عبس
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘূৰাই ল’লে, | عَبَسَ وَتَوَلَّىٰٓ. ﴿1﴾ |
| 2 তেওঁৰ ওচৰলৈ অন্ধ ব্যক্তিজন অহাৰ কাৰণে। | أَن جَآءَهُ ٱلْأَعْمَىٰ. ﴿2﴾ |
| 3 কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব, | وَمَا يُدْرِيكَ لَعَلَّهُۥ يَزَّكَّىٰٓ. ﴿3﴾ |
| 4 অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব। | أَوْ يَذَّكَّرُ فَتَنفَعَهُ ٱلذِّكْرَىٰٓ. ﴿4﴾ |
| 5 আনহাতে যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাবে, | أَمَّا مَنِ ٱسْتَغْنَىٰ. ﴿5﴾ |
| 6 তুমি তাৰ প্ৰতি মনোযোগ দিছা। | فَأَنتَ لَهُۥ تَصَدَّىٰ. ﴿6﴾ |
| 7 অথচ সি পৰিশুদ্ধ নহ’লেও তোমাৰ কোনো দায়িত্ব নাই, | وَمَا عَلَيْكَ أَلَّا يَزَّكَّىٰ. ﴿7﴾ |
| 8 আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিল, | وَأَمَّا مَن جَآءَكَ يَسْعَىٰ. ﴿8﴾ |
| 9 আৰু সি (আল্লাহক) ভয়ো কৰে, | وَهُوَ يَخْشَىٰ. ﴿9﴾ |
| 10 তাৰ প্ৰতি তুমি উদাসীন হ’লা। | فَأَنتَ عَنْهُ تَلَهَّىٰ. ﴿10﴾ |
| 11 কেতিয়াও নহয়, নিশ্চয় এইখন হৈছে উপদেশ বাণী, | كَلَّآ إِنَّهَا تَذْكِرَةٌۭ. ﴿11﴾ |
| 12 গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব, | فَمَن شَآءَ ذَكَرَهُۥ. ﴿12﴾ |
| 13 এইখন মৰ্যাদাসম্পন্ন ছহীফাত লিপিবদ্ধ। | فِى صُحُفٍۢ مُّكَرَّمَةٍۢ. ﴿13﴾ |
| 14 সমুন্নত, পৱিত্ৰ, | مَّرْفُوعَةٍۢ مُّطَهَّرَةٍۭ. ﴿14﴾ |
| 15 লেখক বা দূতসকলৰ হাতত। | بِأَيْدِى سَفَرَةٍۢ. ﴿15﴾ |
| 16 (যিসকল) মহাসন্মানিত, পূণ্যৱান। | كِرَامٍۭ بَرَرَةٍۢ. ﴿16﴾ |
| 17 মানুহ ধ্বংস হওক, কিমান যে অকৃতজ্ঞ! | قُتِلَ ٱلْإِنسَٰنُ مَآ أَكْفَرَهُۥ. ﴿17﴾ |
| 18 তেওঁ তাক কি বস্তুৰে সৃষ্টি কৰিছে? | مِنْ أَىِّ شَىْءٍ خَلَقَهُۥ. ﴿18﴾ |
| 19 শুক্ৰবিন্দুৰ পৰা। তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে, | مِن نُّطْفَةٍ خَلَقَهُۥ فَقَدَّرَهُۥ. ﴿19﴾ |
| 20 তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে; | ثُمَّ ٱلسَّبِيلَ يَسَّرَهُۥ. ﴿20﴾ |
| 21 তাৰ পিছত তেৱেঁই তাক মৃত্যু প্ৰদান কৰে আৰু কবৰস্থ কৰে। | ثُمَّ أَمَاتَهُۥ فَأَقْبَرَهُۥ. ﴿21﴾ |
| 22 ইয়াৰ পিছত তেওঁ যেতিয়া ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব। | ثُمَّ إِذَا شَآءَ أَنشَرَهُۥ. ﴿22﴾ |
| 23 কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰণ কৰা নাই। | كَلَّا لَمَّا يَقْضِ مَآ أَمَرَهُۥ. ﴿23﴾ |
| 24 এতেকে মানুহে নিজৰ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত। | فَلْيَنظُرِ ٱلْإِنسَٰنُ إِلَىٰ طَعَامِهِۦٓ. ﴿24﴾ |
| 25 নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ, | أَنَّا صَبَبْنَا ٱلْمَآءَ صَبًّۭا. ﴿25﴾ |
| 26 তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ; | ثُمَّ شَقَقْنَا ٱلْأَرْضَ شَقًّۭا. ﴿26﴾ |
| 27 তাৰ পিছত আমি তাত উৎপন্ন কৰোঁ শস্য; | فَأَنۢبَتْنَا فِيهَا حَبًّۭا. ﴿27﴾ |
| 28 আঙুৰ আৰু শাক-পাচলি, | وَعِنَبًۭا وَقَضْبًۭا. ﴿28﴾ |
| 29 যায়তুন আৰু খেজুৰ গছ, | وَزَيْتُونًۭا وَنَخْلًۭا. ﴿29﴾ |
| 30 ঘন গছ-গছনি বিশিষ্ট উদ্যান, | وَحَدَآئِقَ غُلْبًۭا. ﴿30﴾ |
| 31 ফল-মূল আৰু তৃণ-ঘাঁহ, | وَفَٰكِهَةًۭ وَأَبًّۭا. ﴿31﴾ |
| 32 এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ। | مَّتَٰعًۭا لَّكُمْ وَلِأَنْعَٰمِكُمْ. ﴿32﴾ |
| 33 এতেকে যেতিয়া তীক্ষ্ণ (বিকট) শব্দ আহিব, | فَإِذَا جَآءَتِ ٱلصَّآخَّةُ. ﴿33﴾ |
| 34 সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা, | يَوْمَ يَفِرُّ ٱلْمَرْءُ مِنْ أَخِيهِ. ﴿34﴾ |
| 35 আৰু তাৰ মাক-বাপেকৰ পৰা, | وَأُمِّهِۦ وَأَبِيهِ. ﴿35﴾ |
| 36 তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা, | وَصَٰحِبَتِهِۦ وَبَنِيهِ. ﴿36﴾ |
| 37 সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা, যি অৱস্থাই তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব। | لِكُلِّ ٱمْرِئٍۢ مِّنْهُمْ يَوْمَئِذٍۢ شَأْنٌۭ يُغْنِيهِ. ﴿37﴾ |
| 38 সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল, | وُجُوهٌۭ يَوْمَئِذٍۢ مُّسْفِرَةٌۭ. ﴿38﴾ |
| 39 হাঁহিৰে ভৰা, আনন্দত উৎফুল্লিত, | ضَاحِكَةٌۭ مُّسْتَبْشِرَةٌۭ. ﴿39﴾ |
| 40 আনহাতে সেইদিনা কিছুমান চেহেৰা হ’ব ধূলিৰে মলিন, | وَوُجُوهٌۭ يَوْمَئِذٍ عَلَيْهَا غَبَرَةٌۭ. ﴿40﴾ |
| 41 ক’লা আৱৰণে আৱৰি ধৰিব। | تَرْهَقُهَا قَتَرَةٌ. ﴿41﴾ |
| 42 ইহঁতেই হৈছে কাফিৰ, অত্যন্ত পাপী। | أُو۟لَٰٓئِكَ هُمُ ٱلْكَفَرَةُ ٱلْفَجَرَةُ. ﴿42﴾ |