Sunday, 11 October 2026 Hijri: — 08:53:31 pm
MalayalamQuran.in
ജോലിയിൽ നിന്ന് പിരിച്ചുവിട്ടു, നടപടിക്ക് മുൻകൈ എടുത്തയാളുടെ പേരക്കുട്ടിയെ ക്രൂരമായി കൊലപ്പെടുത്തി, മുൻ സെക്യൂരിറ്റി ജീവനക്കാരനായി തെരച്ചിൽ — Asianet News Malayalam മുത്തശ്ശിയുടെ മരണം: ദീപ്കെയ്ക്ക് എല്ലാസഹായവും വാ​ഗ്ദാനം ചെയ്തെന്ന് ഡൽഹി പൊലീസ്; പൊലീസിന്റെ വാദങ്ങൾ തെറ്റെന്ന് ദീപ്കെ, ഫോൺ പോലും നൽകിയില്ല — Asianet News Malayalam തന്റേത് കസ്റ്റഡി ആയിരുന്നില്ല, തട്ടിക്കൊണ്ടുപോകൽ, ഇന്ത്യയിൽ അപ്രഖ്യാപിത അടിയന്തരാവസ്ഥ, രൂക്ഷവിമർശനവുമായി ധ്രുവ് റാഠി — Asianet News Malayalam ജോലിയിൽ നിന്ന് പിരിച്ചുവിട്ടു, നടപടിക്ക് മുൻകൈ എടുത്തയാളുടെ പേരക്കുട്ടിയെ ക്രൂരമായി കൊലപ്പെടുത്തി, മുൻ സെക്യൂരിറ്റി ജീവനക്കാരനായി തെരച്ചിൽ — Asianet News Malayalam മുത്തശ്ശിയുടെ മരണം: ദീപ്കെയ്ക്ക് എല്ലാസഹായവും വാ​ഗ്ദാനം ചെയ്തെന്ന് ഡൽഹി പൊലീസ്; പൊലീസിന്റെ വാദങ്ങൾ തെറ്റെന്ന് ദീപ്കെ, ഫോൺ പോലും നൽകിയില്ല — Asianet News Malayalam തന്റേത് കസ്റ്റഡി ആയിരുന്നില്ല, തട്ടിക്കൊണ്ടുപോകൽ, ഇന്ത്യയിൽ അപ്രഖ്യാപിത അടിയന്തരാവസ്ഥ, രൂക്ഷവിമർശനവുമായി ധ്രുവ് റാഠി — Asianet News Malayalam
Quran translation reader

അൽ ഫജ്റ് الفجر Al-Fajr

Surah 89 മക്കിയ്യ • مكية • Makkiyah 30 ആയത്തുകൾ • 30 Ayahs

സൂറത്ത് അൽ ഫജ്റ് (Al-Fajr), ഖുർആൻ അധ്യായം 89 — അറബി ആയത്തുകളും অসমীয়া വിവർത്തനവും ഉൾപ്പെടെ 30 ആയത്തുകൾ വായിക്കുക. Read Surah Al-Fajr with Arabic text and অসমীয়া translation.

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1

ফজৰৰ সময়ৰ শপত,

وَٱلۡفَجۡرِ ۝١
2

শপত দহ ৰাতিৰ,

وَلَيَالٍ عَشۡرٖ ۝٢
3

শপত যোৰ আৰু বিযোৰৰ,

وَٱلشَّفۡعِ وَٱلۡوَتۡرِ ۝٣
4

আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,

وَٱلَّيۡلِ إِذَا يَسۡرِ ۝٤
5

বিবেকৱান ব্যক্তিৰ বাবে এইখিনি শপত যথেষ্ট নহয়নে?

هَلۡ فِي ذَٰلِكَ قَسَمٞ لِّذِي حِجۡرٍ ۝٥
6

তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল?

أَلَمۡ تَرَ كَيۡفَ فَعَلَ رَبُّكَ بِعَادٍ ۝٦
7

ইৰাম গোত্ৰৰ লগত, যিসকল আছিল সুউচ্চ প্ৰাসাদৰ অধিকাৰী?

إِرَمَ ذَاتِ ٱلۡعِمَادِ ۝٧
8

যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই;

ٱلَّتِي لَمۡ يُخۡلَقۡ مِثۡلُهَا فِي ٱلۡبِلَٰدِ ۝٨
9

আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল;

وَثَمُودَ ٱلَّذِينَ جَابُواْ ٱلصَّخۡرَ بِٱلۡوَادِ ۝٩
10

আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)

وَفِرۡعَوۡنَ ذِي ٱلۡأَوۡتَادِ ۝١٠
11

যিসকলে দেশত সীমালংঘন কৰিছিল,

ٱلَّذِينَ طَغَوۡاْ فِي ٱلۡبِلَٰدِ ۝١١
12

তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।

فَأَكۡثَرُواْ فِيهَا ٱلۡفَسَادَ ۝١٢
13

ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিছিল।

فَصَبَّ عَلَيۡهِمۡ رَبُّكَ سَوۡطَ عَذَابٍ ۝١٣
14

নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে।

إِنَّ رَبَّكَ لَبِٱلۡمِرۡصَادِ ۝١٤
15

আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।

فَأَمَّا ٱلۡإِنسَٰنُ إِذَا مَا ٱبۡتَلَىٰهُ رَبُّهُۥ فَأَكۡرَمَهُۥ وَنَعَّمَهُۥ فَيَقُولُ رَبِّيٓ أَكۡرَمَنِ ۝١٥
16

আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’।

وَأَمَّآ إِذَا مَا ٱبۡتَلَىٰهُ فَقَدَرَ عَلَيۡهِ رِزۡقَهُۥ فَيَقُولُ رَبِّيٓ أَهَٰنَنِ ۝١٦
17

কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা,

كـَلَّاۖ بَل لَّا تُكۡرِمُونَ ٱلۡيَتِيمَ ۝١٧
18

আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উৎসাহিত নকৰা,

وَلَا تَحَٰٓضُّونَ عَلَىٰ طَعَامِ ٱلۡمِسۡكِينِ ۝١٨
19

আৰু তোমালোকে উত্তৰাধিকাৰীৰ প্ৰাপ্য সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা,

وَتَأۡكُلُونَ ٱلتُّرَاثَ أَكۡلٗا لَّمّٗا ۝١٩
20

আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা;

وَتُحِبُّونَ ٱلۡمَالَ حُبّٗا جَمّٗا ۝٢٠
21

কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,

كـَلَّآۖ إِذَا دُكَّتِ ٱلۡأَرۡضُ دَكّٗا دَكّٗا ۝٢١
22

আৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে উপস্থিত হ’ব,

وَجَآءَ رَبُّكَ وَٱلۡمَلَكُ صَفّٗا صَفّٗا ۝٢٢
23

আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কেনেকৈ কামত আহিব?

وَجِاْيٓءَ يَوۡمَئِذِۭ بِجَهَنَّمَۚ يَوۡمَئِذٖ يَتَذَكَّرُ ٱلۡإِنسَٰنُ وَأَنَّىٰ لَهُ ٱلذِّكۡرَىٰ ۝٢٣
24

(তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোঁহেঁতেন,

يَقُولُ يَٰلَيۡتَنِي قَدَّمۡتُ لِحَيَاتِي ۝٢٤
25

সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।

فَيَوۡمَئِذٖ لَّا يُعَذِّبُ عَذَابَهُۥٓ أَحَدٞ ۝٢٥
26

আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।

وَلَا يُوثِقُ وَثَاقَهُۥٓ أَحَدٞ ۝٢٦
27

হে প্ৰশান্ত আত্মা!

يَٰٓأَيَّتُهَا ٱلنَّفۡسُ ٱلۡمُطۡمَئِنَّةُ ۝٢٧
28

তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ,

ٱرۡجِعِيٓ إِلَىٰ رَبِّكِ رَاضِيَةٗ مَّرۡضِيَّةٗ ۝٢٨
29

লগতে মোৰ বান্দাসকলৰ অন্তৰ্ভুক্ত হৈ যোৱা,

فَٱدۡخُلِي فِي عِبَٰدِي ۝٢٩
30

আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।

وَٱدۡخُلِي جَنَّتِي ۝٣٠