القدر
অসমীয়া Translation with Arabic Quran Text
| অসমীয়া | العربية |
|---|---|
| 1 নিশ্চয় আমি ইয়াক অৱতীৰ্ণ কৰিছোঁ লাইলাতুল ক্বদৰত (মৰ্যাদা পূৰ্ণ ৰাতিত); | إِنَّآ أَنزَلْنَٰهُ فِى لَيْلَةِ ٱلْقَدْرِ. ﴿1﴾ |
| 2 তুমি কি জানিবা লাইলাতুল ক্বদৰ কি? | وَمَآ أَدْرَىٰكَ مَا لَيْلَةُ ٱلْقَدْرِ. ﴿2﴾ |
| 3 লাইলাতুল ক্বদৰ হৈছে এহেজাৰ মাহতকৈও শ্ৰেষ্ঠ। | لَيْلَةُ ٱلْقَدْرِ خَيْرٌۭ مِّنْ أَلْفِ شَهْرٍۢ. ﴿3﴾ |
| 4 সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ (জিব্ৰীল) তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে। | تَنَزَّلُ ٱلْمَلَٰٓئِكَةُ وَٱلرُّوحُ فِيهَا بِإِذْنِ رَبِّهِم مِّن كُلِّ أَمْرٍۢ. ﴿4﴾ |
| 5 শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে (শান্তি বিস্তৃত থাকে)। | سَلَٰمٌ هِىَ حَتَّىٰ مَطْلَعِ ٱلْفَجْرِ. ﴿5﴾ |