التين
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 শপত তীন আৰু যায়তুনৰ, | وَٱلتِّينِ وَٱلزَّيْتُونِ. ﴿1﴾ |
| 2 শপত চিনাই পৰ্বতৰ, | وَطُورِ سِينِينَ. ﴿2﴾ |
| 3 শপত এই নিৰাপদ (মক্কা) নগৰৰ, | وَهَٰذَا ٱلْبَلَدِ ٱلْأَمِينِ. ﴿3﴾ |
| 4 নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছোঁ, | لَقَدْ خَلَقْنَا ٱلْإِنسَٰنَ فِىٓ أَحْسَنِ تَقْوِيمٍۢ. ﴿4﴾ |
| 5 তাৰ পিছত আমি তাক হীনতাৰ একেবাৰে নিম্ন স্তৰত ওভতাই দিছোঁ, | ثُمَّ رَدَدْنَٰهُ أَسْفَلَ سَٰفِلِينَ. ﴿5﴾ |
| 6 কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান। | إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ فَلَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍۢ. ﴿6﴾ |
| 7 এতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলে? | فَمَا يُكَذِّبُكَ بَعْدُ بِٱلدِّينِ. ﴿7﴾ |
| 8 আল্লাহ বিচাৰকসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বিচাৰক নহয়নে? | أَلَيْسَ ٱللَّهُ بِأَحْكَمِ ٱلْحَٰكِمِينَ. ﴿8﴾ |