فصلت
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
|
1
হা-মীম।[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
|
حمٓ. ﴿1﴾ |
| 2 (এই গ্ৰন্থখন) পৰম কৰুণাময় পৰম দয়ালু সত্ত্বাৰ তৰফৰ পৰা অৱতীৰ্ণ। | تَنزِيلٌۭ مِّنَ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ. ﴿2﴾ |
| 3 এনেকুৱা এখন কিতাব, যাৰ আয়াতসমূহ জ্ঞানী সম্প্ৰদায়ৰ বাবে বিশদভাৱে বৰ্ণনা কৰা হৈছে, কোৰআনৰূপে আৰবী ভাষাত, | كِتَٰبٌۭ فُصِّلَتْ ءَايَٰتُهُۥ قُرْءَانًا عَرَبِيًّۭا لِّقَوْمٍۢ يَعْلَمُونَ. ﴿3﴾ |
| 4 সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে। তথাপিও সিহঁতৰ সৰহভাগেই মুখ ঘূৰাই লৈছে। গতিকে সিহঁতে নুশুনিব। | بَشِيرًۭا وَنَذِيرًۭا فَأَعْرَضَ أَكْثَرُهُمْ فَهُمْ لَا يَسْمَعُونَ. ﴿4﴾ |
| 5 আৰু সিহঁতে কয়, ‘তুমি আমাক যাৰ প্ৰতি আহ্বান কৰি আছা, সেই বিষয়ে আমাৰ অন্তৰত আৱৰণ পৰিছে, আৰু আমাৰ কাণত আছে বধিৰতা, লগতে আমাৰ আৰু তোমালোকৰ মাজত আছে পৰ্দা; সেয়ে তুমি তোমাৰ কাম কৰা, নিশ্চয় আমি আমাৰ কাম কৰিম’। | وَقَالُوا۟ قُلُوبُنَا فِىٓ أَكِنَّةٍۢ مِّمَّا تَدْعُونَآ إِلَيْهِ وَفِىٓ ءَاذَانِنَا وَقْرٌۭ وَمِنۢ بَيْنِنَا وَبَيْنِكَ حِجَابٌۭ فَٱعْمَلْ إِنَّنَا عَٰمِلُونَ. ﴿5﴾ |
| 6 কোৱা, ‘মই কেৱল তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ হৈছে কেৱল এজন ইলাহ। এতেকে তোমালোকে তেওঁৰ প্ৰতি দৃঢ়তা অৱলম্বন কৰা আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা’। লগতে দুৰ্ভোগ হৈছে মুশ্বৰিকসকলৰ বাবে, | قُلْ إِنَّمَآ أَنَا۠ بَشَرٌۭ مِّثْلُكُمْ يُوحَىٰٓ إِلَىَّ أَنَّمَآ إِلَٰهُكُمْ إِلَٰهٌۭ وَٰحِدٌۭ فَٱسْتَقِيمُوٓا۟ إِلَيْهِ وَٱسْتَغْفِرُوهُ ۗ وَوَيْلٌۭ لِّلْمُشْرِكِينَ. ﴿6﴾ |
| 7 যিসকলে যাকাত প্ৰদান নকৰে, আৰু সিহঁতেই হৈছে আখিৰাত অস্বীকাৰকাৰী। | ٱلَّذِينَ لَا يُؤْتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلْءَاخِرَةِ هُمْ كَٰفِرُونَ. ﴿7﴾ |
| 8 নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন পুৰস্কাৰ। | إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ لَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍۢ. ﴿8﴾ |
| 9 কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰা নেকি, যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰানে’? তেওঁ হৈছে বিশ্বজগতৰ প্ৰতিপালক! | ۞ قُلْ أَئِنَّكُمْ لَتَكْفُرُونَ بِٱلَّذِى خَلَقَ ٱلْأَرْضَ فِى يَوْمَيْنِ وَتَجْعَلُونَ لَهُۥٓ أَندَادًۭا ۚ ذَٰلِكَ رَبُّ ٱلْعَٰلَمِينَ. ﴿9﴾ |
| 10 আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ মাজত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে সমানভাৱে সকলো অনুসন্ধানকাৰীৰ বাবে। | وَجَعَلَ فِيهَا رَوَٰسِىَ مِن فَوْقِهَا وَبَٰرَكَ فِيهَا وَقَدَّرَ فِيهَآ أَقْوَٰتَهَا فِىٓ أَرْبَعَةِ أَيَّامٍۢ سَوَآءًۭ لِّلسَّآئِلِينَ. ﴿10﴾ |
| 11 তাৰ পিছত তেওঁ আকাশৰ ফালে মনোনিৱেশ কৰিলে, যিটো (আগতে) আছিল ধূম্ৰপুঞ্জবিশেষ। তাৰ পিছত তেওঁ তাক (আকাশক) আৰু পৃথিৱীক ক’লে, ‘তোমালোক উভয়ে আহা ইচ্ছাতেই হওক বা অনিচ্ছাতেই হওক’। সিহঁত উভয়ে ক’লে, ‘আমি অনুগত হৈ আহিলোঁ’। | ثُمَّ ٱسْتَوَىٰٓ إِلَى ٱلسَّمَآءِ وَهِىَ دُخَانٌۭ فَقَالَ لَهَا وَلِلْأَرْضِ ٱئْتِيَا طَوْعًا أَوْ كَرْهًۭا قَالَتَآ أَتَيْنَا طَآئِعِينَ. ﴿11﴾ |
| 12 এইদৰে তেওঁ দুদিনত আকাশসমূহক সাত আকাশত পৰিণত কৰিলে আৰু প্ৰত্যেক আকাশত তেওঁৰ নিৰ্দেশ অহী যোগে প্ৰেৰণ কৰিলে; আৰু আমি নিকটৱৰ্তী আকাশখনক প্ৰদীপমালাৰ দ্বাৰা সুশোভিত আৰু সুৰক্ষিত কৰিলোঁ। এইবোৰ হৈছে মহাপৰাক্ৰমশালী, সৰ্বজ্ঞৰ ব্যৱস্থাপনা। | فَقَضَىٰهُنَّ سَبْعَ سَمَٰوَاتٍۢ فِى يَوْمَيْنِ وَأَوْحَىٰ فِى كُلِّ سَمَآءٍ أَمْرَهَا ۚ وَزَيَّنَّا ٱلسَّمَآءَ ٱلدُّنْيَا بِمَصَٰبِيحَ وَحِفْظًۭا ۚ ذَٰلِكَ تَقْدِيرُ ٱلْعَزِيزِ ٱلْعَلِيمِ. ﴿12﴾ |
| 13 তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে (সিহঁতক) কোৱা, ‘মই তোমালোকক কেৱল এটা ধ্বংসাত্মক শাস্তি সম্পৰ্কে সতৰ্ক কৰিছোঁ, যেনেকুৱা শাস্তিৰ সন্মুখীন হৈছিল আদ আৰু ছামূদ সম্প্ৰদায়’। | فَإِنْ أَعْرَضُوا۟ فَقُلْ أَنذَرْتُكُمْ صَٰعِقَةًۭ مِّثْلَ صَٰعِقَةِ عَادٍۢ وَثَمُودَ. ﴿13﴾ |
| 14 যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সন্মুখৰ পৰা আৰু পিছফালৰ পৰা আহি কৈছিল যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। (তেতিয়া) সিহঁতে কৈছিল, ‘যদি আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় তেওঁ ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন। এতেকে তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰোঁ’। | إِذْ جَآءَتْهُمُ ٱلرُّسُلُ مِنۢ بَيْنِ أَيْدِيهِمْ وَمِنْ خَلْفِهِمْ أَلَّا تَعْبُدُوٓا۟ إِلَّا ٱللَّهَ ۖ قَالُوا۟ لَوْ شَآءَ رَبُّنَا لَأَنزَلَ مَلَٰٓئِكَةًۭ فَإِنَّا بِمَآ أُرْسِلْتُم بِهِۦ كَٰفِرُونَ. ﴿14﴾ |
| 15 আনহাতে আদ সম্প্ৰদায়ৰ বিষয়টো হৈছে এনেকুৱা যে, সিহঁতে পৃথিৱীত অযথা অহংকাৰ কৰিছিল আৰু কৈছিল, ‘আমাতকৈ অধিক শক্তিশালী আৰু কোন আছে’? এতেকে সিহঁতে লক্ষ্য কৰা নাই নেকি যে, নিশ্চয় আল্লাহ, যিজনে সিহঁতক সৃষ্টি কৰিছে, তেওঁ সিহঁততকৈও শক্তিশালী? আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল। | فَأَمَّا عَادٌۭ فَٱسْتَكْبَرُوا۟ فِى ٱلْأَرْضِ بِغَيْرِ ٱلْحَقِّ وَقَالُوا۟ مَنْ أَشَدُّ مِنَّا قُوَّةً ۖ أَوَلَمْ يَرَوْا۟ أَنَّ ٱللَّهَ ٱلَّذِى خَلَقَهُمْ هُوَ أَشَدُّ مِنْهُمْ قُوَّةًۭ ۖ وَكَانُوا۟ بِـَٔايَٰتِنَا يَجْحَدُونَ. ﴿15﴾ |
| 16 তাৰ পিছত আমি সিহঁতৰ ওপৰত অশুভ দিনবোৰত ধুমুহা প্ৰেৰণ কৰিলোঁ; যাতে আমি সিহঁতক পাৰ্থিৱ জীৱনতেই লাঞ্ছনাদায়ক শাস্তিৰ সোৱাদ ভোগ কৰাব পাৰোঁ; আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও অধিক লাঞ্ছনাদায়ক আৰু সিহঁতক সহায়ো কৰা নহ’ব। | فَأَرْسَلْنَا عَلَيْهِمْ رِيحًۭا صَرْصَرًۭا فِىٓ أَيَّامٍۢ نَّحِسَاتٍۢ لِّنُذِيقَهُمْ عَذَابَ ٱلْخِزْىِ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ۖ وَلَعَذَابُ ٱلْءَاخِرَةِ أَخْزَىٰ ۖ وَهُمْ لَا يُنصَرُونَ. ﴿16﴾ |
| 17 আৰু ছামূদ সম্প্ৰদায়ৰ বিষয়টো আছিল এনেকুৱা যে, আমি সিহঁতক পথনিৰ্দেশ দিছিলোঁ, কিন্তু সিহঁতে সৎপথৰ পৰিবৰ্তে অন্ধপথত চলাটোহে পছন্দ কৰিছিল। ফলত সিহঁতৰ কৃতকৰ্মৰ পৰিণাম হিচাপে লাঞ্ছনাদায়ক শাস্তিৰ বজ্ৰাঘাতে সিহঁতক কৰায়ত্ত কৰিছিল। | وَأَمَّا ثَمُودُ فَهَدَيْنَٰهُمْ فَٱسْتَحَبُّوا۟ ٱلْعَمَىٰ عَلَى ٱلْهُدَىٰ فَأَخَذَتْهُمْ صَٰعِقَةُ ٱلْعَذَابِ ٱلْهُونِ بِمَا كَانُوا۟ يَكْسِبُونَ. ﴿17﴾ |
| 18 আৰু যিসকলে ঈমান আনিছিল আৰু তাক্বৱা অৱলম্বন কৰিছিল, আমি তেওঁলোকক ৰক্ষা কৰিছিলোঁ। | وَنَجَّيْنَا ٱلَّذِينَ ءَامَنُوا۟ وَكَانُوا۟ يَتَّقُونَ. ﴿18﴾ |
| 19 আৰু (স্মৰণ কৰা) যিদিনা আল্লাহৰ শত্ৰুবিলাকক অগ্নিৰ ফালে সমবেত কৰা হ’ব, সেইদিনা সিহঁতক বিন্যস্ত কৰা হ’ব বিভিন্ন দলত। | وَيَوْمَ يُحْشَرُ أَعْدَآءُ ٱللَّهِ إِلَى ٱلنَّارِ فَهُمْ يُوزَعُونَ. ﴿19﴾ |
| 20 অৱশেষত সিহঁতে যেতিয়া জাহান্নামৰ একেবাৰে সন্নিকটত গৈ উপস্থিত হ’ব, তেতিয়া সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু ছালেও সিহঁতৰ বিৰুদ্ধে সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সাক্ষ্য দিব। | حَتَّىٰٓ إِذَا مَا جَآءُوهَا شَهِدَ عَلَيْهِمْ سَمْعُهُمْ وَأَبْصَٰرُهُمْ وَجُلُودُهُم بِمَا كَانُوا۟ يَعْمَلُونَ. ﴿20﴾ |
| 21 আৰু সিহঁতে (জাহান্নামীবিলাকে) সিহঁতৰ ছালবোৰক সুধিব, ‘কিয় তোমালোকে আমাৰ বিৰুদ্ধে সাক্ষ্য দিলা’? ছালবোৰে ক’ব, ‘আল্লাহেই আমাক বাকশক্তি দিছে, যি সত্ত্বাই সকলোকে বাকশক্তি দিছে’। তেৱেঁই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা। | وَقَالُوا۟ لِجُلُودِهِمْ لِمَ شَهِدتُّمْ عَلَيْنَا ۖ قَالُوٓا۟ أَنطَقَنَا ٱللَّهُ ٱلَّذِىٓ أَنطَقَ كُلَّ شَىْءٍۢ وَهُوَ خَلَقَكُمْ أَوَّلَ مَرَّةٍۢ وَإِلَيْهِ تُرْجَعُونَ. ﴿21﴾ |
| 22 তোমালোকৰ কাণ, চকু আৰু ছাল আদিয়ে তোমালোকৰ বিৰুদ্ধে সাক্ষ্য নিদিব বুলি তোমালোকে এইবোৰৰ পৰা একোৱেই গোপন কৰা নাছিলা, আনকি তোমালোকে ভাবিছিলা যে, তোমালোকে যি কৰা তাৰ সৰহভাগেই আল্লাহে নাজানে। | وَمَا كُنتُمْ تَسْتَتِرُونَ أَن يَشْهَدَ عَلَيْكُمْ سَمْعُكُمْ وَلَآ أَبْصَٰرُكُمْ وَلَا جُلُودُكُمْ وَلَٰكِن ظَنَنتُمْ أَنَّ ٱللَّهَ لَا يَعْلَمُ كَثِيرًۭا مِّمَّا تَعْمَلُونَ. ﴿22﴾ |
| 23 তোমালোকৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই ধাৰণাই তোমালোকক ধ্বংস কৰিছে। ফলত তোমালোক হৈছা ক্ষতিগ্ৰস্তবিলাকৰ অন্তৰ্ভুক্ত। | وَذَٰلِكُمْ ظَنُّكُمُ ٱلَّذِى ظَنَنتُم بِرَبِّكُمْ أَرْدَىٰكُمْ فَأَصْبَحْتُم مِّنَ ٱلْخَٰسِرِينَ. ﴿23﴾ |
| 24 এতিয়া যদি সিহঁতে ধৈৰ্য্য ধাৰণ কৰে তথাপিও অগ্নিয়েই হ’ব সিহঁতৰ আবাস; আৰু যদি সিহঁতে সন্তুষ্টি বিধান কৰিব বিচাৰে তথাপিও সিহঁতে সন্তুষ্টি প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত নহ’ব। | فَإِن يَصْبِرُوا۟ فَٱلنَّارُ مَثْوًۭى لَّهُمْ ۖ وَإِن يَسْتَعْتِبُوا۟ فَمَا هُم مِّنَ ٱلْمُعْتَبِينَ. ﴿24﴾ |
| 25 আৰু আমি সিহঁতৰ বাবে বেয়া স্বভাৱৰ সহচৰবৃন্দ নিৰ্ধাৰণ কৰি দিছিলোঁ, যিসকলে সিহঁতৰ ভৱিষ্যৎ আৰু অতীতক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দেখুৱাইছিল। সেয়ে সিহঁতৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে, সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা জিন আৰু মানৱ জাতিৰ দৰে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত। | ۞ وَقَيَّضْنَا لَهُمْ قُرَنَآءَ فَزَيَّنُوا۟ لَهُم مَّا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَحَقَّ عَلَيْهِمُ ٱلْقَوْلُ فِىٓ أُمَمٍۢ قَدْ خَلَتْ مِن قَبْلِهِم مِّنَ ٱلْجِنِّ وَٱلْإِنسِ ۖ إِنَّهُمْ كَانُوا۟ خَٰسِرِينَ. ﴿25﴾ |
| 26 আৰু কাফিৰবিলাকে কয়, ‘তোমালোকে এই কোৰআনৰ নিৰ্দেশ নুশুনিবা আৰু এইখন তিলাৱত কৰাৰ সময়ত তোমালোকে হৈ চৈ সৃষ্টি কৰিবা, যাতে তোমালোকে জয়ী হ’ব পাৰা’। | وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لَا تَسْمَعُوا۟ لِهَٰذَا ٱلْقُرْءَانِ وَٱلْغَوْا۟ فِيهِ لَعَلَّكُمْ تَغْلِبُونَ. ﴿26﴾ |
| 27 গতিকে নিশ্চয় আমি কাফিৰসকলক কঠিন শাস্তি আস্বাদন কৰাম আৰু অৱশ্যে আমি সিহঁতক সিহঁতৰ নিকৃষ্ট কাৰ্যকলাপৰ প্ৰতিফল দিম। | فَلَنُذِيقَنَّ ٱلَّذِينَ كَفَرُوا۟ عَذَابًۭا شَدِيدًۭا وَلَنَجْزِيَنَّهُمْ أَسْوَأَ ٱلَّذِى كَانُوا۟ يَعْمَلُونَ. ﴿27﴾ |
| 28 এই হৈছে আল্লাহৰ শত্ৰুবিলাকৰ প্ৰতিদান, জাহান্নাম। আমাৰ নিদৰ্শনাৱলীৰ প্ৰতি সিহঁতৰ অস্বীকৃতিৰ প্ৰতিফল হিচাপে সিহঁতৰ বাবে তাত আছে স্থায়ী আবাস। | ذَٰلِكَ جَزَآءُ أَعْدَآءِ ٱللَّهِ ٱلنَّارُ ۖ لَهُمْ فِيهَا دَارُ ٱلْخُلْدِ ۖ جَزَآءًۢ بِمَا كَانُوا۟ بِـَٔايَٰتِنَا يَجْحَدُونَ. ﴿28﴾ |
| 29 আৰু কাফিৰসকলে ক’ব, ‘হে আমাৰ প্ৰতিপালক! জিন আৰু মানুহৰ মাজৰ পৰা যি দুজনে আমাক পথভ্ৰষ্ট কৰিছিল সিহঁতক দেখুৱাই দিয়া, আমি সিহঁত উভয়কে ভৰিৰ তলত ৰাখিম, যাতে সিহঁত নিকৃষ্টবিলাকৰ অন্তৰ্ভুক্ত হয়’। | وَقَالَ ٱلَّذِينَ كَفَرُوا۟ رَبَّنَآ أَرِنَا ٱلَّذَيْنِ أَضَلَّانَا مِنَ ٱلْجِنِّ وَٱلْإِنسِ نَجْعَلْهُمَا تَحْتَ أَقْدَامِنَا لِيَكُونَا مِنَ ٱلْأَسْفَلِينَ. ﴿29﴾ |
| 30 নিশ্চয় যিসকলে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’, তাৰ পিছত অবিচলিত থাকে, তেওঁলোকৰ ওচৰলৈ ফিৰিস্তা অৱতীৰ্ণ হৈ এই কথা কয় যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা। | إِنَّ ٱلَّذِينَ قَالُوا۟ رَبُّنَا ٱللَّهُ ثُمَّ ٱسْتَقَٰمُوا۟ تَتَنَزَّلُ عَلَيْهِمُ ٱلْمَلَٰٓئِكَةُ أَلَّا تَخَافُوا۟ وَلَا تَحْزَنُوا۟ وَأَبْشِرُوا۟ بِٱلْجَنَّةِ ٱلَّتِى كُنتُمْ تُوعَدُونَ. ﴿30﴾ |
| 31 ‘আমিয়েই তোমালোকৰ বন্ধু পাৰ্থিৱ জীৱনতো আৰু আখিৰাততো। আৰু তাত তোমালোকৰ বাবে প্ৰত্যেক সেইটো বস্তু থাকিব যিটো তোমালোকৰ মনে বিচাৰিব, লগতে তোমালোকে তাত যিটো দাবী কৰিবা সেইটোৱেই থাকিব’। | نَحْنُ أَوْلِيَآؤُكُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَفِى ٱلْءَاخِرَةِ ۖ وَلَكُمْ فِيهَا مَا تَشْتَهِىٓ أَنفُسُكُمْ وَلَكُمْ فِيهَا مَا تَدَّعُونَ. ﴿31﴾ |
| 32 অত্যন্ত ক্ষমাশীল, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা এইটো হ’ব আতিথ্য। | نُزُلًۭا مِّنْ غَفُورٍۢ رَّحِيمٍۢ. ﴿32﴾ |
| 33 সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান কৰে, লগতে সৎকৰ্ম কৰে? আৰু কয়, ‘নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’। | وَمَنْ أَحْسَنُ قَوْلًۭا مِّمَّن دَعَآ إِلَى ٱللَّهِ وَعَمِلَ صَٰلِحًۭا وَقَالَ إِنَّنِى مِنَ ٱلْمُسْلِمِينَ. ﴿33﴾ |
| 34 ভাল আৰু বেয়া কেতিয়াও সমান হ’ব নোৱাৰে। সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে, (এনে কৰিলে) সি হৈ যাব তোমাৰ অন্তৰঙ্গ বন্ধুৰ দৰে। | وَلَا تَسْتَوِى ٱلْحَسَنَةُ وَلَا ٱلسَّيِّئَةُ ۚ ٱدْفَعْ بِٱلَّتِى هِىَ أَحْسَنُ فَإِذَا ٱلَّذِى بَيْنَكَ وَبَيْنَهُۥ عَدَٰوَةٌۭ كَأَنَّهُۥ وَلِىٌّ حَمِيمٌۭ. ﴿34﴾ |
| 35 এই চৰিত্ৰৰ অধিকাৰী কেৱল তেওঁলোকেই হয় যিসকল ধৈৰ্য্যশীল। লগতে ইয়াৰ অধিকাৰী কেৱল তেওঁলোকেই হয় যিসকল মহাভাগ্যৱান। | وَمَا يُلَقَّىٰهَآ إِلَّا ٱلَّذِينَ صَبَرُوا۟ وَمَا يُلَقَّىٰهَآ إِلَّا ذُو حَظٍّ عَظِيمٍۢ. ﴿35﴾ |
| 36 আৰু যদি চয়তানৰ তৰফৰ পৰা কোনো কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ। | وَإِمَّا يَنزَغَنَّكَ مِنَ ٱلشَّيْطَٰنِ نَزْغٌۭ فَٱسْتَعِذْ بِٱللَّهِ ۖ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ. ﴿36﴾ |
| 37 আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ। তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক, যিজনে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা। | وَمِنْ ءَايَٰتِهِ ٱلَّيْلُ وَٱلنَّهَارُ وَٱلشَّمْسُ وَٱلْقَمَرُ ۚ لَا تَسْجُدُوا۟ لِلشَّمْسِ وَلَا لِلْقَمَرِ وَٱسْجُدُوا۟ لِلَّهِ ٱلَّذِى خَلَقَهُنَّ إِن كُنتُمْ إِيَّاهُ تَعْبُدُونَ. ﴿37﴾ |
| 38 তথাপিও যদি সিহঁতে অহংকাৰ কৰে, তেন্তে (জানি থোৱা) যিসকল তোমাৰ প্ৰতিপালকৰ ওচৰত আছে, তেওঁলোকে দিনে ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে ক্লান্তিবোধো নকৰে। (ছাজদাহ) | فَإِنِ ٱسْتَكْبَرُوا۟ فَٱلَّذِينَ عِندَ رَبِّكَ يُسَبِّحُونَ لَهُۥ بِٱلَّيْلِ وَٱلنَّهَارِ وَهُمْ لَا يَسْـَٔمُونَ ۩. ﴿38﴾ |
| 39 তেওঁৰ আন এটা নিদৰ্শন এই যে, তুমি ভূমিক শুকান দেখিবলৈ পোৱা, তাৰ পিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰোঁ তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয়। নিশ্চয় যিজনে ভূমিক জীৱিত কৰে তেৱেঁই মৃতসকলক জীৱিত কৰিব। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। | وَمِنْ ءَايَٰتِهِۦٓ أَنَّكَ تَرَى ٱلْأَرْضَ خَٰشِعَةًۭ فَإِذَآ أَنزَلْنَا عَلَيْهَا ٱلْمَآءَ ٱهْتَزَّتْ وَرَبَتْ ۚ إِنَّ ٱلَّذِىٓ أَحْيَاهَا لَمُحْىِ ٱلْمَوْتَىٰٓ ۚ إِنَّهُۥ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرٌ. ﴿39﴾ |
| 40 নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক বিকৃত কৰে, সিহঁত আমাৰ পৰা উহ্য নহয়। (কোৱাচোন) ‘যিজন অগ্নিত নিক্ষিপ্ত হ’ব সি শ্ৰেষ্ঠ, নে যিজন কিয়ামতৰ দিনা নিৰাপদে উপস্থিত হ’ব তেওঁ শ্ৰেষ্ঠ’? তোমালোকে যি ইচ্ছা আমল কৰা। তোমালোকে যি আমলকে নকৰা কিয়, নিশ্চয় তেওঁ তাৰ সম্যক দ্ৰষ্টা। | إِنَّ ٱلَّذِينَ يُلْحِدُونَ فِىٓ ءَايَٰتِنَا لَا يَخْفَوْنَ عَلَيْنَآ ۗ أَفَمَن يُلْقَىٰ فِى ٱلنَّارِ خَيْرٌ أَم مَّن يَأْتِىٓ ءَامِنًۭا يَوْمَ ٱلْقِيَٰمَةِ ۚ ٱعْمَلُوا۟ مَا شِئْتُمْ ۖ إِنَّهُۥ بِمَا تَعْمَلُونَ بَصِيرٌ. ﴿40﴾ |
| 41 নিশ্চয় যিসকলে উপদেশ (কোৰআন) অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে (সিহঁতক অৱশ্যে কঠিন শাস্তি দিয়া হ’ব)। নিশ্চয় এয়া হৈছে এখন সন্মানিত গ্ৰন্থ, | إِنَّ ٱلَّذِينَ كَفَرُوا۟ بِٱلذِّكْرِ لَمَّا جَآءَهُمْ ۖ وَإِنَّهُۥ لَكِتَٰبٌ عَزِيزٌۭ. ﴿41﴾ |
| 42 বাতিল কেতিয়াও ইয়াত অনুপ্ৰৱেশ কৰিব নোৱাৰে, সন্মুখৰ পৰাও নহয়, পিছফালৰ পৰাও নহয়। এইটো প্ৰজ্ঞাময়, চিৰপ্ৰশংসিত সত্ত্বাৰ তৰফৰ পৰা অৱতীৰ্ণ। | لَّا يَأْتِيهِ ٱلْبَٰطِلُ مِنۢ بَيْنِ يَدَيْهِ وَلَا مِنْ خَلْفِهِۦ ۖ تَنزِيلٌۭ مِّنْ حَكِيمٍ حَمِيدٍۢ. ﴿42﴾ |
| 43 তোমাক কেৱল সেইটোৱেই কোৱা হয়, যিটো কোৱা হৈছিল তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক। নিশ্চয় তোমাৰ প্ৰতিপালক একান্ত ক্ষমাশীল আৰু অতি যন্ত্ৰণাদায়ক শাস্তি প্ৰদানকাৰী। | مَّا يُقَالُ لَكَ إِلَّا مَا قَدْ قِيلَ لِلرُّسُلِ مِن قَبْلِكَ ۚ إِنَّ رَبَّكَ لَذُو مَغْفِرَةٍۢ وَذُو عِقَابٍ أَلِيمٍۢ. ﴿43﴾ |
| 44 আৰু আমি যদি অনাৰবী ভাষাত কোৰআন অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে সিহঁতে নিশ্চয় ক’লেহেঁতেন, ‘ইয়াৰ আয়াতসমূহ বিশদভাৱে বিবৃত হোৱা নাই কিয়? ভাষা অনাৰবীয়, অথচ ৰাছুল আৰবীয়!’ কোৱা, ‘এইখন মুমিনসকলৰ বাবে হিদায়ত আৰু প্ৰতিকাৰ’। আনহাতে যিসকলে ঈমান পোষণ নকৰে সিহঁতৰ কাণত আছে বধিৰতা আৰু কোৰআনে সিহঁতৰ (অন্তৰৰ) ওপৰত অন্ধত্ব সৃষ্টি কৰিব। সিহঁতকেই আহ্বান কৰা হ’ব দূৰৱৰ্তী স্থানৰ পৰা। | وَلَوْ جَعَلْنَٰهُ قُرْءَانًا أَعْجَمِيًّۭا لَّقَالُوا۟ لَوْلَا فُصِّلَتْ ءَايَٰتُهُۥٓ ۖ ءَا۬عْجَمِىٌّۭ وَعَرَبِىٌّۭ ۗ قُلْ هُوَ لِلَّذِينَ ءَامَنُوا۟ هُدًۭى وَشِفَآءٌۭ ۖ وَٱلَّذِينَ لَا يُؤْمِنُونَ فِىٓ ءَاذَانِهِمْ وَقْرٌۭ وَهُوَ عَلَيْهِمْ عَمًى ۚ أُو۟لَٰٓئِكَ يُنَادَوْنَ مِن مَّكَانٍۭ بَعِيدٍۢ. ﴿44﴾ |
| 45 নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, কিন্তু তাত মতভেদ ঘটিছিল। যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা বাণী (সিদ্ধান্ত) পূৰ্বেই কৰি থোৱা নাথাকিলহেঁতেন তেন্তে সিহঁতৰ মাজত চূড়ান্ত মীমাংসা হৈ গ’লহেঁতেন। নিশ্চয় সিহঁত এই কোৰআন সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছিল। | وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَٰبَ فَٱخْتُلِفَ فِيهِ ۗ وَلَوْلَا كَلِمَةٌۭ سَبَقَتْ مِن رَّبِّكَ لَقُضِىَ بَيْنَهُمْ ۚ وَإِنَّهُمْ لَفِى شَكٍّۢ مِّنْهُ مُرِيبٍۢ. ﴿45﴾ |
| 46 যিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে। | مَّنْ عَمِلَ صَٰلِحًۭا فَلِنَفْسِهِۦ ۖ وَمَنْ أَسَآءَ فَعَلَيْهَا ۗ وَمَا رَبُّكَ بِظَلَّٰمٍۢ لِّلْعَبِيدِ. ﴿46﴾ |
| 47 কিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। তেওঁৰ অজ্ঞতাসাৰত কোনো ফলো আৱৰণৰ পৰা ওলাই নাহে, কোনো নাৰীও গৰ্ভ ধাৰণ নকৰে আৰু সন্তানো প্ৰসৱ নকৰে। যিদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘মোৰ অংশীদাৰসকল ক’ত’? তেতিয়া সিহঁতে ক’ব, ‘আমি তোমাৰ ওচৰত নিবেদন কৰোঁ যে, এই বিষয়ে আমাৰ মাজত কোনো সাক্ষী নাই’। | ۞ إِلَيْهِ يُرَدُّ عِلْمُ ٱلسَّاعَةِ ۚ وَمَا تَخْرُجُ مِن ثَمَرَٰتٍۢ مِّنْ أَكْمَامِهَا وَمَا تَحْمِلُ مِنْ أُنثَىٰ وَلَا تَضَعُ إِلَّا بِعِلْمِهِۦ ۚ وَيَوْمَ يُنَادِيهِمْ أَيْنَ شُرَكَآءِى قَالُوٓا۟ ءَاذَنَّٰكَ مَا مِنَّا مِن شَهِيدٍۢ. ﴿47﴾ |
| 48 আৰু ইতিপূৰ্বে সিহঁতে যিবিলাক (উপাস্য)ক আহ্বান কৰিছিল সেইবোৰ সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব, তেতিয়া সিহঁতে (মুশ্বৰিকসকলে) বিশ্বাস কৰিব যে, সিহঁতৰ পলায়নৰ কোনো উপায় নাই। | وَضَلَّ عَنْهُم مَّا كَانُوا۟ يَدْعُونَ مِن قَبْلُ ۖ وَظَنُّوا۟ مَا لَهُم مِّن مَّحِيصٍۢ. ﴿48﴾ |
| 49 মানুহে কল্যাণ প্ৰাৰ্থনাত কোনো ক্লান্তিবোধ নকৰে, কিন্তু যেতিয়া তাক কোনো অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি সম্পূৰ্ণৰূপে হতাশ তথা নিৰাশ হৈ পৰে; | لَّا يَسْـَٔمُ ٱلْإِنسَٰنُ مِن دُعَآءِ ٱلْخَيْرِ وَإِن مَّسَّهُ ٱلشَّرُّ فَيَـُٔوسٌۭ قَنُوطٌۭ. ﴿49﴾ |
| 50 আকৌ দুখ-দৈন্যই স্পৰ্শ কৰাৰ পিছত যদি আমি তাক আমাৰ তৰফৰ পৰা অনুগ্ৰহৰ সোৱাদ ল’বলৈ দিওঁ, তেতিয়া সি কয়, ‘এয়া হৈছে মোৰ প্ৰাপ্য আৰু মোৰ বিশ্বাস নহয় যে কিয়ামত সংঘটিত হ’ব। আনহাতে যদি মোক মোৰ প্ৰতিপালকৰ ওচৰলৈ ওভতাই নিয়াও হয়, তথাপিও তেওঁৰ ওচৰত মোৰ বাবে কল্যাণেই থাকিব’। এতেকে নিশ্চয় আমি কাফিৰসকলক সিহঁতৰ আমল সম্পৰ্কে অৱহিত কৰিম আৰু সিহঁতক অৱশ্যে কঠোৰ শাস্তি আস্বাদন কৰাম। | وَلَئِنْ أَذَقْنَٰهُ رَحْمَةًۭ مِّنَّا مِنۢ بَعْدِ ضَرَّآءَ مَسَّتْهُ لَيَقُولَنَّ هَٰذَا لِى وَمَآ أَظُنُّ ٱلسَّاعَةَ قَآئِمَةًۭ وَلَئِن رُّجِعْتُ إِلَىٰ رَبِّىٓ إِنَّ لِى عِندَهُۥ لَلْحُسْنَىٰ ۚ فَلَنُنَبِّئَنَّ ٱلَّذِينَ كَفَرُوا۟ بِمَا عَمِلُوا۟ وَلَنُذِيقَنَّهُم مِّنْ عَذَابٍ غَلِيظٍۢ. ﴿50﴾ |
| 51 আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰোঁ তেতিয়া সি মুখ ঘূৰাই লয় আৰু দূৰলৈ আঁতৰি যায়। কিন্তু যেতিয়া তাক অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি দীৰ্ঘ প্ৰাৰ্থনাকাৰী হয়। | وَإِذَآ أَنْعَمْنَا عَلَى ٱلْإِنسَٰنِ أَعْرَضَ وَنَـَٔا بِجَانِبِهِۦ وَإِذَا مَسَّهُ ٱلشَّرُّ فَذُو دُعَآءٍ عَرِيضٍۢ. ﴿51﴾ |
| 52 কোৱা, ‘তোমালোকে কেতিয়াবা ভাবিছানে, যদি এই কোৰআনখন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে, তথাপিও তোমালোকে ইয়াক প্ৰত্যাখ্যান কৰিছা, তেনে অৱস্থাত যিজন ব্যক্তি ঘোৰ বিৰুদ্ধাচৰণত লিপ্ত হৈ আছে, তাতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে’? | قُلْ أَرَءَيْتُمْ إِن كَانَ مِنْ عِندِ ٱللَّهِ ثُمَّ كَفَرْتُم بِهِۦ مَنْ أَضَلُّ مِمَّنْ هُوَ فِى شِقَاقٍۭ بَعِيدٍۢ. ﴿52﴾ |
| 53 অনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম, বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো; যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে, নিশ্চয় এইখন (কোৰআন) সত্য। এইখন তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে, তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী? | سَنُرِيهِمْ ءَايَٰتِنَا فِى ٱلْءَافَاقِ وَفِىٓ أَنفُسِهِمْ حَتَّىٰ يَتَبَيَّنَ لَهُمْ أَنَّهُ ٱلْحَقُّ ۗ أَوَلَمْ يَكْفِ بِرَبِّكَ أَنَّهُۥ عَلَىٰ كُلِّ شَىْءٍۢ شَهِيدٌ. ﴿53﴾ |
| 54 জানি থোৱা! নিশ্চয় সিহঁত নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে সন্দেহত পৰি আছে। জানি থোৱা যে, নিশ্চয় তেওঁ (আল্লাহ) সকলো বস্তুকেই পৰিবেষ্টন কৰি আছে। | أَلَآ إِنَّهُمْ فِى مِرْيَةٍۢ مِّن لِّقَآءِ رَبِّهِمْ ۗ أَلَآ إِنَّهُۥ بِكُلِّ شَىْءٍۢ مُّحِيطٌۢ. ﴿54﴾ |