الفتح
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 (হে ৰাছুল!) নিশ্চয় আমি তোমাক প্ৰদান কৰিছোঁ সুস্পষ্ট বিজয়, | إِنَّا فَتَحْنَا لَكَ فَتْحًۭا مُّبِينًۭا. ﴿1﴾ |
| 2 যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ ত্ৰুটিসমূহ মাৰ্জনা কৰে আৰু তোমাৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰে, লগতে তেওঁ যাতে তোমাক সৰল পথৰ হিদায়ত দিয়ে, | لِّيَغْفِرَ لَكَ ٱللَّهُ مَا تَقَدَّمَ مِن ذَنۢبِكَ وَمَا تَأَخَّرَ وَيُتِمَّ نِعْمَتَهُۥ عَلَيْكَ وَيَهْدِيَكَ صِرَٰطًۭا مُّسْتَقِيمًۭا. ﴿2﴾ |
| 3 লগতে যাতে আল্লাহে তোমাক বলিষ্ঠ সাহায্য দান কৰে। | وَيَنصُرَكَ ٱللَّهُ نَصْرًا عَزِيزًا. ﴿3﴾ |
| 4 তেৱেঁই মুমিনসকলৰ অন্তৰত প্ৰশান্তি নাযিল কৰিছে, যাতে তেওঁলোকে নিজৰ ঈমানৰ সৈতে ঈমান বৃদ্ধি কৰি লয়। আকাশসমূহ আৰু পৃথিৱীৰ সেনাবাহিনী কেৱল আল্লাহৰেই; আৰু আল্লাহ হৈছে সৰ্বজ্ঞ, প্ৰজ্ঞাময়। | هُوَ ٱلَّذِىٓ أَنزَلَ ٱلسَّكِينَةَ فِى قُلُوبِ ٱلْمُؤْمِنِينَ لِيَزْدَادُوٓا۟ إِيمَٰنًۭا مَّعَ إِيمَٰنِهِمْ ۗ وَلِلَّهِ جُنُودُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۚ وَكَانَ ٱللَّهُ عَلِيمًا حَكِيمًۭا. ﴿4﴾ |
| 5 যাতে তেওঁ মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক জান্নাতত প্ৰৱেশ কৰাব পাৰে, যাৰ তলত নদীসমূহ প্ৰবাহিত, য’ত তেওঁলোক স্থায়ী হ’ব আৰু তেৱেঁই তেওঁলোকৰ পাপসমূহ মোচন কৰিব; এইটোৱে হৈছে আল্লাহৰ ওচৰত মহা সফলতা। | لِّيُدْخِلَ ٱلْمُؤْمِنِينَ وَٱلْمُؤْمِنَٰتِ جَنَّٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَا وَيُكَفِّرَ عَنْهُمْ سَيِّـَٔاتِهِمْ ۚ وَكَانَ ذَٰلِكَ عِندَ ٱللَّهِ فَوْزًا عَظِيمًۭا. ﴿5﴾ |
| 6 লগতে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰী, মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰী যিসকলে আল্লাহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰে, সিহঁতক যাতে তেওঁ শাস্তি বিহিব পাৰে। অমঙ্গল চক্ৰ সিহঁতৰ ওপৰতেই আপতিত হয়। আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁতক লানত কৰিছে; আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম। সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল! | وَيُعَذِّبَ ٱلْمُنَٰفِقِينَ وَٱلْمُنَٰفِقَٰتِ وَٱلْمُشْرِكِينَ وَٱلْمُشْرِكَٰتِ ٱلظَّآنِّينَ بِٱللَّهِ ظَنَّ ٱلسَّوْءِ ۚ عَلَيْهِمْ دَآئِرَةُ ٱلسَّوْءِ ۖ وَغَضِبَ ٱللَّهُ عَلَيْهِمْ وَلَعَنَهُمْ وَأَعَدَّ لَهُمْ جَهَنَّمَ ۖ وَسَآءَتْ مَصِيرًۭا. ﴿6﴾ |
| 7 আকাশসমূহ আৰু পৃথিৱীৰ সেনাবাহিনী কেৱল আল্লাহৰেই; আৰু আল্লাহ হৈছে পৰাক্ৰমশালী, প্ৰজ্ঞাময়। | وَلِلَّهِ جُنُودُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۚ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمًا. ﴿7﴾ |
| 8 নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছোঁ সাক্ষীৰূপে, সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে, | إِنَّآ أَرْسَلْنَٰكَ شَٰهِدًۭا وَمُبَشِّرًۭا وَنَذِيرًۭا. ﴿8﴾ |
| 9 যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁক সহায়-সহযোগিতাৰ দ্বাৰা শক্তি যুগুৱা লগতে তেওঁক সন্মান কৰা; আৰু পুৱা-গধূলি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা। | لِّتُؤْمِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَتُعَزِّرُوهُ وَتُوَقِّرُوهُ وَتُسَبِّحُوهُ بُكْرَةًۭ وَأَصِيلًا. ﴿9﴾ |
| 10 নিশ্চয় যিসকলে তোমাৰ ওচৰত বাইআত কৰে, অৱশ্যে তেওঁলোকে আল্লাহৰ হাততেই বাইআত কৰে। আল্লাহৰ হাত তেওঁলোকৰ হাতৰ ওপৰত। তাৰ পিছত যিয়ে সেইটো ভংগ কৰিব, সেই ভংগ কৰাৰ পৰিণাম তাৰেই ওপৰত বৰ্তিব আৰু যিয়ে আল্লাহৰ লগত কৰা অংগীকাৰ পূৰ্ণ কৰিব তাক আল্লাহে শীঘ্ৰেই মহাপুৰস্কাৰ প্ৰদান কৰিব। | إِنَّ ٱلَّذِينَ يُبَايِعُونَكَ إِنَّمَا يُبَايِعُونَ ٱللَّهَ يَدُ ٱللَّهِ فَوْقَ أَيْدِيهِمْ ۚ فَمَن نَّكَثَ فَإِنَّمَا يَنكُثُ عَلَىٰ نَفْسِهِۦ ۖ وَمَنْ أَوْفَىٰ بِمَا عَٰهَدَ عَلَيْهُ ٱللَّهَ فَسَيُؤْتِيهِ أَجْرًا عَظِيمًۭا. ﴿10﴾ |
| 11 যিসকল বেদুইনে পিছ হোঁহকা দিছিল, সিহঁতে তোমাক অনতিপলমে আহি ক’ব, ‘আমাৰ ধন-সম্পদ আৰু পৰিয়ালবৰ্গই আমাক ব্যস্ত কৰি ৰাখিছিল, গতিকে আমাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি দিয়ক’। সিহঁতে মুখেৰে যি কয় সেয়া সিহঁতৰ অন্তৰত নাই। সিহঁতক কোৱা, ‘আল্লাহে যদি তোমালোকৰ কোনো ক্ষতি কৰিব বিচাৰে অথবা কোনো উপকাৰ কৰিব বিচাৰে, তেন্তে তেওঁক বাধা দিয়াৰ ক্ষমতা কাৰ আছে? বৰং তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱহিত’। | سَيَقُولُ لَكَ ٱلْمُخَلَّفُونَ مِنَ ٱلْأَعْرَابِ شَغَلَتْنَآ أَمْوَٰلُنَا وَأَهْلُونَا فَٱسْتَغْفِرْ لَنَا ۚ يَقُولُونَ بِأَلْسِنَتِهِم مَّا لَيْسَ فِى قُلُوبِهِمْ ۚ قُلْ فَمَن يَمْلِكُ لَكُم مِّنَ ٱللَّهِ شَيْـًٔا إِنْ أَرَادَ بِكُمْ ضَرًّا أَوْ أَرَادَ بِكُمْ نَفْعًۢا ۚ بَلْ كَانَ ٱللَّهُ بِمَا تَعْمَلُونَ خَبِيرًۢا. ﴿11﴾ |
| 12 বৰং তোমালোকে ধাৰণা কৰিছিলা যে, ৰাছুল আৰু মুমিনসকলে তেওঁলোকৰ নিজ নিজ পৰিয়ালৰ ওচৰলৈ কেতিয়াও উভতি আহিব নোৱাৰিব; আৰু এই ধাৰণা তোমালোকৰ অন্তৰত সুশোভিত হৈছিল, আৰু তোমালোকে এইটো বৰ নিকৃষ্ট ধাৰণা পোষণ কৰিছিলা, আৰু তোমালোক আছিলা ধ্বংসমুখী এটা সম্প্ৰদায়! | بَلْ ظَنَنتُمْ أَن لَّن يَنقَلِبَ ٱلرَّسُولُ وَٱلْمُؤْمِنُونَ إِلَىٰٓ أَهْلِيهِمْ أَبَدًۭا وَزُيِّنَ ذَٰلِكَ فِى قُلُوبِكُمْ وَظَنَنتُمْ ظَنَّ ٱلسَّوْءِ وَكُنتُمْ قَوْمًۢا بُورًۭا. ﴿12﴾ |
| 13 আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰে, নিশ্চয় আমি সেইসকল কাফিৰৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জলন্ত জুই। | وَمَن لَّمْ يُؤْمِنۢ بِٱللَّهِ وَرَسُولِهِۦ فَإِنَّآ أَعْتَدْنَا لِلْكَٰفِرِينَ سَعِيرًۭا. ﴿13﴾ |
| 14 আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব একমাত্ৰ আল্লাহৰেই, তেওঁ যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে শাস্তি দিয়ে। আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু। | وَلِلَّهِ مُلْكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۚ يَغْفِرُ لِمَن يَشَآءُ وَيُعَذِّبُ مَن يَشَآءُ ۚ وَكَانَ ٱللَّهُ غَفُورًۭا رَّحِيمًۭا. ﴿14﴾ |
| 15 তোমালোকে যেতিয়া যুদ্ধলব্ধ সম্পদ সংগ্ৰহ কৰিবলৈ যাবা, তেতিয়া যিসকলে পিছ হোঁহকা দিছিল সিহঁতে আহি ক’ব, ‘আমাকো আপোনালোকৰ লগত যাবলৈ অনুমতি দিয়ক’। সিহঁতে আল্লাহৰ বাণী পৰিবৰ্তন কৰিব বিচাৰে। কোৱা, ‘তোমালোকে কোনো মতেই আমাৰ লগত যাব নোৱাৰা। এই ঘোষণা আল্লাহে আগতেই কৰি থৈছে’। সিহঁতে ক’ব, ‘বৰং আপোনালোকে আমাক হিংসা কৰে’। নহয়, দৰাচলতে সিহঁতে অতি সামান্যহে বুজি পায়। | سَيَقُولُ ٱلْمُخَلَّفُونَ إِذَا ٱنطَلَقْتُمْ إِلَىٰ مَغَانِمَ لِتَأْخُذُوهَا ذَرُونَا نَتَّبِعْكُمْ ۖ يُرِيدُونَ أَن يُبَدِّلُوا۟ كَلَٰمَ ٱللَّهِ ۚ قُل لَّن تَتَّبِعُونَا كَذَٰلِكُمْ قَالَ ٱللَّهُ مِن قَبْلُ ۖ فَسَيَقُولُونَ بَلْ تَحْسُدُونَنَا ۚ بَلْ كَانُوا۟ لَا يَفْقَهُونَ إِلَّا قَلِيلًۭا. ﴿15﴾ |
| 16 পিছ হোঁহকা দিয়া বেদুইনবিলাকক কোৱা, ‘শীঘ্ৰেই তোমালোকক এটা কঠোৰ যুদ্ধা জাতিৰ বিৰুদ্ধে আহ্বান কৰা হ’ব; তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবা নাইবা সিহঁতে আত্মসমৰ্পণ কৰিব। এতেকে তোমালোকে এই আদেশ পালন কৰিলে আল্লাহে তোমালোকক উত্তম পুৰস্কাৰ দান কৰিব। অন্যথা তোমালোকে যদি আগৰ দৰে পৃষ্ঠ প্ৰদৰ্শন কৰা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি দিব’। | قُل لِّلْمُخَلَّفِينَ مِنَ ٱلْأَعْرَابِ سَتُدْعَوْنَ إِلَىٰ قَوْمٍ أُو۟لِى بَأْسٍۢ شَدِيدٍۢ تُقَٰتِلُونَهُمْ أَوْ يُسْلِمُونَ ۖ فَإِن تُطِيعُوا۟ يُؤْتِكُمُ ٱللَّهُ أَجْرًا حَسَنًۭا ۖ وَإِن تَتَوَلَّوْا۟ كَمَا تَوَلَّيْتُم مِّن قَبْلُ يُعَذِّبْكُمْ عَذَابًا أَلِيمًۭا. ﴿16﴾ |
| 17 অন্ধৰ বাবে কোনো অপৰাধ নাই, খঞ্জৰ বাবেও কোনো অপৰাধ নাই আৰু অসুস্থ লোকৰ বাবেও কোনো অপৰাধ নাই; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব তেওঁ তাক যন্ত্ৰণাদায়ক শাস্তি দিব। | لَّيْسَ عَلَى ٱلْأَعْمَىٰ حَرَجٌۭ وَلَا عَلَى ٱلْأَعْرَجِ حَرَجٌۭ وَلَا عَلَى ٱلْمَرِيضِ حَرَجٌۭ ۗ وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ يُدْخِلْهُ جَنَّٰتٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ ۖ وَمَن يَتَوَلَّ يُعَذِّبْهُ عَذَابًا أَلِيمًۭا. ﴿17﴾ |
| 18 নিশ্চয় আল্লাহে মুমিনসকলৰ প্ৰতি সন্তুষ্ট হৈছে, যেতিয়া তেওঁলোকে গছৰ তলত তোমাৰ বাইআত গ্ৰহণ কৰিছিল, এতেকে তেওঁলোকৰ অন্তৰত যি আছিল সেই বিষয়ে তেওঁ অৱগত আছিল; ফলত তেওঁলোকৰ ওপৰত তেওঁ প্ৰশান্তি অৱতীৰ্ণ কৰিলে আৰু তেওঁলোকক আসন্ন বিজয়েৰে পুৰস্কৃত কৰিলে; | ۞ لَّقَدْ رَضِىَ ٱللَّهُ عَنِ ٱلْمُؤْمِنِينَ إِذْ يُبَايِعُونَكَ تَحْتَ ٱلشَّجَرَةِ فَعَلِمَ مَا فِى قُلُوبِهِمْ فَأَنزَلَ ٱلسَّكِينَةَ عَلَيْهِمْ وَأَثَٰبَهُمْ فَتْحًۭا قَرِيبًۭا. ﴿18﴾ |
| 19 লগতে বিপুল পৰিমাণ যুদ্ধলব্ধ সম্পদৰ দ্বাৰা (তেওঁলোকক পুৰস্কৃত কৰিব) যিবোৰ তেওঁলোকে গ্ৰহণ কৰিব; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়। | وَمَغَانِمَ كَثِيرَةًۭ يَأْخُذُونَهَا ۗ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمًۭا. ﴿19﴾ |
| 20 আল্লাহে তোমালোকক প্ৰভূত যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দান কৰিছে, যাৰ অধিকাৰী কেৱল তোমালোক হ’বা। লগতে তেওঁ এইটো তোমালোকৰ বাবে ত্বৰান্বিত কৰিছে। তেৱেঁই তোমালোকৰ পৰা মানুহৰ হাত নিবাৰিত কৰিছে, যাতে এইটো মুমিনসকলৰ বাবে এটা নিদৰ্শন হয়, তেৱেঁই তোমালোকক সৰল পথত পৰিচালিত কৰে; | وَعَدَكُمُ ٱللَّهُ مَغَانِمَ كَثِيرَةًۭ تَأْخُذُونَهَا فَعَجَّلَ لَكُمْ هَٰذِهِۦ وَكَفَّ أَيْدِىَ ٱلنَّاسِ عَنكُمْ وَلِتَكُونَ ءَايَةًۭ لِّلْمُؤْمِنِينَ وَيَهْدِيَكُمْ صِرَٰطًۭا مُّسْتَقِيمًۭا. ﴿20﴾ |
| 21 ইয়াৰ বাহিৰেও আৰু আছে বহু সম্পদ, যিবোৰ এতিয়াও তোমালোকৰ অধিকাৰত অহা নাই, সেইবোৰক আল্লাহেই পৰিবেষ্টন কৰি ৰাখিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। | وَأُخْرَىٰ لَمْ تَقْدِرُوا۟ عَلَيْهَا قَدْ أَحَاطَ ٱللَّهُ بِهَا ۚ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ قَدِيرًۭا. ﴿21﴾ |
| 22 আৰু যিসকলে কুফৰী কৰিছে সিহঁতে যদি তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে পৃষ্ট প্ৰদৰ্শন কৰিলেহেঁতেন, তাৰ পিছত সিহঁতে কোনো অভিভাৱক আৰু সহায়কাৰীও নাপালেহেঁতেন। | وَلَوْ قَٰتَلَكُمُ ٱلَّذِينَ كَفَرُوا۟ لَوَلَّوُا۟ ٱلْأَدْبَٰرَ ثُمَّ لَا يَجِدُونَ وَلِيًّۭا وَلَا نَصِيرًۭا. ﴿22﴾ |
| 23 এইটোৱে হৈছে আল্লাহৰ বিধান--- যিটো পূৰ্বৰে পৰা চলি আহিছে, তুমি আল্লাহৰ বিধানত কোনো পৰিবৰ্তন নাপাবা। | سُنَّةَ ٱللَّهِ ٱلَّتِى قَدْ خَلَتْ مِن قَبْلُ ۖ وَلَن تَجِدَ لِسُنَّةِ ٱللَّهِ تَبْدِيلًۭا. ﴿23﴾ |
| 24 আৰু তেৱেঁই মক্কা উপত্যকাত সিহঁতৰ হাত তোমালোকৰ পৰা আৰু তোমালোকৰ হাত সিহঁতৰ পৰা নিবাৰিত কৰিছিল, সিহঁতৰ ওপৰত তোমালোকক বিজয়ী কৰাৰ পিছত, আৰু তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা। | وَهُوَ ٱلَّذِى كَفَّ أَيْدِيَهُمْ عَنكُمْ وَأَيْدِيَكُمْ عَنْهُم بِبَطْنِ مَكَّةَ مِنۢ بَعْدِ أَنْ أَظْفَرَكُمْ عَلَيْهِمْ ۚ وَكَانَ ٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرًا. ﴿24﴾ |
| 25 সিহঁতেই কুফৰী কৰিছিল আৰু তোমালোকক বাধা প্ৰদান কৰিছিল মছজিদুল হাৰামৰ পৰা, লগতে বাধা প্ৰদান কৰিছিল কুৰাবানীৰ বাবে আৱদ্ধ পশুবিলাকক যথাস্থানলৈ লৈ যোৱাত। যদি (মক্কাত) মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল নাথাকিলহেঁতেন, যিসকলৰ বিষয়ে তোমালোকে নাজানা যে, তোমালোকে অজ্ঞতাবশতঃ তেওঁলোকক পদদলিত কৰিবা, ফলত তেওঁলোকৰ কাৰণে তোমালোকেই অপৰাধী আৰু দোষী সাব্যস্ত হ’লাহেঁতেন, (তথাপিও তেওঁ যুদ্ধৰ অনুমতি দিলেহেঁতেন, কিন্তু আল্লাহে তোমালোকক তেতিয়া যুদ্ধৰ অনুমতি দিয়া নাছিল) এইকাৰণে যে, আল্লাহে যাক ইচ্ছা কৰে তাক তেওঁ নিজ অনুগ্ৰহত প্ৰৱেশ কৰায়। যদি তেওঁলোক পৃথক হৈ থাকিলহেঁতেন, তেন্তে অৱশ্যে আমি সিহঁতৰ মাজত কাফিৰবিলাকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিলোঁহেঁতেন। | هُمُ ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوكُمْ عَنِ ٱلْمَسْجِدِ ٱلْحَرَامِ وَٱلْهَدْىَ مَعْكُوفًا أَن يَبْلُغَ مَحِلَّهُۥ ۚ وَلَوْلَا رِجَالٌۭ مُّؤْمِنُونَ وَنِسَآءٌۭ مُّؤْمِنَٰتٌۭ لَّمْ تَعْلَمُوهُمْ أَن تَطَـُٔوهُمْ فَتُصِيبَكُم مِّنْهُم مَّعَرَّةٌۢ بِغَيْرِ عِلْمٍۢ ۖ لِّيُدْخِلَ ٱللَّهُ فِى رَحْمَتِهِۦ مَن يَشَآءُ ۚ لَوْ تَزَيَّلُوا۟ لَعَذَّبْنَا ٱلَّذِينَ كَفَرُوا۟ مِنْهُمْ عَذَابًا أَلِيمًا. ﴿25﴾ |
| 26 যেতিয়া কাফিৰসকলে সিহঁতৰ অন্তৰত গোত্ৰীয় অহমিকা পোষণ কৰিছিল— অজ্ঞতা যুগৰ অহমিকা, তেতিয়া আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত তেওঁৰ প্ৰশান্তি অৱতীৰ্ণ কৰিলে, আৰু তেওঁলোকক তাক্বৱাৰ কলিমাত সুদৃঢ় কৰিলে, তেওঁলোকেই আছিল ইয়াৰ অধিক যোগ্য আৰু উপযুক্ত; আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। | إِذْ جَعَلَ ٱلَّذِينَ كَفَرُوا۟ فِى قُلُوبِهِمُ ٱلْحَمِيَّةَ حَمِيَّةَ ٱلْجَٰهِلِيَّةِ فَأَنزَلَ ٱللَّهُ سَكِينَتَهُۥ عَلَىٰ رَسُولِهِۦ وَعَلَى ٱلْمُؤْمِنِينَ وَأَلْزَمَهُمْ كَلِمَةَ ٱلتَّقْوَىٰ وَكَانُوٓا۟ أَحَقَّ بِهَا وَأَهْلَهَا ۚ وَكَانَ ٱللَّهُ بِكُلِّ شَىْءٍ عَلِيمًۭا. ﴿26﴾ |
| 27 নিশ্চয় আল্লাহে তেওঁৰ ৰাছুলৰ সপোনক যথাযথভাৱে বাস্তৱায়িত কৰিছে, আল্লাহৰ ইচ্ছাত তোমালোকে নিশ্চিতভাৱে নিৰাপদে মূৰ খুৰোৱাই আৰু চুলি চুটি কৰি নিৰ্ভয়ে মছজিদুল হাৰামত প্ৰৱেশ কৰিবা। এতেকে তোমালোকে যিটো নাজানা সেইটো তেওঁ জানে। সেয়ে ইয়াৰ বাহিৰেও তেওঁ তোমালোকক প্ৰদান কৰিছে এটা সদ্য বিজয়। | لَّقَدْ صَدَقَ ٱللَّهُ رَسُولَهُ ٱلرُّءْيَا بِٱلْحَقِّ ۖ لَتَدْخُلُنَّ ٱلْمَسْجِدَ ٱلْحَرَامَ إِن شَآءَ ٱللَّهُ ءَامِنِينَ مُحَلِّقِينَ رُءُوسَكُمْ وَمُقَصِّرِينَ لَا تَخَافُونَ ۖ فَعَلِمَ مَا لَمْ تَعْلَمُوا۟ فَجَعَلَ مِن دُونِ ذَٰلِكَ فَتْحًۭا قَرِيبًا. ﴿27﴾ |
| 28 তেৱেঁই নিজ ৰাছুলক পথনিৰ্দেশ আৰু সত্য দ্বীন সহকাৰে প্ৰেৰণ কৰিছে, আন সকলো দ্বীনৰ ওপৰত ইয়াক জয়যুক্ত কৰিবলৈ; আৰু সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। | هُوَ ٱلَّذِىٓ أَرْسَلَ رَسُولَهُۥ بِٱلْهُدَىٰ وَدِينِ ٱلْحَقِّ لِيُظْهِرَهُۥ عَلَى ٱلدِّينِ كُلِّهِۦ ۚ وَكَفَىٰ بِٱللَّهِ شَهِيدًۭا. ﴿28﴾ |
| 29 মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল, আৰু তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; তুমি তেওঁলোকক ৰুকু আৰু ছাজদাহ অৱনত অৱস্থাত আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনা কৰা দেখিবলৈ পাবা। তেওঁলোকৰ মুখমণ্ডলত থাকিব ছাজদাৰ চিহ্ন; এইটোৱে হৈছে তাওৰাতত তেওঁলোকৰ দৃষ্টান্ত। ইঞ্জীলত তেওঁলোকৰ দৃষ্টান্ত হৈছে এনেকুৱা এটি গছপুলিৰ দৰে, যিটোৰ পৰা ওলায় কোমল পাত, তাৰ পিছত সেইটো মজবুত হয় আৰু পুষ্ট হয়, লগতে দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে, যিটো খেতিয়কৰ বাবে বৰ আনন্দদায়ক। এইদৰে আল্লাহে মুমিনসকলৰ সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক ক্ষমা আৰু মহাপ্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে। | مُّحَمَّدٌۭ رَّسُولُ ٱللَّهِ ۚ وَٱلَّذِينَ مَعَهُۥٓ أَشِدَّآءُ عَلَى ٱلْكُفَّارِ رُحَمَآءُ بَيْنَهُمْ ۖ تَرَىٰهُمْ رُكَّعًۭا سُجَّدًۭا يَبْتَغُونَ فَضْلًۭا مِّنَ ٱللَّهِ وَرِضْوَٰنًۭا ۖ سِيمَاهُمْ فِى وُجُوهِهِم مِّنْ أَثَرِ ٱلسُّجُودِ ۚ ذَٰلِكَ مَثَلُهُمْ فِى ٱلتَّوْرَىٰةِ ۚ وَمَثَلُهُمْ فِى ٱلْإِنجِيلِ كَزَرْعٍ أَخْرَجَ شَطْـَٔهُۥ فَـَٔازَرَهُۥ فَٱسْتَغْلَظَ فَٱسْتَوَىٰ عَلَىٰ سُوقِهِۦ يُعْجِبُ ٱلزُّرَّاعَ لِيَغِيظَ بِهِمُ ٱلْكُفَّارَ ۗ وَعَدَ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ مِنْهُم مَّغْفِرَةًۭ وَأَجْرًا عَظِيمًۢا. ﴿29﴾ |