Loading date... | Loading Hijri date... | Loading time...

العلق

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিজনে সৃষ্টি কৰিছে, ٱقْرَأْ بِٱسْمِ رَبِّكَ ٱلَّذِى خَلَقَ. ﴿1﴾
2 তেওঁ মানুহক আলাক্বৰ (ৰক্তপিণ্ডৰ) পৰা সৃষ্টি কৰিছে। خَلَقَ ٱلْإِنسَٰنَ مِنْ عَلَقٍ. ﴿2﴾
3 পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম। ٱقْرَأْ وَرَبُّكَ ٱلْأَكْرَمُ. ﴿3﴾
4 যিজনে কলমৰ সহায়ত শিক্ষা দিছে। ٱلَّذِى عَلَّمَ بِٱلْقَلَمِ. ﴿4﴾
5 তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল। عَلَّمَ ٱلْإِنسَٰنَ مَا لَمْ يَعْلَمْ. ﴿5﴾
6 বাস্তৱ এই যে, মানুহে সীমালংঘন কৰি থাকে। كَلَّآ إِنَّ ٱلْإِنسَٰنَ لَيَطْغَىٰٓ. ﴿6﴾
7 কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাবে। أَن رَّءَاهُ ٱسْتَغْنَىٰٓ. ﴿7﴾
8 নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন। إِنَّ إِلَىٰ رَبِّكَ ٱلرُّجْعَىٰٓ. ﴿8﴾
9 তুমি তাক দেখা নাইনে? যিয়ে বাধা দিয়ে। أَرَءَيْتَ ٱلَّذِى يَنْهَىٰ. ﴿9﴾
10 এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে। عَبْدًا إِذَا صَلَّىٰٓ. ﴿10﴾
11 কি বুলি ভবা, যদি তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত থাকে, أَرَءَيْتَ إِن كَانَ عَلَى ٱلْهُدَىٰٓ. ﴿11﴾
12 অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে?) أَوْ أَمَرَ بِٱلتَّقْوَىٰٓ. ﴿12﴾
13 তুমি লক্ষ্য কৰিছানে যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়, أَرَءَيْتَ إِن كَذَّبَ وَتَوَلَّىٰٓ. ﴿13﴾
14 (তেন্তে) সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে? أَلَمْ يَعْلَم بِأَنَّ ٱللَّهَ يَرَىٰ. ﴿14﴾
15 সাৱধান! যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক তাৰ আগচুলিত ধৰি টানি আনিম। كَلَّا لَئِن لَّمْ يَنتَهِ لَنَسْفَعًۢا بِٱلنَّاصِيَةِ. ﴿15﴾
16 মিছলীয়া, পাপিষ্ঠ আগচুলি (কপাল)। نَاصِيَةٍۢ كَٰذِبَةٍ خَاطِئَةٍۢ. ﴿16﴾
17 এতেকে সি (যদি) নিজৰ পৰিষদবৰ্গক (মাতিব বিচাৰে তেন্তে) মাতি আনক। فَلْيَدْعُ نَادِيَهُۥ. ﴿17﴾
18 অনতিপলমে আমিও মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক। سَنَدْعُ ٱلزَّبَانِيَةَ. ﴿18﴾
19 সাৱধান! তুমি তাক অনুসৰণ নকৰিবা। তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু (তেওঁৰ) নৈকট্য লাভ কৰা। كَلَّا لَا تُطِعْهُ وَٱسْجُدْ وَٱقْتَرِب ۩. ﴿19﴾