الغاشية
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 তোমাৰ ওচৰলৈ আচ্ছন্নকাৰী (ক্বিয়ামতৰ) সংবাদ আহিছেনে? | هَلْ أَتَىٰكَ حَدِيثُ ٱلْغَٰشِيَةِ. ﴿1﴾ |
| 2 সেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত, | وُجُوهٌۭ يَوْمَئِذٍ خَٰشِعَةٌ. ﴿2﴾ |
| 3 কৰ্মক্লান্ত, পৰিশ্ৰান্ত, | عَامِلَةٌۭ نَّاصِبَةٌۭ. ﴿3﴾ |
| 4 সিহঁতে প্ৰৱেশ কৰিব জ্বলন্ত জুইত; | تَصْلَىٰ نَارًا حَامِيَةًۭ. ﴿4﴾ |
| 5 (সিহঁতক) উত্তপ্ত উতলা নিজৰাৰ পানী খাবলৈ দিয়া হ’ব; | تُسْقَىٰ مِنْ عَيْنٍ ءَانِيَةٍۢ. ﴿5﴾ |
| 6 সিহঁতৰ বাবে কাঁইটবিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব, | لَّيْسَ لَهُمْ طَعَامٌ إِلَّا مِن ضَرِيعٍۢ. ﴿6﴾ |
| 7 এই খাদ্যই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব। | لَّا يُسْمِنُ وَلَا يُغْنِى مِن جُوعٍۢ. ﴿7﴾ |
| 8 সেইদিনা কিছুমান মুখমণ্ডল হ’ব আনন্দোজ্জ্বল, | وُجُوهٌۭ يَوْمَئِذٍۢ نَّاعِمَةٌۭ. ﴿8﴾ |
| 9 নিজৰ কৰ্মৰ সাফল্যত পৰিতৃপ্ত, | لِّسَعْيِهَا رَاضِيَةٌۭ. ﴿9﴾ |
| 10 (তেওঁলোকে স্থান পাব) সুউচ্চ জান্নাতত, | فِى جَنَّةٍ عَالِيَةٍۢ. ﴿10﴾ |
| 11 তাত তেওঁলোকে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব, | لَّا تَسْمَعُ فِيهَا لَٰغِيَةًۭ. ﴿11﴾ |
| 12 তাত থাকিব প্ৰবাহমান নিজৰা, | فِيهَا عَيْنٌۭ جَارِيَةٌۭ. ﴿12﴾ |
| 13 তাত থাকিব উন্নত শয্যাসমূহ, | فِيهَا سُرُرٌۭ مَّرْفُوعَةٌۭ. ﴿13﴾ |
| 14 আৰু প্ৰস্তুত থাকিব পানপাত্ৰসমূহ, | وَأَكْوَابٌۭ مَّوْضُوعَةٌۭ. ﴿14﴾ |
| 15 আৰু শাৰী শাৰীকৈ ৰখা গাৰুসমূহ, | وَنَمَارِقُ مَصْفُوفَةٌۭ. ﴿15﴾ |
| 16 আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ, | وَزَرَابِىُّ مَبْثُوثَةٌ. ﴿16﴾ |
| 17 ইহঁতে উটৰ পিনে দৃষ্টিপাত নকৰে নেকি, কেনেকৈ তাক সৃষ্টি কৰা হৈছে? | أَفَلَا يَنظُرُونَ إِلَى ٱلْإِبِلِ كَيْفَ خُلِقَتْ. ﴿17﴾ |
| 18 আৰু আকাশৰ ফালে, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰা হৈছে? | وَإِلَى ٱلسَّمَآءِ كَيْفَ رُفِعَتْ. ﴿18﴾ |
| 19 আৰু পৰ্বতসমূহৰ ফালে, সেইবোৰ কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে? | وَإِلَى ٱلْجِبَالِ كَيْفَ نُصِبَتْ. ﴿19﴾ |
| 20 আৰু পৃথিৱীখনৰ ফালে, কিদৰে তাক বিস্তৃত কৰা হৈছে? | وَإِلَى ٱلْأَرْضِ كَيْفَ سُطِحَتْ. ﴿20﴾ |
| 21 এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা, | فَذَكِّرْ إِنَّمَآ أَنتَ مُذَكِّرٌۭ. ﴿21﴾ |
| 22 তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়। | لَّسْتَ عَلَيْهِم بِمُصَيْطِرٍ. ﴿22﴾ |
| 23 কিন্তু কোনোবাই মুখ ঘূৰাই ল’লে অথবা কুফৰী কৰিলে, | إِلَّا مَن تَوَلَّىٰ وَكَفَرَ. ﴿23﴾ |
| 24 তেন্তে আল্লাহে তাক মহাশাস্তি প্ৰদান কৰিব। | فَيُعَذِّبُهُ ٱللَّهُ ٱلْعَذَابَ ٱلْأَكْبَرَ. ﴿24﴾ |
| 25 নিশ্চয় আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। | إِنَّ إِلَيْنَآ إِيَابَهُمْ. ﴿25﴾ |
| 26 আৰু সিহঁতৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব। | ثُمَّ إِنَّ عَلَيْنَا حِسَابَهُم. ﴿26﴾ |