Loading date... | Loading Hijri date... | Loading time...

الانفطار

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 যেতিয়া আকাশখন বিদীৰ্ণ হ’ব, إِذَا ٱلسَّمَآءُ ٱنفَطَرَتْ. ﴿1﴾
2 আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব, وَإِذَا ٱلْكَوَاكِبُ ٱنتَثَرَتْ. ﴿2﴾
3 আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব, وَإِذَا ٱلْبِحَارُ فُجِّرَتْ. ﴿3﴾
4 আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব, وَإِذَا ٱلْقُبُورُ بُعْثِرَتْ. ﴿4﴾
5 তেতিয়া প্ৰত্যেকেই জানিব, সি আগলৈ কি প্ৰেৰণ কৰিছে আৰু পিছফালে কি থৈ আহিছে। عَلِمَتْ نَفْسٌۭ مَّا قَدَّمَتْ وَأَخَّرَتْ. ﴿5﴾
6 হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে? يَٰٓأَيُّهَا ٱلْإِنسَٰنُ مَا غَرَّكَ بِرَبِّكَ ٱلْكَرِيمِ. ﴿6﴾
7 যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে, ٱلَّذِى خَلَقَكَ فَسَوَّىٰكَ فَعَدَلَكَ. ﴿7﴾
8 আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে। فِىٓ أَىِّ صُورَةٍۢ مَّا شَآءَ رَكَّبَكَ. ﴿8﴾
9 কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা; كَلَّا بَلْ تُكَذِّبُونَ بِٱلدِّينِ. ﴿9﴾
10 আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল; وَإِنَّ عَلَيْكُمْ لَحَٰفِظِينَ. ﴿10﴾
11 সন্মানিত লেখক বৃন্দ; كِرَامًۭا كَٰتِبِينَ. ﴿11﴾
12 তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে। يَعْلَمُونَ مَا تَفْعَلُونَ. ﴿12﴾
13 নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত। إِنَّ ٱلْأَبْرَارَ لَفِى نَعِيمٍۢ. ﴿13﴾
14 আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত। وَإِنَّ ٱلْفُجَّارَ لَفِى جَحِيمٍۢ. ﴿14﴾
15 সিহঁতে তাত প্ৰৱেশ কৰিব প্ৰতিদান দিৱসত; يَصْلَوْنَهَا يَوْمَ ٱلدِّينِ. ﴿15﴾
16 আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব (বা পলায়ন কৰিব নোৱাৰিব)। وَمَا هُمْ عَنْهَا بِغَآئِبِينَ. ﴿16﴾
17 আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি? وَمَآ أَدْرَىٰكَ مَا يَوْمُ ٱلدِّينِ. ﴿17﴾
18 আকৌ কৈছোঁ, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি? ثُمَّ مَآ أَدْرَىٰكَ مَا يَوْمُ ٱلدِّينِ. ﴿18﴾
19 সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব (একমাত্ৰ) আল্লাহৰ। يَوْمَ لَا تَمْلِكُ نَفْسٌۭ لِّنَفْسٍۢ شَيْـًۭٔا ۖ وَٱلْأَمْرُ يَوْمَئِذٍۢ لِّلَّهِ. ﴿19﴾