Loading date... | Loading Hijri date... | Loading time...

المعارج

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 আবেদনকাৰীয়ে আবেদন কৰিলে, সংঘটিত হওক অৱধাৰিত শাস্তি- سَأَلَ سَآئِلٌۢ بِعَذَابٍۢ وَاقِعٍۢ. ﴿1﴾
2 কাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই। لِّلْكَٰفِرِينَ لَيْسَ لَهُۥ دَافِعٌۭ. ﴿2﴾
3 এইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী, مِّنَ ٱللَّهِ ذِى ٱلْمَعَارِجِ. ﴿3﴾
4 ফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ। تَعْرُجُ ٱلْمَلَٰٓئِكَةُ وَٱلرُّوحُ إِلَيْهِ فِى يَوْمٍۢ كَانَ مِقْدَارُهُۥ خَمْسِينَ أَلْفَ سَنَةٍۢ. ﴿4﴾
5 এতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য। فَٱصْبِرْ صَبْرًۭا جَمِيلًا. ﴿5﴾
6 নিশ্চয় সিহঁতে এই দিৱসটোক বহু দূৰত থকা বুলি ভাবে। إِنَّهُمْ يَرَوْنَهُۥ بَعِيدًۭا. ﴿6﴾
7 আৰু আমি ইয়াক নিচেই ওচৰত দেখি আছোঁ। وَنَرَىٰهُ قَرِيبًۭا. ﴿7﴾
8 সেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে, يَوْمَ تَكُونُ ٱلسَّمَآءُ كَٱلْمُهْلِ. ﴿8﴾
9 আৰু পৰ্বতসমূহ হৈ যাব ৰং-বিৰঙৰ ঊণৰ দৰে, وَتَكُونُ ٱلْجِبَالُ كَٱلْعِهْنِ. ﴿9﴾
10 আৰু কোনো অন্তৰঙ্গ বন্ধুৱেও অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব, وَلَا يَسْـَٔلُ حَمِيمٌ حَمِيمًۭا. ﴿10﴾
11 (যদিও) সিহঁতক পৰস্পৰৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিৱসৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক, يُبَصَّرُونَهُمْ ۚ يَوَدُّ ٱلْمُجْرِمُ لَوْ يَفْتَدِى مِنْ عَذَابِ يَوْمِئِذٍۭ بِبَنِيهِ. ﴿11﴾
12 আৰু তাৰ স্ত্ৰী আৰু ভাতৃক, وَصَٰحِبَتِهِۦ وَأَخِيهِ. ﴿12﴾
13 আৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল, وَفَصِيلَتِهِ ٱلَّتِى تُـْٔوِيهِ. ﴿13﴾
14 লগতে পৃথিৱীৰ সকলোকে (দিব বিচাৰিব), যাতে ইয়াৰ বিনিময়ত তাক মুক্তি দিয়া হয়। وَمَن فِى ٱلْأَرْضِ جَمِيعًۭا ثُمَّ يُنجِيهِ. ﴿14﴾
15 কেতিয়াও নহয়, নিশ্চয় এইটো হৈছে লেলিহান জুই, كَلَّآ ۖ إِنَّهَا لَظَىٰ. ﴿15﴾
16 যিয়ে (তাৰ) মূৰৰ ছাল খহাই পেলাব। نَزَّاعَةًۭ لِّلشَّوَىٰ. ﴿16﴾
17 জাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে (সত্যৰ প্ৰতি) পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল। تَدْعُوا۟ مَنْ أَدْبَرَ وَتَوَلَّىٰ. ﴿17﴾
18 আৰু সি সম্পদ সঞ্চয় কৰিছিল, লগতে সংৰক্ষণ কৰি ৰাখিছিল। وَجَمَعَ فَأَوْعَىٰٓ. ﴿18﴾
19 নিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে। ۞ إِنَّ ٱلْإِنسَٰنَ خُلِقَ هَلُوعًا. ﴿19﴾
20 যেতিয়া তাক বিপদে স্পৰ্শ কৰে, তেতিয়া সি অতিমাত্ৰা উৎকণ্ঠিত হৈ পৰে। إِذَا مَسَّهُ ٱلشَّرُّ جَزُوعًۭا. ﴿20﴾
21 আৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে, তেতিয়া সি অতিশয় কৃপণ হৈ পৰে। وَإِذَا مَسَّهُ ٱلْخَيْرُ مَنُوعًا. ﴿21﴾
22 কিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে, إِلَّا ٱلْمُصَلِّينَ. ﴿22﴾
23 যিসকলে নিজৰ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত, ٱلَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ دَآئِمُونَ. ﴿23﴾
24 আৰু যিসকলৰ ধন-সম্পদত আছে নিৰ্ধাৰিত হক্ব (প্ৰাপ্য), وَٱلَّذِينَ فِىٓ أَمْوَٰلِهِمْ حَقٌّۭ مَّعْلُومٌۭ. ﴿24﴾
25 খোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে, لِّلسَّآئِلِ وَٱلْمَحْرُومِ. ﴿25﴾
26 আৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে। وَٱلَّذِينَ يُصَدِّقُونَ بِيَوْمِ ٱلدِّينِ. ﴿26﴾
27 আৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত-- وَٱلَّذِينَ هُم مِّنْ عَذَابِ رَبِّهِم مُّشْفِقُونَ. ﴿27﴾
28 নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তি কোনো নিৰাপদ বস্তু নহয়; إِنَّ عَذَابَ رَبِّهِمْ غَيْرُ مَأْمُونٍۢ. ﴿28﴾
29 আৰু যিসকলে নিজৰ যৌনাঙ্গৰ হিফাজত কৰে, وَٱلَّذِينَ هُمْ لِفُرُوجِهِمْ حَٰفِظُونَ. ﴿29﴾
30 কিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব-- إِلَّا عَلَىٰٓ أَزْوَٰجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَٰنُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ. ﴿30﴾
31 কিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালংঘনকাৰী। فَمَنِ ٱبْتَغَىٰ وَرَآءَ ذَٰلِكَ فَأُو۟لَٰٓئِكَ هُمُ ٱلْعَادُونَ. ﴿31﴾
32 আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে, وَٱلَّذِينَ هُمْ لِأَمَٰنَٰتِهِمْ وَعَهْدِهِمْ رَٰعُونَ. ﴿32﴾
33 আৰু যিসকলে সাক্ষ্যদানত অটল, وَٱلَّذِينَ هُم بِشَهَٰدَٰتِهِمْ قَآئِمُونَ. ﴿33﴾
34 আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে, وَٱلَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ. ﴿34﴾
35 তেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব। أُو۟لَٰٓئِكَ فِى جَنَّٰتٍۢ مُّكْرَمُونَ. ﴿35﴾
36 কাফিৰসকলৰ কি হ’ল, সিহঁতে দেখোন তোমাৰ ফালে ঢপলীয়াই আহি আছে? فَمَالِ ٱلَّذِينَ كَفَرُوا۟ قِبَلَكَ مُهْطِعِينَ. ﴿36﴾
37 সোঁফালৰ পৰা আৰু বাওঁফালৰ পৰা, দলে দলে। عَنِ ٱلْيَمِينِ وَعَنِ ٱلشِّمَالِ عِزِينَ. ﴿37﴾
38 সিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব? أَيَطْمَعُ كُلُّ ٱمْرِئٍۢ مِّنْهُمْ أَن يُدْخَلَ جَنَّةَ نَعِيمٍۢ. ﴿38﴾
39 কেতিয়াও নহয়, নিশ্চয় আমি সিহঁতক যিটোৰে সৃষ্টি কৰিছোঁ, সেয়া সিহঁতে জানে। كَلَّآ ۖ إِنَّا خَلَقْنَٰهُم مِّمَّا يَعْلَمُونَ. ﴿39﴾
40 এতেকে মই শপত কৰিছোঁ উদয়াচল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, নিশ্চয় আমি সক্ষম, فَلَآ أُقْسِمُ بِرَبِّ ٱلْمَشَٰرِقِ وَٱلْمَغَٰرِبِ إِنَّا لَقَٰدِرُونَ. ﴿40﴾
41 সিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এইটো কৰিবলৈ আমি অক্ষম নহয়। عَلَىٰٓ أَن نُّبَدِّلَ خَيْرًۭا مِّنْهُمْ وَمَا نَحْنُ بِمَسْبُوقِينَ. ﴿41﴾
42 এতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যিটো দিৱসৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত। فَذَرْهُمْ يَخُوضُوا۟ وَيَلْعَبُوا۟ حَتَّىٰ يُلَٰقُوا۟ يَوْمَهُمُ ٱلَّذِى يُوعَدُونَ. ﴿42﴾
43 সেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাৱিত হৈছে, يَوْمَ يَخْرُجُونَ مِنَ ٱلْأَجْدَاثِ سِرَاعًۭا كَأَنَّهُمْ إِلَىٰ نُصُبٍۢ يُوفِضُونَ. ﴿43﴾
44 সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব। এইটোৱে সেইদিৱস যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল। خَٰشِعَةً أَبْصَٰرُهُمْ تَرْهَقُهُمْ ذِلَّةٌۭ ۚ ذَٰلِكَ ٱلْيَوْمُ ٱلَّذِى كَانُوا۟ يُوعَدُونَ. ﴿44﴾