المطففين
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 ধ্বংস সিহঁতৰ বাবে যিসকলে জোখ-মাখত কম দিয়ে, | وَيْلٌۭ لِّلْمُطَفِّفِينَ. ﴿1﴾ |
| 2 যিসকলে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে, | ٱلَّذِينَ إِذَا ٱكْتَالُوا۟ عَلَى ٱلنَّاسِ يَسْتَوْفُونَ. ﴿2﴾ |
| 3 আৰু যেতিয়া সিহঁতে মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে। | وَإِذَا كَالُوهُمْ أَو وَّزَنُوهُمْ يُخْسِرُونَ. ﴿3﴾ |
| 4 সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব? | أَلَا يَظُنُّ أُو۟لَٰٓئِكَ أَنَّهُم مَّبْعُوثُونَ. ﴿4﴾ |
| 5 মহাদিৱসৰ দিনা। | لِيَوْمٍ عَظِيمٍۢ. ﴿5﴾ |
| 6 যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব। | يَوْمَ يَقُومُ ٱلنَّاسُ لِرَبِّ ٱلْعَٰلَمِينَ. ﴿6﴾ |
| 7 কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা থাকিব ছিজ্জিনত। | كَلَّآ إِنَّ كِتَٰبَ ٱلْفُجَّارِ لَفِى سِجِّينٍۢ. ﴿7﴾ |
| 8 আৰু তোমাক কিহে জনাব যে, ছিজ্জীন কি? | وَمَآ أَدْرَىٰكَ مَا سِجِّينٌۭ. ﴿8﴾ |
| 9 চিহ্নিত আমলনামা। | كِتَٰبٌۭ مَّرْقُومٌۭ. ﴿9﴾ |
| 10 সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে, | وَيْلٌۭ يَوْمَئِذٍۢ لِّلْمُكَذِّبِينَ. ﴿10﴾ |
| 11 যিসকলে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে। | ٱلَّذِينَ يُكَذِّبُونَ بِيَوْمِ ٱلدِّينِ. ﴿11﴾ |
| 12 আৰু প্ৰত্যেক পাপিষ্ঠ সীমালংঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে। | وَمَا يُكَذِّبُ بِهِۦٓ إِلَّا كُلُّ مُعْتَدٍ أَثِيمٍ. ﴿12﴾ |
| 13 আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’। | إِذَا تُتْلَىٰ عَلَيْهِ ءَايَٰتُنَا قَالَ أَسَٰطِيرُ ٱلْأَوَّلِينَ. ﴿13﴾ |
| 14 কেতিয়াও নহয়, বৰং সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰে ধৰিছে। | كَلَّا ۖ بَلْ ۜ رَانَ عَلَىٰ قُلُوبِهِم مَّا كَانُوا۟ يَكْسِبُونَ. ﴿14﴾ |
| 15 কেতিয়াও নহয়, নিশ্চয় সিহঁতে সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব। | كَلَّآ إِنَّهُمْ عَن رَّبِّهِمْ يَوْمَئِذٍۢ لَّمَحْجُوبُونَ. ﴿15﴾ |
| 16 তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব; | ثُمَّ إِنَّهُمْ لَصَالُوا۟ ٱلْجَحِيمِ. ﴿16﴾ |
| 17 তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে হৈছে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’। | ثُمَّ يُقَالُ هَٰذَا ٱلَّذِى كُنتُم بِهِۦ تُكَذِّبُونَ. ﴿17﴾ |
| 18 কেতিয়াও নহয়, নিশ্চয় পূণ্যৱানসকলৰ আমলনামা থাকিব ইল্লিয়্যীনত। | كَلَّآ إِنَّ كِتَٰبَ ٱلْأَبْرَارِ لَفِى عِلِّيِّينَ. ﴿18﴾ |
| 19 আৰু তোমাক কিহে জনাব যে, ইল্লিয়্যীন কি? | وَمَآ أَدْرَىٰكَ مَا عِلِّيُّونَ. ﴿19﴾ |
| 20 চিহ্নিত আমলনামা। | كِتَٰبٌۭ مَّرْقُومٌۭ. ﴿20﴾ |
| 21 সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াক অবলোকন কৰে। | يَشْهَدُهُ ٱلْمُقَرَّبُونَ. ﴿21﴾ |
| 22 নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত। | إِنَّ ٱلْأَبْرَارَ لَفِى نَعِيمٍ. ﴿22﴾ |
| 23 সুসজ্জিত আসনত বহি দৰ্শন কৰিব। | عَلَى ٱلْأَرَآئِكِ يَنظُرُونَ. ﴿23﴾ |
| 24 তুমি সিহঁতৰ মুখমণ্ডলত সুখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা, | تَعْرِفُ فِى وُجُوهِهِمْ نَضْرَةَ ٱلنَّعِيمِ. ﴿24﴾ |
| 25 সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব; | يُسْقَوْنَ مِن رَّحِيقٍۢ مَّخْتُومٍ. ﴿25﴾ |
| 26 আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগিতা কৰা উচিত। | خِتَٰمُهُۥ مِسْكٌۭ ۚ وَفِى ذَٰلِكَ فَلْيَتَنَافَسِ ٱلْمُتَنَٰفِسُونَ. ﴿26﴾ |
| 27 আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ দ্বাৰা, | وَمِزَاجُهُۥ مِن تَسْنِيمٍ. ﴿27﴾ |
| 28 (সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে সেৱন কৰিব। | عَيْنًۭا يَشْرَبُ بِهَا ٱلْمُقَرَّبُونَ. ﴿28﴾ |
| 29 নিশ্চয় যিসকলে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল, | إِنَّ ٱلَّذِينَ أَجْرَمُوا۟ كَانُوا۟ مِنَ ٱلَّذِينَ ءَامَنُوا۟ يَضْحَكُونَ. ﴿29﴾ |
| 30 আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল। | وَإِذَا مَرُّوا۟ بِهِمْ يَتَغَامَزُونَ. ﴿30﴾ |
| 31 আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উৎফুল্লিত হৈ উভতিছিল, | وَإِذَا ٱنقَلَبُوٓا۟ إِلَىٰٓ أَهْلِهِمُ ٱنقَلَبُوا۟ فَكِهِينَ. ﴿31﴾ |
| 32 আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’। | وَإِذَا رَأَوْهُمْ قَالُوٓا۟ إِنَّ هَٰٓؤُلَآءِ لَضَآلُّونَ. ﴿32﴾ |
| 33 অথচ সিহঁতক মুমিনসকলৰ তত্ত্বাৱধায়ক হিচাপে পঠোৱা হোৱা নাছিল। | وَمَآ أُرْسِلُوا۟ عَلَيْهِمْ حَٰفِظِينَ. ﴿33﴾ |
| 34 এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক। | فَٱلْيَوْمَ ٱلَّذِينَ ءَامَنُوا۟ مِنَ ٱلْكُفَّارِ يَضْحَكُونَ. ﴿34﴾ |
| 35 সুসজ্জিত আসনত বহি দৰ্শন কৰিব। | عَلَى ٱلْأَرَآئِكِ يَنظُرُونَ. ﴿35﴾ |
| 36 কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে? | هَلْ ثُوِّبَ ٱلْكُفَّارُ مَا كَانُوا۟ يَفْعَلُونَ. ﴿36﴾ |