Loading date... | Loading Hijri date... | Loading time...

البلد

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 মই শপত কৰিছোঁ এই (মক্কা) নগৰৰ, لَآ أُقْسِمُ بِهَٰذَا ٱلْبَلَدِ. ﴿1﴾
2 আৰু তুমি এই নগৰৰ অধিবাসী, وَأَنتَ حِلٌّۢ بِهَٰذَا ٱلْبَلَدِ. ﴿2﴾
3 শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে তাৰো (শপত)। وَوَالِدٍۢ وَمَا وَلَدَ. ﴿3﴾
4 নিঃসন্দেহে আমি মানুহক সৃষ্টি কৰিছোঁ কঠোৰ দুখ-কষ্টৰ মাজত। لَقَدْ خَلَقْنَا ٱلْإِنسَٰنَ فِى كَبَدٍ. ﴿4﴾
5 সি ভাবে নেকি যে, কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাৱান নহ’ব? أَيَحْسَبُ أَن لَّن يَقْدِرَ عَلَيْهِ أَحَدٌۭ. ﴿5﴾
6 সি কয়, 'মই প্ৰচুৰ ধন-সম্পদ নাশ কৰিছোঁ'। يَقُولُ أَهْلَكْتُ مَالًۭا لُّبَدًا. ﴿6﴾
7 সি ভাবে নেকি যে, কোনেও তাক দেখা নাই? أَيَحْسَبُ أَن لَّمْ يَرَهُۥٓ أَحَدٌ. ﴿7﴾
8 তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে? أَلَمْ نَجْعَل لَّهُۥ عَيْنَيْنِ. ﴿8﴾
9 এখন জিভা আৰু দুখন ওঁঠ? وَلِسَانًۭا وَشَفَتَيْنِ. ﴿9﴾
10 আৰু আমি তাক দেখুৱাইছোঁ দুটা পথ। وَهَدَيْنَٰهُ ٱلنَّجْدَيْنِ. ﴿10﴾
11 কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই। فَلَا ٱقْتَحَمَ ٱلْعَقَبَةَ. ﴿11﴾
12 আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি? وَمَآ أَدْرَىٰكَ مَا ٱلْعَقَبَةُ. ﴿12﴾
13 সেইটো হৈছে, দাসমুক্তি। فَكُّ رَقَبَةٍ. ﴿13﴾
14 অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা, أَوْ إِطْعَٰمٌۭ فِى يَوْمٍۢ ذِى مَسْغَبَةٍۢ. ﴿14﴾
15 নিকটাত্মীয় এতীমক, يَتِيمًۭا ذَا مَقْرَبَةٍ. ﴿15﴾
16 অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক, أَوْ مِسْكِينًۭا ذَا مَتْرَبَةٍۢ. ﴿16﴾
17 লগতে এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হোৱা যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য্য ধাৰণ কৰিবলৈ উপদেশ দিয়ে, লগতে উপদেশ দিয়ে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ; ثُمَّ كَانَ مِنَ ٱلَّذِينَ ءَامَنُوا۟ وَتَوَاصَوْا۟ بِٱلصَّبْرِ وَتَوَاصَوْا۟ بِٱلْمَرْحَمَةِ. ﴿17﴾
18 এওঁলোকেই হৈছে সৌভাগ্যশালী। أُو۟لَٰٓئِكَ أَصْحَٰبُ ٱلْمَيْمَنَةِ. ﴿18﴾
19 আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে দুৰ্ভগীয়া। وَٱلَّذِينَ كَفَرُوا۟ بِـَٔايَٰتِنَا هُمْ أَصْحَٰبُ ٱلْمَشْـَٔمَةِ. ﴿19﴾
20 সিহঁতেই অবৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব। عَلَيْهِمْ نَارٌۭ مُّؤْصَدَةٌۢ. ﴿20﴾