Loading date... | Loading Hijri date... | Loading time...

الفجر

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 ফজৰৰ সময়ৰ শপত, وَٱلْفَجْرِ. ﴿1﴾
2 শপত দহ ৰাতিৰ, وَلَيَالٍ عَشْرٍۢ. ﴿2﴾
3 শপত যোৰ আৰু বিযোৰৰ, وَٱلشَّفْعِ وَٱلْوَتْرِ. ﴿3﴾
4 আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়, وَٱلَّيْلِ إِذَا يَسْرِ. ﴿4﴾
5 বিবেকৱান ব্যক্তিৰ বাবে এইখিনি শপত যথেষ্ট নহয়নে? هَلْ فِى ذَٰلِكَ قَسَمٌۭ لِّذِى حِجْرٍ. ﴿5﴾
6 তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল? أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِعَادٍ. ﴿6﴾
7 ইৰাম গোত্ৰৰ লগত, যিসকল আছিল সুউচ্চ প্ৰাসাদৰ অধিকাৰী? إِرَمَ ذَاتِ ٱلْعِمَادِ. ﴿7﴾
8 যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই; ٱلَّتِى لَمْ يُخْلَقْ مِثْلُهَا فِى ٱلْبِلَٰدِ. ﴿8﴾
9 আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল; وَثَمُودَ ٱلَّذِينَ جَابُوا۟ ٱلصَّخْرَ بِٱلْوَادِ. ﴿9﴾
10 আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল) وَفِرْعَوْنَ ذِى ٱلْأَوْتَادِ. ﴿10﴾
11 যিসকলে দেশত সীমালংঘন কৰিছিল, ٱلَّذِينَ طَغَوْا۟ فِى ٱلْبِلَٰدِ. ﴿11﴾
12 তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল। فَأَكْثَرُوا۟ فِيهَا ٱلْفَسَادَ. ﴿12﴾
13 ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিছিল। فَصَبَّ عَلَيْهِمْ رَبُّكَ سَوْطَ عَذَابٍ. ﴿13﴾
14 নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে। إِنَّ رَبَّكَ لَبِٱلْمِرْصَادِ. ﴿14﴾
15 আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’। فَأَمَّا ٱلْإِنسَٰنُ إِذَا مَا ٱبْتَلَىٰهُ رَبُّهُۥ فَأَكْرَمَهُۥ وَنَعَّمَهُۥ فَيَقُولُ رَبِّىٓ أَكْرَمَنِ. ﴿15﴾
16 আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’। وَأَمَّآ إِذَا مَا ٱبْتَلَىٰهُ فَقَدَرَ عَلَيْهِ رِزْقَهُۥ فَيَقُولُ رَبِّىٓ أَهَٰنَنِ. ﴿16﴾
17 কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা, كَلَّا ۖ بَل لَّا تُكْرِمُونَ ٱلْيَتِيمَ. ﴿17﴾
18 আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উৎসাহিত নকৰা, وَلَا تَحَٰٓضُّونَ عَلَىٰ طَعَامِ ٱلْمِسْكِينِ. ﴿18﴾
19 আৰু তোমালোকে উত্তৰাধিকাৰীৰ প্ৰাপ্য সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা, وَتَأْكُلُونَ ٱلتُّرَاثَ أَكْلًۭا لَّمًّۭا. ﴿19﴾
20 আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা; وَتُحِبُّونَ ٱلْمَالَ حُبًّۭا جَمًّۭا. ﴿20﴾
21 কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব, كَلَّآ إِذَا دُكَّتِ ٱلْأَرْضُ دَكًّۭا دَكًّۭا. ﴿21﴾
22 আৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে উপস্থিত হ’ব, وَجَآءَ رَبُّكَ وَٱلْمَلَكُ صَفًّۭا صَفًّۭا. ﴿22﴾
23 আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কেনেকৈ কামত আহিব? وَجِا۟ىٓءَ يَوْمَئِذٍۭ بِجَهَنَّمَ ۚ يَوْمَئِذٍۢ يَتَذَكَّرُ ٱلْإِنسَٰنُ وَأَنَّىٰ لَهُ ٱلذِّكْرَىٰ. ﴿23﴾
24 (তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোঁহেঁতেন, يَقُولُ يَٰلَيْتَنِى قَدَّمْتُ لِحَيَاتِى. ﴿24﴾
25 সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব। فَيَوْمَئِذٍۢ لَّا يُعَذِّبُ عَذَابَهُۥٓ أَحَدٌۭ. ﴿25﴾
26 আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব। وَلَا يُوثِقُ وَثَاقَهُۥٓ أَحَدٌۭ. ﴿26﴾
27 হে প্ৰশান্ত আত্মা! يَٰٓأَيَّتُهَا ٱلنَّفْسُ ٱلْمُطْمَئِنَّةُ. ﴿27﴾
28 তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ, ٱرْجِعِىٓ إِلَىٰ رَبِّكِ رَاضِيَةًۭ مَّرْضِيَّةًۭ. ﴿28﴾
29 লগতে মোৰ বান্দাসকলৰ অন্তৰ্ভুক্ত হৈ যোৱা, فَٱدْخُلِى فِى عِبَٰدِى. ﴿29﴾
30 আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা। وَٱدْخُلِى جَنَّتِى. ﴿30﴾