الطارق
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে; | وَٱلسَّمَآءِ وَٱلطَّارِقِ. ﴿1﴾ |
| 2 আৰু কিহে তোমাক জনাব যে, ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে, সেয়ানো কি? | وَمَآ أَدْرَىٰكَ مَا ٱلطَّارِقُ. ﴿2﴾ |
| 3 (সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ। | ٱلنَّجْمُ ٱلثَّاقِبُ. ﴿3﴾ |
| 4 প্ৰত্যেক জীৱৰ ওপৰতেই এজন তত্ত্বাৱধায়ক আছে। | إِن كُلُّ نَفْسٍۢ لَّمَّا عَلَيْهَا حَافِظٌۭ. ﴿4﴾ |
| 5 এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে! | فَلْيَنظُرِ ٱلْإِنسَٰنُ مِمَّ خُلِقَ. ﴿5﴾ |
| 6 তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত স্খলিত হোৱা পানীৰে, | خُلِقَ مِن مَّآءٍۢ دَافِقٍۢ. ﴿6﴾ |
| 7 যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা। | يَخْرُجُ مِنۢ بَيْنِ ٱلصُّلْبِ وَٱلتَّرَآئِبِ. ﴿7﴾ |
| 8 নিশ্চয় তেওঁ তাক ওভোতাই আনিবলৈ সক্ষম। | إِنَّهُۥ عَلَىٰ رَجْعِهِۦ لَقَادِرٌۭ. ﴿8﴾ |
| 9 যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব, | يَوْمَ تُبْلَى ٱلسَّرَآئِرُ. ﴿9﴾ |
| 10 সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব। | فَمَا لَهُۥ مِن قُوَّةٍۢ وَلَا نَاصِرٍۢ. ﴿10﴾ |
| 11 শপত আকাশৰ, যিয়ে বৰষুণ ধাৰণ কৰে, | وَٱلسَّمَآءِ ذَاتِ ٱلرَّجْعِ. ﴿11﴾ |
| 12 শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়, | وَٱلْأَرْضِ ذَاتِ ٱلصَّدْعِ. ﴿12﴾ |
| 13 নিশ্চয় এইখন (আল-কোৰআন) হৈছে মীমাংসাকাৰী বাণী। | إِنَّهُۥ لَقَوْلٌۭ فَصْلٌۭ. ﴿13﴾ |
| 14 আৰু এইখন নিৰৰ্থক নহয়। | وَمَا هُوَ بِٱلْهَزْلِ. ﴿14﴾ |
| 15 নিশ্চয় সিহঁতে ভীষণ ষড়যন্ত্ৰ কৰে, | إِنَّهُمْ يَكِيدُونَ كَيْدًۭا. ﴿15﴾ |
| 16 আৰু ময়ো ভীষণ কৌশল কৰিছোঁ। | وَأَكِيدُ كَيْدًۭا. ﴿16﴾ |
| 17 এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া। | فَمَهِّلِ ٱلْكَٰفِرِينَ أَمْهِلْهُمْ رُوَيْدًۢا. ﴿17﴾ |