الواقعة
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 যেতিয়া কিয়ামত সংঘটিত হ’ব, | إِذَا وَقَعَتِ ٱلْوَاقِعَةُ. ﴿1﴾ |
| 2 (তেতিয়া) ইয়াৰ সংঘটিত হোৱাক অস্বীকাৰ কৰিব পৰা কোনো নাথাকিব। | لَيْسَ لِوَقْعَتِهَا كَاذِبَةٌ. ﴿2﴾ |
| 3 ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব; | خَافِضَةٌۭ رَّافِعَةٌ. ﴿3﴾ |
| 4 যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব, | إِذَا رُجَّتِ ٱلْأَرْضُ رَجًّۭا. ﴿4﴾ |
| 5 আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব, | وَبُسَّتِ ٱلْجِبَالُ بَسًّۭا. ﴿5﴾ |
| 6 ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব; | فَكَانَتْ هَبَآءًۭ مُّنۢبَثًّۭا. ﴿6﴾ |
| 7 আৰু তোমালোক বিভক্ত হৈ পৰিবা তিনিটা দলত---- | وَكُنتُمْ أَزْوَٰجًۭا ثَلَٰثَةًۭ. ﴿7﴾ |
| 8 এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যৱান! | فَأَصْحَٰبُ ٱلْمَيْمَنَةِ مَآ أَصْحَٰبُ ٱلْمَيْمَنَةِ. ﴿8﴾ |
| 9 আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া! | وَأَصْحَٰبُ ٱلْمَشْـَٔمَةِ مَآ أَصْحَٰبُ ٱلْمَشْـَٔمَةِ. ﴿9﴾ |
| 10 আৰু অগ্ৰগামীসকলেই অগ্ৰগামী, | وَٱلسَّٰبِقُونَ ٱلسَّٰبِقُونَ. ﴿10﴾ |
| 11 তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত-- | أُو۟لَٰٓئِكَ ٱلْمُقَرَّبُونَ. ﴿11﴾ |
| 12 (তেওঁলোক থাকিব) নিয়ামতেৰে ভৰা জান্নাতত, | فِى جَنَّٰتِ ٱلنَّعِيمِ. ﴿12﴾ |
| 13 বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা; | ثُلَّةٌۭ مِّنَ ٱلْأَوَّلِينَ. ﴿13﴾ |
| 14 আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা। | وَقَلِيلٌۭ مِّنَ ٱلْءَاخِرِينَ. ﴿14﴾ |
| 15 সোণেৰে নিৰ্মিত আসনমূহত, | عَلَىٰ سُرُرٍۢ مَّوْضُونَةٍۢ. ﴿15﴾ |
| 16 তেওঁলোকে পৰস্পৰে মুখামুখিকৈ আউজি বহিব। | مُّتَّكِـِٔينَ عَلَيْهَا مُتَقَٰبِلِينَ. ﴿16﴾ |
| 17 তেওঁলোকৰ আশে-পাশে ঘূৰি-ফুৰিব চিৰ কিশোৰসকল, | يَطُوفُ عَلَيْهِمْ وِلْدَٰنٌۭ مُّخَلَّدُونَ. ﴿17﴾ |
| 18 প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ, | بِأَكْوَابٍۢ وَأَبَارِيقَ وَكَأْسٍۢ مِّن مَّعِينٍۢ. ﴿18﴾ |
| 19 সেই সুৰা সেৱন কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব-- | لَّا يُصَدَّعُونَ عَنْهَا وَلَا يُنزِفُونَ. ﴿19﴾ |
| 20 আৰু (ঘূৰি ফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ, | وَفَٰكِهَةٍۢ مِّمَّا يَتَخَيَّرُونَ. ﴿20﴾ |
| 21 আৰু তেওঁলোকৰ ৰুচি অনুযায়ী চৰাইৰ মাংস লৈ। | وَلَحْمِ طَيْرٍۢ مِّمَّا يَشْتَهُونَ. ﴿21﴾ |
| 22 আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ, | وَحُورٌ عِينٌۭ. ﴿22﴾ |
| 23 যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে, | كَأَمْثَٰلِ ٱللُّؤْلُؤِ ٱلْمَكْنُونِ. ﴿23﴾ |
| 24 তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰস্বৰূপে। | جَزَآءًۢ بِمَا كَانُوا۟ يَعْمَلُونَ. ﴿24﴾ |
| 25 তাত তেওঁলোকে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব, | لَا يَسْمَعُونَ فِيهَا لَغْوًۭا وَلَا تَأْثِيمًا. ﴿25﴾ |
| 26 শুনিব কেৱল ছালাম আৰু ছালাম (শান্তি বাক্য)। | إِلَّا قِيلًۭا سَلَٰمًۭا سَلَٰمًۭا. ﴿26﴾ |
| 27 আৰু সোঁফালৰ দল; কিমান যে ভাগ্যৱান সোঁফালৰ দলটো! | وَأَصْحَٰبُ ٱلْيَمِينِ مَآ أَصْحَٰبُ ٱلْيَمِينِ. ﴿27﴾ |
| 28 তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ, | فِى سِدْرٍۢ مَّخْضُودٍۢ. ﴿28﴾ |
| 29 আৰু থোকেৰে ভৰা কল গছ, | وَطَلْحٍۢ مَّنضُودٍۢ. ﴿29﴾ |
| 30 আৰু সম্প্ৰসাৰিত ছাঁ, | وَظِلٍّۢ مَّمْدُودٍۢ. ﴿30﴾ |
| 31 আৰু সদায় প্ৰবাহমান পানী, | وَمَآءٍۢ مَّسْكُوبٍۢ. ﴿31﴾ |
| 32 আৰু প্ৰচুৰ ফল-মূল, | وَفَٰكِهَةٍۢ كَثِيرَةٍۢ. ﴿32﴾ |
| 33 যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব। | لَّا مَقْطُوعَةٍۢ وَلَا مَمْنُوعَةٍۢ. ﴿33﴾ |
| 34 লগতে (তেওঁলোক থাকিব) সুউচ্চ শয্যাসমূহত; | وَفُرُشٍۢ مَّرْفُوعَةٍ. ﴿34﴾ |
| 35 নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছোঁ বিশেষৰূপত--- | إِنَّآ أَنشَأْنَٰهُنَّ إِنشَآءًۭ. ﴿35﴾ |
| 36 তাৰ পিছত সিহঁতক কুমাৰী বনাইছোঁ, | فَجَعَلْنَٰهُنَّ أَبْكَارًا. ﴿36﴾ |
| 37 নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া, | عُرُبًا أَتْرَابًۭا. ﴿37﴾ |
| 38 সোঁফালৰ লোকসকলৰ বাবে। | لِّأَصْحَٰبِ ٱلْيَمِينِ. ﴿38﴾ |
| 39 বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা; | ثُلَّةٌۭ مِّنَ ٱلْأَوَّلِينَ. ﴿39﴾ |
| 40 আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা। | وَثُلَّةٌۭ مِّنَ ٱلْءَاخِرِينَ. ﴿40﴾ |
| 41 আনহাতে বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো! | وَأَصْحَٰبُ ٱلشِّمَالِ مَآ أَصْحَٰبُ ٱلشِّمَالِ. ﴿41﴾ |
| 42 সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত, | فِى سَمُومٍۢ وَحَمِيمٍۢ. ﴿42﴾ |
| 43 আৰু অতি ক'লা ধোঁৱাৰ ছাঁত, | وَظِلٍّۢ مِّن يَحْمُومٍۢ. ﴿43﴾ |
| 44 যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়। | لَّا بَارِدٍۢ وَلَا كَرِيمٍ. ﴿44﴾ |
| 45 নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল, | إِنَّهُمْ كَانُوا۟ قَبْلَ ذَٰلِكَ مُتْرَفِينَ. ﴿45﴾ |
| 46 আৰু সিহঁত অবিৰামভাৱে লিপ্ত আছিল জঘন্য পাপকৰ্মত। | وَكَانُوا۟ يُصِرُّونَ عَلَى ٱلْحِنثِ ٱلْعَظِيمِ. ﴿46﴾ |
| 47 আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৃত্যু হৈ মাটি আৰু হাড়ত পৰিণত হ'ম, তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’? | وَكَانُوا۟ يَقُولُونَ أَئِذَا مِتْنَا وَكُنَّا تُرَابًۭا وَعِظَٰمًا أَءِنَّا لَمَبْعُوثُونَ. ﴿47﴾ |
| 48 ‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’? | أَوَءَابَآؤُنَا ٱلْأَوَّلُونَ. ﴿48﴾ |
| 49 কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো-- | قُلْ إِنَّ ٱلْأَوَّلِينَ وَٱلْءَاخِرِينَ. ﴿49﴾ |
| 50 সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’। | لَمَجْمُوعُونَ إِلَىٰ مِيقَٰتِ يَوْمٍۢ مَّعْلُومٍۢ. ﴿50﴾ |
| 51 তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল! | ثُمَّ إِنَّكُمْ أَيُّهَا ٱلضَّآلُّونَ ٱلْمُكَذِّبُونَ. ﴿51﴾ |
| 52 নিশ্চয় (তোমালোকে) আহাৰ কৰিবা যাক্কুম গছৰ পৰা, | لَءَاكِلُونَ مِن شَجَرٍۢ مِّن زَقُّومٍۢ. ﴿52﴾ |
| 53 সেইটোৰেই তোমালোকে পেট ভৰাবা, | فَمَالِـُٔونَ مِنْهَا ٱلْبُطُونَ. ﴿53﴾ |
| 54 তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী--- | فَشَٰرِبُونَ عَلَيْهِ مِنَ ٱلْحَمِيمِ. ﴿54﴾ |
| 55 তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা। | فَشَٰرِبُونَ شُرْبَ ٱلْهِيمِ. ﴿55﴾ |
| 56 প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন। | هَٰذَا نُزُلُهُمْ يَوْمَ ٱلدِّينِ. ﴿56﴾ |
| 57 আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা? | نَحْنُ خَلَقْنَٰكُمْ فَلَوْلَا تُصَدِّقُونَ. ﴿57﴾ |
| 58 তোমালোকে ভাবি চাইছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে? | أَفَرَءَيْتُم مَّا تُمْنُونَ. ﴿58﴾ |
| 59 সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ? | ءَأَنتُمْ تَخْلُقُونَهُۥٓ أَمْ نَحْنُ ٱلْخَٰلِقُونَ. ﴿59﴾ |
| 60 আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছোঁ আৰু আমি অক্ষম নহওঁ-- | نَحْنُ قَدَّرْنَا بَيْنَكُمُ ٱلْمَوْتَ وَمَا نَحْنُ بِمَسْبُوقِينَ. ﴿60﴾ |
| 61 (যে) তোমালোকৰ স্থানত তোমালোকৰ দৰে লোকক আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা। | عَلَىٰٓ أَن نُّبَدِّلَ أَمْثَٰلَكُمْ وَنُنشِئَكُمْ فِى مَا لَا تَعْلَمُونَ. ﴿61﴾ |
| 62 আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা? | وَلَقَدْ عَلِمْتُمُ ٱلنَّشْأَةَ ٱلْأُولَىٰ فَلَوْلَا تَذَكَّرُونَ. ﴿62﴾ |
| 63 তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে? | أَفَرَءَيْتُم مَّا تَحْرُثُونَ. ﴿63﴾ |
| 64 সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰোঁ? | ءَأَنتُمْ تَزْرَعُونَهُۥٓ أَمْ نَحْنُ ٱلزَّٰرِعُونَ. ﴿64﴾ |
| 65 আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা; | لَوْ نَشَآءُ لَجَعَلْنَٰهُ حُطَٰمًۭا فَظَلْتُمْ تَفَكَّهُونَ. ﴿65﴾ |
| 66 (আৰু এই বুলি ক’বা যে) ‘নিশ্চয় আমি ঋণগ্ৰস্ত হৈ পৰিলোঁ’, | إِنَّا لَمُغْرَمُونَ. ﴿66﴾ |
| 67 ‘বৰং আমি বঞ্চিত’। | بَلْ نَحْنُ مَحْرُومُونَ. ﴿67﴾ |
| 68 তোমালোকে যি পানী সেৱন কৰা সেই সম্পৰ্কে ভাবিছানে? | أَفَرَءَيْتُمُ ٱلْمَآءَ ٱلَّذِى تَشْرَبُونَ. ﴿68﴾ |
| 69 মেঘৰ পৰা সেই পানী তোমালোকে নমাই আনা, নে আমি বৰ্ষণ কৰোঁ? | ءَأَنتُمْ أَنزَلْتُمُوهُ مِنَ ٱلْمُزْنِ أَمْ نَحْنُ ٱلْمُنزِلُونَ. ﴿69﴾ |
| 70 আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰোঁ। তথাপিও তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা কিয়? | لَوْ نَشَآءُ جَعَلْنَٰهُ أُجَاجًۭا فَلَوْلَا تَشْكُرُونَ. ﴿70﴾ |
| 71 তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে চিন্তা কৰিছানে? | أَفَرَءَيْتُمُ ٱلنَّارَ ٱلَّتِى تُورُونَ. ﴿71﴾ |
| 72 তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ? | ءَأَنتُمْ أَنشَأْتُمْ شَجَرَتَهَآ أَمْ نَحْنُ ٱلْمُنشِـُٔونَ. ﴿72﴾ |
| 73 ইয়াক আমি কৰিছোঁ এটা স্মাৰক আৰু মৰুভূমিত বাস কৰা লোকৰ বাবে প্ৰয়োজনীয় বস্তু। | نَحْنُ جَعَلْنَٰهَا تَذْكِرَةًۭ وَمَتَٰعًۭا لِّلْمُقْوِينَ. ﴿73﴾ |
| 74 এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা। | فَسَبِّحْ بِٱسْمِ رَبِّكَ ٱلْعَظِيمِ. ﴿74﴾ |
| 75 এতেকে মই শপত কৰিছোঁ নক্ষত্ৰৰাজিৰ অস্তাচলৰ, | ۞ فَلَآ أُقْسِمُ بِمَوَٰقِعِ ٱلنُّجُومِ. ﴿75﴾ |
| 76 আৰু নিশ্চয় এইটো এটা মহা শপত, যদি তোমালোকে জানিলাহেঁতেন-- | وَإِنَّهُۥ لَقَسَمٌۭ لَّوْ تَعْلَمُونَ عَظِيمٌ. ﴿76﴾ |
| 77 নিশ্চয় এইখন মহিমান্বিত কোৰআন, | إِنَّهُۥ لَقُرْءَانٌۭ كَرِيمٌۭ. ﴿77﴾ |
| 78 যিখন আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)। | فِى كِتَٰبٍۢ مَّكْنُونٍۢ. ﴿78﴾ |
| 79 পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে। | لَّا يَمَسُّهُۥٓ إِلَّا ٱلْمُطَهَّرُونَ. ﴿79﴾ |
| 80 এইখন বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত। | تَنزِيلٌۭ مِّن رَّبِّ ٱلْعَٰلَمِينَ. ﴿80﴾ |
| 81 তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি? | أَفَبِهَٰذَا ٱلْحَدِيثِ أَنتُم مُّدْهِنُونَ. ﴿81﴾ |
| 82 আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি! | وَتَجْعَلُونَ رِزْقَكُمْ أَنَّكُمْ تُكَذِّبُونَ. ﴿82﴾ |
| 83 এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়, | فَلَوْلَآ إِذَا بَلَغَتِ ٱلْحُلْقُومَ. ﴿83﴾ |
| 84 আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা, | وَأَنتُمْ حِينَئِذٍۢ تَنظُرُونَ. ﴿84﴾ |
| 85 আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা। | وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنكُمْ وَلَٰكِن لَّا تُبْصِرُونَ. ﴿85﴾ |
| 86 এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা, | فَلَوْلَآ إِن كُنتُمْ غَيْرَ مَدِينِينَ. ﴿86﴾ |
| 87 তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী! | تَرْجِعُونَهَآ إِن كُنتُمْ صَٰدِقِينَ. ﴿87﴾ |
| 88 তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়, | فَأَمَّآ إِن كَانَ مِنَ ٱلْمُقَرَّبِينَ. ﴿88﴾ |
| 89 তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত। | فَرَوْحٌۭ وَرَيْحَانٌۭ وَجَنَّتُ نَعِيمٍۢ. ﴿89﴾ |
| 90 আৰু সি যদি হয় সোঁফালৰ দলৰ এজন, | وَأَمَّآ إِن كَانَ مِنْ أَصْحَٰبِ ٱلْيَمِينِ. ﴿90﴾ |
| 91 তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন। | فَسَلَٰمٌۭ لَّكَ مِنْ أَصْحَٰبِ ٱلْيَمِينِ. ﴿91﴾ |
| 92 কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন, | وَأَمَّآ إِن كَانَ مِنَ ٱلْمُكَذِّبِينَ ٱلضَّآلِّينَ. ﴿92﴾ |
| 93 তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা, | فَنُزُلٌۭ مِّنْ حَمِيمٍۢ. ﴿93﴾ |
| 94 আৰু জাহান্নামৰ দহনেৰে; | وَتَصْلِيَةُ جَحِيمٍ. ﴿94﴾ |
| 95 নিশ্চয় এইটো সুনিশ্চিত সত্য। | إِنَّ هَٰذَا لَهُوَ حَقُّ ٱلْيَقِينِ. ﴿95﴾ |
| 96 এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা। | فَسَبِّحْ بِٱسْمِ رَبِّكَ ٱلْعَظِيمِ. ﴿96﴾ |