Loading date... | Loading Hijri date... | Loading time...

المزمل

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 হে বস্ত্ৰাবৃত! يَٰٓأَيُّهَا ٱلْمُزَّمِّلُ. ﴿1﴾
2 ৰাতিত ছালাত আদায় কৰা, কিছু অংশৰ বাহিৰে, قُمِ ٱلَّيْلَ إِلَّا قَلِيلًۭا. ﴿2﴾
3 অৰ্দ্ধেক ৰাতি বা তাতকৈও অলপ কম; نِّصْفَهُۥٓ أَوِ ٱنقُصْ مِنْهُ قَلِيلًا. ﴿3﴾
4 অথবা তাতকৈও অলপ বেছি। লগতে স্পষ্টভাৱে ধীৰে ধীৰে কোৰআন তিলাৱাত কৰা। أَوْ زِدْ عَلَيْهِ وَرَتِّلِ ٱلْقُرْءَانَ تَرْتِيلًا. ﴿4﴾
5 নিশ্চয় আমি তোমাৰ প্ৰতি এটি গধুৰ বাণী অৱতীৰ্ণ কৰিম। إِنَّا سَنُلْقِى عَلَيْكَ قَوْلًۭا ثَقِيلًا. ﴿5﴾
6 নিশ্চয় ৰাতি-জাগৰণ হৈছে আত্মসংযমৰ বাবে অধিক প্ৰবল আৰু বাকস্ফুৰণত অধিক উপযোগী। إِنَّ نَاشِئَةَ ٱلَّيْلِ هِىَ أَشَدُّ وَطْـًۭٔا وَأَقْوَمُ قِيلًا. ﴿6﴾
7 নিশ্চয় দিনৰ ভাগত তোমাৰ বাবে আছে দীৰ্ঘ কৰ্মব্যস্ততা। إِنَّ لَكَ فِى ٱلنَّهَارِ سَبْحًۭا طَوِيلًۭا. ﴿7﴾
8 গতিকে তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা আৰু একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিৱেশ কৰা। وَٱذْكُرِ ٱسْمَ رَبِّكَ وَتَبَتَّلْ إِلَيْهِ تَبْتِيلًۭا. ﴿8﴾
9 তেৱেঁই পূৱ আৰু পশ্চিমৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে কৰ্মবিধায়ক হিচাপে তুমি তেওঁকেই গ্ৰহণ কৰা। رَّبُّ ٱلْمَشْرِقِ وَٱلْمَغْرِبِ لَآ إِلَٰهَ إِلَّا هُوَ فَٱتَّخِذْهُ وَكِيلًۭا. ﴿9﴾
10 আৰু মানুহে যি কয় তাৰ ওপৰত তুমি ধৈৰ্য ধাৰণ কৰা আৰু সৌজন্যৰ সৈতে সিহঁতক পৰিহাৰ কৰি চলা। وَٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَٱهْجُرْهُمْ هَجْرًۭا جَمِيلًۭا. ﴿10﴾
11 আৰু বিলাসী সামগ্ৰীৰ অধিকাৰী মিথ্যাৰোপকাৰীসকলক মোলৈ এৰি দিয়া আৰু সিহঁতক কিছু সময় অৱকাশ দিয়া। وَذَرْنِى وَٱلْمُكَذِّبِينَ أُو۟لِى ٱلنَّعْمَةِ وَمَهِّلْهُمْ قَلِيلًا. ﴿11﴾
12 নিশ্চয় আমাৰ ওচৰত আছে শিকলিসমূহ আৰু প্ৰজ্বলিত জুই, إِنَّ لَدَيْنَآ أَنكَالًۭا وَجَحِيمًۭا. ﴿12﴾
13 লগতে আছে কাইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি। وَطَعَامًۭا ذَا غُصَّةٍۢ وَعَذَابًا أَلِيمًۭا. ﴿13﴾
14 যিদিনা পৃথিৱী আৰু পৰ্বতসমূহ প্ৰকম্পিত হ’ব আৰু পৰ্বতসমূহ বিক্ষিপ্ত চলমান বালীময়ত পৰিণত হ’ব। يَوْمَ تَرْجُفُ ٱلْأَرْضُ وَٱلْجِبَالُ وَكَانَتِ ٱلْجِبَالُ كَثِيبًۭا مَّهِيلًا. ﴿14﴾
15 নিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যেনেকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ ফিৰআউনৰ ওচৰলৈ। إِنَّآ أَرْسَلْنَآ إِلَيْكُمْ رَسُولًۭا شَٰهِدًا عَلَيْكُمْ كَمَآ أَرْسَلْنَآ إِلَىٰ فِرْعَوْنَ رَسُولًۭا. ﴿15﴾
16 কিন্তু ফিৰআউনে ৰাছুলক অমান্য কৰিছিল, সেয়ে আমি তাক শাস্তি বিহিছিলোঁ। فَعَصَىٰ فِرْعَوْنُ ٱلرَّسُولَ فَأَخَذْنَٰهُ أَخْذًۭا وَبِيلًۭا. ﴿16﴾
17 এতেকে তোমালোকে যদি কুফুৰী কৰা তেন্তে তোমালোকে সেই দিৱসটোত কেনেকৈ আত্ম ৰক্ষা কৰিবা যিদিনা শিশুসকলক বৃদ্ধাৱস্থালৈ পৰিণত কৰিব, فَكَيْفَ تَتَّقُونَ إِن كَفَرْتُمْ يَوْمًۭا يَجْعَلُ ٱلْوِلْدَٰنَ شِيبًا. ﴿17﴾
18 সেইদিনা আকাশ বিদীৰ্ণ হ’ব, তেওঁৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হ’ব। ٱلسَّمَآءُ مُنفَطِرٌۢ بِهِۦ ۚ كَانَ وَعْدُهُۥ مَفْعُولًا. ﴿18﴾
19 নিশ্চয় এইটো এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে, সি যেন তাৰ প্ৰতিপালকৰ পথ অৱলম্বন কৰক। إِنَّ هَٰذِهِۦ تَذْكِرَةٌۭ ۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ سَبِيلًا. ﴿19﴾
20 নিশ্চয় তোমাৰ প্ৰতিপালকে জানে যে, তুমি ছালাতৰ বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় দুই-তৃতীয়াংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা এক-তৃতীয়াংশত, লগতে তোমাৰ সংগীসকলৰ এটা দলেও থিয় দিয়ে। আল্লাহেই নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। তেওঁ জানে যে, তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিছে। এতেকে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। তেওঁ জানে যে, তোমালোকৰ মাজৰ কিছুমান অসুস্থ হৈ পৰিব, আকৌ কিছুমানে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। সেয়ে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা; আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহক উত্তম ঋণ প্ৰদান কৰা। তোমালোকৰ নিজৰ মঙ্গলৰ বাবে তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত নিশ্চয় পাবা। ই উৎকৃষ্টতম আৰু পুৰস্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু। ۞ إِنَّ رَبَّكَ يَعْلَمُ أَنَّكَ تَقُومُ أَدْنَىٰ مِن ثُلُثَىِ ٱلَّيْلِ وَنِصْفَهُۥ وَثُلُثَهُۥ وَطَآئِفَةٌۭ مِّنَ ٱلَّذِينَ مَعَكَ ۚ وَٱللَّهُ يُقَدِّرُ ٱلَّيْلَ وَٱلنَّهَارَ ۚ عَلِمَ أَن لَّن تُحْصُوهُ فَتَابَ عَلَيْكُمْ ۖ فَٱقْرَءُوا۟ مَا تَيَسَّرَ مِنَ ٱلْقُرْءَانِ ۚ عَلِمَ أَن سَيَكُونُ مِنكُم مَّرْضَىٰ ۙ وَءَاخَرُونَ يَضْرِبُونَ فِى ٱلْأَرْضِ يَبْتَغُونَ مِن فَضْلِ ٱللَّهِ ۙ وَءَاخَرُونَ يُقَٰتِلُونَ فِى سَبِيلِ ٱللَّهِ ۖ فَٱقْرَءُوا۟ مَا تَيَسَّرَ مِنْهُ ۚ وَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ وَأَقْرِضُوا۟ ٱللَّهَ قَرْضًا حَسَنًۭا ۚ وَمَا تُقَدِّمُوا۟ لِأَنفُسِكُم مِّنْ خَيْرٍۢ تَجِدُوهُ عِندَ ٱللَّهِ هُوَ خَيْرًۭا وَأَعْظَمَ أَجْرًۭا ۚ وَٱسْتَغْفِرُوا۟ ٱللَّهَ ۖ إِنَّ ٱللَّهَ غَفُورٌۭ رَّحِيمٌۢ. ﴿20﴾