Loading date... | Loading Hijri date... | Loading time...

التكوير

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব, إِذَا ٱلشَّمْسُ كُوِّرَتْ. ﴿1﴾
2 আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব, وَإِذَا ٱلنُّجُومُ ٱنكَدَرَتْ. ﴿2﴾
3 পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব, وَإِذَا ٱلْجِبَالُ سُيِّرَتْ. ﴿3﴾
4 আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব, وَإِذَا ٱلْعِشَارُ عُطِّلَتْ. ﴿4﴾
5 আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব, وَإِذَا ٱلْوُحُوشُ حُشِرَتْ. ﴿5﴾
6 আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব, وَإِذَا ٱلْبِحَارُ سُجِّرَتْ. ﴿6﴾
7 আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব, وَإِذَا ٱلنُّفُوسُ زُوِّجَتْ. ﴿7﴾
8 আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব, وَإِذَا ٱلْمَوْءُۥدَةُ سُئِلَتْ. ﴿8﴾
9 কি অপৰাধত তাইক হত্যা কৰা হৈছিল? بِأَىِّ ذَنۢبٍۢ قُتِلَتْ. ﴿9﴾
10 আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব, وَإِذَا ٱلصُّحُفُ نُشِرَتْ. ﴿10﴾
11 আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব, وَإِذَا ٱلسَّمَآءُ كُشِطَتْ. ﴿11﴾
12 আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব, وَإِذَا ٱلْجَحِيمُ سُعِّرَتْ. ﴿12﴾
13 আৰু জান্নাতক যেতিয়া নিকটৱৰ্তী কৰা হ’ব, وَإِذَا ٱلْجَنَّةُ أُزْلِفَتْ. ﴿13﴾
14 তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে। عَلِمَتْ نَفْسٌۭ مَّآ أَحْضَرَتْ. ﴿14﴾
15 এতেকে মই শপত কৰিছোঁ আৱৰ্তনশীল নক্ষত্ৰবোৰৰ, فَلَآ أُقْسِمُ بِٱلْخُنَّسِ. ﴿15﴾
16 যিবোৰ গতিশীল, অদৃশ্য, ٱلْجَوَارِ ٱلْكُنَّسِ. ﴿16﴾
17 আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়, وَٱلَّيْلِ إِذَا عَسْعَسَ. ﴿17﴾
18 আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়, وَٱلصُّبْحِ إِذَا تَنَفَّسَ. ﴿18﴾
19 নিশ্চয় এই কোৰআনখন হৈছে সন্মানিত ৰাছুলে লৈ অহা বাণী। إِنَّهُۥ لَقَوْلُ رَسُولٍۢ كَرِيمٍۢ. ﴿19﴾
20 যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন, ذِى قُوَّةٍ عِندَ ذِى ٱلْعَرْشِ مَكِينٍۢ. ﴿20﴾
21 মান্যবৰ, তাত তেওঁ বিশ্বস্ত। مُّطَاعٍۢ ثَمَّ أَمِينٍۢ. ﴿21﴾
22 আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়, وَمَا صَاحِبُكُم بِمَجْنُونٍۢ. ﴿22﴾
23 আৰু নিশ্চয় তেখেতে (নবীয়ে) তেখেতক (জিব্ৰীলক) স্পষ্ট দিগন্তত দেখিছে, وَلَقَدْ رَءَاهُ بِٱلْأُفُقِ ٱلْمُبِينِ. ﴿23﴾
24 আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে। وَمَا هُوَ عَلَى ٱلْغَيْبِ بِضَنِينٍۢ. ﴿24﴾
25 আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়। وَمَا هُوَ بِقَوْلِ شَيْطَٰنٍۢ رَّجِيمٍۢ. ﴿25﴾
26 এতেকে তোমালোকে কোনফালে গতি কৰিছা? فَأَيْنَ تَذْهَبُونَ. ﴿26﴾
27 এইখন হৈছে বিশ্ববাসীৰ বাবে উপদেশ বাণী, إِنْ هُوَ إِلَّا ذِكْرٌۭ لِّلْعَٰلَمِينَ. ﴿27﴾
28 সেই ব্যক্তিৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে। لِمَن شَآءَ مِنكُمْ أَن يَسْتَقِيمَ. ﴿28﴾
29 তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়ালৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে। وَمَا تَشَآءُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ رَبُّ ٱلْعَٰلَمِينَ. ﴿29﴾