Loading date... | Loading Hijri date... | Loading time...

غافر

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 হা-মীম।[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
حمٓ. ﴿1﴾
2 এইখন কিতাব অৱতীৰ্ণ হৈছে আল্লাহৰ তৰফৰ পৰা যিজন মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ, تَنزِيلُ ٱلْكِتَٰبِ مِنَ ٱللَّهِ ٱلْعَزِيزِ ٱلْعَلِيمِ. ﴿2﴾
3 তেওঁ পাপ ক্ষমাকাৰী, তাওবা গ্ৰহণকাৰী, কঠোৰ শাস্তি প্ৰদানকাৰী, অনুগ্ৰহ বৰ্ষণকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ফালেই প্ৰত্যাৱৰ্তন। غَافِرِ ٱلذَّنۢبِ وَقَابِلِ ٱلتَّوْبِ شَدِيدِ ٱلْعِقَابِ ذِى ٱلطَّوْلِ ۖ لَآ إِلَٰهَ إِلَّا هُوَ ۖ إِلَيْهِ ٱلْمَصِيرُ. ﴿3﴾
4 আল্লাহৰ আয়াতসমূহকলৈ বিতৰ্ক কেৱল সিহঁতেই কৰে যিসকলে কুফৰী কৰিছে; এতেকে দেশ বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে। مَا يُجَٰدِلُ فِىٓ ءَايَٰتِ ٱللَّهِ إِلَّا ٱلَّذِينَ كَفَرُوا۟ فَلَا يَغْرُرْكَ تَقَلُّبُهُمْ فِى ٱلْبِلَٰدِ. ﴿4﴾
5 সিহঁতৰ পূৰ্বে নূহ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, লগতে সিহঁতৰ পিছত আৰু বহু দলে অস্বীকাৰ কৰিছিল। প্ৰত্যেক সম্প্ৰদায়েই নিজ নিজ ৰাছুলক কৰায়ত্ত কৰাৰ সংকল্প কৰিছিল আৰু সিহঁতে সত্যক ব্যৰ্থ কৰিবলৈ অসাৰ তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল। ফলত ময়ে সিহঁতক কৰায়ত্ত কৰিছিলোঁ। এতেকে কিমান কঠোৰ আছিল মোৰ শাস্তি! كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍۢ وَٱلْأَحْزَابُ مِنۢ بَعْدِهِمْ ۖ وَهَمَّتْ كُلُّ أُمَّةٍۭ بِرَسُولِهِمْ لِيَأْخُذُوهُ ۖ وَجَٰدَلُوا۟ بِٱلْبَٰطِلِ لِيُدْحِضُوا۟ بِهِ ٱلْحَقَّ فَأَخَذْتُهُمْ ۖ فَكَيْفَ كَانَ عِقَابِ. ﴿5﴾
6 আৰু যিসকলে কুফৰী কৰিছিল, এইদৰেই সিহঁতৰ ওপৰত বাস্তৱায়িত হৈছিল তোমাৰ প্ৰতিপালকৰ বাণী যে, নিশ্চয় সিহঁত হৈছে জাহান্নামী। وَكَذَٰلِكَ حَقَّتْ كَلِمَتُ رَبِّكَ عَلَى ٱلَّذِينَ كَفَرُوٓا۟ أَنَّهُمْ أَصْحَٰبُ ٱلنَّارِ. ﴿6﴾
7 যিসকলে আৰছ বহন কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে আছে, তেওঁলোকে নিজ প্ৰতিপালকৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে প্ৰশংসাৰ সৈতে, লগতে তেওঁলোকে তেওঁৰ ওপৰত ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ প্ৰতিপালক! তোমাৰ দয়া আৰু জ্ঞান সৰ্বব্যাপী। এতেকে যিসকলে তাওবা কৰে আৰু তোমাৰ পথ অৱলম্বন কৰে, তুমি তেওঁলোকক ক্ষমা কৰি দিয়া। লগতে জাহান্নামৰ শাস্তিৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰা। ٱلَّذِينَ يَحْمِلُونَ ٱلْعَرْشَ وَمَنْ حَوْلَهُۥ يُسَبِّحُونَ بِحَمْدِ رَبِّهِمْ وَيُؤْمِنُونَ بِهِۦ وَيَسْتَغْفِرُونَ لِلَّذِينَ ءَامَنُوا۟ رَبَّنَا وَسِعْتَ كُلَّ شَىْءٍۢ رَّحْمَةًۭ وَعِلْمًۭا فَٱغْفِرْ لِلَّذِينَ تَابُوا۟ وَٱتَّبَعُوا۟ سَبِيلَكَ وَقِهِمْ عَذَابَ ٱلْجَحِيمِ. ﴿7﴾
8 ‘হে আমাৰ প্ৰতিপালক! তুমি তেওঁলোকক প্ৰৱেশ কৰোৱা স্থায়ী জান্নাতত, যাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা লগতে তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী আৰু সন্তান-সন্ততিৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে তেওঁলোককো (প্ৰৱেশ কৰোৱা)। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়। رَبَّنَا وَأَدْخِلْهُمْ جَنَّٰتِ عَدْنٍ ٱلَّتِى وَعَدتَّهُمْ وَمَن صَلَحَ مِنْ ءَابَآئِهِمْ وَأَزْوَٰجِهِمْ وَذُرِّيَّٰتِهِمْ ۚ إِنَّكَ أَنتَ ٱلْعَزِيزُ ٱلْحَكِيمُ. ﴿8﴾
9 ‘আৰু তুমি তেওঁলোকক অপৰাধৰ শাস্তিৰ পৰা ৰক্ষা কৰা। সেইদিনা তুমি যাক (অপৰাধৰ) বেয়া পৰিণতিৰ পৰা ৰক্ষা কৰিবা, নিশ্চয় তুমি তাক অনুগ্ৰহহে কৰিবা; আৰু এইটোৱেই হৈছে মহাসফলতা!’ وَقِهِمُ ٱلسَّيِّـَٔاتِ ۚ وَمَن تَقِ ٱلسَّيِّـَٔاتِ يَوْمَئِذٍۢ فَقَدْ رَحِمْتَهُۥ ۚ وَذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ. ﴿9﴾
10 নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতক উচ্চ কণ্ঠত কোৱা হ’ব, ‘তোমালোকৰ নিজৰ প্ৰতি (আজি) তোমালোকৰ যিমান ক্ষোভ হৈছে, আল্লাহৰ ক্ষোভ ইয়াতকৈও অধিক আছিল, যেতিয়া তোমালোকক ঈমানৰ প্ৰতি আহ্বান কৰা হৈছিল, কিন্তু তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা’। إِنَّ ٱلَّذِينَ كَفَرُوا۟ يُنَادَوْنَ لَمَقْتُ ٱللَّهِ أَكْبَرُ مِن مَّقْتِكُمْ أَنفُسَكُمْ إِذْ تُدْعَوْنَ إِلَى ٱلْإِيمَٰنِ فَتَكْفُرُونَ. ﴿10﴾
11 সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাক দুবাৰকৈ মৃত্যু প্ৰদান কৰিছা আৰু দুবাৰকৈ আমাক জীৱন দান কৰিছা। সেয়ে আমি আমাৰ অপৰাধ স্বীকাৰ কৰিছোঁ। এতেকে (জাহান্নামৰ পৰা) ওলোৱাৰ কোনো উপায় আছে নেকি’? قَالُوا۟ رَبَّنَآ أَمَتَّنَا ٱثْنَتَيْنِ وَأَحْيَيْتَنَا ٱثْنَتَيْنِ فَٱعْتَرَفْنَا بِذُنُوبِنَا فَهَلْ إِلَىٰ خُرُوجٍۢ مِّن سَبِيلٍۢ. ﴿11﴾
12 (সিহঁতক কোৱা হ’ব) ‘তোমালোকক শাস্তি দিয়াৰ কাৰণ হৈছে, যেতিয়া আল্লাহক এককভাৱে আহ্বান কৰা হৈছিল তেতিয়া তোমালোকে কুফৰী কৰিছিলা, আৰু যেতিয়া তেওঁৰ লগত শ্বিৰ্ক কৰা হৈছিল তেতিয়া তোমালোকে সেয়া বিশ্বাস কৰিছিলা। এতেকে যাৱতীয় কৰ্তৃত্ব কেৱল সুউচ্চ, মহান আল্লাহৰেই’। ذَٰلِكُم بِأَنَّهُۥٓ إِذَا دُعِىَ ٱللَّهُ وَحْدَهُۥ كَفَرْتُمْ ۖ وَإِن يُشْرَكْ بِهِۦ تُؤْمِنُوا۟ ۚ فَٱلْحُكْمُ لِلَّهِ ٱلْعَلِىِّ ٱلْكَبِيرِ. ﴿12﴾
13 তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱায় আৰু আকাশৰ পৰা তোমালোকৰ বাবে জীৱিকা অৱতীৰ্ণ কৰে। উপদেশ কেৱল সেই ব্যক্তিহে গ্ৰহণ কৰে যিয়ে আল্লাহ অভিমুখী হয়। هُوَ ٱلَّذِى يُرِيكُمْ ءَايَٰتِهِۦ وَيُنَزِّلُ لَكُم مِّنَ ٱلسَّمَآءِ رِزْقًۭا ۚ وَمَا يَتَذَكَّرُ إِلَّا مَن يُنِيبُ. ﴿13﴾
14 এতেকে তোমালোকে আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই আহ্বান কৰা। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে। فَٱدْعُوا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ وَلَوْ كَرِهَ ٱلْكَٰفِرُونَ. ﴿14﴾
15 তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী, আৰছৰ অধিপতি, তেৱেঁই নিজৰ আদেশত বান্দাসকলৰ মাজৰ পৰা যাৰ প্ৰতি ইচ্ছা কৰে তাৰ প্ৰতি অহী প্ৰেৰণ কৰে, যাতে তেওঁ মহা সন্মিলন দিৱস সম্পৰ্কে সতৰ্ক কৰিব পাৰে। رَفِيعُ ٱلدَّرَجَٰتِ ذُو ٱلْعَرْشِ يُلْقِى ٱلرُّوحَ مِنْ أَمْرِهِۦ عَلَىٰ مَن يَشَآءُ مِنْ عِبَادِهِۦ لِيُنذِرَ يَوْمَ ٱلتَّلَاقِ. ﴿15﴾
16 যিদিনা সিহঁত (মানুহ বিলাক) প্ৰকাশিত হ’ব, সেইদিনা আল্লাহৰ ওচৰত সিহঁতৰ একোৱেই গোপন নাথাকিব। (তেওঁ ক’ব) ‘আজি কৰ্তৃত্ব কাৰ’? কেৱল আল্লাহৰেই, তেওঁ একক, প্ৰবল প্ৰতাপশালী। يَوْمَ هُم بَٰرِزُونَ ۖ لَا يَخْفَىٰ عَلَى ٱللَّهِ مِنْهُمْ شَىْءٌۭ ۚ لِّمَنِ ٱلْمُلْكُ ٱلْيَوْمَ ۖ لِلَّهِ ٱلْوَٰحِدِ ٱلْقَهَّارِ. ﴿16﴾
17 আজি প্ৰত্যেককে তাৰ কৃতকৰ্ম অনুসাৰে প্ৰতিফল দিয়া হ’ব, আজি কোনো ধৰণৰ অন্যায় কৰা নহ’ব। নিশ্চয় আল্লাহ হিচাপ গ্ৰহণত অতি তৎপৰ। ٱلْيَوْمَ تُجْزَىٰ كُلُّ نَفْسٍۭ بِمَا كَسَبَتْ ۚ لَا ظُلْمَ ٱلْيَوْمَ ۚ إِنَّ ٱللَّهَ سَرِيعُ ٱلْحِسَابِ. ﴿17﴾
18 আৰু তুমি সিহঁতক আসন্ন দিৱস সম্পৰ্কে সতৰ্ক কৰি দিয়া; যেতিয়া দুখ-কষ্ট সম্বৰণ অৱস্থাত সিহঁতৰ প্ৰাণ কণ্ঠাগত হ’ব। যালিমসকলৰ বাবে কোনো অন্তৰঙ্গ বন্ধু নাই আৰু এনেকুৱা কোনো মধ্যস্থতাকাৰীও নাই যাৰ মধ্যস্থতা গ্ৰহণ কৰা হ’ব। وَأَنذِرْهُمْ يَوْمَ ٱلْءَازِفَةِ إِذِ ٱلْقُلُوبُ لَدَى ٱلْحَنَاجِرِ كَٰظِمِينَ ۚ مَا لِلظَّٰلِمِينَ مِنْ حَمِيمٍۢ وَلَا شَفِيعٍۢ يُطَاعُ. ﴿18﴾
19 চকুসমূহৰ বিশ্বাসঘাতকতা আৰু অন্তৰসমূহে যি গোপন কৰে সেয়াও তেওঁ জানে। يَعْلَمُ خَآئِنَةَ ٱلْأَعْيُنِ وَمَا تُخْفِى ٱلصُّدُورُ. ﴿19﴾
20 আল্লাহে যথাযথভাৱে ফয়চালা কৰে, আৰু আল্লাহৰ পৰিবৰ্তে সিহঁতে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই ফয়চালা কৰিব নোৱাৰে। নিশ্চয় আল্লাহ, তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। وَٱللَّهُ يَقْضِى بِٱلْحَقِّ ۖ وَٱلَّذِينَ يَدْعُونَ مِن دُونِهِۦ لَا يَقْضُونَ بِشَىْءٍ ۗ إِنَّ ٱللَّهَ هُوَ ٱلسَّمِيعُ ٱلْبَصِيرُ. ﴿20﴾
21 ইহঁতে পৃথিৱীত বিচৰণ নকৰে নেকি? তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন, পূৰ্বে যিসকল আছিল সিহঁতৰ পৰিণাম কি হৈছিল। সিহঁতে ইহঁতৰ তুলনাত পৃথিৱীত অধিক শক্তিশালী আছিল আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ অপৰাধৰ বাবে কৰায়ত্ত কৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাছিল। ۞ أَوَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ كَانُوا۟ مِن قَبْلِهِمْ ۚ كَانُوا۟ هُمْ أَشَدَّ مِنْهُمْ قُوَّةًۭ وَءَاثَارًۭا فِى ٱلْأَرْضِ فَأَخَذَهُمُ ٱللَّهُ بِذُنُوبِهِمْ وَمَا كَانَ لَهُم مِّنَ ٱللَّهِ مِن وَاقٍۢ. ﴿21﴾
22 এইটো এইকাৰণে যে, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল তথাপিও সিহঁতে (তেওঁলোকক) প্ৰত্যাখ্যান কৰিছিল। সেয়ে আল্লাহে সিহঁতক কৰায়ত্ত কৰিছিল। নিশ্চয় তেওঁ শক্তিশালী, শাস্তি প্ৰদানত অতি কঠোৰ। ذَٰلِكَ بِأَنَّهُمْ كَانَت تَّأْتِيهِمْ رُسُلُهُم بِٱلْبَيِّنَٰتِ فَكَفَرُوا۟ فَأَخَذَهُمُ ٱللَّهُ ۚ إِنَّهُۥ قَوِىٌّۭ شَدِيدُ ٱلْعِقَابِ. ﴿22﴾
23 আৰু নিশ্চয় আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলোঁ। وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِـَٔايَٰتِنَا وَسُلْطَٰنٍۢ مُّبِينٍ. ﴿23﴾
24 ফিৰআউন, হামান আৰু কাৰূনৰ ওচৰলৈ। কিন্তু সিহঁতে তেওঁক, ‘যাদুকৰ, চৰম মিছলীয়া বুলি কৈছিল’। إِلَىٰ فِرْعَوْنَ وَهَٰمَٰنَ وَقَٰرُونَ فَقَالُوا۟ سَٰحِرٌۭ كَذَّابٌۭ. ﴿24﴾
25 তাৰ পিছত মুছাই যেতিয়া আমাৰ তৰফৰ পৰা সত্য লৈ সিহঁতৰ ওচৰত গৈ উপস্থিত হ’ল, তেতিয়া সিহঁতে ক’লে, ‘মুছাৰ লগত যিসকলে ঈমান আনিছে, সিহঁতৰ পুত্ৰ সন্তানবিলাকক হত্যা কৰা আৰু সিহঁতৰ নাৰীসকলক জীৱিত এৰি দিয়া’। নিশ্চয় কাফিৰসকলৰ ষড়যন্ত্ৰ হৈছে ভ্ৰষ্টতাপূৰ্ণ। فَلَمَّا جَآءَهُم بِٱلْحَقِّ مِنْ عِندِنَا قَالُوا۟ ٱقْتُلُوٓا۟ أَبْنَآءَ ٱلَّذِينَ ءَامَنُوا۟ مَعَهُۥ وَٱسْتَحْيُوا۟ نِسَآءَهُمْ ۚ وَمَا كَيْدُ ٱلْكَٰفِرِينَ إِلَّا فِى ضَلَٰلٍۢ. ﴿25﴾
26 আৰু ফিৰআউনে ক’লে, ‘মোক এৰি দিয়া মই মুছাক হত্যা কৰিম, চাওঁ সি তাৰ প্ৰতিপালকক আহ্বান কৰকচোন। নিশ্চয় মই আশংকা কৰোঁ যে, সি তোমালোকৰ দ্বীনক পৰিবৰ্তন কৰি দিব নাইবা দেশত অশান্তি বিয়পাব’। وَقَالَ فِرْعَوْنُ ذَرُونِىٓ أَقْتُلْ مُوسَىٰ وَلْيَدْعُ رَبَّهُۥٓ ۖ إِنِّىٓ أَخَافُ أَن يُبَدِّلَ دِينَكُمْ أَوْ أَن يُظْهِرَ فِى ٱلْأَرْضِ ٱلْفَسَادَ. ﴿26﴾
27 মুছাই ক’লে, ‘মই মোৰ প্ৰতিপালক আৰু (যিজন) তোমালোকৰো প্ৰতিপালক তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ, এনেকুৱা প্ৰত্যেক অহংকাৰী ব্যক্তিৰ পৰা যিয়ে বিচাৰ দিৱসৰ ওপৰত ঈমান পোষণ নকৰে’। وَقَالَ مُوسَىٰٓ إِنِّى عُذْتُ بِرَبِّى وَرَبِّكُم مِّن كُلِّ مُتَكَبِّرٍۢ لَّا يُؤْمِنُ بِيَوْمِ ٱلْحِسَابِ. ﴿27﴾
28 আৰু ফিৰআউন বংশৰ এজন মুমিন ব্যক্তিয়ে যিজনে নিজৰ ঈমান গোপন ৰাখিছিল তেওঁ ক’লে, ‘তোমালোকে এজন ব্যক্তিক এই কাৰণে হত্যা কৰিবা নেকি যে, তেওঁ কয়, ‘মোৰ প্ৰতিপালক হৈছে কেৱল আল্লাহ’, অথচ তেওঁ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সুস্পষ্ট প্ৰমাণসহ তোমালোকৰ ওচৰলৈ আহিছে? তেওঁ যদি মিছলীয়া হয় তাৰ বাবে দায়ী তেওঁ নিজেই হ’ব, আৰু যদি তেওঁ সত্যবাদী হয় তেন্তে তেওঁ তোমালোকক যি প্ৰতিশ্ৰুতি দিছে, তাৰ পৰা কিছু পৰিমাণ হ’লেও তোমালোকৰ ওপৰত আপতিত হ’ব’। নিশ্চয় আল্লাহে সেই ব্যক্তিক হিদায়ত নকৰে, যিজন সীমালংঘনকাৰী, মিছলীয়া। وَقَالَ رَجُلٌۭ مُّؤْمِنٌۭ مِّنْ ءَالِ فِرْعَوْنَ يَكْتُمُ إِيمَٰنَهُۥٓ أَتَقْتُلُونَ رَجُلًا أَن يَقُولَ رَبِّىَ ٱللَّهُ وَقَدْ جَآءَكُم بِٱلْبَيِّنَٰتِ مِن رَّبِّكُمْ ۖ وَإِن يَكُ كَٰذِبًۭا فَعَلَيْهِ كَذِبُهُۥ ۖ وَإِن يَكُ صَادِقًۭا يُصِبْكُم بَعْضُ ٱلَّذِى يَعِدُكُمْ ۖ إِنَّ ٱللَّهَ لَا يَهْدِى مَنْ هُوَ مُسْرِفٌۭ كَذَّابٌۭ. ﴿28﴾
29 ‘হে মোৰ সম্প্ৰদায়! আজি তোমালোকৰেই ৰাজত্ব, পৃথিৱীত তোমালোকেই প্ৰভাৱশালী; কিন্তু আল্লাহৰ শাস্তি আহিলে কোনে আমাক সহায় কৰিব’? ফিৰআউনে ক’লে, ‘মই যিটো সঠিক বুলি ভাবোঁ, সেইটোৱেই তোমালোকক দেখুৱাওঁ আৰু মই তোমালোকক কেৱল সঠিক পথহে দেখুৱাওঁ’। يَٰقَوْمِ لَكُمُ ٱلْمُلْكُ ٱلْيَوْمَ ظَٰهِرِينَ فِى ٱلْأَرْضِ فَمَن يَنصُرُنَا مِنۢ بَأْسِ ٱللَّهِ إِن جَآءَنَا ۚ قَالَ فِرْعَوْنُ مَآ أُرِيكُمْ إِلَّا مَآ أَرَىٰ وَمَآ أَهْدِيكُمْ إِلَّا سَبِيلَ ٱلرَّشَادِ. ﴿29﴾
30 মুমিন ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ প্ৰতিও সেই দিনটোৰ আশংকা কৰোঁ যিটো পূৰ্বৱৰ্তী দলসমূহৰ ওপৰত আহিছিল; وَقَالَ ٱلَّذِىٓ ءَامَنَ يَٰقَوْمِ إِنِّىٓ أَخَافُ عَلَيْكُم مِّثْلَ يَوْمِ ٱلْأَحْزَابِ. ﴿30﴾
31 ‘যিদৰে সংঘটিত হৈছিল, নূহ, আদ, ছামূদ আৰু সিহঁতৰ পৰৱৰ্তী লোকসকলৰ ক্ষেত্ৰত। আল্লাহে বান্দাসকলৰ ওপৰত কোনো অন্যায় কৰিব নিবিচাৰে। مِثْلَ دَأْبِ قَوْمِ نُوحٍۢ وَعَادٍۢ وَثَمُودَ وَٱلَّذِينَ مِنۢ بَعْدِهِمْ ۚ وَمَا ٱللَّهُ يُرِيدُ ظُلْمًۭا لِّلْعِبَادِ. ﴿31﴾
32 ‘আৰু হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বাবে ভয়াৰ্ত আহ্বান দিৱসৰ আশংকা কৰিছোঁ, وَيَٰقَوْمِ إِنِّىٓ أَخَافُ عَلَيْكُمْ يَوْمَ ٱلتَّنَادِ. ﴿32﴾
33 ‘যিদিনা তোমালোকে পিছ হোঁহকা দি পলাব বিচাৰিবা, (সেইদিনা) আল্লাহৰ শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। আল্লাহে যাক বিভ্ৰান্ত কৰে, তাৰ বাবে কোনো হিদায়তকাৰী নাই’। يَوْمَ تُوَلُّونَ مُدْبِرِينَ مَا لَكُم مِّنَ ٱللَّهِ مِنْ عَاصِمٍۢ ۗ وَمَن يُضْلِلِ ٱللَّهُ فَمَا لَهُۥ مِنْ هَادٍۢ. ﴿33﴾
34 নিশ্চয় ইতিপূৰ্বে তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদিসহ ইউছুফ আহিছিল, ফলত তেওঁ তোমালোকৰ ওচৰলৈ যি আনিছিল তাক তোমালোকে সদায় সন্দেহ কৰিছিলা। অৱশেষত যেতিয়া তেওঁৰ মৃত্যু হ’ল, তেতিয়া তোমালোকে কৈছিলা, ‘আল্লাহে এওঁৰ পিছত কেতিয়াও আন কোনো ৰাছুল প্ৰেৰণ নকৰিব।’ এইদৰেই আল্লাহে প্ৰত্যেক সীমালংঘনকাৰী, সংশয়বাদীক বিভ্ৰান্ত কৰে। وَلَقَدْ جَآءَكُمْ يُوسُفُ مِن قَبْلُ بِٱلْبَيِّنَٰتِ فَمَا زِلْتُمْ فِى شَكٍّۢ مِّمَّا جَآءَكُم بِهِۦ ۖ حَتَّىٰٓ إِذَا هَلَكَ قُلْتُمْ لَن يَبْعَثَ ٱللَّهُ مِنۢ بَعْدِهِۦ رَسُولًۭا ۚ كَذَٰلِكَ يُضِلُّ ٱللَّهُ مَنْ هُوَ مُسْرِفٌۭ مُّرْتَابٌ. ﴿34﴾
35 যিসকলে সিহঁতৰ ওচৰলৈ (সিহঁতৰ দাবীৰ সমৰ্থনত) কোনো দলীল-প্ৰমাণ নহা সত্ত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়। আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত সিহঁতৰ এই কৰ্ম অতি ঘৃণাৰ যোগ্য। এইদৰেই আল্লাহে প্ৰত্যেক অহংকাৰী, স্বৈৰাচাৰী ব্যক্তিৰ হৃদয়ত মোহৰ মাৰি দিয়ে। ٱلَّذِينَ يُجَٰدِلُونَ فِىٓ ءَايَٰتِ ٱللَّهِ بِغَيْرِ سُلْطَٰنٍ أَتَىٰهُمْ ۖ كَبُرَ مَقْتًا عِندَ ٱللَّهِ وَعِندَ ٱلَّذِينَ ءَامَنُوا۟ ۚ كَذَٰلِكَ يَطْبَعُ ٱللَّهُ عَلَىٰ كُلِّ قَلْبِ مُتَكَبِّرٍۢ جَبَّارٍۢ. ﴿35﴾
36 আৰু ফিৰআউনে ক’লে, ‘হে হামান! মোৰ বাবে তুমি এখন সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, যাতে মই উপায় অৱলম্বন কৰিব পাৰোঁ, وَقَالَ فِرْعَوْنُ يَٰهَٰمَٰنُ ٱبْنِ لِى صَرْحًۭا لَّعَلِّىٓ أَبْلُغُ ٱلْأَسْبَٰبَ. ﴿36﴾
37 ‘আকাশসমূহত আৰোহণৰ উপায় বিচাৰি পাওঁ, যাতে মই মুছাৰ ইলাহক জুমি চাব পাৰোঁ, নিশ্চয় মই তাক মিছলীয়া বুলিহে ভাবোঁ’। এইদৰেই ফিৰআউনৰ কৰ্মক তাৰ ওচৰত শোভনীয় কৰি দিয়া হৈছিল আৰু তাক সৰল পথৰ পৰা নিবৃত্ত কৰা হৈছিল, লগতে ফিৰআউনৰ ষড়যন্ত্ৰ ব্যৰ্থহে হৈছিল। أَسْبَٰبَ ٱلسَّمَٰوَٰتِ فَأَطَّلِعَ إِلَىٰٓ إِلَٰهِ مُوسَىٰ وَإِنِّى لَأَظُنُّهُۥ كَٰذِبًۭا ۚ وَكَذَٰلِكَ زُيِّنَ لِفِرْعَوْنَ سُوٓءُ عَمَلِهِۦ وَصُدَّ عَنِ ٱلسَّبِيلِ ۚ وَمَا كَيْدُ فِرْعَوْنَ إِلَّا فِى تَبَابٍۢ. ﴿37﴾
38 ঈমান পোষণ কৰা ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে মোৰ অনুসৰণ কৰা, মই তোমালোকক সঠিক পথত পৰিচালিত কৰিম। وَقَالَ ٱلَّذِىٓ ءَامَنَ يَٰقَوْمِ ٱتَّبِعُونِ أَهْدِكُمْ سَبِيلَ ٱلرَّشَادِ. ﴿38﴾
39 ‘হে মোৰ সম্প্ৰদায়! এই পাৰ্থিৱ জীৱন হৈছে কেৱল অস্থায়ী ভোগ-সামগ্ৰী। নিশ্চয় আখিৰাত, সেইটোহে হৈছে স্থায়ী আবাস। يَٰقَوْمِ إِنَّمَا هَٰذِهِ ٱلْحَيَوٰةُ ٱلدُّنْيَا مَتَٰعٌۭ وَإِنَّ ٱلْءَاخِرَةَ هِىَ دَارُ ٱلْقَرَارِ. ﴿39﴾
40 ‘কোনোবাই অসৎকৰ্ম কৰিলে সি কেৱল তাৰ কৰ্ম অনুপাতেই শাস্তি পাব। আনহাতে পুৰুষ হওক বা নাৰী মুমিন হৈ যিয়ে সৎকৰ্ম কৰিব, তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব, তাত তেওঁলোকক দিয়া হ’ব অগণন জীৱিকা। مَنْ عَمِلَ سَيِّئَةًۭ فَلَا يُجْزَىٰٓ إِلَّا مِثْلَهَا ۖ وَمَنْ عَمِلَ صَٰلِحًۭا مِّن ذَكَرٍ أَوْ أُنثَىٰ وَهُوَ مُؤْمِنٌۭ فَأُو۟لَٰٓئِكَ يَدْخُلُونَ ٱلْجَنَّةَ يُرْزَقُونَ فِيهَا بِغَيْرِ حِسَابٍۢ. ﴿40﴾
41 ‘হে মোৰ সম্প্ৰদায়! কি হ’ল! মই তোমালোকক মুক্তিৰ পিনে আহ্বান কৰি আছোঁ, আৰু তোমালোকে মোক অগ্নিৰ পিনে মাতি আছা! ۞ وَيَٰقَوْمِ مَا لِىٓ أَدْعُوكُمْ إِلَى ٱلنَّجَوٰةِ وَتَدْعُونَنِىٓ إِلَى ٱلنَّارِ. ﴿41﴾
42 ‘তোমালোকে মোক মাতি আছা যাতে মই আল্লাহৰ লগত কুফৰী কৰোঁ আৰু তেওঁৰ লগত শ্বিৰ্ক কৰোঁ, যি বিষয়ে মোৰ কোনো জ্ঞান নাই; অথচ মই তোমালোকক আহ্বান কৰি আছোঁ মহা পৰাক্ৰমশালী, পৰম ক্ষমাশীলৰ ফালে। تَدْعُونَنِى لِأَكْفُرَ بِٱللَّهِ وَأُشْرِكَ بِهِۦ مَا لَيْسَ لِى بِهِۦ عِلْمٌۭ وَأَنَا۠ أَدْعُوكُمْ إِلَى ٱلْعَزِيزِ ٱلْغَفَّٰرِ. ﴿42﴾
43 ‘এই বিষয়ত কোনো সন্দেহ নাই যে, তোমালোকে মোক যাৰ ফালে আহ্বান কৰি আছা, সি পৃথিৱী আৰু আখিৰাতৰ ক'তো আহ্বানৰ যোগ্য নহয়। প্ৰকৃততে আমাৰ প্ৰত্যাৱৰ্তন হ’ব কেৱল আল্লাহৰ পিনে আৰু নিশ্চয় সীমালংঘনকাৰী- বিলাক হৈছে অগ্নিৰ অধিবাসী। لَا جَرَمَ أَنَّمَا تَدْعُونَنِىٓ إِلَيْهِ لَيْسَ لَهُۥ دَعْوَةٌۭ فِى ٱلدُّنْيَا وَلَا فِى ٱلْءَاخِرَةِ وَأَنَّ مَرَدَّنَآ إِلَى ٱللَّهِ وَأَنَّ ٱلْمُسْرِفِينَ هُمْ أَصْحَٰبُ ٱلنَّارِ. ﴿43﴾
44 ‘এতেকে মই তোমালোকক যিবোৰ কথা কৈ আছোঁ, অনতিপলমে তোমালোকে সেইবোৰ কথা স্মৰণ কৰিবা; আৰু মই মোৰ (যাৱতীয়) বিষয় আল্লাহৰ ওচৰতেই সমৰ্পণ কৰিছোঁ। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি সৰ্বদ্ৰষ্টা’। فَسَتَذْكُرُونَ مَآ أَقُولُ لَكُمْ ۚ وَأُفَوِّضُ أَمْرِىٓ إِلَى ٱللَّهِ ۚ إِنَّ ٱللَّهَ بَصِيرٌۢ بِٱلْعِبَادِ. ﴿44﴾
45 ফলত আল্লাহে তেওঁক সিহঁতৰ যড়যন্ত্ৰৰ অনিষ্টৰ পৰা ৰক্ষা কৰিলে আৰু ফিৰআউন গোষ্ঠীক কঠিন শাস্তিয়ে ঘেৰি পেলালে, فَوَقَىٰهُ ٱللَّهُ سَيِّـَٔاتِ مَا مَكَرُوا۟ ۖ وَحَاقَ بِـَٔالِ فِرْعَوْنَ سُوٓءُ ٱلْعَذَابِ. ﴿45﴾
46 পুৱা-গধূলি সিহঁতক অগ্নিত উপস্থিত কৰা হয় আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা (ফিৰিস্তাসকলক) কোৱা হ’ব, ‘ফিৰআউন গোষ্ঠীক কঠোৰ শাস্তিত নিক্ষেপ কৰা’। ٱلنَّارُ يُعْرَضُونَ عَلَيْهَا غُدُوًّۭا وَعَشِيًّۭا ۖ وَيَوْمَ تَقُومُ ٱلسَّاعَةُ أَدْخِلُوٓا۟ ءَالَ فِرْعَوْنَ أَشَدَّ ٱلْعَذَابِ. ﴿46﴾
47 আৰু যেতিয়া সিহঁতে জাহান্নামতগৈ পৰস্পৰে বিতৰ্কত লিপ্ত হ’ব, তেতিয়া দুৰ্বলসকলে অহংকাৰীবিলাকক ক’ব, ‘নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলোঁ, এতেকে তোমালোকে আমাৰ পৰা জাহান্নামৰ জুইৰ কিছু অংশ গ্ৰহণ কৰিবানে’? وَإِذْ يَتَحَآجُّونَ فِى ٱلنَّارِ فَيَقُولُ ٱلضُّعَفَٰٓؤُا۟ لِلَّذِينَ ٱسْتَكْبَرُوٓا۟ إِنَّا كُنَّا لَكُمْ تَبَعًۭا فَهَلْ أَنتُم مُّغْنُونَ عَنَّا نَصِيبًۭا مِّنَ ٱلنَّارِ. ﴿47﴾
48 অহংকাৰীবিলাকে ক’ব, ‘আমি সকলোৱে দেখোন ইয়াতেই আছোঁ, নিশ্চয় আল্লাহে বান্দাসকলৰ মাজত বিচাৰ সম্পন্ন কৰিছে’। قَالَ ٱلَّذِينَ ٱسْتَكْبَرُوٓا۟ إِنَّا كُلٌّۭ فِيهَآ إِنَّ ٱللَّهَ قَدْ حَكَمَ بَيْنَ ٱلْعِبَادِ. ﴿48﴾
49 আৰু জাহান্নামীবিলাকে জাহান্নামৰ প্ৰহৰীসকলক ক’ব, ‘আপোনালোকে (আমাৰ হৈ) আপোনালোকৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰকচোন, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে হ'লেও শাস্তি লাঘৱ কৰি দিয়ে’। وَقَالَ ٱلَّذِينَ فِى ٱلنَّارِ لِخَزَنَةِ جَهَنَّمَ ٱدْعُوا۟ رَبَّكُمْ يُخَفِّفْ عَنَّا يَوْمًۭا مِّنَ ٱلْعَذَابِ. ﴿49﴾
50 তেওঁলোকে ক'ব’, ‘তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদি সহকাৰে তোমালোকৰ ৰাছুলসকল অহা নাছিলনে’? জাহান্নামীবিলাকে ক’ব, ‘হয় নিশ্চয় আহিছিল’। প্ৰহৰীসকলে ক’ব, ‘এতেকে তোমালোকেই প্ৰাৰ্থনা কৰা; আৰু কাফিৰসকলৰ প্ৰাৰ্থনা কেৱল নিষ্ফলহে হয়’। قَالُوٓا۟ أَوَلَمْ تَكُ تَأْتِيكُمْ رُسُلُكُم بِٱلْبَيِّنَٰتِ ۖ قَالُوا۟ بَلَىٰ ۚ قَالُوا۟ فَٱدْعُوا۟ ۗ وَمَا دُعَٰٓؤُا۟ ٱلْكَٰفِرِينَ إِلَّا فِى ضَلَٰلٍ. ﴿50﴾
51 নিশ্চয় আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক পাৰ্থিৱ জীৱনত সহায় কৰিম, আৰু সেইদিনাও সহায় কৰিম যিদিনা সাক্ষীসকল থিয় হ’ব। إِنَّا لَنَنصُرُ رُسُلَنَا وَٱلَّذِينَ ءَامَنُوا۟ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَيَوْمَ يَقُومُ ٱلْأَشْهَٰدُ. ﴿51﴾
52 যিদিনা যালিমসকলৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব। সিহঁতৰ বাবে আছে অভিসম্পাত আৰু সিহঁতৰ বাবে আছে নিকৃষ্ট আবাস। يَوْمَ لَا يَنفَعُ ٱلظَّٰلِمِينَ مَعْذِرَتُهُمْ ۖ وَلَهُمُ ٱللَّعْنَةُ وَلَهُمْ سُوٓءُ ٱلدَّارِ. ﴿52﴾
53 আৰু নিশ্চয় আমি মুছাক হিদায়ত দান কৰিছিলোঁ আৰু বনী ইছৰাঈলক কিতাবৰ উত্তৰাধিকাৰী কৰিছিলোঁ, وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْهُدَىٰ وَأَوْرَثْنَا بَنِىٓ إِسْرَٰٓءِيلَ ٱلْكِتَٰبَ. ﴿53﴾
54 বোধশক্তিসম্পন্ন লোকসকলৰ বাবে পথনিৰ্দেশ আৰু উপদেশ হিচাপে। هُدًۭى وَذِكْرَىٰ لِأُو۟لِى ٱلْأَلْبَٰبِ. ﴿54﴾
55 এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। লগতে তুমি তোমাৰ ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা তথা মহিমা ঘোষণা কৰা। فَٱصْبِرْ إِنَّ وَعْدَ ٱللَّهِ حَقٌّۭ وَٱسْتَغْفِرْ لِذَنۢبِكَ وَسَبِّحْ بِحَمْدِ رَبِّكَ بِٱلْعَشِىِّ وَٱلْإِبْكَٰرِ. ﴿55﴾
56 নিশ্চয় যিসকলে নিজৰ ওচৰত কোনো দলীল-প্ৰমাণ নথকা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়, সিহঁতৰ অন্তৰত আছে কেৱল অহংকাৰ, সিহঁতে এই বিষয়ত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰিব। এতেকে তুমি কেৱল আল্লাহৰ ওচৰত আশ্ৰয় বিচৰা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। إِنَّ ٱلَّذِينَ يُجَٰدِلُونَ فِىٓ ءَايَٰتِ ٱللَّهِ بِغَيْرِ سُلْطَٰنٍ أَتَىٰهُمْ ۙ إِن فِى صُدُورِهِمْ إِلَّا كِبْرٌۭ مَّا هُم بِبَٰلِغِيهِ ۚ فَٱسْتَعِذْ بِٱللَّهِ ۖ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْبَصِيرُ. ﴿56﴾
57 নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, মানৱ সৃষ্টিতকৈও ডাঙৰ বিষয়, কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে। لَخَلْقُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ أَكْبَرُ مِنْ خَلْقِ ٱلنَّاسِ وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ. ﴿57﴾
58 অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়, এইদৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, পক্ষান্তৰে যিসকলে অসৎকৰ্ম কৰিছে সিহঁতেও সমান নহয়। তোমালোকে অতি সামান্যহে উপদেশ গ্ৰহণ কৰা। وَمَا يَسْتَوِى ٱلْأَعْمَىٰ وَٱلْبَصِيرُ وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ وَلَا ٱلْمُسِىٓءُ ۚ قَلِيلًۭا مَّا تَتَذَكَّرُونَ. ﴿58﴾
59 নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই; কিন্তু অধিকাংশ লোকেই বিশ্বাস নকৰে। إِنَّ ٱلسَّاعَةَ لَءَاتِيَةٌۭ لَّا رَيْبَ فِيهَا وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يُؤْمِنُونَ. ﴿59﴾
60 আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’। وَقَالَ رَبُّكُمُ ٱدْعُونِىٓ أَسْتَجِبْ لَكُمْ ۚ إِنَّ ٱلَّذِينَ يَسْتَكْبِرُونَ عَنْ عِبَادَتِى سَيَدْخُلُونَ جَهَنَّمَ دَاخِرِينَ. ﴿60﴾
61 আল্লাহ, যিজনে তোমালোকৰ বাবে ৰাতিক সৃষ্টি কৰিছে যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা, আৰু দিনক কৰিছে আলোকোজ্জ্বল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল, কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে। ٱللَّهُ ٱلَّذِى جَعَلَ لَكُمُ ٱلَّيْلَ لِتَسْكُنُوا۟ فِيهِ وَٱلنَّهَارَ مُبْصِرًا ۚ إِنَّ ٱللَّهَ لَذُو فَضْلٍ عَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَشْكُرُونَ. ﴿61﴾
62 তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক, সকলো বস্তুৰ স্ৰষ্টা; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ওভোতাই নিয়া হৈছে? ذَٰلِكُمُ ٱللَّهُ رَبُّكُمْ خَٰلِقُ كُلِّ شَىْءٍۢ لَّآ إِلَٰهَ إِلَّا هُوَ ۖ فَأَنَّىٰ تُؤْفَكُونَ. ﴿62﴾
63 এইদৰেই ওভতাই নিয়া হয় সেইসকল লোকক, যিসকলে আল্লাহৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে। كَذَٰلِكَ يُؤْفَكُ ٱلَّذِينَ كَانُوا۟ بِـَٔايَٰتِ ٱللَّهِ يَجْحَدُونَ. ﴿63﴾
64 আল্লাহেই তোমালোকৰ বাবে পৃথিৱীক স্থিতিশীল কৰিছে আৰু আকাশখনক কৰি দিছে চাদ আৰু তেৱেঁই তোমালোকৰ আকৃতি গঠন কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতিক সুন্দৰ ৰূপ দিছে, লগতে তোমালোকক পৱিত্ৰ বস্তুৰ পৰা জীৱিকা দান কৰিছে। তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক। এতেকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহ কিমান যে বৰকতময়! ٱللَّهُ ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَرْضَ قَرَارًۭا وَٱلسَّمَآءَ بِنَآءًۭ وَصَوَّرَكُمْ فَأَحْسَنَ صُوَرَكُمْ وَرَزَقَكُم مِّنَ ٱلطَّيِّبَٰتِ ۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمْ ۖ فَتَبَارَكَ ٱللَّهُ رَبُّ ٱلْعَٰلَمِينَ. ﴿64﴾
65 তেওঁ চিৰঞ্জীৱ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই প্ৰাৰ্থনা কৰা। সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য। هُوَ ٱلْحَىُّ لَآ إِلَٰهَ إِلَّا هُوَ فَٱدْعُوهُ مُخْلِصِينَ لَهُ ٱلدِّينَ ۗ ٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَٰلَمِينَ. ﴿65﴾
66 কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক প্ৰাৰ্থনা কৰা, সেইবোৰৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে, কাৰণ মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদি আহিছে। মই বিশ্বজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশপ্ৰাপ্ত হৈছোঁ। ۞ قُلْ إِنِّى نُهِيتُ أَنْ أَعْبُدَ ٱلَّذِينَ تَدْعُونَ مِن دُونِ ٱللَّهِ لَمَّا جَآءَنِىَ ٱلْبَيِّنَٰتُ مِن رَّبِّى وَأُمِرْتُ أَنْ أُسْلِمَ لِرَبِّ ٱلْعَٰلَمِينَ. ﴿66﴾
67 তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছত আলাকা (ৰক্তপিণ্ড)ৰ পৰা, তাৰ পিছতহে তোমালোকক উলিয়াই আনে নৱজাত শিশুৰূপে, যাতে তোমালোকে যৌৱনত উপনীত হোৱা, তাৰ পিছত যাতে তোমালোকে বৃদ্ধ হোৱা। তোমালোকৰ কিছুমানক ইয়াৰ পূৰ্বেই মৃত্যু ঘটোৱা হয়, যাতে তোমালোকে নিৰ্ধাৰিত সময়ত উপনীত হোৱা আৰু তোমালোকে যাতে বুজিব পাৰা। هُوَ ٱلَّذِى خَلَقَكُم مِّن تُرَابٍۢ ثُمَّ مِن نُّطْفَةٍۢ ثُمَّ مِنْ عَلَقَةٍۢ ثُمَّ يُخْرِجُكُمْ طِفْلًۭا ثُمَّ لِتَبْلُغُوٓا۟ أَشُدَّكُمْ ثُمَّ لِتَكُونُوا۟ شُيُوخًۭا ۚ وَمِنكُم مَّن يُتَوَفَّىٰ مِن قَبْلُ ۖ وَلِتَبْلُغُوٓا۟ أَجَلًۭا مُّسَمًّۭى وَلَعَلَّكُمْ تَعْقِلُونَ. ﴿67﴾
68 তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়, আৰু যেতিয়া তেওঁ কিবা কৰিবলৈ স্থিৰ কৰে তেতিয়া ইয়াৰ বাবে তেওঁ কেৱল কয় ‘হ’, সেইটো তৎক্ষণাত হৈ যায়। هُوَ ٱلَّذِى يُحْىِۦ وَيُمِيتُ ۖ فَإِذَا قَضَىٰٓ أَمْرًۭا فَإِنَّمَا يَقُولُ لَهُۥ كُن فَيَكُونُ. ﴿68﴾
69 তুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্ক কৰে? সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে? أَلَمْ تَرَ إِلَى ٱلَّذِينَ يُجَٰدِلُونَ فِىٓ ءَايَٰتِ ٱللَّهِ أَنَّىٰ يُصْرَفُونَ. ﴿69﴾
70 সিহঁতে কিতাবক আৰু আমাৰ ৰাছুলসকলে যি লৈ প্ৰেৰিত হৈছে তাক অস্বীকাৰ কৰে, এতেকে সিহঁতে শীঘ্ৰেই জানিবলৈ পাব, ٱلَّذِينَ كَذَّبُوا۟ بِٱلْكِتَٰبِ وَبِمَآ أَرْسَلْنَا بِهِۦ رُسُلَنَا ۖ فَسَوْفَ يَعْلَمُونَ. ﴿70﴾
71 যেতিয়া সিহঁতৰ ডিঙিত গলাবদ্ধ আৰু শিকলি থাকিব, আৰু সিহঁতক টানি লৈ যোৱা হ’ব, إِذِ ٱلْأَغْلَٰلُ فِىٓ أَعْنَٰقِهِمْ وَٱلسَّلَٰسِلُ يُسْحَبُونَ. ﴿71﴾
72 উতলা পানীৰ মাজত, তাৰ পিছত সিহঁতক জ্বলোৱা হ'ব অগ্নিৰ মাজত। فِى ٱلْحَمِيمِ ثُمَّ فِى ٱلنَّارِ يُسْجَرُونَ. ﴿72﴾
73 তাৰ পিছত সিহঁতক কোৱা হ’ব, ‘ক'ত সিহঁত, যিসকলক তোমালোকে অংশীদাৰ স্থাপন কৰিছিলা, ثُمَّ قِيلَ لَهُمْ أَيْنَ مَا كُنتُمْ تُشْرِكُونَ. ﴿73﴾
74 আল্লাহৰ বাহিৰে’? সিহঁতে ক’ব, ‘সিহঁত দেখোন আমাৰ পৰা (আজি) আঁতৰি গৈছে; বৰং ইতিপূৰ্বে আমি কাকো আহ্বানে কৰা নাছিলোঁ’। এইদৰেই আল্লাহে কাফিৰসকলক বিভ্ৰান্ত কৰে। مِن دُونِ ٱللَّهِ ۖ قَالُوا۟ ضَلُّوا۟ عَنَّا بَل لَّمْ نَكُن نَّدْعُوا۟ مِن قَبْلُ شَيْـًۭٔا ۚ كَذَٰلِكَ يُضِلُّ ٱللَّهُ ٱلْكَٰفِرِينَ. ﴿74﴾
75 এয়া এইকাৰণে যে, তোমালোকে পৃথিৱীত অযথা উল্লাস কৰিছিলা আৰু এই কাৰণেও যে, তোমালোকে অহংকাৰ কৰিছিলা। ذَٰلِكُم بِمَا كُنتُمْ تَفْرَحُونَ فِى ٱلْأَرْضِ بِغَيْرِ ٱلْحَقِّ وَبِمَا كُنتُمْ تَمْرَحُونَ. ﴿75﴾
76 তোমালোকে জাহান্নামত স্থায়ীভাৱে অৱস্থান কৰিবলৈ ইয়াৰ বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰা, এতেকে (চোৱাচোন!) কিমান যে নিকৃষ্ট অহংকাৰী বিলাকৰ আবাসস্থল! ٱدْخُلُوٓا۟ أَبْوَٰبَ جَهَنَّمَ خَٰلِدِينَ فِيهَا ۖ فَبِئْسَ مَثْوَى ٱلْمُتَكَبِّرِينَ. ﴿76﴾
77 গতিকে তুমি ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আমি সিহঁতক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ তাৰে অলপ যদি মই তোমাক দেখুৱাই দিওঁ অথবা (তাৰ পূৰ্বেই যদি) তোমাৰ মৃত্যু ঘটাওঁ, তথাপিও দেখোন সিহঁতে মোৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তিত হ’ব। فَٱصْبِرْ إِنَّ وَعْدَ ٱللَّهِ حَقٌّۭ ۚ فَإِمَّا نُرِيَنَّكَ بَعْضَ ٱلَّذِى نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِلَيْنَا يُرْجَعُونَ. ﴿77﴾
78 নিশ্চয় আমি তোমাৰ পূৰ্বেও বহুতো ৰাছুল প্ৰেৰণ কৰিছোঁ। আমি তেওঁলোকৰ কিছুমানৰ বৰ্ণনা তোমাৰ ওচৰত কৰিছোঁ আৰু কিছুমানৰ বৰ্ণনা কৰা নাই। আল্লাহৰ অনুমতি অবিহনে কোনো নিৰ্দশন লৈ অহাটো কোনো ৰাছুলৰ পক্ষে সম্ভৱ নহয়। এতেকে যেতিয়া আল্লাহৰ আদেশ আহিব তেতিয়া ন্যায় সংগতভাৱে ফয়চালা হৈ যাব। তেতিয়া বাতিলপন্থীবিলাক ক্ষতিগ্ৰস্ত হ’ব। وَلَقَدْ أَرْسَلْنَا رُسُلًۭا مِّن قَبْلِكَ مِنْهُم مَّن قَصَصْنَا عَلَيْكَ وَمِنْهُم مَّن لَّمْ نَقْصُصْ عَلَيْكَ ۗ وَمَا كَانَ لِرَسُولٍ أَن يَأْتِىَ بِـَٔايَةٍ إِلَّا بِإِذْنِ ٱللَّهِ ۚ فَإِذَا جَآءَ أَمْرُ ٱللَّهِ قُضِىَ بِٱلْحَقِّ وَخَسِرَ هُنَالِكَ ٱلْمُبْطِلُونَ. ﴿78﴾
79 তেৱেঁই আল্লাহ, যিজনে তোমালোকৰ বাবে ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যাতে তোমালোকে সেইবোৰৰ কিছুমানৰ ওপৰত আৰোহণ কৰিব পাৰা আৰু কিছুমানক ভক্ষণ কৰিব পাৰা। ٱللَّهُ ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَنْعَٰمَ لِتَرْكَبُوا۟ مِنْهَا وَمِنْهَا تَأْكُلُونَ. ﴿79﴾
80 আৰু ইয়াত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰ, যাতে তোমালোকে নিজৰ অন্তৰত যি প্ৰয়োজন অনুভৱ কৰা, সেইবোৰৰ দ্বাৰা সেয়া পূৰণ কৰিব পাৰা। লগতে সেইবোৰৰ ওপৰত আৰু নৌযানৰ ওপৰত তোমালোকক বহন কৰা হয়। وَلَكُمْ فِيهَا مَنَٰفِعُ وَلِتَبْلُغُوا۟ عَلَيْهَا حَاجَةًۭ فِى صُدُورِكُمْ وَعَلَيْهَا وَعَلَى ٱلْفُلْكِ تُحْمَلُونَ. ﴿80﴾
81 আৰু তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱাই থাকে। এতেকে তোমালোকে আল্লাহৰ কোনটো কোনটো নিদৰ্শনক অস্বীকাৰ কৰিবা? وَيُرِيكُمْ ءَايَٰتِهِۦ فَأَىَّ ءَايَٰتِ ٱللَّهِ تُنكِرُونَ. ﴿81﴾
82 সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি, তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন সিহঁতৰ পূৰ্বৱৰ্তী বিলাকৰ পৰিণাম কি হৈছিল? সিহঁতে পৃথিৱীত ইহঁততকৈও সংখ্যাগৰিষ্ঠ আছিল লগতে শক্তি আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল। أَفَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ مِن قَبْلِهِمْ ۚ كَانُوٓا۟ أَكْثَرَ مِنْهُمْ وَأَشَدَّ قُوَّةًۭ وَءَاثَارًۭا فِى ٱلْأَرْضِ فَمَآ أَغْنَىٰ عَنْهُم مَّا كَانُوا۟ يَكْسِبُونَ. ﴿82﴾
83 সিহঁতৰ ওচৰলৈ যেতিয়া সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদি লৈ উপস্থিত হৈছিল, তেতিয়া সিহঁতে (সেইবোৰক অৱজ্ঞা কৰি) নিজৰ ওচৰত থকা জ্ঞানকে প্ৰাধান্য দি আনন্দিত হৈছিল। ফলত সিহঁতে যিটোক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱেই সিহঁতক পৰিবেষ্টন কৰিছিল। فَلَمَّا جَآءَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَٰتِ فَرِحُوا۟ بِمَا عِندَهُم مِّنَ ٱلْعِلْمِ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ. ﴿83﴾
84 আৰু সিহঁতে যেতিয়া আমাৰ শাস্তি দেখা পাইছিল তেতিয়া কৈছিল, ‘আমি একমাত্ৰ আল্লাহৰ ওপৰত ঈমান আনিলোঁ আৰু আমি তেওঁৰ লগত যিবোৰক অংশী কৰিছিলোঁ সেইবোৰক প্ৰত্যাখ্যান কৰিলোঁ’। فَلَمَّا رَأَوْا۟ بَأْسَنَا قَالُوٓا۟ ءَامَنَّا بِٱللَّهِ وَحْدَهُۥ وَكَفَرْنَا بِمَا كُنَّا بِهِۦ مُشْرِكِينَ. ﴿84﴾
85 কিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত অহা নাছিল। আল্লাহৰ এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে। ফলত কাফিৰসকল ক্ষতিগ্ৰস্ত হ’ল। فَلَمْ يَكُ يَنفَعُهُمْ إِيمَٰنُهُمْ لَمَّا رَأَوْا۟ بَأْسَنَا ۖ سُنَّتَ ٱللَّهِ ٱلَّتِى قَدْ خَلَتْ فِى عِبَادِهِۦ ۖ وَخَسِرَ هُنَالِكَ ٱلْكَٰفِرُونَ. ﴿85﴾