الأعلى
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, | سَبِّحِ ٱسْمَ رَبِّكَ ٱلْأَعْلَى. ﴿1﴾ |
| 2 যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে। | ٱلَّذِى خَلَقَ فَسَوَّىٰ. ﴿2﴾ |
| 3 আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সৎপথ প্ৰদৰ্শন কৰিছে, | وَٱلَّذِى قَدَّرَ فَهَدَىٰ. ﴿3﴾ |
| 4 আৰু যিজনে ঘাঁহ-বন তৃণ-লতা উৎপন্ন কৰিছে, | وَٱلَّذِىٓ أَخْرَجَ ٱلْمَرْعَىٰ. ﴿4﴾ |
| 5 তাৰ পিছত সেইবোৰক ক'লা আৱৰ্জনাত পৰিণত কৰিছে। | فَجَعَلَهُۥ غُثَآءً أَحْوَىٰ. ﴿5﴾ |
| 6 অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা, | سَنُقْرِئُكَ فَلَا تَنسَىٰٓ. ﴿6﴾ |
| 7 কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে। | إِلَّا مَا شَآءَ ٱللَّهُ ۚ إِنَّهُۥ يَعْلَمُ ٱلْجَهْرَ وَمَا يَخْفَىٰ. ﴿7﴾ |
| 8 আৰু আমি তোমাৰ বাবে (কল্যাণৰ পথ) সহজ কৰি দিম। | وَنُيَسِّرُكَ لِلْيُسْرَىٰ. ﴿8﴾ |
| 9 এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়; | فَذَكِّرْ إِن نَّفَعَتِ ٱلذِّكْرَىٰ. ﴿9﴾ |
| 10 উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে। | سَيَذَّكَّرُ مَن يَخْشَىٰ. ﴿10﴾ |
| 11 আৰু যিজন দুৰ্ভগীয়া সিয়েই ইয়াক অগ্ৰাহ্য কৰিব, | وَيَتَجَنَّبُهَا ٱلْأَشْقَى. ﴿11﴾ |
| 12 সি ভয়াৱহ জুইত প্ৰৱেশ কৰিব। | ٱلَّذِى يَصْلَى ٱلنَّارَ ٱلْكُبْرَىٰ. ﴿12﴾ |
| 13 তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব। | ثُمَّ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ. ﴿13﴾ |
| 14 নিশ্চয় সিয়েই সফলতা লাভ কৰে, যিয়ে আত্মশুদ্ধি কৰে। | قَدْ أَفْلَحَ مَن تَزَكَّىٰ. ﴿14﴾ |
| 15 লগতে তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰে আৰু ছালাত আদায় কৰে। | وَذَكَرَ ٱسْمَ رَبِّهِۦ فَصَلَّىٰ. ﴿15﴾ |
| 16 কিন্তু তোমালোকে পৃথিৱীৰ জীৱনকহে প্ৰাধান্য দিয়া, | بَلْ تُؤْثِرُونَ ٱلْحَيَوٰةَ ٱلدُّنْيَا. ﴿16﴾ |
| 17 অথচ আখিৰাত হৈছে সৰ্বোত্তম আৰু স্থায়ী। | وَٱلْءَاخِرَةُ خَيْرٌۭ وَأَبْقَىٰٓ. ﴿17﴾ |
| 18 নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত, | إِنَّ هَٰذَا لَفِى ٱلصُّحُفِ ٱلْأُولَىٰ. ﴿18﴾ |
| 19 ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত। | صُحُفِ إِبْرَٰهِيمَ وَمُوسَىٰ. ﴿19﴾ |