الليل
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে, | وَٱلَّيْلِ إِذَا يَغْشَىٰ. ﴿1﴾ |
| 2 শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়, | وَٱلنَّهَارِ إِذَا تَجَلَّىٰ. ﴿2﴾ |
| 3 আৰু শপত সেই সত্ত্বাৰ, যিজনে নৰ আৰু নাৰীক সৃষ্টি কৰিছে। | وَمَا خَلَقَ ٱلذَّكَرَ وَٱلْأُنثَىٰٓ. ﴿3﴾ |
| 4 নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ। | إِنَّ سَعْيَكُمْ لَشَتَّىٰ. ﴿4﴾ |
| 5 এতেকে যিয়ে দান কৰে আৰু তাক্বৱা অৱলম্বন কৰে, | فَأَمَّا مَنْ أَعْطَىٰ وَٱتَّقَىٰ. ﴿5﴾ |
| 6 লগতে যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰে, | وَصَدَّقَ بِٱلْحُسْنَىٰ. ﴿6﴾ |
| 7 শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জান্নাতৰ) সহজ পথ। | فَسَنُيَسِّرُهُۥ لِلْيُسْرَىٰ. ﴿7﴾ |
| 8 আনহাতে যিয়ে কৃপণালি কৰে আৰু নিজকে স্বয়ংসম্পূৰ্ণ বুলি ভাবে, | وَأَمَّا مَنۢ بَخِلَ وَٱسْتَغْنَىٰ. ﴿8﴾ |
| 9 লগতে যি উত্তম তাক অস্বীকাৰ কৰে, | وَكَذَّبَ بِٱلْحُسْنَىٰ. ﴿9﴾ |
| 10 শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জাহান্নামৰ) কঠিন পৰিণামৰ পথ। | فَسَنُيَسِّرُهُۥ لِلْعُسْرَىٰ. ﴿10﴾ |
| 11 যেতিয়া সি ধ্বংস হ’ব, তেতিয়া তাৰ সম্পদ কোনো কামত নাহিব। | وَمَا يُغْنِى عَنْهُ مَالُهُۥٓ إِذَا تَرَدَّىٰٓ. ﴿11﴾ |
| 12 নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে হৈছে আমাৰ কৰ্তব্য। | إِنَّ عَلَيْنَا لَلْهُدَىٰ. ﴿12﴾ |
| 13 নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক। | وَإِنَّ لَنَا لَلْءَاخِرَةَ وَٱلْأُولَىٰ. ﴿13﴾ |
| 14 এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছোঁ। | فَأَنذَرْتُكُمْ نَارًۭا تَلَظَّىٰ. ﴿14﴾ |
| 15 তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি, যিজন হ’ব চৰম দুৰ্ভগীয়া, | لَا يَصْلَىٰهَآ إِلَّا ٱلْأَشْقَى. ﴿15﴾ |
| 16 যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে। | ٱلَّذِى كَذَّبَ وَتَوَلَّىٰ. ﴿16﴾ |
| 17 আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক, | وَسَيُجَنَّبُهَا ٱلْأَتْقَى. ﴿17﴾ |
| 18 যিয়ে আত্মশুদ্ধিৰ বাবে নিজৰ সম্পদ দান কৰে, | ٱلَّذِى يُؤْتِى مَالَهُۥ يَتَزَكَّىٰ. ﴿18﴾ |
| 19 আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব, | وَمَا لِأَحَدٍ عِندَهُۥ مِن نِّعْمَةٍۢ تُجْزَىٰٓ. ﴿19﴾ |
| 20 কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত; | إِلَّا ٱبْتِغَآءَ وَجْهِ رَبِّهِ ٱلْأَعْلَىٰ. ﴿20﴾ |
| 21 আৰু অনতিপলমে তেওঁ সন্তুষ্টি লাভ কৰিব। | وَلَسَوْفَ يَرْضَىٰ. ﴿21﴾ |