Thursday, 13 August 2026 Hijri: 07:52:58 pm
MalayalamQuran.in
അധ്യായം 5. സൂറത്തുല്‍ മാഇദ (Ayath 42-45) കണ്ണിനു കണ്ണ്, കാതിന് കാത് — Islamonweb - : Quranonweb അധ്യായം 5. സൂറത്തുല്‍ മാഇദ (Ayath 37-41) മോഷ്ടിച്ചവന്‍റെ കൈ മുറിക്കണം — Islamonweb - : Quranonweb അധ്യായം 5. സൂറത്തുല്‍ മാഇദ (Ayath 32-36) വസീല - ഗുഹയില്‍ കുടുങ്ങിയ 3 പേര്‍ — Islamonweb - : Quranonweb തഫ്സീറുൽ ബൈളാവി: അവലംബം, ഉള്ളടക്കം, സമീപനംe — Islamonweb - : Tafseer തഫ്സീറുൽ കശ്ശാഫ്: പണ്ഡിതര്‍ എന്ത് പറയുന്നു? — Islamonweb - : Tafseer അൽ ജദീദ് ഫീ ഇഅ്ജാസിൽ ഖുർആൻ: ബൂഥ്വിയൻ ദർശനങ്ങളുടെ വിപ്ലവാത്മക രീതിശാസ്ത്രം — Islamonweb - : Tafseer ഹദീസ്: ഒരു സാമൂഹിക സമീപനം — Islamonweb - : Hadith ഹദീസ് സംരക്ഷണത്തിൽ അഹ്മദ് അലി സഹാറൻപൂരിയുടെ സംഭാവനകള്‍ — Islamonweb - : Hadith ഹദീസ് രംഗത്തെ മലബാറിന്റെ സംഭാവനകള്‍ — Islamonweb - : Hadith ഹംറാ അൽഅസദ്: പതറാത്ത വിശ്വാസത്തിന്റെ ചരിത്രസാക്ഷ്യം — Islamonweb - : Seerahonweb അധ്യായം 5. സൂറത്തുല്‍ മാഇദ (Ayath 42-45) കണ്ണിനു കണ്ണ്, കാതിന് കാത് — Islamonweb - : Quranonweb അധ്യായം 5. സൂറത്തുല്‍ മാഇദ (Ayath 37-41) മോഷ്ടിച്ചവന്‍റെ കൈ മുറിക്കണം — Islamonweb - : Quranonweb അധ്യായം 5. സൂറത്തുല്‍ മാഇദ (Ayath 32-36) വസീല - ഗുഹയില്‍ കുടുങ്ങിയ 3 പേര്‍ — Islamonweb - : Quranonweb തഫ്സീറുൽ ബൈളാവി: അവലംബം, ഉള്ളടക്കം, സമീപനംe — Islamonweb - : Tafseer തഫ്സീറുൽ കശ്ശാഫ്: പണ്ഡിതര്‍ എന്ത് പറയുന്നു? — Islamonweb - : Tafseer അൽ ജദീദ് ഫീ ഇഅ്ജാസിൽ ഖുർആൻ: ബൂഥ്വിയൻ ദർശനങ്ങളുടെ വിപ്ലവാത്മക രീതിശാസ്ത്രം — Islamonweb - : Tafseer ഹദീസ്: ഒരു സാമൂഹിക സമീപനം — Islamonweb - : Hadith ഹദീസ് സംരക്ഷണത്തിൽ അഹ്മദ് അലി സഹാറൻപൂരിയുടെ സംഭാവനകള്‍ — Islamonweb - : Hadith ഹദീസ് രംഗത്തെ മലബാറിന്റെ സംഭാവനകള്‍ — Islamonweb - : Hadith ഹംറാ അൽഅസദ്: പതറാത്ത വിശ്വാസത്തിന്റെ ചരിത്രസാക്ഷ്യം — Islamonweb - : Seerahonweb
Quran translation reader

അൽ ഫുർഖാൻ الفرقان Al-Furqan

Surah 25 മക്കിയ്യ • مكية • Makkiyah 77 ആയത്തുകൾ • 77 Ayahs

സൂറത്ത് അൽ ഫുർഖാൻ (Al-Furqan), ഖുർആൻ അധ്യായം 25 — അറബി ആയത്തുകളും অসমীয়া വിവർത്തനവും ഉൾപ്പെടെ 77 ആയത്തുകൾ വായിക്കുക. Read Surah Al-Furqan with Arabic text and অসমীয়া translation.

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1

অতি কল্যাণময় তেওঁ, যিজনে তেওঁৰ বান্দাৰ ওপৰত ফুৰক্বান অৱতীৰ্ণ কৰিছে, যাতে তেওঁ (ৰ সেই বান্দা) বিশ্বজগতৰ বাবে সতৰ্ককাৰী হ’ব পাৰে।

تَبَارَكَ ٱلَّذِي نَزَّلَ ٱلۡفُرۡقَانَ عَلَىٰ عَبۡدِهِۦ لِيَكُونَ لِلۡعَٰلَمِينَ نَذِيرًا ۝١
2

তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী; তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই; সাৰ্বভৌম ক্ষমতাত তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেইবোৰক যথাযথ অনুপাতত নিৰ্ধাৰণ কৰিছে।

ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَلَمۡ يَتَّخِذۡ وَلَدٗا وَلَمۡ يَكُن لَّهُۥ شَرِيكٞ فِي ٱلۡمُلۡكِ وَخَلَقَ كُلَّ شَيۡءٖ فَقَدَّرَهُۥ تَقۡدِيرٗا ۝٢
3

তথাপিও সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁত নিজেই সৃষ্ট, আনকি সিহঁতে নিজৰ অপকাৰ বা উপকাৰ কৰাৰো ক্ষমতা নাৰাখে। লগতে মৃত্যু, জীৱন আৰু পুনৰুত্থানতো সিহঁতৰ কোনো অধিকাৰ নাই।

وَٱتَّخَذُواْ مِن دُونِهِۦٓ ءَالِهَةٗ لَّا يَخۡلُقُونَ شَيۡـٔٗا وَهُمۡ يُخۡلَقُونَ وَلَا يَمۡلِكُونَ لِأَنفُسِهِمۡ ضَرّٗا وَلَا نَفۡعٗا وَلَا يَمۡلِكُونَ مَوۡتٗا وَلَا حَيَوٰةٗ وَلَا نُشُورٗا ۝٣
4

আৰু কাফিৰসকলে কয়, ‘এইখন মিছা কথাৰ বাহিৰে আন একো নহয়, এইখন তেওঁ নিজেই ৰচনা কৰিছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহে তেওঁক এই বিষয়ত সহায় কৰিছে’। এইদৰে কাফিৰসকলে অন্যায় কৰে আৰু মিছা কথা বিয়পায়।

وَقَالَ ٱلَّذِينَ كَفَرُوٓاْ إِنۡ هَٰذَآ إِلَّآ إِفۡكٌ ٱفۡتَرَىٰهُ وَأَعَانَهُۥ عَلَيۡهِ قَوۡمٌ ءَاخَرُونَۖ فَقَدۡ جَآءُو ظُلۡمٗا وَزُورٗا ۝٤
5

সিহঁতে আৰু কয়, ‘এইবোৰ হৈছে প্ৰাচীনকালৰ উপকথা, যিবোৰ তেওঁ লিখোৱাই লৈছে; তাৰ পিছত এইবোৰ পুৱা-গধূলি তেওঁৰ ওচৰত পাঠ কৰা হয়’।

وَقَالُوٓاْ أَسَٰطِيرُ ٱلۡأَوَّلِينَ ٱكۡتَتَبَهَا فَهِيَ تُمۡلَىٰ عَلَيۡهِ بُكۡرَةٗ وَأَصِيلٗا ۝٥
6

কোৱা, ‘এইখন সেই সত্ত্বাই অৱতীৰ্ণ কৰিছে যিজনে আকাশসমূহ আৰু পৃথিৱীৰ সমুদায় ৰহস্য সম্পৰ্কে অৱগত; নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।

قُلۡ أَنزَلَهُ ٱلَّذِي يَعۡلَمُ ٱلسِّرَّ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ إِنَّهُۥ كَانَ غَفُورٗا رَّحِيمٗا ۝٦
7

সিহঁতে আৰু কয়, ‘এওঁ কেনেকুৱা ৰাছুল, যিয়ে খোৱা-বোৱা কৰে আকৌ হাট-বজাৰতো চলাফুৰা কৰে; তেওঁৰ ওচৰলৈ কোনো ফিৰিস্তা অৱতীৰ্ণ কৰা নহ’ল কিয়, যিয়ে তেওঁৰ সৈতে সতৰ্ককাৰী হিচাপে থাকিলেহেঁতেন?

وَقَالُواْ مَالِ هَٰذَا ٱلرَّسُولِ يَأۡكُلُ ٱلطَّعَامَ وَيَمۡشِي فِي ٱلۡأَسۡوَاقِ لَوۡلَآ أُنزِلَ إِلَيۡهِ مَلَكٞ فَيَكُونَ مَعَهُۥ نَذِيرًا ۝٧
8

‘অথবা তেওঁৰ ওচৰলৈ কোনো ধন-ভাণ্ডাৰ নাহিল কিয়, নাইবা তেওঁৰ কাৰণে এটা বাগান নহয় কিয়, য’ৰ পৰা তেওঁ খাব পাৰিলেহেঁতেন?’ যালিমসকলে আৰু কয়, ‘তোমালোকে কেৱল এজন যাদুগ্ৰস্ত ব্যক্তিকহে অনুসৰণ কৰি আছা’।

أَوۡ يُلۡقَىٰٓ إِلَيۡهِ كَنزٌ أَوۡ تَكُونُ لَهُۥ جَنَّةٞ يَأۡكُلُ مِنۡهَاۚ وَقَالَ ٱلظَّٰلِمُونَ إِن تَتَّبِعُونَ إِلَّا رَجُلٗا مَّسۡحُورًا ۝٨
9

চোৱা, সিহঁতে তোমাৰ বাবে কেনেকুৱা (যুক্তিহীন) উপমা দাঙি ধৰিছে! ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, গতিকে সিহঁতে সুপথ পাবলৈ কেতিয়াও সক্ষম নহয়।

ٱنظُرۡ كَيۡفَ ضَرَبُواْ لَكَ ٱلۡأَمۡثَٰلَ فَضَلُّواْ فَلَا يَسۡتَطِيعُونَ سَبِيلٗا ۝٩
10

তেওঁ অতি বৰকতময়, তেওঁ ইচ্ছা কৰিলে তোমাক ইয়াতকৈও উৎকৃষ্ট বস্তু প্ৰদান কৰিব পাৰে— এনেকুৱা উদ্যান, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, লগতে তেওঁ তোমাক দিব পাৰে প্ৰাসাদসমূহ!

تَبَارَكَ ٱلَّذِيٓ إِن شَآءَ جَعَلَ لَكَ خَيۡرٗا مِّن ذَٰلِكَ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ وَيَجۡعَل لَّكَ قُصُورَۢا ۝١٠
11

বৰং সিহঁতে কিয়ামতক অস্বীকাৰ কৰিছে। এতেকে যিয়ে কিয়ামতক অস্বীকাৰ কৰে আমি তাৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জলন্ত জুই।

بَلۡ كَذَّبُواْ بِٱلسَّاعَةِۖ وَأَعۡتَدۡنَا لِمَن كَذَّبَ بِٱلسَّاعَةِ سَعِيرًا ۝١١
12

দূৰৰ পৰা জুইয়ে যেতিয়া সিহঁতক দেখিব, তেতিয়া সিহঁতে তাৰ ক্ৰুদ্ধ তৰ্জন-গৰ্জন আৰু প্ৰচণ্ড হুংকাৰ শুনিবলৈ পাব।

إِذَا رَأَتۡهُم مِّن مَّكَانِۭ بَعِيدٖ سَمِعُواْ لَهَا تَغَيُّظٗا وَزَفِيرٗا ۝١٢
13

আৰু যেতিয়া সিহঁতক ডিঙিত হাত মেৰিয়াই শৃংখলিত অৱস্থাত তাৰ (জাহান্নামৰ) কোনো সংকীৰ্ণ স্থানত নিক্ষেপ কৰা হ’ব, তেতিয়া সিহঁতে তাত ধ্বংস কামনা কৰিব।

وَإِذَآ أُلۡقُواْ مِنۡهَا مَكَانٗا ضَيِّقٗا مُّقَرَّنِينَ دَعَوۡاْ هُنَالِكَ ثُبُورٗا ۝١٣
14

(কোৱা হ’ব) ‘আজি তোমালোকে এটা ধ্বংসক নহয়, বৰং বহু ধ্বংসক আহ্বান কৰা’।

لَّا تَدۡعُواْ ٱلۡيَوۡمَ ثُبُورٗا وَٰحِدٗا وَٱدۡعُواْ ثُبُورٗا كَثِيرٗا ۝١٤
15

(সিহঁতক) সোধা, ‘এইটোৱে ভাল, নে সেই স্থায়ী জান্নাত ভাল, যাৰ প্ৰতিশ্ৰুতি মুত্তাক্বীসকলক দিয়া হৈছে’? যিটো হ’ব তেওঁলোকৰ প্ৰতিদান আৰু প্ৰত্যাৱৰ্তনস্থল।

قُلۡ أَذَٰلِكَ خَيۡرٌ أَمۡ جَنَّةُ ٱلۡخُلۡدِ ٱلَّتِي وُعِدَ ٱلۡمُتَّقُونَۚ كَانَتۡ لَهُمۡ جَزَآءٗ وَمَصِيرٗا ۝١٥
16

তাত তেওঁলোকে চিৰকাল বসবাস কৰিব আৰু যিটো কামনা কৰিব সেইটোৱে পাব; এই প্ৰতিশ্ৰুতি পূৰণ কৰাটো তোমাৰ প্ৰতিপালকৰ দায়িত্ব।

لَّهُمۡ فِيهَا مَا يَشَآءُونَ خَٰلِدِينَۚ كَانَ عَلَىٰ رَبِّكَ وَعۡدٗا مَّسۡـُٔولٗا ۝١٦
17

আৰু সেইদিনা তেওঁ সিহঁতক (কাফিৰসকলক) আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক উপাসনা কৰিছিল সেইবোৰকো একত্ৰিত কৰিব, তাৰ পিছত তেওঁ প্ৰশ্ন কৰিব, ‘তোমালোকেই মোৰ এই বান্দাসকলক বিভ্ৰান্ত কৰিছিলা নেকি, নে সিহঁত নিজেই বিভ্ৰান্ত হৈছিল’?

وَيَوۡمَ يَحۡشُرُهُمۡ وَمَا يَعۡبُدُونَ مِن دُونِ ٱللَّهِ فَيَقُولُ ءَأَنتُمۡ أَضۡلَلۡتُمۡ عِبَادِي هَٰٓؤُلَآءِ أَمۡ هُمۡ ضَلُّواْ ٱلسَّبِيلَ ۝١٧
18

সিহঁতে ক’ব, ‘তুমি পৱিত্ৰ আৰু মহান! তোমাৰ বাহিৰে আন কাৰোবাক অভিভাৱকৰূপে গ্ৰহণ কৰাটো আমাৰ বাবে কেতিয়াও উচিত নহয়, বৰং তুমিয়েই সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ-সম্ভাৰ প্ৰদান কৰিছিলা, ফলত সিহঁতে (তোমাৰ) স্মৰণ পাহৰি গৈছিল আৰু ধ্বংসপ্ৰাপ্ত সম্প্ৰদায়ত পৰিণত হৈছিল’।

قَالُواْ سُبۡحَٰنَكَ مَا كَانَ يَنۢبَغِي لَنَآ أَن نَّتَّخِذَ مِن دُونِكَ مِنۡ أَوۡلِيَآءَ وَلَٰكِن مَّتَّعۡتَهُمۡ وَءَابَآءَهُمۡ حَتَّىٰ نَسُواْ ٱلذِّكۡرَ وَكَانُواْ قَوۡمَۢا بُورٗا ۝١٨
19

(আল্লাহে মুশ্বৰিকসকলক ক’ব) ‘এতেকে তোমালোকে যি কৈছিলা তাক সিহঁতে মিছা সাব্যস্ত কৰিছে। সেয়ে তোমালোকে এতিয়া শাস্তি প্ৰতিৰোধ কৰিব নোৱাৰিবা আৰু সহায়ো নাপাবা। তোমালোকৰ মাজৰ যিয়ে যুলুম তথা শ্বিৰ্ক কৰে আমি তাক মহাশাস্তিৰ স্বাদ উপভোগ কৰাম’।

فَقَدۡ كَذَّبُوكُم بِمَا تَقُولُونَ فَمَا تَسۡتَطِيعُونَ صَرۡفٗا وَلَا نَصۡرٗاۚ وَمَن يَظۡلِم مِّنكُمۡ نُذِقۡهُ عَذَابٗا كَبِيرٗا ۝١٩
20

আৰু আমি তোমাৰ পূৰ্বে যিমানবোৰ ৰাছুল প্ৰেৰণ কৰিছোঁ, তেওঁলোক আটায়ে খোৱা-বোৱা কৰিছিল আৰু হাট-বজাৰতো চলা-ফুৰা কৰিছিল। (হে মানৱ!) আমি তোমালোকৰ এজনক আনজনৰ বাবে পৰীক্ষা বনাই দিছোঁ। তোমালোকে ধৈৰ্য্য ধাৰণ কৰিবানে? আৰু তোমাৰ প্ৰতিপালক সৰ্ব দ্ৰষ্টা।

وَمَآ أَرۡسَلۡنَا قَبۡلَكَ مِنَ ٱلۡمُرۡسَلِينَ إِلَّآ إِنَّهُمۡ لَيَأۡكُلُونَ ٱلطَّعَامَ وَيَمۡشُونَ فِي ٱلۡأَسۡوَاقِۗ وَجَعَلۡنَا بَعۡضَكُمۡ لِبَعۡضٖ فِتۡنَةً أَتَصۡبِرُونَۗ وَكَانَ رَبُّكَ بَصِيرٗا ۝٢٠
21

আৰু যিসকলে আমাৰ সাক্ষাৎ কামনা নকৰে সিহঁতে কয়, ‘আমাৰ ওচৰলৈ ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহয়, অথবা আমি আমাৰ প্ৰতিপালকক দেখা নাপাওঁ কিয়’? নিশ্চয় সিহঁতে সিহঁতৰ অন্তৰত অহংকাৰ পোষণ কৰিছে আৰু সিহঁতে জঘন্যভাৱে সীমালংঘন কৰিছে।

۞ وَقَالَ ٱلَّذِينَ لَا يَرۡجُونَ لِقَآءَنَا لَوۡلَآ أُنزِلَ عَلَيۡنَا ٱلۡمَلَٰٓئِكَةُ أَوۡ نَرَىٰ رَبَّنَاۗ لَقَدِ ٱسۡتَكۡبَرُواْ فِيٓ أَنفُسِهِمۡ وَعَتَوۡ عُتُوّٗا كَبِيرٗا ۝٢١
22

যিদিনা সিহঁতে ফিৰিস্তাসকলক দেখিবলৈ পাব সেইদিনা অপৰাধীসকলৰ বাবে কোনো সুসংবাদ নাথাকিব আৰু সিহঁতে ক’ব, ‘ৰক্ষা কৰা, ৰক্ষা কৰা’।

يَوۡمَ يَرَوۡنَ ٱلۡمَلَٰٓئِكَةَ لَا بُشۡرَىٰ يَوۡمَئِذٖ لِّلۡمُجۡرِمِينَ وَيَقُولُونَ حِجۡرٗا مَّحۡجُورٗا ۝٢٢
23

আৰু আমি সিহঁতৰ কৃতকৰ্মৰ প্ৰতি অগ্ৰসৰ হৈ সেইবোৰক বিক্ষিপ্ত ধূলিকণাত পৰিণত (কৰি নিষ্ফল) কৰিম।

وَقَدِمۡنَآ إِلَىٰ مَا عَمِلُواْ مِنۡ عَمَلٖ فَجَعَلۡنَٰهُ هَبَآءٗ مَّنثُورًا ۝٢٣
24

সেইদিনা জান্নাতবাসীসকলৰ বাসস্থান হ'ব উৎকৃষ্ট আৰু বিশ্ৰামস্থল হ’ব মনোৰম।

أَصۡحَٰبُ ٱلۡجَنَّةِ يَوۡمَئِذٍ خَيۡرٞ مُّسۡتَقَرّٗا وَأَحۡسَنُ مَقِيلٗا ۝٢٤
25

আৰু সেইদিনা মেঘপুঞ্জৰ দ্বাৰা আকাশ বিদীৰ্ণ হ'ব আৰু দলে দলে ফিৰিস্তাসকলক অৱতীৰ্ণ কৰোৱা হ’ব।

وَيَوۡمَ تَشَقَّقُ ٱلسَّمَآءُ بِٱلۡغَمَٰمِ وَنُزِّلَ ٱلۡمَلَٰٓئِكَةُ تَنزِيلًا ۝٢٥
26

সেইদিনা চূড়ান্ত কৰ্তৃত্ব হ’ব কেৱল ৰহমানৰ আৰু কাফিৰসকলৰ বাবে সেইদিনটো হ’ব অত্যন্ত কঠিন।

ٱلۡمُلۡكُ يَوۡمَئِذٍ ٱلۡحَقُّ لِلرَّحۡمَٰنِۚ وَكَانَ يَوۡمًا عَلَى ٱلۡكَٰفِرِينَ عَسِيرٗا ۝٢٦
27

সেইদিনা যালিম ব্যক্তিয়ে নিজৰে দুহাত কামুৰি কামুৰি ক’ব, ‘হায়! মই যদি ৰাছুলৰ সৈতে কোনো পথ অৱলম্বন কৰিলোঁহেঁতেন!’

وَيَوۡمَ يَعَضُّ ٱلظَّالِمُ عَلَىٰ يَدَيۡهِ يَقُولُ يَٰلَيۡتَنِي ٱتَّخَذۡتُ مَعَ ٱلرَّسُولِ سَبِيلٗا ۝٢٧
28

হায়! দুৰ্ভাগ্য মোৰ, অমুকক যদি মই বন্ধুৰূপে গ্ৰহণ নকৰিলোঁহেঁতেন!

يَٰوَيۡلَتَىٰ لَيۡتَنِي لَمۡ أَتَّخِذۡ فُلَانًا خَلِيلٗا ۝٢٨
29

নিশ্চয় সিয়ে মোক উপদেশ বাণীৰ পৰা বিভ্ৰান্ত কৰিছিল, যেতিয়া মোৰ ওচৰলৈ উপদেশ আহিছিল; আৰু চয়তানতো মানুহৰ বাবে মহাপ্ৰতাৰক।

لَّقَدۡ أَضَلَّنِي عَنِ ٱلذِّكۡرِ بَعۡدَ إِذۡ جَآءَنِيۗ وَكَانَ ٱلشَّيۡطَٰنُ لِلۡإِنسَٰنِ خَذُولٗا ۝٢٩
30

আৰু ৰাছুলে ক’ব, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰআনক পৰিত্যজ সাব্যস্ত কৰিছে’।

وَقَالَ ٱلرَّسُولُ يَٰرَبِّ إِنَّ قَوۡمِي ٱتَّخَذُواْ هَٰذَا ٱلۡقُرۡءَانَ مَهۡجُورٗا ۝٣٠
31

(আল্লাহে কৈছে) ‘এইদৰেই আমি প্ৰত্যেক নবীৰ বাবে অপৰাধীবিলাকৰ মাজৰ পৰা শত্ৰু বনাই দিছোঁ। এতেকে পথপ্ৰদৰ্শক আৰু সহায়কাৰীৰূপে তোমাৰ প্ৰতিপালকেই যথেষ্ট’।

وَكَذَٰلِكَ جَعَلۡنَا لِكُلِّ نَبِيٍّ عَدُوّٗا مِّنَ ٱلۡمُجۡرِمِينَۗ وَكَفَىٰ بِرَبِّكَ هَادِيٗا وَنَصِيرٗا ۝٣١
32

আৰু কাফিৰসকলে কয়, ‘সম্পূৰ্ণ কোৰআনখন তেওঁৰ প্ৰতি একেলগে অৱতীৰ্ণ কৰা নহ’ল কিয়’? (শুনা) এইদৰে অৱতীৰ্ণ কৰাৰ কাৰণ হৈছে যাতে তোমাৰ হৃদয়ক আমি ইয়াৰ দ্বাৰা মজবুত কৰিব পাৰোঁ, সেয়ে আমি ইয়াক ক্ৰমে ক্ৰমে স্পষ্টভাৱে আবৃত্তি কৰিছোঁ।

وَقَالَ ٱلَّذِينَ كَفَرُواْ لَوۡلَا نُزِّلَ عَلَيۡهِ ٱلۡقُرۡءَانُ جُمۡلَةٗ وَٰحِدَةٗۚ كَذَٰلِكَ لِنُثَبِّتَ بِهِۦ فُؤَادَكَۖ وَرَتَّلۡنَٰهُ تَرۡتِيلٗا ۝٣٢
33

আৰু সিহঁতে তোমাৰ ওচৰলৈ যি বিষয়েই লৈ নাহক কিয়, আমি সেইটোৰ সঠিক সমাধান আৰু সুন্দৰ ব্যাখ্যা তোমাৰ ওচৰলৈ আনিছোঁ।

وَلَا يَأۡتُونَكَ بِمَثَلٍ إِلَّا جِئۡنَٰكَ بِٱلۡحَقِّ وَأَحۡسَنَ تَفۡسِيرًا ۝٣٣
34

যিসকলক উবুৰি খুৱাই জাহান্নামৰ পিনে একত্ৰিত কৰা হ’ব, মৰ্যাদাৰ দিশৰ পৰা সিহঁত অতি নিকৃষ্ট আৰু অধিক পথভ্ৰষ্ট।

ٱلَّذِينَ يُحۡشَرُونَ عَلَىٰ وُجُوهِهِمۡ إِلَىٰ جَهَنَّمَ أُوْلَٰٓئِكَ شَرّٞ مَّكَانٗا وَأَضَلُّ سَبِيلٗا ۝٣٤
35

নিশ্চয় আমিয়েই মুছাক কিতাব প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ লগত তেওঁৰ ভাতৃ হাৰূনক সহায়কাৰী হিচাপে নিযুক্ত কৰিছিলোঁ।

وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ وَجَعَلۡنَا مَعَهُۥٓ أَخَاهُ هَٰرُونَ وَزِيرٗا ۝٣٥
36

তাৰ পিছত আমি কৈছিলোঁ, ‘তোমালোকে সেই সম্প্ৰদায়ৰ ওচৰলৈ যোৱা যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছে’। ফলত আমি সিহঁতক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছিলোঁ;

فَقُلۡنَا ٱذۡهَبَآ إِلَى ٱلۡقَوۡمِ ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَا فَدَمَّرۡنَٰهُمۡ تَدۡمِيرٗا ۝٣٦
37

আৰু নূহ সম্প্ৰদায়কো (ধ্বংস কৰিছিলোঁ), যেতিয়া সিহঁতে ৰাছুলসকলক অস্বীকাৰ কৰিছিল, তেতিয়া আমি সিহঁতক ডুবাই মাৰিছিলোঁ আৰু সিহঁতক মানুহৰ বাবে নিদৰ্শন বনাই দিছোঁ। আমি যালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ যন্ত্ৰণাদায়ক শাস্তি।

وَقَوۡمَ نُوحٖ لَّمَّا كَذَّبُواْ ٱلرُّسُلَ أَغۡرَقۡنَٰهُمۡ وَجَعَلۡنَٰهُمۡ لِلنَّاسِ ءَايَةٗۖ وَأَعۡتَدۡنَا لِلظَّٰلِمِينَ عَذَابًا أَلِيمٗا ۝٣٧
38

আৰু আমি ধ্বংস কৰিছিলোঁ আদ, ছামূদ, ৰাছ’ৰ অধিবাসীবিলাকক, লগতে সিহঁতৰ মধ্যৱৰ্তী সময়ৰ বহু প্ৰজন্মকো।

وَعَادٗا وَثَمُودَاْ وَأَصۡحَٰبَ ٱلرَّسِّ وَقُرُونَۢا بَيۡنَ ذَٰلِكَ كَثِيرٗا ۝٣٨
39

আমি সিহঁতৰ প্ৰত্যেকৰে বাবে দৃষ্টান্ত বৰ্ণনা কৰিছিলোঁ আৰু সিহঁতবোৰক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলোঁ।

وَكُلّٗا ضَرَبۡنَا لَهُ ٱلۡأَمۡثَٰلَۖ وَكُلّٗا تَبَّرۡنَا تَتۡبِيرٗا ۝٣٩
40

নিশ্চয় এই কাফিৰবিলাকে সেই জনপদৰ মাজেৰেই অহা-যোৱা কৰে যাৰ ওপৰত বৰ্ষিত হৈছিল অকল্যাণৰ বৃষ্টি, তেন্তে সিহঁতে সেইবোৰ দেখা নাপায় নে? দৰাচলতে সিহঁতে পুনৰুত্থানৰ প্ৰত্যাশাই নকৰে।

وَلَقَدۡ أَتَوۡاْ عَلَى ٱلۡقَرۡيَةِ ٱلَّتِيٓ أُمۡطِرَتۡ مَطَرَ ٱلسَّوۡءِۚ أَفَلَمۡ يَكُونُواْ يَرَوۡنَهَاۚ بَلۡ كَانُواْ لَا يَرۡجُونَ نُشُورٗا ۝٤٠
41

আৰু সিহঁতে যেতিয়া তোমাক দেখে, তেতিয়া সিহঁতে তোমাক কেৱল হাঁহিয়াতৰ পাত্ৰৰূপেহে গণ্য কৰে, (আৰু কয়,) ‘এওঁৱেই নেকি সেইজন, যাক আল্লাহে ৰাছুল কৰি পঠাইছে’?

وَإِذَا رَأَوۡكَ إِن يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَٰذَا ٱلَّذِي بَعَثَ ٱللَّهُ رَسُولًا ۝٤١
42

‘এওঁ নিশ্চয় আমাক আমাৰ উপাস্যবোৰৰ পৰা আঁতৰ কৰি দিলেহেঁতেন, যদি আমি সিহঁতৰ প্ৰতি অবিচল নাথাকিলোঁহেঁতেন’। যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়াহে জানিব পাৰিব কোন অধিক পথভ্ৰষ্ট।

إِن كَادَ لَيُضِلُّنَا عَنۡ ءَالِهَتِنَا لَوۡلَآ أَن صَبَرۡنَا عَلَيۡهَاۚ وَسَوۡفَ يَعۡلَمُونَ حِينَ يَرَوۡنَ ٱلۡعَذَابَ مَنۡ أَضَلُّ سَبِيلًا ۝٤٢
43

তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে নিজৰ প্ৰবৃত্তিক ইলাহৰূপে গ্ৰহণ কৰিছে? তথাপিও তুমি তাৰ দায়িত্ব গ্ৰহণ কৰিবানে?

أَرَءَيۡتَ مَنِ ٱتَّخَذَ إِلَٰهَهُۥ هَوَىٰهُ أَفَأَنتَ تَكُونُ عَلَيۡهِ وَكِيلًا ۝٤٣
44

অথবা তুমি ভবা নেকি যে সিহঁতৰ অধিকাংশই শুনা পায় বা বুজি পায়? প্ৰকৃততে সিহঁত হৈছে পশুৰ দৰে; বৰং সিহঁত ইয়াতকৈও অধিক পথভ্ৰষ্ট।

أَمۡ تَحۡسَبُ أَنَّ أَكۡثَرَهُمۡ يَسۡمَعُونَ أَوۡ يَعۡقِلُونَۚ إِنۡ هُمۡ إِلَّا كَٱلۡأَنۡعَٰمِ بَلۡ هُمۡ أَضَلُّ سَبِيلًا ۝٤٤
45

তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি লক্ষ্য নকৰা নেকি, চোৱাচোন তেওঁ কেনেকৈ ছাঁ সম্প্ৰসাৰিত কৰে? তেওঁ ইচ্ছা কৰিলে ইয়াক স্থিৰ ৰাখিব পাৰিলেহেঁতেন; পিছে আমি সূৰ্যক ইয়াৰ নিৰ্দেশক কৰি দিছোঁ।

أَلَمۡ تَرَ إِلَىٰ رَبِّكَ كَيۡفَ مَدَّ ٱلظِّلَّ وَلَوۡ شَآءَ لَجَعَلَهُۥ سَاكِنٗا ثُمَّ جَعَلۡنَا ٱلشَّمۡسَ عَلَيۡهِ دَلِيلٗا ۝٤٥
46

তাৰ পিছত আমি ইয়াক লাহে লাহে চপাই আনো।

ثُمَّ قَبَضۡنَٰهُ إِلَيۡنَا قَبۡضٗا يَسِيرٗا ۝٤٦
47

আৰু তেৱেঁই তোমালোকৰ বাবে ৰাতিক কৰিছে আৱৰণস্বৰূপ, আৰু টোপনি প্ৰদান কৰিছে বিশ্ৰামৰ বাবে, লগতে সজাগ হৈ উঠিবলৈ সৃষ্টি কৰিছে দিন।

وَهُوَ ٱلَّذِي جَعَلَ لَكُمُ ٱلَّيۡلَ لِبَاسٗا وَٱلنَّوۡمَ سُبَاتٗا وَجَعَلَ ٱلنَّهَارَ نُشُورٗا ۝٤٧
48

আৰু তেৱেঁই সুসংবাদবাহীৰূপে বতাহ প্ৰেৰণ কৰে তেওঁৰ ৰহমতৰ বৰষুণৰ পূৰ্বে; আৰু আমিয়েই আকাশৰ পৰা পৱিত্ৰ পানী বৰ্ষণ কৰোঁ,

وَهُوَ ٱلَّذِيٓ أَرۡسَلَ ٱلرِّيَٰحَ بُشۡرَۢا بَيۡنَ يَدَيۡ رَحۡمَتِهِۦۚ وَأَنزَلۡنَا مِنَ ٱلسَّمَآءِ مَآءٗ طَهُورٗا ۝٤٨
49

যাতে তাৰ দ্বাৰা আমি মৃত ভূ-খণ্ডক সঞ্জীৱিত কৰিব পাৰোঁ, আৰু আমি যিবোৰ জীৱ-জন্তু আৰু মানুহ সৃষ্টি কৰিছোঁ, তাৰ মাজৰ বহুতকে আমি সেয়া পান কৰাওঁ,

لِّنُحۡـِۧيَ بِهِۦ بَلۡدَةٗ مَّيۡتٗا وَنُسۡقِيَهُۥ مِمَّا خَلَقۡنَآ أَنۡعَٰمٗا وَأَنَاسِيَّ كَثِيرٗا ۝٤٩
50

নিশ্চয় আমি ইয়াক সিহঁতৰ মাজত বন্টন কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে। তথাপিও অধিকাংশ লোকে কেৱল অকৃতজ্ঞতাই প্ৰকাশ কৰে।

وَلَقَدۡ صَرَّفۡنَٰهُ بَيۡنَهُمۡ لِيَذَّكَّرُواْ فَأَبَىٰٓ أَكۡثَرُ ٱلنَّاسِ إِلَّا كُفُورٗا ۝٥٠
51

আৰু আমি ইচ্ছা কৰিলে প্ৰতিটো জনপদতেই একোজনকৈ সতৰ্ককাৰী পঠাব পাৰিলোঁহেঁতেন।

وَلَوۡ شِئۡنَا لَبَعَثۡنَا فِي كُلِّ قَرۡيَةٖ نَّذِيرٗا ۝٥١
52

গতিকে তুমি কাফিৰসকলৰ আনুগত্য নকৰিবা আৰু তুমি কোৰআনৰ সহায়ত সিহঁতৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম চলাই যোৱা।

فَلَا تُطِعِ ٱلۡكَٰفِرِينَ وَجَٰهِدۡهُم بِهِۦ جِهَادٗا كَبِيرٗا ۝٥٢
53

আৰু তেৱেঁই দুখন সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ (পানী) সুস্বাদু মিঠা আৰু আনখনৰ লুণীয়া, কেহেটা; আৰু তেওঁ উভয়ৰ মাজত ৰাখি দিছে এটা অন্তৰায়, যিটো অনতিক্ৰম্য ব্যৱধান।

۞ وَهُوَ ٱلَّذِي مَرَجَ ٱلۡبَحۡرَيۡنِ هَٰذَا عَذۡبٞ فُرَاتٞ وَهَٰذَا مِلۡحٌ أُجَاجٞ وَجَعَلَ بَيۡنَهُمَا بَرۡزَخٗا وَحِجۡرٗا مَّحۡجُورٗا ۝٥٣
54

আৰু তেৱেঁই মানুহক পানীৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ তাক বংশগত আৰু বৈবাহিক সম্পৰ্কশীল কৰিছে। কাৰণ তোমাৰ প্ৰতিপালক সৰ্বশক্তিমান ।

وَهُوَ ٱلَّذِي خَلَقَ مِنَ ٱلۡمَآءِ بَشَرٗا فَجَعَلَهُۥ نَسَبٗا وَصِهۡرٗاۗ وَكَانَ رَبُّكَ قَدِيرٗا ۝٥٤
55

আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনেকুৱা কিছুমানৰ ইবাদত কৰে যিবোৰে সিহঁতৰ উপকাৰো কৰিব নোৱাৰে আৰু সিহঁতৰ অপকাৰো কৰিব নোৱাৰে। অৱশ্যে কাফিৰ হৈছে কেৱল তাৰ প্ৰতিপালকৰ বিৰুদ্ধে সহায়কাৰী।

وَيَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُهُمۡ وَلَا يَضُرُّهُمۡۗ وَكَانَ ٱلۡكَافِرُ عَلَىٰ رَبِّهِۦ ظَهِيرٗا ۝٥٥
56

আৰু আমি তোমাক কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ।

وَمَآ أَرۡسَلۡنَٰكَ إِلَّا مُبَشِّرٗا وَنَذِيرٗا ۝٥٦
57

কোৱা, ‘মই তোমালোকৰ ওচৰত ইয়াৰ বিনিময়ত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ, কিন্তু যাৰ ইচ্ছা সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক (এইটোৱে মোৰ কামনা)’।

قُلۡ مَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍ إِلَّا مَن شَآءَ أَن يَتَّخِذَ إِلَىٰ رَبِّهِۦ سَبِيلٗا ۝٥٧
58

আৰু তুমি কেৱল সেই সত্ত্বাৰ প্ৰতি নিৰ্ভৰ কৰা যিজন চিৰঞ্জীৱ, যিজন কেতিয়াও মৃত্যুবৰণ নকৰিব, সেয়ে প্ৰশংসাৰ সৈতে তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, তেওঁৰ বান্দাসকলৰ পাপ সম্পৰ্কে খবৰ ৰাখিবলৈ তেৱেঁই যথেষ্ট।

وَتَوَكَّلۡ عَلَى ٱلۡحَيِّ ٱلَّذِي لَا يَمُوتُ وَسَبِّحۡ بِحَمۡدِهِۦۚ وَكَفَىٰ بِهِۦ بِذُنُوبِ عِبَادِهِۦ خَبِيرًا ۝٥٨
59

তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে সেই সকলোবোৰক ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই ৰহমান, এতেকে তেওঁৰ বিষয়ে যিয়ে জানে তাক সুধি চোৱা।

ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ ٱلرَّحۡمَٰنُ فَسۡـَٔلۡ بِهِۦ خَبِيرٗا ۝٥٩
60

আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকে ৰহমানৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া সিহঁতে কয়, ‘ৰহমান আকৌ কি? তুমি কাৰোবাক ছাজদাহ কৰিব ক’লেই আমি তাক ছাজদাহ কৰিমনে’? (এনে আহ্বানে) কেৱল সিহঁতৰ পলায়নপৰতাই বৃদ্ধি কৰে।

وَإِذَا قِيلَ لَهُمُ ٱسۡجُدُواْۤ لِلرَّحۡمَٰنِ قَالُواْ وَمَا ٱلرَّحۡمَٰنُ أَنَسۡجُدُ لِمَا تَأۡمُرُنَا وَزَادَهُمۡ نُفُورٗا۩ ۝٦٠
61

অতি বৰকতময় সেই সত্ত্বা যিজনে নভোমণ্ডলত সৃষ্টি কৰিছে বিশাল নক্ষত্ৰৰাজি আৰু তাত স্থাপন কৰিছে প্ৰদীপ (সূৰ্য), লগতে আলো বিকিৰণকাৰী চন্দ্ৰ।

تَبَارَكَ ٱلَّذِي جَعَلَ فِي ٱلسَّمَآءِ بُرُوجٗا وَجَعَلَ فِيهَا سِرَٰجٗا وَقَمَرٗا مُّنِيرٗا ۝٦١
62

আৰু তেৱেঁই দিন আৰু ৰাতিক পৰস্পৰৰ অনুগামী কৰিছে, সেই ব্যক্তিৰ বাবে যিয়ে উপদেশ গ্ৰহণ কৰিব বিচাৰে অথবা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰে।

وَهُوَ ٱلَّذِي جَعَلَ ٱلَّيۡلَ وَٱلنَّهَارَ خِلۡفَةٗ لِّمَنۡ أَرَادَ أَن يَذَّكَّرَ أَوۡ أَرَادَ شُكُورٗا ۝٦٢
63

আৰু ৰহমানৰ (প্ৰকৃত) বান্দা তেওঁলোকেই যিসকলে পৃথিৱীত অত্যন্ত বিনম্ৰভাৱে চলাফুৰা কৰে আৰু যেতিয়া মুৰ্খসকলে তেওঁলোকক (অশালীন ভাষাত) সম্বোধন কৰে, তেতিয়া তেওঁলোকে কয়, ‘ছালাম’;

وَعِبَادُ ٱلرَّحۡمَٰنِ ٱلَّذِينَ يَمۡشُونَ عَلَى ٱلۡأَرۡضِ هَوۡنٗا وَإِذَا خَاطَبَهُمُ ٱلۡجَٰهِلُونَ قَالُواْ سَلَٰمٗا ۝٦٣
64

আৰু যিসকলে নিজ প্ৰতিপালকৰ উদ্দেশ্যে ছাজদাৱনত হৈ আৰু থিয় হৈ (ইবাদত কৰি) থকা অৱস্থাত উজাগৰে ৰাতি কটায়;

وَٱلَّذِينَ يَبِيتُونَ لِرَبِّهِمۡ سُجَّدٗا وَقِيَٰمٗا ۝٦٤
65

আৰু তেওঁলোকে কয়, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাৰ পৰা জাহান্নামৰ শাস্তি আঁতৰাই দিয়া, নিশ্চয় ইয়াৰ শাস্তি অবিচ্ছিন্ন।

وَٱلَّذِينَ يَقُولُونَ رَبَّنَا ٱصۡرِفۡ عَنَّا عَذَابَ جَهَنَّمَۖ إِنَّ عَذَابَهَا كَانَ غَرَامًا ۝٦٥
66

‘নিশ্চয় সেয়া বসবাস আৰু অৱস্থানস্থল হিচাপে অতি নিকৃষ্ট’।

إِنَّهَا سَآءَتۡ مُسۡتَقَرّٗا وَمُقَامٗا ۝٦٦
67

আৰু তেওঁলোকে যেতিয়া ব্যয় কৰে তেতিয়া অপব্যয় নকৰে, আৰু কৃপণতাও নকৰে, বৰং (তেওঁলোকে) এই দুয়োৰে মধ্যৱৰ্তী পন্থা অৱলম্বন কৰে।

وَٱلَّذِينَ إِذَآ أَنفَقُواْ لَمۡ يُسۡرِفُواْ وَلَمۡ يَقۡتُرُواْ وَكَانَ بَيۡنَ ذَٰلِكَ قَوَامٗا ۝٦٧
68

আৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।

وَٱلَّذِينَ لَا يَدۡعُونَ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ وَلَا يَقۡتُلُونَ ٱلنَّفۡسَ ٱلَّتِي حَرَّمَ ٱللَّهُ إِلَّا بِٱلۡحَقِّ وَلَا يَزۡنُونَۚ وَمَن يَفۡعَلۡ ذَٰلِكَ يَلۡقَ أَثَامٗا ۝٦٨
69

কিয়ামতৰ দিনা তাক দ্বিগুণ শাস্তি প্ৰদান কৰা হ’ব আৰু তাত সি অপমানিত অৱস্থাত স্থায়ী হ’ব।

يُضَٰعَفۡ لَهُ ٱلۡعَذَابُ يَوۡمَ ٱلۡقِيَٰمَةِ وَيَخۡلُدۡ فِيهِۦ مُهَانًا ۝٦٩
70

কিন্তু যিয়ে তাওবা কৰিছে, ঈমান পোষণ কৰিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকৰ গুণাহসমূহক পূণ্যৰ দ্বাৰা পৰিবৰ্তন কৰি দিব। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

إِلَّا مَن تَابَ وَءَامَنَ وَعَمِلَ عَمَلٗا صَٰلِحٗا فَأُوْلَٰٓئِكَ يُبَدِّلُ ٱللَّهُ سَيِّـَٔاتِهِمۡ حَسَنَٰتٖۗ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمٗا ۝٧٠
71

আৰু যিয়ে তাওবা কৰে আৰু সৎকৰ্ম কৰে, নিশ্চয় তেওঁ সম্পূৰ্ণৰূপে আল্লাহৰ অভিমুখী হয়।

وَمَن تَابَ وَعَمِلَ صَٰلِحٗا فَإِنَّهُۥ يَتُوبُ إِلَى ٱللَّهِ مَتَابٗا ۝٧١
72

আৰু তেওঁলোকে মিছা কথাৰ সাক্ষী নিদিয়ে আৰু তেওঁলোকে অসাৰ কাৰ্যকলাপৰ সন্মুখীন হ’লে নিজৰ মৰ্যাদা ৰক্ষাৰ্থে সেয়া পৰিহাৰ কৰি গুচি যায়।

وَٱلَّذِينَ لَا يَشۡهَدُونَ ٱلزُّورَ وَإِذَا مَرُّواْ بِٱللَّغۡوِ مَرُّواْ كِرَامٗا ۝٧٢
73

আৰু তেওঁলোকক নিজ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিলে তেওঁলোকে অন্ধ আৰু বধিৰৰ দৰে আচৰণ নকৰে।

وَٱلَّذِينَ إِذَا ذُكِّرُواْ بِـَٔايَٰتِ رَبِّهِمۡ لَمۡ يَخِرُّواْ عَلَيۡهَا صُمّٗا وَعُمۡيَانٗا ۝٧٣
74

আৰু তেওঁলোকে প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। লগতে তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’।

وَٱلَّذِينَ يَقُولُونَ رَبَّنَا هَبۡ لَنَا مِنۡ أَزۡوَٰجِنَا وَذُرِّيَّٰتِنَا قُرَّةَ أَعۡيُنٖ وَٱجۡعَلۡنَا لِلۡمُتَّقِينَ إِمَامًا ۝٧٤
75

তেওঁলোককেই জান্নাতৰ সুউচ্চ কক্ষ প্ৰতিদান হিচাপে প্ৰদান কৰা হ’ব। যিহেতু তেওঁলোক আছিল ধৈৰ্য্যশীল। তেওঁলোকক তাত অভিবাদন আৰু ছালামৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হ’ব।

أُوْلَٰٓئِكَ يُجۡزَوۡنَ ٱلۡغُرۡفَةَ بِمَا صَبَرُواْ وَيُلَقَّوۡنَ فِيهَا تَحِيَّةٗ وَسَلَٰمًا ۝٧٥
76

তাত তেওঁলোকে স্থায়ী হ’ব। অৱস্থানস্থল আৰু বাসস্থান হিচাপে সেয়া কিমান যে উৎকৃষ্ট!

خَٰلِدِينَ فِيهَاۚ حَسُنَتۡ مُسۡتَقَرّٗا وَمُقَامٗا ۝٧٦
77

কোৱা, ‘যদি তোমালোকে তেওঁক আহ্বান নকৰিলাহেঁতেন তেন্তে মোৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি অকণো ভ্ৰুক্ষেপ নকৰিলেহেঁতেন। তাৰ পিছতো তোমালোকে অস্বীকাৰ কৰিছা, সেয়ে অচিৰেই অপৰিহাৰ্য হ’ব শাস্তি’।

قُلۡ مَا يَعۡبَؤُاْ بِكُمۡ رَبِّي لَوۡلَا دُعَآؤُكُمۡۖ فَقَدۡ كَذَّبۡتُمۡ فَسَوۡفَ يَكُونُ لِزَامَۢا ۝٧٧