Loading date... | Loading Hijri date... | Loading time...

الطور

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 শপত তুৰ পৰ্বতৰ, وَٱلطُّورِ. ﴿1﴾
2 শপত লিপিবদ্ধ গ্ৰন্থৰ, وَكِتَٰبٍۢ مَّسْطُورٍۢ. ﴿2﴾
3 উন্মুক্ত পাতত। فِى رَقٍّۢ مَّنشُورٍۢ. ﴿3﴾
4 শপত বাইতুল মা’মূৰৰ (আবাদ গৃহৰ), وَٱلْبَيْتِ ٱلْمَعْمُورِ. ﴿4﴾
5 শপত সুউচ্চ চাদৰ, وَٱلسَّقْفِ ٱلْمَرْفُوعِ. ﴿5﴾
6 শপত তৰঙ্গ-বিক্ষুব্ধ উত্তাল সাগৰৰ-- وَٱلْبَحْرِ ٱلْمَسْجُورِ. ﴿6﴾
7 নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অৱশ্যম্ভাৱী, إِنَّ عَذَابَ رَبِّكَ لَوَٰقِعٌۭ. ﴿7﴾
8 ইয়াক প্ৰতিৰোধ কৰিব পৰা কোনো নাই। مَّا لَهُۥ مِن دَافِعٍۢ. ﴿8﴾
9 যিদিনা প্ৰবলভাৱে আকাশ প্ৰকম্পিত হ’ব, يَوْمَ تَمُورُ ٱلسَّمَآءُ مَوْرًۭا. ﴿9﴾
10 আৰু পৰ্বতসমূহ দ্ৰুতগতিত পৰিভ্ৰমণ কৰিব; وَتَسِيرُ ٱلْجِبَالُ سَيْرًۭا. ﴿10﴾
11 এতেকে সৰ্বনাশ সেইদিনা অস্বীকাৰকাৰীসকলৰ বাবে, فَوَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ. ﴿11﴾
12 যিসকলে খেল-ধেমালিৰ ছলনাৰে অসাৰ কৰ্মত লিপ্ত থাকে। ٱلَّذِينَ هُمْ فِى خَوْضٍۢ يَلْعَبُونَ. ﴿12﴾
13 সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে গতিয়াই খেদি লৈ যোৱা হ’ব, يَوْمَ يُدَعُّونَ إِلَىٰ نَارِ جَهَنَّمَ دَعًّا. ﴿13﴾
14 ‘এইটোৱে হৈছে সেই জাহান্নাম যাক তোমালোকে অস্বীকাৰ কৰিছিলা’। هَٰذِهِ ٱلنَّارُ ٱلَّتِى كُنتُم بِهَا تُكَذِّبُونَ. ﴿14﴾
15 এইটো যাদু নেকি? নে তোমালোকে দেখা নোপোৱা! أَفَسِحْرٌ هَٰذَآ أَمْ أَنتُمْ لَا تُبْصِرُونَ. ﴿15﴾
16 তোমালোকে জুইত প্ৰৱেশ কৰা, তাৰ পিছত তোমালোকে ধৈৰ্য্য ধাৰণ কৰা বা নকৰা উভয়েই তোমালোকৰ বাবে সমান। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে। ٱصْلَوْهَا فَٱصْبِرُوٓا۟ أَوْ لَا تَصْبِرُوا۟ سَوَآءٌ عَلَيْكُمْ ۖ إِنَّمَا تُجْزَوْنَ مَا كُنتُمْ تَعْمَلُونَ. ﴿16﴾
17 নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰাচুৰ্যসমূহৰ মাজত। إِنَّ ٱلْمُتَّقِينَ فِى جَنَّٰتٍۢ وَنَعِيمٍۢ. ﴿17﴾
18 তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি প্ৰদান কৰিছে সেয়া তেওঁলোকে উপভোগ কৰিব, লগতে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক ৰক্ষা কৰিব জ্বলন্ত অগ্নিৰ শাস্তিৰ পৰা, فَٰكِهِينَ بِمَآ ءَاتَىٰهُمْ رَبُّهُمْ وَوَقَىٰهُمْ رَبُّهُمْ عَذَابَ ٱلْجَحِيمِ. ﴿18﴾
19 (তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদান হিচাপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা; كُلُوا۟ وَٱشْرَبُوا۟ هَنِيٓـًٔۢا بِمَا كُنتُمْ تَعْمَلُونَ. ﴿19﴾
20 তেওঁলোকে শ্ৰেণীবদ্ধভাৱে সুসজ্জিত আসনত আউজী বহিব; আৰু আমি তেওঁলোকৰ মিলন ঘটাম মৃগনয়নী ডাঙৰ চকুবিশিষ্টা হুৰৰ সৈতে; مُتَّكِـِٔينَ عَلَىٰ سُرُرٍۢ مَّصْفُوفَةٍۢ ۖ وَزَوَّجْنَٰهُم بِحُورٍ عِينٍۢ. ﴿20﴾
21 আৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানৰ ক্ষেত্ৰত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰিম; প্ৰত্যেক ব্যক্তিয়েই নিজৰ কৃতকৰ্মৰ বাবে দায়ী। وَٱلَّذِينَ ءَامَنُوا۟ وَٱتَّبَعَتْهُمْ ذُرِّيَّتُهُم بِإِيمَٰنٍ أَلْحَقْنَا بِهِمْ ذُرِّيَّتَهُمْ وَمَآ أَلَتْنَٰهُم مِّنْ عَمَلِهِم مِّن شَىْءٍۢ ۚ كُلُّ ٱمْرِئٍۭ بِمَا كَسَبَ رَهِينٌۭ. ﴿21﴾
22 আৰু আমি তেওঁলোকক অতিৰিক্ত প্ৰদান কৰিম ফল-মূল আৰু মাংস, যিবোৰ তেওঁলোকে কামনা কৰিব। وَأَمْدَدْنَٰهُم بِفَٰكِهَةٍۢ وَلَحْمٍۢ مِّمَّا يَشْتَهُونَ. ﴿22﴾
23 তাত তেওঁলোকে পৰস্পৰে পানপাত্ৰ আদান-প্ৰদান কৰিব, তাত কোনো নিৰৰ্থক কথা-বতৰা নাথাকিব আৰু কোনো পাপকৰ্মও নাথাকিব। يَتَنَٰزَعُونَ فِيهَا كَأْسًۭا لَّا لَغْوٌۭ فِيهَا وَلَا تَأْثِيمٌۭ. ﴿23﴾
24 আৰু তাত তেওঁলোকৰ সেৱাত চাৰিওফালে ঘুৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেনিবা সুৰক্ষিত মুকুতাহে। ۞ وَيَطُوفُ عَلَيْهِمْ غِلْمَانٌۭ لَّهُمْ كَأَنَّهُمْ لُؤْلُؤٌۭ مَّكْنُونٌۭ. ﴿24﴾
25 আৰু তেওঁলোকে ইজনে সিজনৰ ফালে চাই সোধ-পোছ কৰিব, وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍۢ يَتَسَآءَلُونَ. ﴿25﴾
26 তেওঁলোকে ক’ব, ‘নিশ্চয় আমি ইতিপূৰ্বে আমাৰ পৰিয়াল বৰ্গৰ মাজত শংকিত অৱস্থাত আছিলোঁ’। قَالُوٓا۟ إِنَّا كُنَّا قَبْلُ فِىٓ أَهْلِنَا مُشْفِقِينَ. ﴿26﴾
27 তাৰ পিছত আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে। فَمَنَّ ٱللَّهُ عَلَيْنَا وَوَقَىٰنَا عَذَابَ ٱلسَّمُومِ. ﴿27﴾
28 নিশ্চয় আমি আগতেও তেওঁকেই আহ্বান কৰিছিলোঁ; নিশ্চয় তেওঁ কৃপাময়, পৰম দয়ালু। إِنَّا كُنَّا مِن قَبْلُ نَدْعُوهُ ۖ إِنَّهُۥ هُوَ ٱلْبَرُّ ٱلرَّحِيمُ. ﴿28﴾
29 এতেকে তুমি উপদেশ দি থাকা, কাৰণ তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি গণকো নহয় আৰু উন্মাদো নহয়। فَذَكِّرْ فَمَآ أَنتَ بِنِعْمَتِ رَبِّكَ بِكَاهِنٍۢ وَلَا مَجْنُونٍ. ﴿29﴾
30 সিহঁতে কয় নেকি যে, এওঁ (মুহাম্মদ) হৈছে এজন কবি? আমি তাৰ মৃত্যুৰ প্ৰতীক্ষা কৰিছোঁ। أَمْ يَقُولُونَ شَاعِرٌۭ نَّتَرَبَّصُ بِهِۦ رَيْبَ ٱلْمَنُونِ. ﴿30﴾
31 কোৱা, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছোঁ’। قُلْ تَرَبَّصُوا۟ فَإِنِّى مَعَكُم مِّنَ ٱلْمُتَرَبِّصِينَ. ﴿31﴾
32 সিহঁতৰ বিবেক-বুদ্ধিয়ে সিহঁতক এই আদেশ দিয়ে নেকি? নে সিহঁত সীমালংঘনকাৰী সম্প্ৰদায়? أَمْ تَأْمُرُهُمْ أَحْلَٰمُهُم بِهَٰذَآ ۚ أَمْ هُمْ قَوْمٌۭ طَاغُونَ. ﴿32﴾
33 নে সিহঁতে কয় যে, ‘এইখন তেওঁ নিজেই ৰচনা কৰিছে’? বৰং সিহঁতে ঈমান পোষণ নকৰিব। أَمْ يَقُولُونَ تَقَوَّلَهُۥ ۚ بَل لَّا يُؤْمِنُونَ. ﴿33﴾
34 এতেকে সিহঁত যদি সত্যবাদী হয়, তেতিয়াহ’লে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আহকচোন! فَلْيَأْتُوا۟ بِحَدِيثٍۢ مِّثْلِهِۦٓ إِن كَانُوا۟ صَٰدِقِينَ. ﴿34﴾
35 সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা? أَمْ خُلِقُوا۟ مِنْ غَيْرِ شَىْءٍ أَمْ هُمُ ٱلْخَٰلِقُونَ. ﴿35﴾
36 অথবা সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে নেকি? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে। أَمْ خَلَقُوا۟ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ ۚ بَل لَّا يُوقِنُونَ. ﴿36﴾
37 নে সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ গোপন কোনো ভাণ্ডাৰ আছে? নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী? أَمْ عِندَهُمْ خَزَآئِنُ رَبِّكَ أَمْ هُمُ ٱلْمُصَۣيْطِرُونَ. ﴿37﴾
38 নে সিহঁতৰ ওচৰত জখলা আছে, য’ত আৰোহণ কৰি সিহঁতে (উৰ্দ্ধজগতৰ কথা) শুনিবলৈ পায়? তেন্তে সিহঁতে শুনা পোৱা সেই স্পষ্ট প্ৰমাণটো লৈ আহকচোন! أَمْ لَهُمْ سُلَّمٌۭ يَسْتَمِعُونَ فِيهِ ۖ فَلْيَأْتِ مُسْتَمِعُهُم بِسُلْطَٰنٍۢ مُّبِينٍ. ﴿38﴾
39 নে কন্যা সন্তান তেওঁৰ বাবে; আৰু পুত্ৰ সন্তান তোমালোকৰ বাবে? أَمْ لَهُ ٱلْبَنَٰتُ وَلَكُمُ ٱلْبَنُونَ. ﴿39﴾
40 (হে নবী!) তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে? أَمْ تَسْـَٔلُهُمْ أَجْرًۭا فَهُم مِّن مَّغْرَمٍۢ مُّثْقَلُونَ. ﴿40﴾
41 নে সিহঁতৰ ওচৰত গায়েবৰ কোনো জ্ঞান আছে? যিটো সিহঁতে লিখি ৰাখে! أَمْ عِندَهُمُ ٱلْغَيْبُ فَهُمْ يَكْتُبُونَ. ﴿41﴾
42 নে সিহঁতে কোনো ষড়যন্ত্ৰ কৰিব বিচাৰিছে? (জানি থোৱা) যিসকলে কুফৰী কৰে সিহঁতেই হ’ব ষড়যন্ত্ৰৰ চিকাৰ। أَمْ يُرِيدُونَ كَيْدًۭا ۖ فَٱلَّذِينَ كَفَرُوا۟ هُمُ ٱلْمَكِيدُونَ. ﴿42﴾
43 নে আল্লাহৰ বাহিৰে সিহঁতৰ কোনো ইলাহ আছে? (জানি থোৱা) সিহঁতে যি শ্বিৰ্ক কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ। أَمْ لَهُمْ إِلَٰهٌ غَيْرُ ٱللَّهِ ۚ سُبْحَٰنَ ٱللَّهِ عَمَّا يُشْرِكُونَ. ﴿43﴾
44 আৰু আকাশৰ কোনো টুকুৰা ভাগি পৰা দেখিলেও সিহঁতে ক’ব, ‘এইটো এটা পুঞ্জিভূত মেঘ’। وَإِن يَرَوْا۟ كِسْفًۭا مِّنَ ٱلسَّمَآءِ سَاقِطًۭا يَقُولُوا۟ سَحَابٌۭ مَّرْكُومٌۭ. ﴿44﴾
45 এতেকে সিহঁতক এৰি দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁত বজ্ৰাঘাতৰ ফলত অচেতন হৈ পৰিব। فَذَرْهُمْ حَتَّىٰ يُلَٰقُوا۟ يَوْمَهُمُ ٱلَّذِى فِيهِ يُصْعَقُونَ. ﴿45﴾
46 সেইদিনা সিহঁতৰ ষড়যন্ত্ৰ কোনো কামত নাহিব আৰু সিহঁতক সহায়ও কৰা নহ’ব। يَوْمَ لَا يُغْنِى عَنْهُمْ كَيْدُهُمْ شَيْـًۭٔا وَلَا هُمْ يُنصَرُونَ. ﴿46﴾
47 নিশ্চয় ইয়াৰ বাহিৰেও আৰু শাস্তি আছে সীমালংঘনকাৰীসকলৰ বাবে। কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে। وَإِنَّ لِلَّذِينَ ظَلَمُوا۟ عَذَابًۭا دُونَ ذَٰلِكَ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ. ﴿47﴾
48 আৰু তুমি তোমাৰ প্ৰতিপালকৰ সিদ্ধান্তৰ অপেক্ষত ধৈৰ্য্য ধাৰণ কৰা; কাৰণ তুমি আমাৰ চুকুৰ সন্মুখতে আছা। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা। وَٱصْبِرْ لِحُكْمِ رَبِّكَ فَإِنَّكَ بِأَعْيُنِنَا ۖ وَسَبِّحْ بِحَمْدِ رَبِّكَ حِينَ تَقُومُ. ﴿48﴾
49 আৰু তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা নিশাৰ ভাগত আৰু তৰাবোৰ অস্তমিত হোৱাৰ পিছত। وَمِنَ ٱلَّيْلِ فَسَبِّحْهُ وَإِدْبَٰرَ ٱلنُّجُومِ. ﴿49﴾