যে, তেওঁ যেতিয়া কোনো বস্তুৰ ইচ্ছা কৰে, তেতিয়া কেৱল কয়, ‘হ’, ফলত সেইটো হৈ যায়। | إِنَّمَآ أَمْرُهُۥٓ إِذَآ أَرَادَ شَيْـًٔا أَن يَقُولَ لَهُۥ كُن فَيَكُونُ. ﴿82﴾ |
| 83 এতেকে পৱিত্ৰ আৰু মহান সেই সত্ত্বা, যাৰ হাতত আছে প্ৰত্যেক বিষয়ৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা। | فَسُبْحَٰنَ ٱلَّذِى بِيَدِهِۦ مَلَكُوتُ كُلِّ شَىْءٍۢ وَإِلَيْهِ تُرْجَعُونَ. ﴿83﴾ |