Loading date... | Loading Hijri date... | Loading time...

الحاقة

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 সেই অৱশ্যম্ভাৱী ঘটনা, (ক্বিয়ামত) ٱلْحَآقَّةُ. ﴿1﴾
2 কি সেই অৱশ্যম্ভাৱী ঘটনা? مَا ٱلْحَآقَّةُ. ﴿2﴾
3 আৰু তুমি কেনেকৈ গম পাবা সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি? وَمَآ أَدْرَىٰكَ مَا ٱلْحَآقَّةُ. ﴿3﴾
4 ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক। كَذَّبَتْ ثَمُودُ وَعَادٌۢ بِٱلْقَارِعَةِ. ﴿4﴾
5 সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা। فَأَمَّا ثَمُودُ فَأُهْلِكُوا۟ بِٱلطَّاغِيَةِ. ﴿5﴾
6 আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল প্ৰচণ্ড ঠাণ্ডা ধুমুহা বতাহৰ দ্বাৰা, وَأَمَّا عَادٌۭ فَأُهْلِكُوا۟ بِرِيحٍۢ صَرْصَرٍ عَاتِيَةٍۢ. ﴿6﴾
7 ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিনলৈকে অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিঁচৰতি হৈ পৰি আছে যেনিবা সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে। سَخَّرَهَا عَلَيْهِمْ سَبْعَ لَيَالٍۢ وَثَمَٰنِيَةَ أَيَّامٍ حُسُومًۭا فَتَرَى ٱلْقَوْمَ فِيهَا صَرْعَىٰ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ خَاوِيَةٍۢ. ﴿7﴾
8 এতেকে সিহঁতৰ মাজৰ কাৰোবাক তুমি অৱশিষ্ট দেখিবলৈ পোৱানে? فَهَلْ تَرَىٰ لَهُم مِّنۢ بَاقِيَةٍۢ. ﴿8﴾
9 লগতে ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসীয়েও জঘন্য পাপকৰ্মত লিপ্ত আছিল। وَجَآءَ فِرْعَوْنُ وَمَن قَبْلَهُۥ وَٱلْمُؤْتَفِكَٰتُ بِٱلْخَاطِئَةِ. ﴿9﴾
10 আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে কৰায়ত্ত কৰিছে। فَعَصَوْا۟ رَسُولَ رَبِّهِمْ فَأَخَذَهُمْ أَخْذَةًۭ رَّابِيَةً. ﴿10﴾
11 যেতিয়া বানপানী বিপদৰ সীমা চেৰাই গৈছিল, তেতিয়া নিশ্চয় আমি তোমালোকক নাৱত আৰোহণ কৰোৱাইছিলোঁ। إِنَّا لَمَّا طَغَا ٱلْمَآءُ حَمَلْنَٰكُمْ فِى ٱلْجَارِيَةِ. ﴿11﴾
12 আমি এইটো কৰিছিলোঁ তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এইকাৰণে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰে। لِنَجْعَلَهَا لَكُمْ تَذْكِرَةًۭ وَتَعِيَهَآ أُذُنٌۭ وَٰعِيَةٌۭ. ﴿12﴾
13 এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব—কেৱল এটা ফুঁ। فَإِذَا نُفِخَ فِى ٱلصُّورِ نَفْخَةٌۭ وَٰحِدَةٌۭ. ﴿13﴾
14 আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব। وَحُمِلَتِ ٱلْأَرْضُ وَٱلْجِبَالُ فَدُكَّتَا دَكَّةًۭ وَٰحِدَةًۭ. ﴿14﴾
15 ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব। فَيَوْمَئِذٍۢ وَقَعَتِ ٱلْوَاقِعَةُ. ﴿15﴾
16 আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব। وَٱنشَقَّتِ ٱلسَّمَآءُ فَهِىَ يَوْمَئِذٍۢ وَاهِيَةٌۭ. ﴿16﴾
17 আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব। وَٱلْمَلَكُ عَلَىٰٓ أَرْجَآئِهَا ۚ وَيَحْمِلُ عَرْشَ رَبِّكَ فَوْقَهُمْ يَوْمَئِذٍۢ ثَمَٰنِيَةٌۭ. ﴿17﴾
18 সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব। يَوْمَئِذٍۢ تُعْرَضُونَ لَا تَخْفَىٰ مِنكُمْ خَافِيَةٌۭ. ﴿18﴾
19 তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি (আনন্দত বেলেগক) ক’ব, ‘এয়া লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’। فَأَمَّا مَنْ أُوتِىَ كِتَٰبَهُۥ بِيَمِينِهِۦ فَيَقُولُ هَآؤُمُ ٱقْرَءُوا۟ كِتَٰبِيَهْ. ﴿19﴾
20 ‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’। إِنِّى ظَنَنتُ أَنِّى مُلَٰقٍ حِسَابِيَهْ. ﴿20﴾
21 তেওঁ থাকিব সন্তোষজনক জীৱনত; فَهُوَ فِى عِيشَةٍۢ رَّاضِيَةٍۢ. ﴿21﴾
22 সুউচ্চ জান্নাতত, فِى جَنَّةٍ عَالِيَةٍۢ. ﴿22﴾
23 যাৰ ফলমূল ওলমি থাকিব নিচেই ওচৰত। قُطُوفُهَا دَانِيَةٌۭ. ﴿23﴾
24 (কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’। كُلُوا۟ وَٱشْرَبُوا۟ هَنِيٓـًٔۢا بِمَآ أَسْلَفْتُمْ فِى ٱلْأَيَّامِ ٱلْخَالِيَةِ. ﴿24﴾
25 কিন্তু যাৰ আমলনামা তাৰ বাওঁ হাতত দিয়া হ’ব, সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা দিয়া নহ’লহেঁতেন’! وَأَمَّا مَنْ أُوتِىَ كِتَٰبَهُۥ بِشِمَالِهِۦ فَيَقُولُ يَٰلَيْتَنِى لَمْ أُوتَ كِتَٰبِيَهْ. ﴿25﴾
26 ‘আৰু মই যদি মোৰ হিচাপ সম্পৰ্কে গমেই নাপালোঁহেঁতেন! وَلَمْ أَدْرِ مَا حِسَابِيَهْ. ﴿26﴾
27 ‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ বাবে শেষ চূড়ান্ত ফয়চালা হ’লহেঁতেন! يَٰلَيْتَهَا كَانَتِ ٱلْقَاضِيَةَ. ﴿27﴾
28 ‘মোৰ ধন-সম্পদ মোৰ কোনো কামতে নাহিল। مَآ أَغْنَىٰ عَنِّى مَالِيَهْ ۜ. ﴿28﴾
29 ‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’। هَلَكَ عَنِّى سُلْطَٰنِيَهْ. ﴿29﴾
30 (ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’। خُذُوهُ فَغُلُّوهُ. ﴿30﴾
31 ‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’। ثُمَّ ٱلْجَحِيمَ صَلُّوهُ. ﴿31﴾
32 তাৰ পিছত তাক বান্ধি থোৱা, এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত। ثُمَّ فِى سِلْسِلَةٍۢ ذَرْعُهَا سَبْعُونَ ذِرَاعًۭا فَٱسْلُكُوهُ. ﴿32﴾
33 নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল, إِنَّهُۥ كَانَ لَا يُؤْمِنُ بِٱللَّهِ ٱلْعَظِيمِ. ﴿33﴾
34 আৰু মিছকিনক খাদ্যদানতো উৎসাহিত কৰা নাছিল। وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلْمِسْكِينِ. ﴿34﴾
35 এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব। فَلَيْسَ لَهُ ٱلْيَوْمَ هَٰهُنَا حَمِيمٌۭ. ﴿35﴾
36 আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্যও নাথাকিব, وَلَا طَعَامٌ إِلَّا مِنْ غِسْلِينٍۢ. ﴿36﴾
37 যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব। لَّا يَأْكُلُهُۥٓ إِلَّا ٱلْخَٰطِـُٔونَ. ﴿37﴾
38 এতেকে মই শপত কৰোঁ সেইবোৰ বস্তুৰ, যিবোৰক তোমালোকে দেখা পোৱা, فَلَآ أُقْسِمُ بِمَا تُبْصِرُونَ. ﴿38﴾
39 লগতে যিবোৰক তোমালোকে দেখা নোপোৱা; وَمَا لَا تُبْصِرُونَ. ﴿39﴾
40 নিশ্চয় এয়া (কোৰআন) এজন সন্মানিত ৰাছুলৰ (বহনকৃত) বাণী। إِنَّهُۥ لَقَوْلُ رَسُولٍۢ كَرِيمٍۢ. ﴿40﴾
41 আৰু এয়া কোনো কবিৰ কথা নহয়; (আফচোচ!) তোমালোকে খুবেই কম ঈমান পোষণ কৰা। وَمَا هُوَ بِقَوْلِ شَاعِرٍۢ ۚ قَلِيلًۭا مَّا تُؤْمِنُونَ. ﴿41﴾
42 আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা। وَلَا بِقَوْلِ كَاهِنٍۢ ۚ قَلِيلًۭا مَّا تَذَكَّرُونَ. ﴿42﴾
43 এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত। تَنزِيلٌۭ مِّن رَّبِّ ٱلْعَٰلَمِينَ. ﴿43﴾
44 তেওঁ যদি আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন, وَلَوْ تَقَوَّلَ عَلَيْنَا بَعْضَ ٱلْأَقَاوِيلِ. ﴿44﴾
45 তেন্তে নিশ্চয় আমি তাক সোঁহাতেৰে ধৰিলোঁহেঁতেন, لَأَخَذْنَا مِنْهُ بِٱلْيَمِينِ. ﴿45﴾
46 তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ সিৰা (মহাধমনী) কাটি দিলোঁহেঁতেন, ثُمَّ لَقَطَعْنَا مِنْهُ ٱلْوَتِينَ. ﴿46﴾
47 এতেকে তোমালোকৰ মাজত এনেকুৱা কোনো নাই, যিয়ে তেওঁক ৰক্ষা কৰিব পাৰিলেহেঁতেন। فَمَا مِنكُم مِّنْ أَحَدٍ عَنْهُ حَٰجِزِينَ. ﴿47﴾
48 আৰু এয়া (কোৰআন) মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ। وَإِنَّهُۥ لَتَذْكِرَةٌۭ لِّلْمُتَّقِينَ. ﴿48﴾
49 আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে। وَإِنَّا لَنَعْلَمُ أَنَّ مِنكُم مُّكَذِّبِينَ. ﴿49﴾
50 আৰু নিশ্চয় এই (কোৰআন)খন কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ হ’ব। وَإِنَّهُۥ لَحَسْرَةٌ عَلَى ٱلْكَٰفِرِينَ. ﴿50﴾
51 আৰু নিশ্চয় এইখন সুনিশ্চিত সত্য। وَإِنَّهُۥ لَحَقُّ ٱلْيَقِينِ. ﴿51﴾
52 এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা। فَسَبِّحْ بِٱسْمِ رَبِّكَ ٱلْعَظِيمِ. ﴿52﴾