المرسلات
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ, | وَٱلْمُرْسَلَٰتِ عُرْفًۭا. ﴿1﴾ |
| 2 তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ, | فَٱلْعَٰصِفَٰتِ عَصْفًۭا. ﴿2﴾ |
| 3 শপত প্ৰচণ্ডভাৱে (মেঘপূঞ্জ) সঞ্চালনকাৰীৰ, | وَٱلنَّٰشِرَٰتِ نَشْرًۭا. ﴿3﴾ |
| 4 তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ, | فَٱلْفَٰرِقَٰتِ فَرْقًۭا. ﴿4﴾ |
| 5 তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে--- | فَٱلْمُلْقِيَٰتِ ذِكْرًا. ﴿5﴾ |
| 6 ওজৰ-আপত্তি দূৰ কৰিবলৈ অথবা সতৰ্ক কৰিবলৈ, | عُذْرًا أَوْ نُذْرًا. ﴿6﴾ |
| 7 নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেইটো অৱশ্যে সংঘটিত হ’ব। | إِنَّمَا تُوعَدُونَ لَوَٰقِعٌۭ. ﴿7﴾ |
| 8 যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব, | فَإِذَا ٱلنُّجُومُ طُمِسَتْ. ﴿8﴾ |
| 9 আৰু যেতিয়া আকাশখন বিদীৰ্ণ হ’ব, | وَإِذَا ٱلسَّمَآءُ فُرِجَتْ. ﴿9﴾ |
| 10 আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব, | وَإِذَا ٱلْجِبَالُ نُسِفَتْ. ﴿10﴾ |
| 11 আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব, | وَإِذَا ٱلرُّسُلُ أُقِّتَتْ. ﴿11﴾ |
| 12 কোনটো দিৱসৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে? | لِأَىِّ يَوْمٍ أُجِّلَتْ. ﴿12﴾ |
| 13 বিচাৰ দিৱসৰ বাবে। | لِيَوْمِ ٱلْفَصْلِ. ﴿13﴾ |
| 14 আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি? | وَمَآ أَدْرَىٰكَ مَا يَوْمُ ٱلْفَصْلِ. ﴿14﴾ |
| 15 সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, | وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ. ﴿15﴾ |
| 16 আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে? | أَلَمْ نُهْلِكِ ٱلْأَوَّلِينَ. ﴿16﴾ |
| 17 তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম। | ثُمَّ نُتْبِعُهُمُ ٱلْءَاخِرِينَ. ﴿17﴾ |
| 18 অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰোঁ। | كَذَٰلِكَ نَفْعَلُ بِٱلْمُجْرِمِينَ. ﴿18﴾ |
| 19 সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, | وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ. ﴿19﴾ |
| 20 আমি তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰা নাইনে? | أَلَمْ نَخْلُقكُّم مِّن مَّآءٍۢ مَّهِينٍۢ. ﴿20﴾ |
| 21 তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছোঁ, | فَجَعَلْنَٰهُ فِى قَرَارٍۢ مَّكِينٍ. ﴿21﴾ |
| 22 এটা নিৰ্দিষ্ট সময়লৈকে, | إِلَىٰ قَدَرٍۢ مَّعْلُومٍۢ. ﴿22﴾ |
| 23 তাৰ পিছত আমি পৰিমাপ কৰিছোঁ, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী! | فَقَدَرْنَا فَنِعْمَ ٱلْقَٰدِرُونَ. ﴿23﴾ |
| 24 সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, | وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ. ﴿24﴾ |
| 25 আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে? | أَلَمْ نَجْعَلِ ٱلْأَرْضَ كِفَاتًا. ﴿25﴾ |
| 26 জীৱিত আৰু মৃতসকলৰ বাবে? | أَحْيَآءًۭ وَأَمْوَٰتًۭا. ﴿26﴾ |
| 27 আৰু আমি তাত স্থাপন কৰিছোঁ সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰোৱাইছোঁ তৃষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী। | وَجَعَلْنَا فِيهَا رَوَٰسِىَ شَٰمِخَٰتٍۢ وَأَسْقَيْنَٰكُم مَّآءًۭ فُرَاتًۭا. ﴿27﴾ |
| 28 সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, | وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ. ﴿28﴾ |
| 29 (সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে। | ٱنطَلِقُوٓا۟ إِلَىٰ مَا كُنتُم بِهِۦ تُكَذِّبُونَ. ﴿29﴾ |
| 30 যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে, | ٱنطَلِقُوٓا۟ إِلَىٰ ظِلٍّۢ ذِى ثَلَٰثِ شُعَبٍۢ. ﴿30﴾ |
| 31 যিটো ছাঁ শীতলো নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব, | لَّا ظَلِيلٍۢ وَلَا يُغْنِى مِنَ ٱللَّهَبِ. ﴿31﴾ |
| 32 নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি, | إِنَّهَا تَرْمِى بِشَرَرٍۢ كَٱلْقَصْرِ. ﴿32﴾ |
| 33 যেনিবা হালধীয়া উটৰ শ্ৰেণী, | كَأَنَّهُۥ جِمَٰلَتٌۭ صُفْرٌۭ. ﴿33﴾ |
| 34 সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, | وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ. ﴿34﴾ |
| 35 এইটো এনেকুৱা এটা দিৱস যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব, | هَٰذَا يَوْمُ لَا يَنطِقُونَ. ﴿35﴾ |
| 36 আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব। | وَلَا يُؤْذَنُ لَهُمْ فَيَعْتَذِرُونَ. ﴿36﴾ |
| 37 সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, | وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ. ﴿37﴾ |
| 38 ‘এইটো হৈছে ফয়চালাৰ দিন, আমি একত্ৰিত কৰিছোঁ তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’। | هَٰذَا يَوْمُ ٱلْفَصْلِ ۖ جَمَعْنَٰكُمْ وَٱلْأَوَّلِينَ. ﴿38﴾ |
| 39 এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে। | فَإِن كَانَ لَكُمْ كَيْدٌۭ فَكِيدُونِ. ﴿39﴾ |
| 40 সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, | وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ. ﴿40﴾ |
| 41 নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত, | إِنَّ ٱلْمُتَّقِينَ فِى ظِلَٰلٍۢ وَعُيُونٍۢ. ﴿41﴾ |
| 42 লগতে তেওঁলোকৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত। | وَفَوَٰكِهَ مِمَّا يَشْتَهُونَ. ﴿42﴾ |
| 43 (তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা; | كُلُوا۟ وَٱشْرَبُوا۟ هَنِيٓـًٔۢا بِمَا كُنتُمْ تَعْمَلُونَ. ﴿43﴾ |
| 44 সৎকৰ্মশীলসকলক আমি এনেকৈয়ে প্ৰতিদান দি থাকোঁ। | إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ. ﴿44﴾ |
| 45 সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, | وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ. ﴿45﴾ |
| 46 (হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী। | كُلُوا۟ وَتَمَتَّعُوا۟ قَلِيلًا إِنَّكُم مُّجْرِمُونَ. ﴿46﴾ |
| 47 সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, | وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ. ﴿47﴾ |
| 48 যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা (ছালাত আদায় কৰা), (তেতিয়া) সিহঁতে ৰুকু’ নকৰে (ছালাত আদায় নকৰে)’। | وَإِذَا قِيلَ لَهُمُ ٱرْكَعُوا۟ لَا يَرْكَعُونَ. ﴿48﴾ |
| 49 সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, | وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ. ﴿49﴾ |
| 50 এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোনটো বাণীৰ প্ৰতি ঈমান আনিব? | فَبِأَىِّ حَدِيثٍۭ بَعْدَهُۥ يُؤْمِنُونَ. ﴿50﴾ |