Loading date... | Loading Hijri date... | Loading time...

الجاثية

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 হা-মীম।[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
حمٓ. ﴿1﴾
2 মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা এইখন কিতাব নাযিলকৃত। تَنزِيلُ ٱلْكِتَٰبِ مِنَ ٱللَّهِ ٱلْعَزِيزِ ٱلْحَكِيمِ. ﴿2﴾
3 নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত মুমিনসকলৰ বাবে আছে বহুতো নিদৰ্শন। إِنَّ فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ لَءَايَٰتٍۢ لِّلْمُؤْمِنِينَ. ﴿3﴾
4 আৰু তোমালোকৰ সৃষ্টিত, লগতে যিবোৰ জীৱ-জন্তু সিঁচৰতি হৈ আছে, তাতো আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে, যিসকলে নিশ্চিত বিশ্বাস স্থাপন কৰে; وَفِى خَلْقِكُمْ وَمَا يَبُثُّ مِن دَآبَّةٍ ءَايَٰتٌۭ لِّقَوْمٍۢ يُوقِنُونَ. ﴿4﴾
5 ৰাতি আৰু দিনৰ পৰিবৰ্তনত, লগতে আল্লাহে আকাশৰ পৰা যি জীৱিকা (পানী) বৰ্ষণ কৰে, তাৰ পিছত ইয়াৰ দ্বাৰাই তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে, ইয়াৰ মাজত আৰু বতাহৰ পৰিবৰ্তনৰ মাজতো বহু নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে বুজি পায়। وَٱخْتِلَٰفِ ٱلَّيْلِ وَٱلنَّهَارِ وَمَآ أَنزَلَ ٱللَّهُ مِنَ ٱلسَّمَآءِ مِن رِّزْقٍۢ فَأَحْيَا بِهِ ٱلْأَرْضَ بَعْدَ مَوْتِهَا وَتَصْرِيفِ ٱلرِّيَٰحِ ءَايَٰتٌۭ لِّقَوْمٍۢ يَعْقِلُونَ. ﴿5﴾
6 এইবোৰ হৈছে আল্লাহৰ আয়াত, যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছোঁ। এতেকে সিহঁতে আল্লাহ আৰু তেওঁৰ আয়াতৰ পিছত কোন হাদীছৰ (বাণীৰ) ওপৰত বিশ্বাস স্থাপন কৰিব? تِلْكَ ءَايَٰتُ ٱللَّهِ نَتْلُوهَا عَلَيْكَ بِٱلْحَقِّ ۖ فَبِأَىِّ حَدِيثٍۭ بَعْدَ ٱللَّهِ وَءَايَٰتِهِۦ يُؤْمِنُونَ. ﴿6﴾
7 দুৰ্ভোগ প্ৰত্যেক ঘোৰ মিছলীয়া পাপীৰ বাবে! وَيْلٌۭ لِّكُلِّ أَفَّاكٍ أَثِيمٍۢ. ﴿7﴾
8 যিয়ে আল্লাহৰ আয়াতসমূহ শুনে যিবোৰ তাৰ ওচৰত তিলাৱত কৰা হয়, তথাপিও সি ঔদ্ধত্যৰ সৈতে আকোঁৰগোজ হৈ থাকে যেনিবা সি সেয়া শুনাই নাই। এতেকে তুমি তাক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া; يَسْمَعُ ءَايَٰتِ ٱللَّهِ تُتْلَىٰ عَلَيْهِ ثُمَّ يُصِرُّ مُسْتَكْبِرًۭا كَأَن لَّمْ يَسْمَعْهَا ۖ فَبَشِّرْهُ بِعَذَابٍ أَلِيمٍۢ. ﴿8﴾
9 আৰু যেতিয়া সি আমাৰ কোনো আয়াতৰ বিষয়ে অৱগত হয়, তেতিয়া সি সেইটোক পৰিহাসৰ আহিলা হিচাপে গ্ৰহণ কৰে। সিহঁতৰে বাবে আছে লাঞ্ছনাদায়ক শাস্তি। وَإِذَا عَلِمَ مِنْ ءَايَٰتِنَا شَيْـًٔا ٱتَّخَذَهَا هُزُوًا ۚ أُو۟لَٰٓئِكَ لَهُمْ عَذَابٌۭ مُّهِينٌۭ. ﴿9﴾
10 সিহঁতৰ সন্মুখত আছে জাহান্নাম; সিহঁতৰ কৃতকৰ্ম সিহঁতৰ কোনো কামত নাহিব, সিহঁতে আল্লাহৰ পৰিবৰ্তে যিবোৰক অভিভাৱক হিচাপে গ্ৰহণ কৰিছে সিহঁতেও কোনো কামত নাহিব। সিহঁতৰ বাবে আছে মহা শাস্তি। مِّن وَرَآئِهِمْ جَهَنَّمُ ۖ وَلَا يُغْنِى عَنْهُم مَّا كَسَبُوا۟ شَيْـًۭٔا وَلَا مَا ٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ أَوْلِيَآءَ ۖ وَلَهُمْ عَذَابٌ عَظِيمٌ. ﴿10﴾
11 এই (কোৰআন) হৈছে সৎপথ প্ৰদৰ্শক; আৰু যিসকলে নিজ প্ৰতিপালকৰ আয়াতসমূহৰ লগত কুফৰী কৰে, সিহঁতৰ বাবে আছে অতি যন্ত্ৰণাদায়ক শাস্তি। هَٰذَا هُدًۭى ۖ وَٱلَّذِينَ كَفَرُوا۟ بِـَٔايَٰتِ رَبِّهِمْ لَهُمْ عَذَابٌۭ مِّن رِّجْزٍ أَلِيمٌ. ﴿11﴾
12 সেইজনেই আল্লাহ, যিজনে সাগৰক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, যাতে তেওঁৰ আদেশত তাত নৌযান চলাচল কৰিব পাৰে; লগতে যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে (তেওঁৰ প্ৰতি) কৃতজ্ঞতা প্ৰকাশ কৰা। ۞ ٱللَّهُ ٱلَّذِى سَخَّرَ لَكُمُ ٱلْبَحْرَ لِتَجْرِىَ ٱلْفُلْكُ فِيهِ بِأَمْرِهِۦ وَلِتَبْتَغُوا۟ مِن فَضْلِهِۦ وَلَعَلَّكُمْ تَشْكُرُونَ. ﴿12﴾
13 আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে, সেই সকলোবোৰ তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে চিন্তা-চৰ্চা, গৱেষণা কৰে। وَسَخَّرَ لَكُم مَّا فِى ٱلسَّمَٰوَٰتِ وَمَا فِى ٱلْأَرْضِ جَمِيعًۭا مِّنْهُ ۚ إِنَّ فِى ذَٰلِكَ لَءَايَٰتٍۢ لِّقَوْمٍۢ يَتَفَكَّرُونَ. ﴿13﴾
14 যিসকলে ঈমান আনিছে তেওঁলোকক কোৱা, তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে, যিসকলে আল্লাহৰ দিনবোৰৰ প্ৰত্যাশা নকৰে। যাতে আল্লাহে নিজেই প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ কৃতকৰ্মৰ বাবে প্ৰতিদান দিয়ে। قُل لِّلَّذِينَ ءَامَنُوا۟ يَغْفِرُوا۟ لِلَّذِينَ لَا يَرْجُونَ أَيَّامَ ٱللَّهِ لِيَجْزِىَ قَوْمًۢا بِمَا كَانُوا۟ يَكْسِبُونَ. ﴿14﴾
15 যিয়ে সৎকৰ্ম কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে, আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তাৰ পিছত তোমালোকক তোমালোকৰ প্ৰতিপালকৰ ওচৰলৈ প্ৰত্যাৱৰ্তিত কৰা হ’ব। مَنْ عَمِلَ صَٰلِحًۭا فَلِنَفْسِهِۦ ۖ وَمَنْ أَسَآءَ فَعَلَيْهَا ۖ ثُمَّ إِلَىٰ رَبِّكُمْ تُرْجَعُونَ. ﴿15﴾
16 নিশ্চয় আমি বনী ইছৰাঈলক কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছিলোঁ আৰু সিহঁতক উত্তম বস্তুৰ পৰা জীৱিকা প্ৰদান কৰিছিলোঁ, লগতে সিহঁতক সকলো সৃষ্টিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলোঁ। وَلَقَدْ ءَاتَيْنَا بَنِىٓ إِسْرَٰٓءِيلَ ٱلْكِتَٰبَ وَٱلْحُكْمَ وَٱلنُّبُوَّةَ وَرَزَقْنَٰهُم مِّنَ ٱلطَّيِّبَٰتِ وَفَضَّلْنَٰهُمْ عَلَى ٱلْعَٰلَمِينَ. ﴿16﴾
17 আৰু আমি সিহঁতক দ্বীনৰ যাৱতীয় বিষয়ত সুস্পষ্ট প্ৰমাণাদি দান কৰিছিলোঁ। তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো সিহঁতে কেৱল পৰস্পৰ বিদ্বেষবশতঃ মত বিৰোধ কৰিছিল। সিহঁতে যিবোৰ বিষয়ত মতবিৰোধ কৰিছিল, নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত সেইবোৰ বিষয়ৰ ফয়চালা কৰি দিব। وَءَاتَيْنَٰهُم بَيِّنَٰتٍۢ مِّنَ ٱلْأَمْرِ ۖ فَمَا ٱخْتَلَفُوٓا۟ إِلَّا مِنۢ بَعْدِ مَا جَآءَهُمُ ٱلْعِلْمُ بَغْيًۢا بَيْنَهُمْ ۚ إِنَّ رَبَّكَ يَقْضِى بَيْنَهُمْ يَوْمَ ٱلْقِيَٰمَةِ فِيمَا كَانُوا۟ فِيهِ يَخْتَلِفُونَ. ﴿17﴾
18 তাৰ পিছত আমি তোমাক প্ৰতিষ্ঠিত কৰিছোঁ দ্বীনৰ বিশেষ বিধানৰ ওপৰত; এতেকে তুমি তাৰেই অনুসৰণ কৰা। যিসকলে নাজানে সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। ثُمَّ جَعَلْنَٰكَ عَلَىٰ شَرِيعَةٍۢ مِّنَ ٱلْأَمْرِ فَٱتَّبِعْهَا وَلَا تَتَّبِعْ أَهْوَآءَ ٱلَّذِينَ لَا يَعْلَمُونَ. ﴿18﴾
19 নিশ্চয় আল্লাহৰ মোকাবিলাত সিহঁত তোমাৰ কোনো কামত নাহিব, (জানি থোৱা) নিশ্চয় যালিমসকল হৈছে ইজনে সিজনৰ বন্ধু, আৰু আল্লাহ হৈছে কেৱল মুত্তাক্বীসকলৰ বন্ধু। إِنَّهُمْ لَن يُغْنُوا۟ عَنكَ مِنَ ٱللَّهِ شَيْـًۭٔا ۚ وَإِنَّ ٱلظَّٰلِمِينَ بَعْضُهُمْ أَوْلِيَآءُ بَعْضٍۢ ۖ وَٱللَّهُ وَلِىُّ ٱلْمُتَّقِينَ. ﴿19﴾
20 এইখন (কোৰআন) হৈছে মানৱ জাতিৰ বাবে আলোকবৰ্তিকা, আৰু নিশ্চিত বিশ্বাসী সম্প্ৰদায়ৰ বাবে হিদায়ত তথা ৰহমত। هَٰذَا بَصَٰٓئِرُ لِلنَّاسِ وَهُدًۭى وَرَحْمَةٌۭ لِّقَوْمٍۢ يُوقِنُونَ. ﴿20﴾
21 যিসকলে দুষ্কৰ্ম কৰিছে সিহঁতে ভাবিছে নেকি যে, জীৱন আৰু মৃত্যুৰ ক্ষেত্ৰত আমি সিহঁতক তেওঁলোকৰ দৰে গণ্য কৰিম, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে? সিহঁতৰ বিচাৰ-সিদ্ধান্ত কিমান যে নিকৃষ্ট! أَمْ حَسِبَ ٱلَّذِينَ ٱجْتَرَحُوا۟ ٱلسَّيِّـَٔاتِ أَن نَّجْعَلَهُمْ كَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ سَوَآءًۭ مَّحْيَاهُمْ وَمَمَاتُهُمْ ۚ سَآءَ مَا يَحْكُمُونَ. ﴿21﴾
22 আল্লাহেই আকাশসমূহক আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে, এই উদ্দেশ্যে যে, যাতে প্ৰত্যেক ব্যক্তিক তাৰ কৰ্ম অনুযায়ী ফলাফল প্ৰদান কৰিব পৰা যায়; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব। وَخَلَقَ ٱللَّهُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ وَلِتُجْزَىٰ كُلُّ نَفْسٍۭ بِمَا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ. ﴿22﴾
23 এতেকে তুমি সেইজন ব্যক্তিৰ পিনে লক্ষ্য কৰিছানে, যিয়ে নিজৰ কামনা-বাসনাক নিজৰ ইলাহ কৰি লৈছে? আৰু তাৰ ওচৰত জ্ঞান অহাৰ পিছতো আল্লাহে তাক বিভ্ৰান্ত কৰিছে, লগতে আল্লাহে তাৰ কাণ আৰু হৃদয়ত মোহৰ মাৰি দিছে। তেৱেঁই তাৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ। এতেকে আল্লাহৰ পিছত কোনে তাক হিদায়ত দিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে? أَفَرَءَيْتَ مَنِ ٱتَّخَذَ إِلَٰهَهُۥ هَوَىٰهُ وَأَضَلَّهُ ٱللَّهُ عَلَىٰ عِلْمٍۢ وَخَتَمَ عَلَىٰ سَمْعِهِۦ وَقَلْبِهِۦ وَجَعَلَ عَلَىٰ بَصَرِهِۦ غِشَٰوَةًۭ فَمَن يَهْدِيهِ مِنۢ بَعْدِ ٱللَّهِ ۚ أَفَلَا تَذَكَّرُونَ. ﴿23﴾
24 আৰু সিহঁতে কয়, ‘পাৰ্থিৱ জীৱনেই হৈছে আমাৰ একমাত্ৰ জীৱন, আমাৰ জীৱন-মৰণ ইয়াতেই। আমাক কেৱল কালচক্ৰইহে ধ্বংস কৰে’। প্ৰকৃততে সিহঁতৰ এই বিষয়ে কোনো জ্ঞান নাই, সিহঁতে কেৱল ধাৰণাহে কৰে। وَقَالُوا۟ مَا هِىَ إِلَّا حَيَاتُنَا ٱلدُّنْيَا نَمُوتُ وَنَحْيَا وَمَا يُهْلِكُنَآ إِلَّا ٱلدَّهْرُ ۚ وَمَا لَهُم بِذَٰلِكَ مِنْ عِلْمٍ ۖ إِنْ هُمْ إِلَّا يَظُنُّونَ. ﴿24﴾
25 আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সিহঁতৰ কোনো যুক্তি নাথাকে, কেৱল এই কথাৰ বাহিৰে যে, যদি তোমালোকে সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক লৈ আহা। وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَٰتُنَا بَيِّنَٰتٍۢ مَّا كَانَ حُجَّتَهُمْ إِلَّآ أَن قَالُوا۟ ٱئْتُوا۟ بِـَٔابَآئِنَآ إِن كُنتُمْ صَٰدِقِينَ. ﴿25﴾
26 কোৱা, আল্লাহেই তোমালোকক জীৱন দান কৰে আৰু তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটায়। তেৱেঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। কিন্তু সৰহভাগ মানুহেই সেয়া নাজানে। قُلِ ٱللَّهُ يُحْيِيكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يَجْمَعُكُمْ إِلَىٰ يَوْمِ ٱلْقِيَٰمَةِ لَا رَيْبَ فِيهِ وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ. ﴿26﴾
27 আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব কেৱল আল্লাহৰেই; আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা বাতিলপন্থীসকল ক্ষতিগ্ৰস্ত হ’ব। وَلِلَّهِ مُلْكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۚ وَيَوْمَ تَقُومُ ٱلسَّاعَةُ يَوْمَئِذٍۢ يَخْسَرُ ٱلْمُبْطِلُونَ. ﴿27﴾
28 আৰু তুমি প্ৰত্যেক জাতিকে দেখিবা ভয়তে নতজানু হৈ আছে; প্ৰত্যেক জাতিকেই তাৰ কিতাবৰ প্ৰতি আহ্বান কৰা হ’ব, (আৰু কোৱা হ’ব) ‘আজি তোমালোকক কেৱল সেইটোৰেই প্ৰতিফল দিয়া হ’ব যিটো তোমালোকে আমল কৰিছিলা’। وَتَرَىٰ كُلَّ أُمَّةٍۢ جَاثِيَةًۭ ۚ كُلُّ أُمَّةٍۢ تُدْعَىٰٓ إِلَىٰ كِتَٰبِهَا ٱلْيَوْمَ تُجْزَوْنَ مَا كُنتُمْ تَعْمَلُونَ. ﴿28﴾
29 ‘এইটো হৈছে আমাৰ লিখনি, এইটোৱে তোমালোকৰ বিষয়ে সঁচা কথা দাঙি ধৰিব। নিশ্চয় তোমালোকে যি আমল কৰিছিলা সেয়া আমি লিখি ৰাখিছিলোঁ’। هَٰذَا كِتَٰبُنَا يَنطِقُ عَلَيْكُم بِٱلْحَقِّ ۚ إِنَّا كُنَّا نَسْتَنسِخُ مَا كُنتُمْ تَعْمَلُونَ. ﴿29﴾
30 এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে পৰিণামত তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক তেওঁৰ ৰহমতত প্ৰৱেশ কৰাব। এইটোৱেই হৈছে সুস্পষ্ট সফলতা। فَأَمَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ فَيُدْخِلُهُمْ رَبُّهُمْ فِى رَحْمَتِهِۦ ۚ ذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْمُبِينُ. ﴿30﴾
31 আনহাতে যিসকলে কুফৰী কৰিছে (সিহঁতক কোৱা হ’ব) ‘তোমালোকৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হোৱা নাছিলনে? তথাপিও তোমালোকে অহংকাৰ কৰিছিলা, আৰু তোমালোক আছিলা এটা অপৰাধী সম্প্ৰদায়’। وَأَمَّا ٱلَّذِينَ كَفَرُوٓا۟ أَفَلَمْ تَكُنْ ءَايَٰتِى تُتْلَىٰ عَلَيْكُمْ فَٱسْتَكْبَرْتُمْ وَكُنتُمْ قَوْمًۭا مُّجْرِمِينَ. ﴿31﴾
32 আৰু যেতিয়া কোৱা হৈছিল, ‘নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; আৰু কিয়ামত (সংঘটিত হ’ব) ইয়াত কোনো সন্দেহ নাই’; তেতিয়া তোমালোকে কৈছিলা, ‘কিয়ামত কি আমি একো নাজানো; আমি ইয়াক এটা ধাৰণা বুলিহে ভাবোঁ আৰু এই বিষয়ে আমি নিশ্চিত নহয়’। وَإِذَا قِيلَ إِنَّ وَعْدَ ٱللَّهِ حَقٌّۭ وَٱلسَّاعَةُ لَا رَيْبَ فِيهَا قُلْتُم مَّا نَدْرِى مَا ٱلسَّاعَةُ إِن نَّظُنُّ إِلَّا ظَنًّۭا وَمَا نَحْنُ بِمُسْتَيْقِنِينَ. ﴿32﴾
33 আৰু সিহঁতৰ অসৎকৰ্মবোৰৰ কুফল সিহঁতৰ সন্মুখত প্ৰকাশিত হ’ব আৰু যিটোক লৈ সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব। وَبَدَا لَهُمْ سَيِّـَٔاتُ مَا عَمِلُوا۟ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ. ﴿33﴾
34 আৰু কোৱা হ’ব, ‘আজি আমি তোমালোকক অৱজ্ঞা কৰিম যিদৰে তোমালোকে এই দিৱসৰ সাক্ষাতৰ বিষয়টোক পাহৰি গৈছিলা। তোমালোকৰ আবাসস্থল হ’ব জাহান্নাম, আৰু তোমালোকৰ কোনো সহায়কাৰীও নাথাকিব’। وَقِيلَ ٱلْيَوْمَ نَنسَىٰكُمْ كَمَا نَسِيتُمْ لِقَآءَ يَوْمِكُمْ هَٰذَا وَمَأْوَىٰكُمُ ٱلنَّارُ وَمَا لَكُم مِّن نَّٰصِرِينَ. ﴿34﴾
35 ‘এইটো এইকাৰণে যে, তোমালোকে আল্লাহৰ আয়াতসমূহক ঠাট্টা-বিদ্ৰূপৰ আহিলা বনাই লৈছিলা আৰু পাৰ্থিৱ জীৱনে তোমালোকক প্ৰতাৰিত কৰিছিল’। সেয়ে আজি সিহঁতক জাহান্নামৰ পৰা মুক্তিও দিয়া নহ’ব আৰু আল্লাহৰ সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব। ذَٰلِكُم بِأَنَّكُمُ ٱتَّخَذْتُمْ ءَايَٰتِ ٱللَّهِ هُزُوًۭا وَغَرَّتْكُمُ ٱلْحَيَوٰةُ ٱلدُّنْيَا ۚ فَٱلْيَوْمَ لَا يُخْرَجُونَ مِنْهَا وَلَا هُمْ يُسْتَعْتَبُونَ. ﴿35﴾
36 এতেকে সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰে প্ৰাপ্য, যিজন আকাশসমূহৰ প্ৰতিপালক আৰু তেৱেঁই পৃথিৱীৰ প্ৰতিপালক আৰু তেৱেঁই সকলো বিশ্বজগতৰ প্ৰতিপালক। فَلِلَّهِ ٱلْحَمْدُ رَبِّ ٱلسَّمَٰوَٰتِ وَرَبِّ ٱلْأَرْضِ رَبِّ ٱلْعَٰلَمِينَ. ﴿36﴾
37 আকাশসমূহ আৰু পৃথিৱীৰ যাৱতীয় গৌৰৱ-গৰিমা তেওঁৰেই আৰু তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়। وَلَهُ ٱلْكِبْرِيَآءُ فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۖ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ. ﴿37﴾