Loading date... | Loading Hijri date... | Loading time...

الزلزلة

অসমীয়া Translation with Arabic Quran Text

অসমীয়া العربية
1 পৃথিৱী যেতিয়া প্ৰবল কম্পনত প্ৰকম্পিত হ’ব, إِذَا زُلْزِلَتِ ٱلْأَرْضُ زِلْزَالَهَا. ﴿1﴾
2 আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব, وَأَخْرَجَتِ ٱلْأَرْضُ أَثْقَالَهَا. ﴿2﴾
3 আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল? وَقَالَ ٱلْإِنسَٰنُ مَا لَهَا. ﴿3﴾
4 সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব, يَوْمَئِذٍۢ تُحَدِّثُ أَخْبَارَهَا. ﴿4﴾
5 কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে, بِأَنَّ رَبَّكَ أَوْحَىٰ لَهَا. ﴿5﴾
6 সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায়, يَوْمَئِذٍۢ يَصْدُرُ ٱلنَّاسُ أَشْتَاتًۭا لِّيُرَوْا۟ أَعْمَٰلَهُمْ. ﴿6﴾
7 এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব। فَمَن يَعْمَلْ مِثْقَالَ ذَرَّةٍ خَيْرًۭا يَرَهُۥ. ﴿7﴾
8 আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব। وَمَن يَعْمَلْ مِثْقَالَ ذَرَّةٍۢ شَرًّۭا يَرَهُۥ. ﴿8﴾