Loading date... | Loading Hijri date... | Loading time...

الضحى

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 পূৰ্বাহ্নৰ শপত, وَٱلضُّحَىٰ. ﴿1﴾
2 শপত ৰাতিৰ, যেতিয়া ই অন্ধকাৰাচ্ছন্ন হয়। وَٱلَّيْلِ إِذَا سَجَىٰ. ﴿2﴾
3 তোমাৰ প্ৰতিপালকে তোমাক পৰিত্যাগ কৰা নাই আৰু অসন্তুষ্টও হোৱা নাই। مَا وَدَّعَكَ رَبُّكَ وَمَا قَلَىٰ. ﴿3﴾
4 নিশ্চয় তোমাৰ পৰবৰ্তী সময়, পূৰ্বৱৰ্তী সময়তকৈ উত্তম। وَلَلْءَاخِرَةُ خَيْرٌۭ لَّكَ مِنَ ٱلْأُولَىٰ. ﴿4﴾
5 নিশ্চয় অনতিপলমে তোমাৰ প্ৰতিপালকে তোমাক (এনেকুৱা) অনুগ্ৰহ প্ৰদান কৰিব, যাৰ ফলত তুমি সন্তুষ্ট হ’বা। وَلَسَوْفَ يُعْطِيكَ رَبُّكَ فَتَرْضَىٰٓ. ﴿5﴾
6 তেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিলনে? তাৰ পিছত তেৱেঁই তোমাক আশ্ৰয় দিছে। أَلَمْ يَجِدْكَ يَتِيمًۭا فَـَٔاوَىٰ. ﴿6﴾
7 আৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত, তাৰ পিছত তেৱেঁই তোমাক পথনিৰ্দেশ দিছে। وَوَجَدَكَ ضَآلًّۭا فَهَدَىٰ. ﴿7﴾
8 আৰু তেওঁ তোমাক পাইছিল সম্বলহীন দৰিদ্ৰৰূপে, তাৰ পিছত তেৱেঁই তোমাক অভাৱমুক্ত কৰিছে। وَوَجَدَكَ عَآئِلًۭا فَأَغْنَىٰ. ﴿8﴾
9 এতেকে তুমি এতীমৰ (অনাথৰ) প্ৰতি কঠোৰ নহ’বা। فَأَمَّا ٱلْيَتِيمَ فَلَا تَقْهَرْ. ﴿9﴾
10 আৰু ভিখাৰীক ধমক নিদিবা। وَأَمَّا ٱلسَّآئِلَ فَلَا تَنْهَرْ. ﴿10﴾
11 আৰু তুমি তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ কথা প্ৰচাৰ কৰা। وَأَمَّا بِنِعْمَةِ رَبِّكَ فَحَدِّثْ. ﴿11﴾