Loading date... | Loading Hijri date... | Loading time...

الشرح

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে? أَلَمْ نَشْرَحْ لَكَ صَدْرَكَ. ﴿1﴾
2 আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে? وَوَضَعْنَا عَنكَ وِزْرَكَ. ﴿2﴾
3 যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল, ٱلَّذِىٓ أَنقَضَ ظَهْرَكَ. ﴿3﴾
4 আৰু আমিয়েই তোমাৰ (মৰ্যাদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছোঁ। وَرَفَعْنَا لَكَ ذِكْرَكَ. ﴿4﴾
5 এতেকে দুখৰ লগতেই আছে সুখ فَإِنَّ مَعَ ٱلْعُسْرِ يُسْرًا. ﴿5﴾
6 নিশ্চয় দুখৰ লগতেই আছে সুখ। إِنَّ مَعَ ٱلْعُسْرِ يُسْرًۭا. ﴿6﴾
7 এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা। فَإِذَا فَرَغْتَ فَٱنصَبْ. ﴿7﴾
8 আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা। وَإِلَىٰ رَبِّكَ فَٱرْغَب. ﴿8﴾