الرحمن
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 আৰ-ৰাহমান, (দয়াময় আল্লাহ) | ٱلرَّحْمَٰنُ. ﴿1﴾ |
| 2 তেৱেঁই শিক্ষা দিছে কোৰআন, | عَلَّمَ ٱلْقُرْءَانَ. ﴿2﴾ |
| 3 তেৱেঁই সৃষ্টি কৰিছে মানুহ, | خَلَقَ ٱلْإِنسَٰنَ. ﴿3﴾ |
| 4 তেৱেঁই তাক ভাষা শিকাইছে, | عَلَّمَهُ ٱلْبَيَانَ. ﴿4﴾ |
| 5 সূৰ্য আৰু চন্দ্ৰই নিৰ্ধাৰিত হিচাপ-অনুযায়ী আৱৰ্তন কৰে, | ٱلشَّمْسُ وَٱلْقَمَرُ بِحُسْبَانٍۢ. ﴿5﴾ |
| 6 আৰু তৃণলতা (অথবা নক্ষত্ৰৰাজি) আৰু বৃক্ষাদিয়েও ছাজদা কৰে, | وَٱلنَّجْمُ وَٱلشَّجَرُ يَسْجُدَانِ. ﴿6﴾ |
| 7 আৰু তেৱেঁই আকাশখনক সমুন্নত কৰিছে আৰু স্থাপন কৰিছে তুলাচনী, | وَٱلسَّمَآءَ رَفَعَهَا وَوَضَعَ ٱلْمِيزَانَ. ﴿7﴾ |
| 8 যাতে তোমালোকে জোখ-মাখত সীমালংঘন নকৰা। | أَلَّا تَطْغَوْا۟ فِى ٱلْمِيزَانِ. ﴿8﴾ |
| 9 আৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা। | وَأَقِيمُوا۟ ٱلْوَزْنَ بِٱلْقِسْطِ وَلَا تُخْسِرُوا۟ ٱلْمِيزَانَ. ﴿9﴾ |
| 10 আৰু তেৱেঁই পৃথিৱীখনক সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে; | وَٱلْأَرْضَ وَضَعَهَا لِلْأَنَامِ. ﴿10﴾ |
| 11 য’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত, | فِيهَا فَٰكِهَةٌۭ وَٱلنَّخْلُ ذَاتُ ٱلْأَكْمَامِ. ﴿11﴾ |
| 12 আৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল। | وَٱلْحَبُّ ذُو ٱلْعَصْفِ وَٱلرَّيْحَانُ. ﴿12﴾ |
| 13 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿13﴾ |
| 14 তেৱেঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত পোৰা মাটিৰ দৰে শুকান মাটিৰ পৰা, | خَلَقَ ٱلْإِنسَٰنَ مِن صَلْصَٰلٍۢ كَٱلْفَخَّارِ. ﴿14﴾ |
| 15 আৰু জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা। | وَخَلَقَ ٱلْجَآنَّ مِن مَّارِجٍۢ مِّن نَّارٍۢ. ﴿15﴾ |
| 16 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿16﴾ |
| 17 তেৱেঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক। | رَبُّ ٱلْمَشْرِقَيْنِ وَرَبُّ ٱلْمَغْرِبَيْنِ. ﴿17﴾ |
| 18 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿18﴾ |
| 19 তেৱেঁ দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়, | مَرَجَ ٱلْبَحْرَيْنِ يَلْتَقِيَانِ. ﴿19﴾ |
| 20 কিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে। | بَيْنَهُمَا بَرْزَخٌۭ لَّا يَبْغِيَانِ. ﴿20﴾ |
| 21 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿21﴾ |
| 22 উভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুতা আৰু পোৱাল। | يَخْرُجُ مِنْهُمَا ٱللُّؤْلُؤُ وَٱلْمَرْجَانُ. ﴿22﴾ |
| 23 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿23﴾ |
| 24 আৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰেই (নিয়ন্ত্ৰণাধীন); | وَلَهُ ٱلْجَوَارِ ٱلْمُنشَـَٔاتُ فِى ٱلْبَحْرِ كَٱلْأَعْلَٰمِ. ﴿24﴾ |
| 25 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿25﴾ |
| 26 ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল, | كُلُّ مَنْ عَلَيْهَا فَانٍۢ. ﴿26﴾ |
| 27 আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহেৰা, যিজন মহিমাময়, মহানুভৱ; | وَيَبْقَىٰ وَجْهُ رَبِّكَ ذُو ٱلْجَلَٰلِ وَٱلْإِكْرَامِ. ﴿27﴾ |
| 28 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿28﴾ |
| 29 আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত। | يَسْـَٔلُهُۥ مَن فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۚ كُلَّ يَوْمٍ هُوَ فِى شَأْنٍۢ. ﴿29﴾ |
| 30 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿30﴾ |
| 31 হে মানৱ আৰু জিন! আমি অনতিপলমে তোমালোকৰ (হিচাপ-নিকাচ গ্ৰহণৰ) প্ৰতি মনোনিৱেশ কৰিম। | سَنَفْرُغُ لَكُمْ أَيُّهَ ٱلثَّقَلَانِ. ﴿31﴾ |
| 32 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿32﴾ |
| 33 হে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তি অবিহনে অতিক্ৰম কৰিব নোৱাৰিবা। | يَٰمَعْشَرَ ٱلْجِنِّ وَٱلْإِنسِ إِنِ ٱسْتَطَعْتُمْ أَن تَنفُذُوا۟ مِنْ أَقْطَارِ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ فَٱنفُذُوا۟ ۚ لَا تَنفُذُونَ إِلَّا بِسُلْطَٰنٍۢ. ﴿33﴾ |
| 34 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿34﴾ |
| 35 তোমালোক উভয়ৰে প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ (অথবা গলিত তাম), তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা। | يُرْسَلُ عَلَيْكُمَا شُوَاظٌۭ مِّن نَّارٍۢ وَنُحَاسٌۭ فَلَا تَنتَصِرَانِ. ﴿35﴾ |
| 36 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿36﴾ |
| 37 যিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব; | فَإِذَا ٱنشَقَّتِ ٱلسَّمَآءُ فَكَانَتْ وَرْدَةًۭ كَٱلدِّهَانِ. ﴿37﴾ |
| 38 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿38﴾ |
| 39 গতিকে সেইদিনা মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহ’ব আৰু জিনকো নহয়। | فَيَوْمَئِذٍۢ لَّا يُسْـَٔلُ عَن ذَنۢبِهِۦٓ إِنسٌۭ وَلَا جَآنٌّۭ. ﴿39﴾ |
| 40 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿40﴾ |
| 41 অপৰাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব। | يُعْرَفُ ٱلْمُجْرِمُونَ بِسِيمَٰهُمْ فَيُؤْخَذُ بِٱلنَّوَٰصِى وَٱلْأَقْدَامِ. ﴿41﴾ |
| 42 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿42﴾ |
| 43 এইটোৱে হৈছে সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল। | هَٰذِهِۦ جَهَنَّمُ ٱلَّتِى يُكَذِّبُ بِهَا ٱلْمُجْرِمُونَ. ﴿43﴾ |
| 44 সিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘুৰি থাকিব। | يَطُوفُونَ بَيْنَهَا وَبَيْنَ حَمِيمٍ ءَانٍۢ. ﴿44﴾ |
| 45 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿45﴾ |
| 46 আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুখন জান্নাত। | وَلِمَنْ خَافَ مَقَامَ رَبِّهِۦ جَنَّتَانِ. ﴿46﴾ |
| 47 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿47﴾ |
| 48 উভয়েই বহু শাখা-পল্লববিশিষ্ট। | ذَوَاتَآ أَفْنَانٍۢ. ﴿48﴾ |
| 49 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿49﴾ |
| 50 উভয় জান্নাতত আছে প্ৰবাহমান দুখন নিজৰা; | فِيهِمَا عَيْنَانِ تَجْرِيَانِ. ﴿50﴾ |
| 51 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿51﴾ |
| 52 উভয়ৰ মাজত আছে প্ৰতিটো ফল দুই দুই প্ৰকাৰৰ। | فِيهِمَا مِن كُلِّ فَٰكِهَةٍۢ زَوْجَانِ. ﴿52﴾ |
| 53 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿53﴾ |
| 54 তাত তেওঁলোকে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী। | مُتَّكِـِٔينَ عَلَىٰ فُرُشٍۭ بَطَآئِنُهَا مِنْ إِسْتَبْرَقٍۢ ۚ وَجَنَى ٱلْجَنَّتَيْنِ دَانٍۢ. ﴿54﴾ |
| 55 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿55﴾ |
| 56 তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই। | فِيهِنَّ قَٰصِرَٰتُ ٱلطَّرْفِ لَمْ يَطْمِثْهُنَّ إِنسٌۭ قَبْلَهُمْ وَلَا جَآنٌّۭ. ﴿56﴾ |
| 57 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿57﴾ |
| 58 সিহঁত যেনিবা পদ্মৰাগ মণি আৰু মুকুতা। | كَأَنَّهُنَّ ٱلْيَاقُوتُ وَٱلْمَرْجَانُ. ﴿58﴾ |
| 59 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿59﴾ |
| 60 উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰুনো কি হ’ব পাৰে? | هَلْ جَزَآءُ ٱلْإِحْسَٰنِ إِلَّا ٱلْإِحْسَٰنُ. ﴿60﴾ |
| 61 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿61﴾ |
| 62 আৰু এই দুখন জান্নাতৰ বাহিৰেও আৰু দুখন জান্নাত আছে। | وَمِن دُونِهِمَا جَنَّتَانِ. ﴿62﴾ |
| 63 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿63﴾ |
| 64 জান্নাত দুখন হৈছে ঘন সেউজীয়া। | مُدْهَآمَّتَانِ. ﴿64﴾ |
| 65 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿65﴾ |
| 66 এই দুখন জান্নাতত আছে উচ্ছলিত দুখন নিজৰা। | فِيهِمَا عَيْنَانِ نَضَّاخَتَانِ. ﴿66﴾ |
| 67 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿67﴾ |
| 68 তাত আছে ফল-মূল, খেজুৰ আৰু ডালিম। | فِيهِمَا فَٰكِهَةٌۭ وَنَخْلٌۭ وَرُمَّانٌۭ. ﴿68﴾ |
| 69 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿69﴾ |
| 70 সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী। | فِيهِنَّ خَيْرَٰتٌ حِسَانٌۭ. ﴿70﴾ |
| 71 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿71﴾ |
| 72 চামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল। | حُورٌۭ مَّقْصُورَٰتٌۭ فِى ٱلْخِيَامِ. ﴿72﴾ |
| 73 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿73﴾ |
| 74 যিসকলক ইতিপূৰ্বে কোনো মানুহ অথবা কোনো জিনে স্পৰ্শ কৰা নাই। | لَمْ يَطْمِثْهُنَّ إِنسٌۭ قَبْلَهُمْ وَلَا جَآنٌّۭ. ﴿74﴾ |
| 75 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿75﴾ |
| 76 সিহঁতে আউজি বহিব সেউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত। | مُتَّكِـِٔينَ عَلَىٰ رَفْرَفٍ خُضْرٍۢ وَعَبْقَرِىٍّ حِسَانٍۢ. ﴿76﴾ |
| 77 এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা? | فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ. ﴿77﴾ |
| 78 বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ। | تَبَٰرَكَ ٱسْمُ رَبِّكَ ذِى ٱلْجَلَٰلِ وَٱلْإِكْرَامِ. ﴿78﴾ |