الشمس
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ, | وَٱلشَّمْسِ وَضُحَىٰهَا. ﴿1﴾ |
| 2 শপত চন্দ্ৰৰ, যেতিয়া সূৰ্যৰ পিছত ইয়াৰ আবিৰ্ভাৱ হয়, | وَٱلْقَمَرِ إِذَا تَلَىٰهَا. ﴿2﴾ |
| 3 আৰু দিনৰ শপত, যেতিয়া ই সূৰ্যক প্ৰকাশ কৰে, | وَٱلنَّهَارِ إِذَا جَلَّىٰهَا. ﴿3﴾ |
| 4 ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে, | وَٱلَّيْلِ إِذَا يَغْشَىٰهَا. ﴿4﴾ |
| 5 শপত আকাশৰ আৰু সেই সত্ত্বাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে, | وَٱلسَّمَآءِ وَمَا بَنَىٰهَا. ﴿5﴾ |
| 6 পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে, | وَٱلْأَرْضِ وَمَا طَحَىٰهَا. ﴿6﴾ |
| 7 শপত প্ৰাণৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে, | وَنَفْسٍۢ وَمَا سَوَّىٰهَا. ﴿7﴾ |
| 8 তাৰ পিছত ইয়াক তাৰ সৎকৰ্মৰ আৰু অসৎকৰ্মৰ জ্ঞান দান কৰিছে, | فَأَلْهَمَهَا فُجُورَهَا وَتَقْوَىٰهَا. ﴿8﴾ |
| 9 নিঃসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে। | قَدْ أَفْلَحَ مَن زَكَّىٰهَا. ﴿9﴾ |
| 10 আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে। | وَقَدْ خَابَ مَن دَسَّىٰهَا. ﴿10﴾ |
| 11 ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশতঃ (সত্যক) অস্বীকাৰ কৰিছিল। | كَذَّبَتْ ثَمُودُ بِطَغْوَىٰهَآ. ﴿11﴾ |
| 12 যেতিয়া সিহঁতৰ মাজৰ দুৰ্ভগীয়া ব্যক্তিজন তৎপৰ হৈ উঠিছিল, | إِذِ ٱنۢبَعَثَ أَشْقَىٰهَا. ﴿12﴾ |
| 13 তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক কৈছিল, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'। | فَقَالَ لَهُمْ رَسُولُ ٱللَّهِ نَاقَةَ ٱللَّهِ وَسُقْيَٰهَا. ﴿13﴾ |
| 14 কিন্তু সিহঁতে অস্বীকাৰ কৰিছিল আৰু উটজনীক বধ কৰিছিল। ফলত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিছিল। | فَكَذَّبُوهُ فَعَقَرُوهَا فَدَمْدَمَ عَلَيْهِمْ رَبُّهُم بِذَنۢبِهِمْ فَسَوَّىٰهَا. ﴿14﴾ |
| 15 আৰু তেওঁ ইয়াৰ পৰিণামক কেতিয়াও ভয় নকৰে। | وَلَا يَخَافُ عُقْبَٰهَا. ﴿15﴾ |