النازعات
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 শপত নিৰ্মমভাৱে উৎপটনকাৰীসকলৰ। | وَٱلنَّٰزِعَٰتِ غَرْقًۭا. ﴿1﴾ |
| 2 শপত মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ। | وَٱلنَّٰشِطَٰتِ نَشْطًۭا. ﴿2﴾ |
| 3 শপত তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ। | وَٱلسَّٰبِحَٰتِ سَبْحًۭا. ﴿3﴾ |
| 4 আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ। | فَٱلسَّٰبِقَٰتِ سَبْقًۭا. ﴿4﴾ |
| 5 তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ। | فَٱلْمُدَبِّرَٰتِ أَمْرًۭا. ﴿5﴾ |
| 6 সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব। | يَوْمَ تَرْجُفُ ٱلرَّاجِفَةُ. ﴿6﴾ |
| 7 তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰীয়ে। | تَتْبَعُهَا ٱلرَّادِفَةُ. ﴿7﴾ |
| 8 সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব। | قُلُوبٌۭ يَوْمَئِذٍۢ وَاجِفَةٌ. ﴿8﴾ |
| 9 সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব। | أَبْصَٰرُهَا خَٰشِعَةٌۭ. ﴿9﴾ |
| 10 সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থালৈ উভতি যামনে? | يَقُولُونَ أَءِنَّا لَمَرْدُودُونَ فِى ٱلْحَافِرَةِ. ﴿10﴾ |
| 11 যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’? | أَءِذَا كُنَّا عِظَٰمًۭا نَّخِرَةًۭ. ﴿11﴾ |
| 12 সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’। | قَالُوا۟ تِلْكَ إِذًۭا كَرَّةٌ خَاسِرَةٌۭ. ﴿12﴾ |
| 13 প্ৰকৃততে এইটো এটা মহাগৰ্জন মাত্ৰ। | فَإِنَّمَا هِىَ زَجْرَةٌۭ وَٰحِدَةٌۭ. ﴿13﴾ |
| 14 তৎক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব। | فَإِذَا هُم بِٱلسَّاهِرَةِ. ﴿14﴾ |
| 15 মূছাৰ ঘটনা সম্পৰ্কে তুমি অৱগত হৈছানে? | هَلْ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ. ﴿15﴾ |
| 16 যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল, | إِذْ نَادَىٰهُ رَبُّهُۥ بِٱلْوَادِ ٱلْمُقَدَّسِ طُوًى. ﴿16﴾ |
| 17 ‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালংঘন কৰিছে, | ٱذْهَبْ إِلَىٰ فِرْعَوْنَ إِنَّهُۥ طَغَىٰ. ﴿17﴾ |
| 18 এতেকে তাক গৈ কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰানে? | فَقُلْ هَل لَّكَ إِلَىٰٓ أَن تَزَكَّىٰ. ﴿18﴾ |
| 19 আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰোঁ, যাতে তুমি তেওঁক ভয় কৰা’। | وَأَهْدِيَكَ إِلَىٰ رَبِّكَ فَتَخْشَىٰ. ﴿19﴾ |
| 20 তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে। | فَأَرَىٰهُ ٱلْءَايَةَ ٱلْكُبْرَىٰ. ﴿20﴾ |
| 21 কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে। | فَكَذَّبَ وَعَصَىٰ. ﴿21﴾ |
| 22 তাৰ পিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল। | ثُمَّ أَدْبَرَ يَسْعَىٰ. ﴿22﴾ |
| 23 তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে, | فَحَشَرَ فَنَادَىٰ. ﴿23﴾ |
| 24 আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’। | فَقَالَ أَنَا۠ رَبُّكُمُ ٱلْأَعْلَىٰ. ﴿24﴾ |
| 25 অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে। | فَأَخَذَهُ ٱللَّهُ نَكَالَ ٱلْءَاخِرَةِ وَٱلْأُولَىٰٓ. ﴿25﴾ |
| 26 নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে। | إِنَّ فِى ذَٰلِكَ لَعِبْرَةًۭ لِّمَن يَخْشَىٰٓ. ﴿26﴾ |
| 27 তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে। | ءَأَنتُمْ أَشَدُّ خَلْقًا أَمِ ٱلسَّمَآءُ ۚ بَنَىٰهَا. ﴿27﴾ |
| 28 তেৱেঁই ইয়াৰ চালিখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে। | رَفَعَ سَمْكَهَا فَسَوَّىٰهَا. ﴿28﴾ |
| 29 আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ। | وَأَغْطَشَ لَيْلَهَا وَأَخْرَجَ ضُحَىٰهَا. ﴿29﴾ |
| 30 তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত (বাসোপযোগী) কৰিছে। | وَٱلْأَرْضَ بَعْدَ ذَٰلِكَ دَحَىٰهَآ. ﴿30﴾ |
| 31 তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি, | أَخْرَجَ مِنْهَا مَآءَهَا وَمَرْعَىٰهَا. ﴿31﴾ |
| 32 আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে, | وَٱلْجِبَالَ أَرْسَىٰهَا. ﴿32﴾ |
| 33 এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ। | مَتَٰعًۭا لَّكُمْ وَلِأَنْعَٰمِكُمْ. ﴿33﴾ |
| 34 আৰু যিদিনা মহাসংকট উপস্থিত হ’ব, | فَإِذَا جَآءَتِ ٱلطَّآمَّةُ ٱلْكُبْرَىٰ. ﴿34﴾ |
| 35 সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে, | يَوْمَ يَتَذَكَّرُ ٱلْإِنسَٰنُ مَا سَعَىٰ. ﴿35﴾ |
| 36 আৰু দৰ্শকসকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ’ব। | وَبُرِّزَتِ ٱلْجَحِيمُ لِمَن يَرَىٰ. ﴿36﴾ |
| 37 এতেকে যিয়ে সীমালংঘন কৰে, | فَأَمَّا مَن طَغَىٰ. ﴿37﴾ |
| 38 আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে, | وَءَاثَرَ ٱلْحَيَوٰةَ ٱلدُّنْيَا. ﴿38﴾ |
| 39 নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল। | فَإِنَّ ٱلْجَحِيمَ هِىَ ٱلْمَأْوَىٰ. ﴿39﴾ |
| 40 আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে, | وَأَمَّا مَنْ خَافَ مَقَامَ رَبِّهِۦ وَنَهَى ٱلنَّفْسَ عَنِ ٱلْهَوَىٰ. ﴿40﴾ |
| 41 নিশ্চয় জান্নাতেই হ’ব তেওঁৰ আবাসস্থল। | فَإِنَّ ٱلْجَنَّةَ هِىَ ٱلْمَأْوَىٰ. ﴿41﴾ |
| 42 সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব? | يَسْـَٔلُونَكَ عَنِ ٱلسَّاعَةِ أَيَّانَ مُرْسَىٰهَا. ﴿42﴾ |
| 43 সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে? | فِيمَ أَنتَ مِن ذِكْرَىٰهَآ. ﴿43﴾ |
| 44 ইয়াৰ প্ৰকৃত জ্ঞান আছে (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰতহে; | إِلَىٰ رَبِّكَ مُنتَهَىٰهَآ. ﴿44﴾ |
| 45 যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী। | إِنَّمَآ أَنتَ مُنذِرُ مَن يَخْشَىٰهَا. ﴿45﴾ |
| 46 যিদিনা সিহঁতে ইয়াক দেখিবলৈ পাব, সেইদিনা সিহঁতৰ এইটো ধাৰণা হ’ব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল। | كَأَنَّهُمْ يَوْمَ يَرَوْنَهَا لَمْ يَلْبَثُوٓا۟ إِلَّا عَشِيَّةً أَوْ ضُحَىٰهَا. ﴿46﴾ |