Monday, 12 October 2026 Hijri: — 01:25:55 pm
MalayalamQuran.in
Quran translation reader

അൽ ബയ്യിന البينة Al-Bayyinah

Surah 98 മദനിയ്യ • مدنية • Madaniyah 8 ആയത്തുകൾ • 8 Ayahs

സൂറത്ത് അൽ ബയ്യിന (Al-Bayyinah), ഖുർആൻ അധ്യായം 98 — അറബി ആയത്തുകളും অসমীয়া വിവർത്തനവും ഉൾപ്പെടെ 8 ആയത്തുകൾ വായിക്കുക. Read Surah Al-Bayyinah with Arabic text and অসমীয়া translation.

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1

আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে লগতে মুশ্বৰিকসকল, সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ নহালৈকে সিহঁতে বিৰত থাকিবলৈ প্ৰস্তুত নাছিল।

لَمۡ يَكُنِ ٱلَّذِينَ كَفَرُواْ مِنۡ أَهۡلِ ٱلۡكِتَٰبِ وَٱلۡمُشۡرِكِينَ مُنفَكِّينَ حَتَّىٰ تَأۡتِيَهُمُ ٱلۡبَيِّنَةُ ۝١
2

আল্লাহৰ তৰফৰ পৰা এজন ৰাছুল, যিজনে তিলাৱত কৰি শুনাব পৱিত্ৰ পত্ৰসমূহ,

رَسُولٞ مِّنَ ٱللَّهِ يَتۡلُواْ صُحُفٗا مُّطَهَّرَةٗ ۝٢
3

য’ত আছে সঠিক বিধিবদ্ধ বিধান।

فِيهَا كُتُبٞ قَيِّمَةٞ ۝٣
4

আৰু যিসকলক কিতাব দিয়া হৈছিল সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে বিভক্ত হৈছিল।

وَمَا تَفَرَّقَ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ إِلَّا مِنۢ بَعۡدِ مَا جَآءَتۡهُمُ ٱلۡبَيِّنَةُ ۝٤
5

আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে, লগতে যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।

وَمَآ أُمِرُوٓاْ إِلَّا لِيَعۡبُدُواْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ حُنَفَآءَ وَيُقِيمُواْ ٱلصَّلَوٰةَ وَيُؤۡتُواْ ٱلزَّكَوٰةَۚ وَذَٰلِكَ دِينُ ٱلۡقَيِّمَةِ ۝٥
6

নিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে, সিহঁতে আৰু মুশ্বৰিকসকলে জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব; ইহঁতেই হৈছে নিকৃষ্ট সৃষ্টি।

إِنَّ ٱلَّذِينَ كَفَرُواْ مِنۡ أَهۡلِ ٱلۡكِتَٰبِ وَٱلۡمُشۡرِكِينَ فِي نَارِ جَهَنَّمَ خَٰلِدِينَ فِيهَآۚ أُوْلَٰٓئِكَ هُمۡ شَرُّ ٱلۡبَرِيَّةِ ۝٦
7

নিশ্চয় যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ।

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ أُوْلَٰٓئِكَ هُمۡ خَيۡرُ ٱلۡبَرِيَّةِ ۝٧
8

তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ পুৰস্কাৰ হৈছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকে চিৰকাল থাকিব। আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। এই (প্ৰতিদান) তাৰ বাবে, যিয়ে নিজ প্ৰতিপালকক ভয় কৰে।

جَزَآؤُهُمۡ عِندَ رَبِّهِمۡ جَنَّٰتُ عَدۡنٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدٗاۖ رَّضِيَ ٱللَّهُ عَنۡهُمۡ وَرَضُواْ عَنۡهُۚ ذَٰلِكَ لِمَنۡ خَشِيَ رَبَّهُۥ ۝٨