القيامة
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 মই শপত কৰিছোঁ ক্বিয়ামতৰ দিৱসৰ, | لَآ أُقْسِمُ بِيَوْمِ ٱلْقِيَٰمَةِ. ﴿1﴾ |
| 2 মই আৰু শপত কৰিছোঁ আত্মনিন্দাকাৰী আত্মাৰ, | وَلَآ أُقْسِمُ بِٱلنَّفْسِ ٱللَّوَّامَةِ. ﴿2﴾ |
| 3 মানুহে ভাবে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম? | أَيَحْسَبُ ٱلْإِنسَٰنُ أَلَّن نَّجْمَعَ عِظَامَهُۥ. ﴿3﴾ |
| 4 কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম। | بَلَىٰ قَٰدِرِينَ عَلَىٰٓ أَن نُّسَوِّىَ بَنَانَهُۥ. ﴿4﴾ |
| 5 বৰং মানুহে ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ ইচ্ছুক। | بَلْ يُرِيدُ ٱلْإِنسَٰنُ لِيَفْجُرَ أَمَامَهُۥ. ﴿5﴾ |
| 6 সি প্ৰশ্ন কৰে, ক্বিয়ামত দিৱস কেতিয়া আহিব? | يَسْـَٔلُ أَيَّانَ يَوْمُ ٱلْقِيَٰمَةِ. ﴿6﴾ |
| 7 এতেকে যেতিয়া চকু স্থিৰ হৈ যাব, | فَإِذَا بَرِقَ ٱلْبَصَرُ. ﴿7﴾ |
| 8 আৰু চন্দ্ৰ জ্যোতিবিহীন হৈ পৰিব, | وَخَسَفَ ٱلْقَمَرُ. ﴿8﴾ |
| 9 আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব- | وَجُمِعَ ٱلشَّمْسُ وَٱلْقَمَرُ. ﴿9﴾ |
| 10 সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’? | يَقُولُ ٱلْإِنسَٰنُ يَوْمَئِذٍ أَيْنَ ٱلْمَفَرُّ. ﴿10﴾ |
| 11 কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই। | كَلَّا لَا وَزَرَ. ﴿11﴾ |
| 12 সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত। | إِلَىٰ رَبِّكَ يَوْمَئِذٍ ٱلْمُسْتَقَرُّ. ﴿12﴾ |
| 13 সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব, সি আগলৈ কি পঠিয়াইছিল আৰু পিছফালে কি থৈ আহিছে। | يُنَبَّؤُا۟ ٱلْإِنسَٰنُ يَوْمَئِذٍۭ بِمَا قَدَّمَ وَأَخَّرَ. ﴿13﴾ |
| 14 বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত, | بَلِ ٱلْإِنسَٰنُ عَلَىٰ نَفْسِهِۦ بَصِيرَةٌۭ. ﴿14﴾ |
| 15 যদিও সি নানা অজুহাত দেখুৱায়। | وَلَوْ أَلْقَىٰ مَعَاذِيرَهُۥ. ﴿15﴾ |
| 16 ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা। | لَا تُحَرِّكْ بِهِۦ لِسَانَكَ لِتَعْجَلَ بِهِۦٓ. ﴿16﴾ |
| 17 নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই। | إِنَّ عَلَيْنَا جَمْعَهُۥ وَقُرْءَانَهُۥ. ﴿17﴾ |
| 18 এতেকে আমি যেতিয়া (জিব্ৰীলৰ মাধ্যমত) ইয়াক পাঠ কৰোঁ তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা, | فَإِذَا قَرَأْنَٰهُ فَٱتَّبِعْ قُرْءَانَهُۥ. ﴿18﴾ |
| 19 তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্বও নিশ্চিতভাৱে আমাৰেই। | ثُمَّ إِنَّ عَلَيْنَا بَيَانَهُۥ. ﴿19﴾ |
| 20 কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনকহে ভাল পোৱা; | كَلَّا بَلْ تُحِبُّونَ ٱلْعَاجِلَةَ. ﴿20﴾ |
| 21 আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা। | وَتَذَرُونَ ٱلْءَاخِرَةَ. ﴿21﴾ |
| 22 সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব, | وُجُوهٌۭ يَوْمَئِذٍۢ نَّاضِرَةٌ. ﴿22﴾ |
| 23 সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব। | إِلَىٰ رَبِّهَا نَاظِرَةٌۭ. ﴿23﴾ |
| 24 আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব, | وَوُجُوهٌۭ يَوْمَئِذٍۭ بَاسِرَةٌۭ. ﴿24﴾ |
| 25 সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব। | تَظُنُّ أَن يُفْعَلَ بِهَا فَاقِرَةٌۭ. ﴿25﴾ |
| 26 নিশ্চয়, যেতিয়া প্ৰাণ কণ্ঠাগত হ’ব, | كَلَّآ إِذَا بَلَغَتِ ٱلتَّرَاقِىَ. ﴿26﴾ |
| 27 আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’? | وَقِيلَ مَنْ ۜ رَاقٍۢ. ﴿27﴾ |
| 28 তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ। | وَظَنَّ أَنَّهُ ٱلْفِرَاقُ. ﴿28﴾ |
| 29 আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব। | وَٱلْتَفَّتِ ٱلسَّاقُ بِٱلسَّاقِ. ﴿29﴾ |
| 30 সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব। | إِلَىٰ رَبِّكَ يَوْمَئِذٍ ٱلْمَسَاقُ. ﴿30﴾ |
| 31 কাৰণ সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই। | فَلَا صَدَّقَ وَلَا صَلَّىٰ. ﴿31﴾ |
| 32 বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল। | وَلَٰكِن كَذَّبَ وَتَوَلَّىٰ. ﴿32﴾ |
| 33 তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল, | ثُمَّ ذَهَبَ إِلَىٰٓ أَهْلِهِۦ يَتَمَطَّىٰٓ. ﴿33﴾ |
| 34 দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ! | أَوْلَىٰ لَكَ فَأَوْلَىٰ. ﴿34﴾ |
| 35 আকৌ দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ! | ثُمَّ أَوْلَىٰ لَكَ فَأَوْلَىٰٓ. ﴿35﴾ |
| 36 মানুহে ভাবে নেকি যে, তাক এনেই এৰি দিয়া হ’ব? | أَيَحْسَبُ ٱلْإِنسَٰنُ أَن يُتْرَكَ سُدًى. ﴿36﴾ |
| 37 সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়? | أَلَمْ يَكُ نُطْفَةًۭ مِّن مَّنِىٍّۢ يُمْنَىٰ. ﴿37﴾ |
| 38 তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে। | ثُمَّ كَانَ عَلَقَةًۭ فَخَلَقَ فَسَوَّىٰ. ﴿38﴾ |
| 39 তাৰ পিছত তেওঁ তাৰ পৰাই সৃষ্টি কৰে যোৰ যোৰকৈ নৰ-নাৰী। | فَجَعَلَ مِنْهُ ٱلزَّوْجَيْنِ ٱلذَّكَرَ وَٱلْأُنثَىٰٓ. ﴿39﴾ |
| 40 সেইজন স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু? | أَلَيْسَ ذَٰلِكَ بِقَٰدِرٍ عَلَىٰٓ أَن يُحْۦِىَ ٱلْمَوْتَىٰ. ﴿40﴾ |