الانشقاق
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 যেতিয়া আকাশখন ভাগি পৰিব, | إِذَا ٱلسَّمَآءُ ٱنشَقَّتْ. ﴿1﴾ |
| 2 আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য। | وَأَذِنَتْ لِرَبِّهَا وَحُقَّتْ. ﴿2﴾ |
| 3 আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব। | وَإِذَا ٱلْأَرْضُ مُدَّتْ. ﴿3﴾ |
| 4 আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব। | وَأَلْقَتْ مَا فِيهَا وَتَخَلَّتْ. ﴿4﴾ |
| 5 আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য। | وَأَذِنَتْ لِرَبِّهَا وَحُقَّتْ. ﴿5﴾ |
| 6 হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ যোৱাৰ আগলৈকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তাৰ পিছতহে তুমি তেওঁৰ সাক্ষাৎ লাভ কৰিব পাৰিবা। | يَٰٓأَيُّهَا ٱلْإِنسَٰنُ إِنَّكَ كَادِحٌ إِلَىٰ رَبِّكَ كَدْحًۭا فَمُلَٰقِيهِ. ﴿6﴾ |
| 7 এতেকে যাৰ আমলনামা তাৰ সোঁহাতত দিয়া হ’ব; | فَأَمَّا مَنْ أُوتِىَ كِتَٰبَهُۥ بِيَمِينِهِۦ. ﴿7﴾ |
| 8 অত্যন্ত সহজভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব। | فَسَوْفَ يُحَاسَبُ حِسَابًۭا يَسِيرًۭا. ﴿8﴾ |
| 9 আৰু তেওঁ তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব; | وَيَنقَلِبُ إِلَىٰٓ أَهْلِهِۦ مَسْرُورًۭا. ﴿9﴾ |
| 10 আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব, | وَأَمَّا مَنْ أُوتِىَ كِتَٰبَهُۥ وَرَآءَ ظَهْرِهِۦ. ﴿10﴾ |
| 11 সি নিজৰ বাবে ধ্বংস মাতিব; | فَسَوْفَ يَدْعُوا۟ ثُبُورًۭا. ﴿11﴾ |
| 12 আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব; | وَيَصْلَىٰ سَعِيرًا. ﴿12﴾ |
| 13 নিশ্চয় সি নিজৰ পৰিয়াল বৰ্গৰ মাজত আনন্দ ফুৰ্তিত আছিল, | إِنَّهُۥ كَانَ فِىٓ أَهْلِهِۦ مَسْرُورًا. ﴿13﴾ |
| 14 নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব; | إِنَّهُۥ ظَنَّ أَن لَّن يَحُورَ. ﴿14﴾ |
| 15 কিয় নাযাব, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী। | بَلَىٰٓ إِنَّ رَبَّهُۥ كَانَ بِهِۦ بَصِيرًۭا. ﴿15﴾ |
| 16 এতেকে মই শপত কৰিছোঁ পশ্চিম আকাশৰ ৰঙা কিৰণৰ, | فَلَآ أُقْسِمُ بِٱلشَّفَقِ. ﴿16﴾ |
| 17 ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়, | وَٱلَّيْلِ وَمَا وَسَقَ. ﴿17﴾ |
| 18 আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে; | وَٱلْقَمَرِ إِذَا ٱتَّسَقَ. ﴿18﴾ |
| 19 নিশ্চয় তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা। | لَتَرْكَبُنَّ طَبَقًا عَن طَبَقٍۢ. ﴿19﴾ |
| 20 কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়? | فَمَا لَهُمْ لَا يُؤْمِنُونَ. ﴿20﴾ |
| 21 আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়? | وَإِذَا قُرِئَ عَلَيْهِمُ ٱلْقُرْءَانُ لَا يَسْجُدُونَ ۩. ﴿21﴾ |
| 22 বৰং কাফিৰসকলে অস্বীকাৰ কৰে। | بَلِ ٱلَّذِينَ كَفَرُوا۟ يُكَذِّبُونَ. ﴿22﴾ |
| 23 আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত। | وَٱللَّهُ أَعْلَمُ بِمَا يُوعُونَ. ﴿23﴾ |
| 24 সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া; | فَبَشِّرْهُم بِعَذَابٍ أَلِيمٍ. ﴿24﴾ |
| 25 কিন্তু যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান। | إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ لَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍۭ. ﴿25﴾ |