الصافات
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 শপত শাৰীবদ্ধ ফিৰিস্তাসকলৰ, | وَٱلصَّٰٓفَّٰتِ صَفًّۭا. ﴿1﴾ |
| 2 লগতে কঠোৰ ধমক প্ৰদানকাৰীসকলৰ, | فَٱلزَّٰجِرَٰتِ زَجْرًۭا. ﴿2﴾ |
| 3 আৰু উপদেশগ্ৰন্থ তিলাৱতকাৰীসকলৰ, | فَٱلتَّٰلِيَٰتِ ذِكْرًا. ﴿3﴾ |
| 4 নিশ্চয় তোমালোকৰ ইলাহ হৈছে এজন, | إِنَّ إِلَٰهَكُمْ لَوَٰحِدٌۭ. ﴿4﴾ |
| 5 যিজন আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক আৰু উদয়স্থল সমূহৰো প্ৰতিপালক। | رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا وَرَبُّ ٱلْمَشَٰرِقِ. ﴿5﴾ |
| 6 নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছোঁ, | إِنَّا زَيَّنَّا ٱلسَّمَآءَ ٱلدُّنْيَا بِزِينَةٍ ٱلْكَوَاكِبِ. ﴿6﴾ |
| 7 আৰু (ইয়াক) ৰক্ষা কৰিছোঁ প্ৰত্যেক বিদ্ৰোহী চয়তানৰ পৰা। | وَحِفْظًۭا مِّن كُلِّ شَيْطَٰنٍۢ مَّارِدٍۢ. ﴿7﴾ |
| 8 ফলত সিহঁতে উৰ্দ্ধজগতৰ একোৱে শুনিব নোৱাৰে, কাৰণ কেউফালৰ পৰা সিহঁতৰ প্ৰতি নিক্ষেপ কৰা হয় (উল্কাপিণ্ড), | لَّا يَسَّمَّعُونَ إِلَى ٱلْمَلَإِ ٱلْأَعْلَىٰ وَيُقْذَفُونَ مِن كُلِّ جَانِبٍۢ. ﴿8﴾ |
| 9 সিহঁতক খেদি পঠিওৱাৰ বাবে, আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি। | دُحُورًۭا ۖ وَلَهُمْ عَذَابٌۭ وَاصِبٌ. ﴿9﴾ |
| 10 কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ প্ৰতি চোঁচা লয়। | إِلَّا مَنْ خَطِفَ ٱلْخَطْفَةَ فَأَتْبَعَهُۥ شِهَابٌۭ ثَاقِبٌۭ. ﴿10﴾ |
| 11 এতেকে সিহঁতক (অবিশ্বাসীসকলক) সুধি চোৱাচোন, সৃষ্টিৰ ক্ষেত্ৰত সিহঁত বেছি জটিল, নে আমি আন আন যিবোৰ সৃষ্টি কৰিছোঁ সেইবোৰ (অধিক জটিল)? আমি সিহঁতক দেখোন আলতীয়া মাটিৰ পৰাহে সৃষ্টি কৰিছোঁ। | فَٱسْتَفْتِهِمْ أَهُمْ أَشَدُّ خَلْقًا أَم مَّنْ خَلَقْنَآ ۚ إِنَّا خَلَقْنَٰهُم مِّن طِينٍۢ لَّازِبٍۭ. ﴿11﴾ |
| 12 বৰং তুমি বিস্ময়বোধ কৰিছা, আৰু সিহঁতে বিদ্ৰূপ কৰি আছে। | بَلْ عَجِبْتَ وَيَسْخَرُونَ. ﴿12﴾ |
| 13 আৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয়, তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে। | وَإِذَا ذُكِّرُوا۟ لَا يَذْكُرُونَ. ﴿13﴾ |
| 14 আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে, তেতিয়া সিহঁতে উপহাস কৰে। | وَإِذَا رَأَوْا۟ ءَايَةًۭ يَسْتَسْخِرُونَ. ﴿14﴾ |
| 15 আৰু কয়, ‘এইটো দেখোন সুস্পষ্ট যাদুৰ বাহিৰে আন একো নহয়। | وَقَالُوٓا۟ إِنْ هَٰذَآ إِلَّا سِحْرٌۭ مُّبِينٌ. ﴿15﴾ |
| 16 ‘আমি যেতিয়া মৃত্যুবৰণ কৰিম লগতে মাটি আৰু অস্থিত পৰিণত হম, তথাপিও আমাক পুনৰুত্থিত কৰা হ’বনে? | أَءِذَا مِتْنَا وَكُنَّا تُرَابًۭا وَعِظَٰمًا أَءِنَّا لَمَبْعُوثُونَ. ﴿16﴾ |
| 17 ‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’? | أَوَءَابَآؤُنَا ٱلْأَوَّلُونَ. ﴿17﴾ |
| 18 কোৱা, ‘হয়, আৰু (তেতিয়া) তোমালোক হ’বা লাঞ্ছিত’। | قُلْ نَعَمْ وَأَنتُمْ دَٰخِرُونَ. ﴿18﴾ |
| 19 এতেকে সেয়া হ’ব কেৱল এটা প্ৰচণ্ড ধমক, ফলত তৎক্ষণাৎ সিহঁতে থৰ লাগি চাই থাকিব। | فَإِنَّمَا هِىَ زَجْرَةٌۭ وَٰحِدَةٌۭ فَإِذَا هُمْ يَنظُرُونَ. ﴿19﴾ |
| 20 আৰু সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! এইটোৱে দেখোন প্ৰতিদান দিৱস’। | وَقَالُوا۟ يَٰوَيْلَنَا هَٰذَا يَوْمُ ٱلدِّينِ. ﴿20﴾ |
| 21 (সিহঁতক কোৱা হ’ব) এইটোৱেই হৈছে ফয়চালাৰ দিন, যিটোক তোমালোকে অবিশ্বাস কৰিছিলা। | هَٰذَا يَوْمُ ٱلْفَصْلِ ٱلَّذِى كُنتُم بِهِۦ تُكَذِّبُونَ. ﴿21﴾ |
| 22 (ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইসকলকো যিসকলৰ সিহঁতে ইবাদত কৰিছিল, | ۞ ٱحْشُرُوا۟ ٱلَّذِينَ ظَلَمُوا۟ وَأَزْوَٰجَهُمْ وَمَا كَانُوا۟ يَعْبُدُونَ. ﴿22﴾ |
| 23 আল্লাহৰ বাহিৰে। তথা সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া, | مِن دُونِ ٱللَّهِ فَٱهْدُوهُمْ إِلَىٰ صِرَٰطِ ٱلْجَحِيمِ. ﴿23﴾ |
| 24 ‘আৰু সিহঁতক ৰখোৱাচোন, নিশ্চয় সিহঁতক প্ৰশ্ন কৰা হ’ব। | وَقِفُوهُمْ ۖ إِنَّهُم مَّسْـُٔولُونَ. ﴿24﴾ |
| 25 ‘কি হ’ল তোমালোকৰ, তোমালোকে ইজনে সিজনক (এতিয়া) সহায় নকৰা কিয়’? | مَا لَكُمْ لَا تَنَاصَرُونَ. ﴿25﴾ |
| 26 বৰং আজি সিহঁতে আত্মসমৰ্পণ কৰিছে। | بَلْ هُمُ ٱلْيَوْمَ مُسْتَسْلِمُونَ. ﴿26﴾ |
| 27 আৰু সিহঁতে ইজনে সিজনৰ মুখামুখি হৈ সোধ-পোছ কৰিব, | وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍۢ يَتَسَآءَلُونَ. ﴿27﴾ |
| 28 সিহঁতে ক’ব, ‘নিশ্চয় তোমালোকে আমাৰ ওচৰলৈ শপত লৈ আহিছিলা’। | قَالُوٓا۟ إِنَّكُمْ كُنتُمْ تَأْتُونَنَا عَنِ ٱلْيَمِينِ. ﴿28﴾ |
| 29 সিহঁতে (নেতৃস্থানীয় কাফিৰবিলাকে) ক’ব, ‘বৰং তোমালোকেই মুমিন নাছিলা, | قَالُوا۟ بَل لَّمْ تَكُونُوا۟ مُؤْمِنِينَ. ﴿29﴾ |
| 30 ‘আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল; দৰাচলতে তোমালোকেই আছিলা সীমালংঘনকাৰী সম্প্ৰদায়। | وَمَا كَانَ لَنَا عَلَيْكُم مِّن سُلْطَٰنٍۭ ۖ بَلْ كُنتُمْ قَوْمًۭا طَٰغِينَ. ﴿30﴾ |
| 31 ‘সেয়ে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য প্ৰমাণিত হৈছে, গতিকে নিশ্চিতভাৱে আমি শাস্তি আস্বাদন কৰিব লাগিব। | فَحَقَّ عَلَيْنَا قَوْلُ رَبِّنَآ ۖ إِنَّا لَذَآئِقُونَ. ﴿31﴾ |
| 32 ‘এতেকে আমিয়েই তোমালোকক বিভ্ৰান্ত কৰিছিলোঁ, কাৰণ আমি নিজেই বিভ্ৰান্ত আছিলোঁ’। | فَأَغْوَيْنَٰكُمْ إِنَّا كُنَّا غَٰوِينَ. ﴿32﴾ |
| 33 এতেকে নিশ্চয় সেইদিনা সিহঁত আটায়ে শাস্তিত অংশীদাৰ হ’ব। | فَإِنَّهُمْ يَوْمَئِذٍۢ فِى ٱلْعَذَابِ مُشْتَرِكُونَ. ﴿33﴾ |
| 34 নিশ্চয় আমি অপৰাধীবিলাকৰ লগত এনেকুৱা আচৰণেই কৰোঁ। | إِنَّا كَذَٰلِكَ نَفْعَلُ بِٱلْمُجْرِمِينَ. ﴿34﴾ |
| 35 সিহঁতক যেতিয়া কোৱা হৈছিল, ‘আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই’, তেতিয়া সিহঁতে অহংকাৰ কৰিছিল। | إِنَّهُمْ كَانُوٓا۟ إِذَا قِيلَ لَهُمْ لَآ إِلَٰهَ إِلَّا ٱللَّهُ يَسْتَكْبِرُونَ. ﴿35﴾ |
| 36 আৰু কৈছিল, ‘আমি এজন উন্মাদ কবিৰ কথাত আমাৰ ইলাহসমূহক বৰ্জন কৰিম নেকি’? | وَيَقُولُونَ أَئِنَّا لَتَارِكُوٓا۟ ءَالِهَتِنَا لِشَاعِرٍۢ مَّجْنُونٍۭ. ﴿36﴾ |
| 37 বৰং তেওঁ সত্য লৈ আহিছে আৰু (বিগত) ৰাছুলসকলকো তেওঁ সত্য বুলি স্বীকাৰ কৰিছে। | بَلْ جَآءَ بِٱلْحَقِّ وَصَدَّقَ ٱلْمُرْسَلِينَ. ﴿37﴾ |
| 38 নিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিবা, | إِنَّكُمْ لَذَآئِقُوا۟ ٱلْعَذَابِ ٱلْأَلِيمِ. ﴿38﴾ |
| 39 আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল লাভ কৰিবা, | وَمَا تُجْزَوْنَ إِلَّا مَا كُنتُمْ تَعْمَلُونَ. ﴿39﴾ |
| 40 কিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা। | إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ. ﴿40﴾ |
| 41 তেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত ৰিজিক্ব (জীৱিকা), | أُو۟لَٰٓئِكَ لَهُمْ رِزْقٌۭ مَّعْلُومٌۭ. ﴿41﴾ |
| 42 ফল-মূল; আৰু তেওঁলোক হ’ব সন্মানিত, | فَوَٰكِهُ ۖ وَهُم مُّكْرَمُونَ. ﴿42﴾ |
| 43 (তেওঁলোকে বসবাস কৰিব) নিয়ামতেৰে ভৰা জান্নাতত, | فِى جَنَّٰتِ ٱلنَّعِيمِ. ﴿43﴾ |
| 44 তেওঁলোকে মুখামুখি হৈ আসনত বহিব। | عَلَىٰ سُرُرٍۢ مُّتَقَٰبِلِينَ. ﴿44﴾ |
| 45 তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব বিশুদ্ধ সুৰাপূৰ্ণ পাত্ৰ, | يُطَافُ عَلَيْهِم بِكَأْسٍۢ مِّن مَّعِينٍۭ. ﴿45﴾ |
| 46 শুভ্ৰ উজ্জ্বল, যিবোৰ পানকাৰীসকলৰ বাবে হ’ব সোৱাদপূৰ্ণ। | بَيْضَآءَ لَذَّةٍۢ لِّلشَّٰرِبِينَ. ﴿46﴾ |
| 47 তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোকে এইবোৰৰ দ্বাৰা মাতোৱালো (নিচাগ্ৰস্তও) নহ’ব। | لَا فِيهَا غَوْلٌۭ وَلَا هُمْ عَنْهَا يُنزَفُونَ. ﴿47﴾ |
| 48 তেওঁলোকৰ লগত থাকিব আনত নয়না, ডাঙৰ চকু বিশিষ্টা (হূৰসকল)। | وَعِندَهُمْ قَٰصِرَٰتُ ٱلطَّرْفِ عِينٌۭ. ﴿48﴾ |
| 49 তেওঁলোক যেনিবা আচ্ছাদিত কণী। | كَأَنَّهُنَّ بَيْضٌۭ مَّكْنُونٌۭ. ﴿49﴾ |
| 50 তাৰ পিছত তেওঁলোকে পৰস্পৰে মুখামুখি হৈ সোধ-পোছ কৰিব। | فَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍۢ يَتَسَآءَلُونَ. ﴿50﴾ |
| 51 তেওঁলোকৰ মাজৰ কোনোবাই ক’ব, ‘(পৃথিৱীত) মোৰ এজন সঙ্গী আছিল, | قَالَ قَآئِلٌۭ مِّنْهُمْ إِنِّى كَانَ لِى قَرِينٌۭ. ﴿51﴾ |
| 52 সি কৈছিল, তুমিও সিহঁতৰ অন্তৰ্ভুক্ত নেকি, যিসকলে বিশ্বাস কৰে যে, | يَقُولُ أَءِنَّكَ لَمِنَ ٱلْمُصَدِّقِينَ. ﴿52﴾ |
| 53 ‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমি মাটি তথা অস্থিত পৰিণত হ'ম তেতিয়াও আমাক প্ৰতিফল দিয়া হ’বনে’? | أَءِذَا مِتْنَا وَكُنَّا تُرَابًۭا وَعِظَٰمًا أَءِنَّا لَمَدِينُونَ. ﴿53﴾ |
| 54 আল্লাহে ক’ব, ‘তোমালোকে তাক দেখিব বিচৰা নেকি’? | قَالَ هَلْ أَنتُم مُّطَّلِعُونَ. ﴿54﴾ |
| 55 তাৰ পিছত তেওঁ জুমি চাব আৰু তাক দেখা পাব জাহান্নামৰ মধ্যস্থলত; | فَٱطَّلَعَ فَرَءَاهُ فِى سَوَآءِ ٱلْجَحِيمِ. ﴿55﴾ |
| 56 তেওঁ ক’ব, ‘আল্লাহৰ শপত! তুমিতো মোক প্ৰায় ধ্বংসই কৰিছিলা, | قَالَ تَٱللَّهِ إِن كِدتَّ لَتُرْدِينِ. ﴿56﴾ |
| 57 ‘মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহ’লে, ময়ো দেখোন (জাহান্নামত) উপস্থিতকৃত ব্যক্তিসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন। | وَلَوْلَا نِعْمَةُ رَبِّى لَكُنتُ مِنَ ٱلْمُحْضَرِينَ. ﴿57﴾ |
| 58 (যিকে নহওক এতিয়া) আমাৰ আৰু দুনাই মৃত্যু নহয়, | أَفَمَا نَحْنُ بِمَيِّتِينَ. ﴿58﴾ |
| 59 ‘আমাৰ প্ৰথম মৃত্যুৰ পিছত আৰু আমাক শাস্তিও দিয়া নহ'ব!’ | إِلَّا مَوْتَتَنَا ٱلْأُولَىٰ وَمَا نَحْنُ بِمُعَذَّبِينَ. ﴿59﴾ |
| 60 নিশ্চয় এইটোৱেই হৈছে সেই মহা সফলতা। | إِنَّ هَٰذَا لَهُوَ ٱلْفَوْزُ ٱلْعَظِيمُ. ﴿60﴾ |
| 61 এনেকুৱা সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত, | لِمِثْلِ هَٰذَا فَلْيَعْمَلِ ٱلْعَٰمِلُونَ. ﴿61﴾ |
| 62 (কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম গছ উত্তম? | أَذَٰلِكَ خَيْرٌۭ نُّزُلًا أَمْ شَجَرَةُ ٱلزَّقُّومِ. ﴿62﴾ |
| 63 নিশ্চয় আমি যালিমসকলৰ বাবে ইয়াক পৰীক্ষাস্বৰূপ সৃষ্টি কৰিছোঁ, | إِنَّا جَعَلْنَٰهَا فِتْنَةًۭ لِّلظَّٰلِمِينَ. ﴿63﴾ |
| 64 এই গছজোপা উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা, | إِنَّهَا شَجَرَةٌۭ تَخْرُجُ فِىٓ أَصْلِ ٱلْجَحِيمِ. ﴿64﴾ |
| 65 ইয়াৰ থোপা হৈছে যেনিবা চয়তানৰ মূৰ, | طَلْعُهَا كَأَنَّهُۥ رُءُوسُ ٱلشَّيَٰطِينِ. ﴿65﴾ |
| 66 নিশ্চয় সিহঁতে ইয়াক ভক্ষণ কৰিব আৰু ইয়াৰ দ্বাৰাই পেট ভৰাব। | فَإِنَّهُمْ لَءَاكِلُونَ مِنْهَا فَمَالِـُٔونَ مِنْهَا ٱلْبُطُونَ. ﴿66﴾ |
| 67 ইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ। | ثُمَّ إِنَّ لَهُمْ عَلَيْهَا لَشَوْبًۭا مِّنْ حَمِيمٍۢ. ﴿67﴾ |
| 68 তাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব জাহান্নামৰ জুইৰ ফালে। | ثُمَّ إِنَّ مَرْجِعَهُمْ لَإِلَى ٱلْجَحِيمِ. ﴿68﴾ |
| 69 নিশ্চয় সিহঁতে সিহঁতৰ পিতৃ-পুৰুষসকলক পথভ্ৰষ্ট পাইছিল, | إِنَّهُمْ أَلْفَوْا۟ ءَابَآءَهُمْ ضَآلِّينَ. ﴿69﴾ |
| 70 তথাপিও সিহঁতে সিহঁতৰ অনুসৰণত ক্ষীপ্ৰতা দেখুৱাইছিল। | فَهُمْ عَلَىٰٓ ءَاثَٰرِهِمْ يُهْرَعُونَ. ﴿70﴾ |
| 71 নিশ্চয় সিহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তীসকলৰ মাজৰ সৰহভাগ মানুহেই বিপথগামী হৈছিল, | وَلَقَدْ ضَلَّ قَبْلَهُمْ أَكْثَرُ ٱلْأَوَّلِينَ. ﴿71﴾ |
| 72 অৱশ্যে আমি সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলোঁ। | وَلَقَدْ أَرْسَلْنَا فِيهِم مُّنذِرِينَ. ﴿72﴾ |
| 73 এতেকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল, সিহঁতৰ পৰিণাম কি হৈছিল! | فَٱنظُرْ كَيْفَ كَانَ عَٰقِبَةُ ٱلْمُنذَرِينَ. ﴿73﴾ |
| 74 কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া। | إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ. ﴿74﴾ |
| 75 আৰু নিশ্চয় নূহে আমাক আহ্বান কৰিছিল, এতেকে (চোৱা) আমি কিমান উত্তমভাৱে সঁহাৰি জনাইছিলোঁ! | وَلَقَدْ نَادَىٰنَا نُوحٌۭ فَلَنِعْمَ ٱلْمُجِيبُونَ. ﴿75﴾ |
| 76 তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ। | وَنَجَّيْنَٰهُ وَأَهْلَهُۥ مِنَ ٱلْكَرْبِ ٱلْعَظِيمِ. ﴿76﴾ |
| 77 আৰু তেওঁৰ বংশধৰসকলকহে আমি অৱশিষ্ট ৰাখিছিলোঁ, | وَجَعَلْنَا ذُرِّيَّتَهُۥ هُمُ ٱلْبَاقِينَ. ﴿77﴾ |
| 78 আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ। | وَتَرَكْنَا عَلَيْهِ فِى ٱلْءَاخِرِينَ. ﴿78﴾ |
| 79 সমগ্ৰ সৃষ্টিৰ মাজত নূহৰ প্ৰতি শান্তি বৰ্ষিত হওক। | سَلَٰمٌ عَلَىٰ نُوحٍۢ فِى ٱلْعَٰلَمِينَ. ﴿79﴾ |
| 80 সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকোঁ। | إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ. ﴿80﴾ |
| 81 নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম। | إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ. ﴿81﴾ |
| 82 তাৰ পিছত ডুবাই মাৰিছিলোঁ আনটো দলক। | ثُمَّ أَغْرَقْنَا ٱلْءَاخَرِينَ. ﴿82﴾ |
| 83 আৰু নিশ্চয় ইব্ৰাহীমো আছিল তেওঁৰ অনুসাৰীসকলৰেই অন্তৰ্ভুক্ত। | ۞ وَإِنَّ مِن شِيعَتِهِۦ لَإِبْرَٰهِيمَ. ﴿83﴾ |
| 84 স্মৰণ কৰা, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত বিশুদ্ধচিত্তে উপস্থিত হৈছিল, | إِذْ جَآءَ رَبَّهُۥ بِقَلْبٍۢ سَلِيمٍ. ﴿84﴾ |
| 85 যেতিয়া তেওঁ নিজ পিতৃক আৰু তেওঁৰ সম্প্ৰদায়ক সুধিছিল, ‘তোমালোকে কিহৰ ইবাদত কৰি আছা? | إِذْ قَالَ لِأَبِيهِ وَقَوْمِهِۦ مَاذَا تَعْبُدُونَ. ﴿85﴾ |
| 86 ‘তোমালোকে আল্লাহৰ পৰিবৰ্তে অলীক উপাস্যবোৰকে বিচৰা নেকি? | أَئِفْكًا ءَالِهَةًۭ دُونَ ٱللَّهِ تُرِيدُونَ. ﴿86﴾ |
| 87 ‘তেন্তে বিশ্বজগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ ধাৰণা কি’? | فَمَا ظَنُّكُم بِرَبِّ ٱلْعَٰلَمِينَ. ﴿87﴾ |
| 88 তাৰ পিছত তেওঁ তৰাসমূহৰ পিনে এবাৰ দৃষ্টিপাত কৰিলে। | فَنَظَرَ نَظْرَةًۭ فِى ٱلنُّجُومِ. ﴿88﴾ |
| 89 আৰু ক’লে, ‘নিশ্চয় মই অসুস্থ’। | فَقَالَ إِنِّى سَقِيمٌۭ. ﴿89﴾ |
| 90 তাৰ পিছত সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰি তেওঁক এৰি গুচি গ’ল। | فَتَوَلَّوْا۟ عَنْهُ مُدْبِرِينَ. ﴿90﴾ |
| 91 তাৰ পিছত তেওঁ সংগোপনে সিহঁতৰ উপাস্যবোৰৰ ওচৰলৈ গ’ল, আৰু ক’লে, ‘তোমালোকে নোখোৱা কিয়’? | فَرَاغَ إِلَىٰٓ ءَالِهَتِهِمْ فَقَالَ أَلَا تَأْكُلُونَ. ﴿91﴾ |
| 92 ‘কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়’? | مَا لَكُمْ لَا تَنطِقُونَ. ﴿92﴾ |
| 93 তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত সজোৰে আঘাত কৰিলে। | فَرَاغَ عَلَيْهِمْ ضَرْبًۢا بِٱلْيَمِينِ. ﴿93﴾ |
| 94 ইপিনে মানুহে (ঘৰলৈ ঘূৰি আহি) তেওঁৰ ফালে ঢাপলি মেলিলে। | فَأَقْبَلُوٓا۟ إِلَيْهِ يَزِفُّونَ. ﴿94﴾ |
| 95 তেওঁ ক’লে, ‘তোমালোকে সেইবোৰৰ উপাসনা কৰা নেকি, যিবোৰক তোমালোকে নিজেই নিৰ্মাণ কৰা’? | قَالَ أَتَعْبُدُونَ مَا تَنْحِتُونَ. ﴿95﴾ |
| 96 ‘অথচ আল্লাহেই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোকো তেৱেঁই সৃষ্টি কৰিছে’। | وَٱللَّهُ خَلَقَكُمْ وَمَا تَعْمَلُونَ. ﴿96﴾ |
| 97 সিহঁতে ক’লে, ‘ইয়াৰ বাবে এটা স্থাপনা তৈয়াৰ কৰা, তাৰ পিছত ইয়াক জ্বলন্ত জুইত নিক্ষেপ কৰা’। | قَالُوا۟ ٱبْنُوا۟ لَهُۥ بُنْيَٰنًۭا فَأَلْقُوهُ فِى ٱلْجَحِيمِ. ﴿97﴾ |
| 98 এইদৰেই সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল; কিন্তু আমি সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰি দিলোঁ। | فَأَرَادُوا۟ بِهِۦ كَيْدًۭا فَجَعَلْنَٰهُمُ ٱلْأَسْفَلِينَ. ﴿98﴾ |
| 99 তেওঁ ক’লে, ‘মই মোৰ প্ৰতিপালকৰ ওচৰলৈ গৈ আছোঁ, নিশ্চয় তেৱেঁই মোক হিদায়ত কৰিব, | وَقَالَ إِنِّى ذَاهِبٌ إِلَىٰ رَبِّى سَيَهْدِينِ. ﴿99﴾ |
| 100 ‘হে মোৰ প্ৰতিপালক! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’। | رَبِّ هَبْ لِى مِنَ ٱلصَّٰلِحِينَ. ﴿100﴾ |
| 101 তাৰ পিছত আমি তেওঁক এজন সহিষ্ণু পুত্ৰৰ সুসংবাদ দিলোঁ। | فَبَشَّرْنَٰهُ بِغُلَٰمٍ حَلِيمٍۢ. ﴿101﴾ |
| 102 এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হ’ল, তেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলোঁ যে, মই তোমাক জবেহ কৰি আছোঁ, এতিয়া কোৱাচোন তোমাৰ অভিমত কি’? পুত্ৰই ক’লে, ‘হে মোৰ পিতৃ! আপুনি যি আদেশপ্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্য্যশীলসকলৰ অন্তৰ্ভুক্ত পাব’। | فَلَمَّا بَلَغَ مَعَهُ ٱلسَّعْىَ قَالَ يَٰبُنَىَّ إِنِّىٓ أَرَىٰ فِى ٱلْمَنَامِ أَنِّىٓ أَذْبَحُكَ فَٱنظُرْ مَاذَا تَرَىٰ ۚ قَالَ يَٰٓأَبَتِ ٱفْعَلْ مَا تُؤْمَرُ ۖ سَتَجِدُنِىٓ إِن شَآءَ ٱللَّهُ مِنَ ٱلصَّٰبِرِينَ. ﴿102﴾ |
| 103 এতেকে তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহীমে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই ল’লে, | فَلَمَّآ أَسْلَمَا وَتَلَّهُۥ لِلْجَبِينِ. ﴿103﴾ |
| 104 তেতিয়া আমি তেওঁক মাতি ক’লোঁ, ‘হে ইব্ৰাহীম! | وَنَٰدَيْنَٰهُ أَن يَٰٓإِبْرَٰهِيمُ. ﴿104﴾ |
| 105 ‘তুমি নিশ্চয় সপোনৰ আদেশ পালন কৰিছা! নিশ্চয় এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ’। | قَدْ صَدَّقْتَ ٱلرُّءْيَآ ۚ إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ. ﴿105﴾ |
| 106 নিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা। | إِنَّ هَٰذَا لَهُوَ ٱلْبَلَٰٓؤُا۟ ٱلْمُبِينُ. ﴿106﴾ |
| 107 আৰু আমি তেওঁক মুক্ত কৰিলোঁ এটা মহা কুৰবানীৰ বিনিময়ত। | وَفَدَيْنَٰهُ بِذِبْحٍ عَظِيمٍۢ. ﴿107﴾ |
| 108 আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ। | وَتَرَكْنَا عَلَيْهِ فِى ٱلْءَاخِرِينَ. ﴿108﴾ |
| 109 শান্তি বৰ্ষিত হওক ইব্ৰাহীমৰ ওপৰত। | سَلَٰمٌ عَلَىٰٓ إِبْرَٰهِيمَ. ﴿109﴾ |
| 110 এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ। | كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ. ﴿110﴾ |
| 111 নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম। | إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ. ﴿111﴾ |
| 112 আৰু আমি তেওঁক ইছহাক্বৰ সুসংবাদ দিছিলোঁ, তেওঁ আছিল এজন নবী, সৎকৰ্মশীলসকলৰ অন্যতম। | وَبَشَّرْنَٰهُ بِإِسْحَٰقَ نَبِيًّۭا مِّنَ ٱلصَّٰلِحِينَ. ﴿112﴾ |
| 113 আৰু আমি ইব্ৰাহীমৰ ওপৰত বৰকত দান কৰিছিলোঁ আৰু ইছহাক্বৰ ওপৰতো; আৰু তেওঁলোক উভয়েৰে বংশধৰসকলৰ মাজত আছিল কিছুমান সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অত্যাচাৰী। | وَبَٰرَكْنَا عَلَيْهِ وَعَلَىٰٓ إِسْحَٰقَ ۚ وَمِن ذُرِّيَّتِهِمَا مُحْسِنٌۭ وَظَالِمٌۭ لِّنَفْسِهِۦ مُبِينٌۭ. ﴿113﴾ |
| 114 আৰু নিশ্চয় আমি অনুগ্ৰহ কৰিছিলোঁ মূছা আৰু হাৰূনৰ প্ৰতি, | وَلَقَدْ مَنَنَّا عَلَىٰ مُوسَىٰ وَهَٰرُونَ. ﴿114﴾ |
| 115 আৰু তেওঁলোক উভয়কে আৰু তেওঁলোকৰ সম্প্ৰদায়কো উদ্ধাৰ কৰিছিলোঁ মহাসংকটৰ পৰা। | وَنَجَّيْنَٰهُمَا وَقَوْمَهُمَا مِنَ ٱلْكَرْبِ ٱلْعَظِيمِ. ﴿115﴾ |
| 116 আৰু আমি তেওঁলোকক সহায় কৰিছিলোঁ, ফলত তেওঁলোকে বিজয়ী হৈছিল। | وَنَصَرْنَٰهُمْ فَكَانُوا۟ هُمُ ٱلْغَٰلِبِينَ. ﴿116﴾ |
| 117 আৰু আমি উভয়কে বিশদ কিতাব প্ৰদান কৰিছিলোঁ। | وَءَاتَيْنَٰهُمَا ٱلْكِتَٰبَ ٱلْمُسْتَبِينَ. ﴿117﴾ |
| 118 আৰু উভয়কে আমি পৰিচালিত কৰিছিলোঁ সৰল পথত। | وَهَدَيْنَٰهُمَا ٱلصِّرَٰطَ ٱلْمُسْتَقِيمَ. ﴿118﴾ |
| 119 আৰু আমি তেওঁলোক উভয়ৰে বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছোঁ। | وَتَرَكْنَا عَلَيْهِمَا فِى ٱلْءَاخِرِينَ. ﴿119﴾ |
| 120 মুছা আৰু হাৰূনৰ ওপৰত বৰ্ষিত হওক ছালাম (শান্তি আৰু নিৰাপত্তা)। | سَلَٰمٌ عَلَىٰ مُوسَىٰ وَهَٰرُونَ. ﴿120﴾ |
| 121 নিশ্চয় সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকোঁ। | إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ. ﴿121﴾ |
| 122 নিশ্চয় তেওঁলোক উভয়ে আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত। | إِنَّهُمَا مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ. ﴿122﴾ |
| 123 আৰু নিশ্চয় ইলিয়াছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত। | وَإِنَّ إِلْيَاسَ لَمِنَ ٱلْمُرْسَلِينَ. ﴿123﴾ |
| 124 যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’? | إِذْ قَالَ لِقَوْمِهِۦٓ أَلَا تَتَّقُونَ. ﴿124﴾ |
| 125 ‘তোমালোকে বাআলক আহ্বান কৰা নেকি? অথচ পৰিত্যাগ কৰা সৰ্বত্তোম স্ৰষ্টাক, | أَتَدْعُونَ بَعْلًۭا وَتَذَرُونَ أَحْسَنَ ٱلْخَٰلِقِينَ. ﴿125﴾ |
| 126 ‘আল্লাহেই হৈছে তোমালোকৰ প্ৰতিপালক, আৰু তোমালোকৰ পূৰ্বৱৰ্তী পিতৃ-পুৰুষসকলোৰো প্ৰতিপালক’। | ٱللَّهَ رَبَّكُمْ وَرَبَّ ءَابَآئِكُمُ ٱلْأَوَّلِينَ. ﴿126﴾ |
| 127 তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, সেয়ে সিহঁতক নিশ্চয় (শাস্তিৰ মাজত) উপস্থিত কৰা হ’ব। | فَكَذَّبُوهُ فَإِنَّهُمْ لَمُحْضَرُونَ. ﴿127﴾ |
| 128 কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া। | إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ. ﴿128﴾ |
| 129 আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ। | وَتَرَكْنَا عَلَيْهِ فِى ٱلْءَاخِرِينَ. ﴿129﴾ |
| 130 শান্তি বৰ্ষিত হওক ইলিয়াছৰ ওপৰত। | سَلَٰمٌ عَلَىٰٓ إِلْ يَاسِينَ. ﴿130﴾ |
| 131 নিশ্চয় সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দিওঁ। | إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ. ﴿131﴾ |
| 132 নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম। | إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ. ﴿132﴾ |
| 133 আৰু নিশ্চয় লূতো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত। | وَإِنَّ لُوطًۭا لَّمِنَ ٱلْمُرْسَلِينَ. ﴿133﴾ |
| 134 স্মৰণ কৰা, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সকলোকে উদ্ধাৰ কৰিছিলোঁ, | إِذْ نَجَّيْنَٰهُ وَأَهْلَهُۥٓ أَجْمَعِينَ. ﴿134﴾ |
| 135 কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত। | إِلَّا عَجُوزًۭا فِى ٱلْغَٰبِرِينَ. ﴿135﴾ |
| 136 তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিছিলোঁ। | ثُمَّ دَمَّرْنَا ٱلْءَاخَرِينَ. ﴿136﴾ |
| 137 আৰু নিশ্চয় তোমালোকে সিহঁতৰ ধ্বংসপ্ৰাপ্ত অঞ্চলেদি অতিক্ৰম কৰা পুৱাৰ ভাগত, | وَإِنَّكُمْ لَتَمُرُّونَ عَلَيْهِم مُّصْبِحِينَ. ﴿137﴾ |
| 138 আৰু ৰাতিতো। তথাপিও তোমালোকে বুজি নোপোৱানে? | وَبِٱلَّيْلِ ۗ أَفَلَا تَعْقِلُونَ. ﴿138﴾ |
| 139 আৰু নিশ্চয় ইউনুছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত। | وَإِنَّ يُونُسَ لَمِنَ ٱلْمُرْسَلِينَ. ﴿139﴾ |
| 140 স্মৰণ কৰা, যেতিয়া তেওঁ ভৰা নৌযানৰ পিনে পলাই গৈছিল, | إِذْ أَبَقَ إِلَى ٱلْفُلْكِ ٱلْمَشْحُونِ. ﴿140﴾ |
| 141 তাৰ পিছত তেওঁ লটাৰিত যোগদান কৰিছিল আৰু পৰাভূতসকলৰ অন্তৰ্ভুক্ত হৈছিল। | فَسَاهَمَ فَكَانَ مِنَ ٱلْمُدْحَضِينَ. ﴿141﴾ |
| 142 তাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলাইছিল, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল। | فَٱلْتَقَمَهُ ٱلْحُوتُ وَهُوَ مُلِيمٌۭ. ﴿142﴾ |
| 143 আৰু তেওঁ যদি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’লহেঁতেন, | فَلَوْلَآ أَنَّهُۥ كَانَ مِنَ ٱلْمُسَبِّحِينَ. ﴿143﴾ |
| 144 তেন্তে তেওঁ পুনৰুত্থান দিৱসলৈকে মাছৰ পেটতেই থাকিলহেঁতেন। | لَلَبِثَ فِى بَطْنِهِۦٓ إِلَىٰ يَوْمِ يُبْعَثُونَ. ﴿144﴾ |
| 145 অৱশেষত তেওঁক আমি নিক্ষেপ কৰিছিলোঁ এটা তৃণহীন সমুদ্ৰতটত, আৰু তেওঁ আছিল অসুস্থ। | ۞ فَنَبَذْنَٰهُ بِٱلْعَرَآءِ وَهُوَ سَقِيمٌۭ. ﴿145﴾ |
| 146 আৰু আমি (তেওঁক ছাঁ দিবলৈ) তেওঁৰ ওপৰত ইয়াকতীন প্ৰজাতিৰ এটা গছ গজাই তুলিলোঁ, | وَأَنۢبَتْنَا عَلَيْهِ شَجَرَةًۭ مِّن يَقْطِينٍۢ. ﴿146﴾ |
| 147 আৰু আমি তেওঁক এক লাখ বা তাতকৈও বেছি লোকৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। | وَأَرْسَلْنَٰهُ إِلَىٰ مِا۟ئَةِ أَلْفٍ أَوْ يَزِيدُونَ. ﴿147﴾ |
| 148 এতেকে তেওঁলোকে ঈমান আনিছিল, ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱনোপভোগ কৰিবলৈ সুবিধা দিছিলোঁ। | فَـَٔامَنُوا۟ فَمَتَّعْنَٰهُمْ إِلَىٰ حِينٍۢ. ﴿148﴾ |
| 149 এতেকে সিহঁতক সোধাচোন, ‘(এইটো কেনেকুৱা কথা) তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু সিহঁতৰ বাবে পুত্ৰ সন্তান নেকি’? | فَٱسْتَفْتِهِمْ أَلِرَبِّكَ ٱلْبَنَاتُ وَلَهُمُ ٱلْبَنُونَ. ﴿149﴾ |
| 150 অথবা আমি ফিৰিস্তাসকলক নাৰী হিচাপে সৃষ্টি কৰিছোঁ নেকি, সেয়া সিহঁতে দেখিছিলনে? | أَمْ خَلَقْنَا ٱلْمَلَٰٓئِكَةَ إِنَٰثًۭا وَهُمْ شَٰهِدُونَ. ﴿150﴾ |
| 151 জানি থোৱা, নিশ্চয় সিহঁতে মনেসজা কথা কয় যে, | أَلَآ إِنَّهُم مِّنْ إِفْكِهِمْ لَيَقُولُونَ. ﴿151﴾ |
| 152 ‘আল্লাহে সন্তান জন্ম দিছে’। নিশ্চয় সিহঁত মিছলীয়া। | وَلَدَ ٱللَّهُ وَإِنَّهُمْ لَكَٰذِبُونَ. ﴿152﴾ |
| 153 তেওঁ পুত্ৰ সন্তানৰ পৰিবৰ্তে কন্যা সন্তান পছন্দ কৰিছে নেকি? | أَصْطَفَى ٱلْبَنَاتِ عَلَى ٱلْبَنِينَ. ﴿153﴾ |
| 154 কি হৈছে তোমালোকৰ? তোমালোকে কেনেকুৱা বিচাৰ কৰা? | مَا لَكُمْ كَيْفَ تَحْكُمُونَ. ﴿154﴾ |
| 155 তেন্তে তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে? | أَفَلَا تَذَكَّرُونَ. ﴿155﴾ |
| 156 অথবা তোমালোকৰ কোনো সুস্পষ্ট দলীল-প্ৰমাণ আছে নেকি? | أَمْ لَكُمْ سُلْطَٰنٌۭ مُّبِينٌۭ. ﴿156﴾ |
| 157 যদি তোমালোকে সত্যবাদী হোৱা তেন্তে তোমালোকৰ কিতাব লৈ আহা। | فَأْتُوا۟ بِكِتَٰبِكُمْ إِن كُنتُمْ صَٰدِقِينَ. ﴿157﴾ |
| 158 সিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অথচ জিনবিলাকে জানে যে, নিশ্চয় সিহঁতক উপস্থিত কৰা হ’ব (শাস্তিৰ বাবে)। | وَجَعَلُوا۟ بَيْنَهُۥ وَبَيْنَ ٱلْجِنَّةِ نَسَبًۭا ۚ وَلَقَدْ عَلِمَتِ ٱلْجِنَّةُ إِنَّهُمْ لَمُحْضَرُونَ. ﴿158﴾ |
| 159 সিহঁতে যি আৰোপ কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ আৰু মহান, | سُبْحَٰنَ ٱللَّهِ عَمَّا يَصِفُونَ. ﴿159﴾ |
| 160 কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া। | إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ. ﴿160﴾ |
| 161 নিশ্চয় তোমালোকে আৰু তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰে, | فَإِنَّكُمْ وَمَا تَعْبُدُونَ. ﴿161﴾ |
| 162 (একনিষ্ঠ বান্দাসকলৰ) কাকো তোমালোকে আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা, | مَآ أَنتُمْ عَلَيْهِ بِفَٰتِنِينَ. ﴿162﴾ |
| 163 কেৱল সেই ব্যক্তিৰ বাহিৰে যিজন দগ্ধ হ'ব প্ৰজ্জ্বলিত জুইত । | إِلَّا مَنْ هُوَ صَالِ ٱلْجَحِيمِ. ﴿163﴾ |
| 164 আৰু (জিব্ৰীলে ক’ব) ‘আমাৰ প্ৰত্যেকৰে বাবে আছে নিৰ্ধাৰিত স্থান, | وَمَا مِنَّآ إِلَّا لَهُۥ مَقَامٌۭ مَّعْلُومٌۭ. ﴿164﴾ |
| 165 ‘আৰু নিশ্চয় আমি শাৰীবদ্ধভাৱে দণ্ডায়মান, | وَإِنَّا لَنَحْنُ ٱلصَّآفُّونَ. ﴿165﴾ |
| 166 ‘আৰু নিশ্চয় আমি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী, | وَإِنَّا لَنَحْنُ ٱلْمُسَبِّحُونَ. ﴿166﴾ |
| 167 আৰু নিশ্চয় সিহঁতে (মক্কাবাসীবিলাকে) কৈছিল, | وَإِن كَانُوا۟ لَيَقُولُونَ. ﴿167﴾ |
| 168 ‘পূৰ্বৱৰ্তীসকলৰ দৰে যদি আমাৰো এখন উপদেশমূলক কিতাব থাকিলহেঁতেন, | لَوْ أَنَّ عِندَنَا ذِكْرًۭا مِّنَ ٱلْأَوَّلِينَ. ﴿168﴾ |
| 169 ‘তেন্তে নিশ্চয় আমি আল্লাহৰ একনিষ্ঠ বান্দা হ’লোঁহেঁতেন’। | لَكُنَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ. ﴿169﴾ |
| 170 কিন্তু সিহঁতে সেয়া (কোৰআনক) অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব। | فَكَفَرُوا۟ بِهِۦ ۖ فَسَوْفَ يَعْلَمُونَ. ﴿170﴾ |
| 171 নিশ্চয় আমাৰ প্ৰেৰিত বান্দাসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে, | وَلَقَدْ سَبَقَتْ كَلِمَتُنَا لِعِبَادِنَا ٱلْمُرْسَلِينَ. ﴿171﴾ |
| 172 নিশ্চয় তেওঁলোক সাহায্যপ্ৰাপ্ত হ’ব। | إِنَّهُمْ لَهُمُ ٱلْمَنصُورُونَ. ﴿172﴾ |
| 173 আৰু নিশ্চয় আমাৰ সেনাবাহিনীয়েই বিজয়ী হ’ব। | وَإِنَّ جُندَنَا لَهُمُ ٱلْغَٰلِبُونَ. ﴿173﴾ |
| 174 এতেকে কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই লোৱা। | فَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍۢ. ﴿174﴾ |
| 175 আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব (ইয়াৰ সাংঘাতিক পৰিণাম)। | وَأَبْصِرْهُمْ فَسَوْفَ يُبْصِرُونَ. ﴿175﴾ |
| 176 তেন্তে সিহঁতে আমাৰ শাস্তিক ত্বৰান্বিত কৰিব বিচাৰে নেকি? | أَفَبِعَذَابِنَا يَسْتَعْجِلُونَ. ﴿176﴾ |
| 177 এতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ প্ৰভাত কিমান যে নিকৃষ্ট হ’ব! | فَإِذَا نَزَلَ بِسَاحَتِهِمْ فَسَآءَ صَبَاحُ ٱلْمُنذَرِينَ. ﴿177﴾ |
| 178 গতিকে কিছু সময়ৰ বাবে তুমি সিহঁতক উপেক্ষা কৰা। | وَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍۢ. ﴿178﴾ |
| 179 আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব (ইয়াৰ সাংঘাতিক পৰিণাম)। | وَأَبْصِرْ فَسَوْفَ يُبْصِرُونَ. ﴿179﴾ |
| 180 সিহঁতে যি আৰোপ কৰে, তাৰ পৰা তোমাৰ প্ৰতিপালক পৱিত্ৰ আৰু মহান, তেৱেঁই সকলো ক্ষমতাৰ অধিকাৰী। | سُبْحَٰنَ رَبِّكَ رَبِّ ٱلْعِزَّةِ عَمَّا يَصِفُونَ. ﴿180﴾ |
| 181 আৰু শান্তি বৰ্ষিত হওক ৰাছুলসকলৰ প্ৰতি। | وَسَلَٰمٌ عَلَى ٱلْمُرْسَلِينَ. ﴿181﴾ |
| 182 আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য। | وَٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَٰلَمِينَ. ﴿182﴾ |