Sunday, 11 October 2026 Hijri: — 07:34:27 pm
MalayalamQuran.in
ജോലിയിൽ നിന്ന് പിരിച്ചുവിട്ടു, നടപടിക്ക് മുൻകൈ എടുത്തയാളുടെ പേരക്കുട്ടിയെ ക്രൂരമായി കൊലപ്പെടുത്തി, മുൻ സെക്യൂരിറ്റി ജീവനക്കാരനായി തെരച്ചിൽ — Asianet News Malayalam മുത്തശ്ശിയുടെ മരണം: ദീപ്കെയ്ക്ക് എല്ലാസഹായവും വാ​ഗ്ദാനം ചെയ്തെന്ന് ഡൽഹി പൊലീസ്; പൊലീസിന്റെ വാദങ്ങൾ തെറ്റെന്ന് ദീപ്കെ, ഫോൺ പോലും നൽകിയില്ല — Asianet News Malayalam തന്റേത് കസ്റ്റഡി ആയിരുന്നില്ല, തട്ടിക്കൊണ്ടുപോകൽ, ഇന്ത്യയിൽ അപ്രഖ്യാപിത അടിയന്തരാവസ്ഥ, രൂക്ഷവിമർശനവുമായി ധ്രുവ് റാഠി — Asianet News Malayalam ജോലിയിൽ നിന്ന് പിരിച്ചുവിട്ടു, നടപടിക്ക് മുൻകൈ എടുത്തയാളുടെ പേരക്കുട്ടിയെ ക്രൂരമായി കൊലപ്പെടുത്തി, മുൻ സെക്യൂരിറ്റി ജീവനക്കാരനായി തെരച്ചിൽ — Asianet News Malayalam മുത്തശ്ശിയുടെ മരണം: ദീപ്കെയ്ക്ക് എല്ലാസഹായവും വാ​ഗ്ദാനം ചെയ്തെന്ന് ഡൽഹി പൊലീസ്; പൊലീസിന്റെ വാദങ്ങൾ തെറ്റെന്ന് ദീപ്കെ, ഫോൺ പോലും നൽകിയില്ല — Asianet News Malayalam തന്റേത് കസ്റ്റഡി ആയിരുന്നില്ല, തട്ടിക്കൊണ്ടുപോകൽ, ഇന്ത്യയിൽ അപ്രഖ്യാപിത അടിയന്തരാവസ്ഥ, രൂക്ഷവിമർശനവുമായി ധ്രുവ് റാഠി — Asianet News Malayalam
Quran translation reader

അൽ ഹുജുറാത്ത് الحجرات Al-Hujurat

Surah 49 മദനിയ്യ • مدنية • Madaniyah 18 ആയത്തുകൾ • 18 Ayahs

സൂറത്ത് അൽ ഹുജുറാത്ത് (Al-Hujurat), ഖുർആൻ അധ്യായം 49 — അറബി ആയത്തുകളും অসমীয়া വിവർത്തനവും ഉൾപ്പെടെ 18 ആയത്തുകൾ വായിക്കുക. Read Surah Al-Hujurat with Arabic text and অসমীয়া translation.

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1

হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্মুখত তোমালোকে কোনো বিষয়ে অগ্ৰণী নহ'বা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تُقَدِّمُواْ بَيۡنَ يَدَيِ ٱللَّهِ وَرَسُولِهِۦۖ وَٱتَّقُواْ ٱللَّهَۚ إِنَّ ٱللَّهَ سَمِيعٌ عَلِيمٞ ۝١
2

হে মুমিনসকল! তোমালোকে নবীৰ কণ্ঠস্বৰৰ ওপৰত নিজৰ কণ্ঠস্বৰ উচ্চ নকৰিবা আৰু নিজৰ মাজত যেনেকৈ উচ্চস্বৰে কথা কোৱা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰত কথা নক’বা; অন্যথা তোমালোকে গ'ম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব।

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَرۡفَعُوٓاْ أَصۡوَٰتَكُمۡ فَوۡقَ صَوۡتِ ٱلنَّبِيِّ وَلَا تَجۡهَرُواْ لَهُۥ بِٱلۡقَوۡلِ كَجَهۡرِ بَعۡضِكُمۡ لِبَعۡضٍ أَن تَحۡبَطَ أَعۡمَٰلُكُمۡ وَأَنتُمۡ لَا تَشۡعُرُونَ ۝٢
3

নিশ্চয় যিসকলে আল্লাহৰ ৰাছুলৰ সন্মুখত নিজৰ কণ্ঠস্বৰ অৱনমিত কৰে, আল্লাহে তেওঁলোকৰ অন্তৰসমূহক তাক্বৱাৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰস্কাৰ।

إِنَّ ٱلَّذِينَ يَغُضُّونَ أَصۡوَٰتَهُمۡ عِندَ رَسُولِ ٱللَّهِ أُوْلَٰٓئِكَ ٱلَّذِينَ ٱمۡتَحَنَ ٱللَّهُ قُلُوبَهُمۡ لِلتَّقۡوَىٰۚ لَهُم مَّغۡفِرَةٞ وَأَجۡرٌ عَظِيمٌ ۝٣
4

নিশ্চয় যিসকলে তোমাক হুজৰাসমূহৰ পিছফালৰ পৰা উচ্চস্বৰে মাতে, (দৰাচলতে) সিহঁতৰ অধিকাংশই নবুজে।

إِنَّ ٱلَّذِينَ يُنَادُونَكَ مِن وَرَآءِ ٱلۡحُجُرَٰتِ أَكۡثَرُهُمۡ لَا يَعۡقِلُونَ ۝٤
5

তুমি সিহঁতৰ ওচৰলৈ ওলাই নহালৈকে যদি সিহঁতে ধৈৰ্য্য ধাৰণ কৰিলেহেঁতেন, তেন্তে সেইটোৱে সিহঁতৰ বাবে উত্তম হ’লহেঁতেন। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

وَلَوۡ أَنَّهُمۡ صَبَرُواْ حَتَّىٰ تَخۡرُجَ إِلَيۡهِمۡ لَكَانَ خَيۡرٗا لَّهُمۡۚ وَٱللَّهُ غَفُورٞ رَّحِيمٞ ۝٥
6

হে ঈমান্দাৰসকল! যদি কোনো ফাছিক্বে তোমালোকৰ ওচৰলৈ কোনো বাৰ্তা লৈ আহে, তেন্তে তোমালোকে সেয়া পৰীক্ষা কৰি চাবা, যাতে এনে নহয় যে, অজ্ঞতাবশতঃ তোমালোকে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰি পেলাবা, যাৰ ফলত তোমালোকে নিজৰ কৃতকৰ্মৰ বাবে অনুতপ্ত হ’ব লাগিব।

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِن جَآءَكُمۡ فَاسِقُۢ بِنَبَإٖ فَتَبَيَّنُوٓاْ أَن تُصِيبُواْ قَوۡمَۢا بِجَهَٰلَةٖ فَتُصۡبِحُواْ عَلَىٰ مَا فَعَلۡتُمۡ نَٰدِمِينَ ۝٦
7

জানি থোৱা যে, তোমালোকৰ মাজত আল্লাহৰ ৰাছুল আছে, তেওঁ যদি অধিকাংশ বিষয়ত তোমালোকৰ কথা মানি ল’লেহেঁতেন, তেন্তে তোমালোকে নিশ্চয় কষ্টত পতিত হ’লাহেঁতেন। কিন্তু আল্লাহে তোমালোকৰ বাবে ঈমানক প্ৰিয় কৰি দিছে আৰু সেইটোক তোমালোকৰ হৃদয়গ্ৰাহী কৰিছে। লগতে কুফৰী, পাপকৰ্ম আৰু অবাধ্যতাক তোমালোকৰ বাবে অপ্ৰিয় কৰি দিছে। তেওঁলোকেই সঠিক পথপ্ৰাপ্ত।

وَٱعۡلَمُوٓاْ أَنَّ فِيكُمۡ رَسُولَ ٱللَّهِۚ لَوۡ يُطِيعُكُمۡ فِي كَثِيرٖ مِّنَ ٱلۡأَمۡرِ لَعَنِتُّمۡ وَلَٰكِنَّ ٱللَّهَ حَبَّبَ إِلَيۡكُمُ ٱلۡإِيمَٰنَ وَزَيَّنَهُۥ فِي قُلُوبِكُمۡ وَكَرَّهَ إِلَيۡكُمُ ٱلۡكُفۡرَ وَٱلۡفُسُوقَ وَٱلۡعِصۡيَانَۚ أُوْلَٰٓئِكَ هُمُ ٱلرَّٰشِدُونَ ۝٧
8

(এইবোৰ হৈছে) আল্লাহৰ দান আৰু অনুগ্ৰহ; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

فَضۡلٗا مِّنَ ٱللَّهِ وَنِعۡمَةٗۚ وَٱللَّهُ عَلِيمٌ حَكِيمٞ ۝٨
9

আৰু যদি মুমিনসকলৰ দুটা দলে বাদ-বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া, তথাপিও যদি তেওঁলোকৰ এটা দলে আন এটা দলৰ বিৰুদ্ধে সীমালংঘন কৰে, তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব। তাৰ পিছত যদি সিহঁতে উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰা। নিশ্চয় আল্লাহে ন্যায় বিচাৰকাৰীসকলক ভাল পায়।

وَإِن طَآئِفَتَانِ مِنَ ٱلۡمُؤۡمِنِينَ ٱقۡتَتَلُواْ فَأَصۡلِحُواْ بَيۡنَهُمَاۖ فَإِنۢ بَغَتۡ إِحۡدَىٰهُمَا عَلَى ٱلۡأُخۡرَىٰ فَقَٰتِلُواْ ٱلَّتِي تَبۡغِي حَتَّىٰ تَفِيٓءَ إِلَىٰٓ أَمۡرِ ٱللَّهِۚ فَإِن فَآءَتۡ فَأَصۡلِحُواْ بَيۡنَهُمَا بِٱلۡعَدۡلِ وَأَقۡسِطُوٓاْۖ إِنَّ ٱللَّهَ يُحِبُّ ٱلۡمُقۡسِطِينَ ۝٩
10

মুমিনসকল পৰস্পৰে ভাই-ভাই; সেয়ে তোমালোকে নিজ ভাতৃসকলৰ মাজত আপোচ-মীমাংসা কৰি দিয়া। লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে অনুগ্ৰহপ্ৰাপ্ত হোৱা।

إِنَّمَا ٱلۡمُؤۡمِنُونَ إِخۡوَةٞ فَأَصۡلِحُواْ بَيۡنَ أَخَوَيۡكُمۡۚ وَٱتَّقُواْ ٱللَّهَ لَعَلَّكُمۡ تُرۡحَمُونَ ۝١٠
11

হে ঈমান্দাৰসকল! কোনো মুমিন সম্প্ৰদায়ে যেন আন কোনো মুমিন সম্প্ৰদায়ক উপহাস নকৰে, কিয়নো যিসকলক উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰীসকলতকৈ উত্তম হ’ব পাৰে; আৰু নাৰীসকলেও যেন আন আন নাৰীসকলক উপহাস নকৰে, কিয়নো যিসকলৰ উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰীণী বিলাকতকৈও উত্তম হ’ব পাৰে। লগতে তোমালোকে ইজনে সিজনৰ প্ৰতি দোষাৰোপ নকৰিবা আৰু এজনে আনজনক বেয়া নামেৰে নামাতিবা; ঈমানৰ পিছত বেয়া নাম অতি নিকৃষ্ট। এতেকে (জানি থোৱা) যিসকলে তাওবা নকৰে সিহঁতেই হৈছে যালিম।

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا يَسۡخَرۡ قَوۡمٞ مِّن قَوۡمٍ عَسَىٰٓ أَن يَكُونُواْ خَيۡرٗا مِّنۡهُمۡ وَلَا نِسَآءٞ مِّن نِّسَآءٍ عَسَىٰٓ أَن يَكُنَّ خَيۡرٗا مِّنۡهُنَّۖ وَلَا تَلۡمِزُوٓاْ أَنفُسَكُمۡ وَلَا تَنَابَزُواْ بِٱلۡأَلۡقَٰبِۖ بِئۡسَ ٱلِٱسۡمُ ٱلۡفُسُوقُ بَعۡدَ ٱلۡإِيمَٰنِۚ وَمَن لَّمۡ يَتُبۡ فَأُوْلَٰٓئِكَ هُمُ ٱلظَّٰلِمُونَ ۝١١
12

হে মুমিনসকল! তোমালোকে অতিমাত্ৰা সন্দেহ কৰাৰ পৰা বিৰত থাকা। নিশ্চয় কিছুমান সন্দেহ হৈছে পাপ; লগতে তোমালোকে ইজনে সিজনৰ গোপনীয় বিষয় সন্ধান নকৰিবা আৰু এজনে আনজনৰ গীবত নকৰিবা। তোমালোকৰ মাজৰ কোনোবাই তাৰ মৃত ভাতৃৰ মাংস খোৱোটো পছন্দ কৰিবনে? নিশ্চয় তোমালোকে তাক অপছন্দ কৰা। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱجۡتَنِبُواْ كَثِيرٗا مِّنَ ٱلظَّنِّ إِنَّ بَعۡضَ ٱلظَّنِّ إِثۡمٞۖ وَلَا تَجَسَّسُواْ وَلَا يَغۡتَب بَّعۡضُكُم بَعۡضًاۚ أَيُحِبُّ أَحَدُكُمۡ أَن يَأۡكُلَ لَحۡمَ أَخِيهِ مَيۡتٗا فَكَرِهۡتُمُوهُۚ وَٱتَّقُواْ ٱللَّهَۚ إِنَّ ٱللَّهَ تَوَّابٞ رَّحِيمٞ ۝١٢
13

হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি-জনগোষ্ঠী আৰু বিভিন্ন গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।

يَٰٓأَيُّهَا ٱلنَّاسُ إِنَّا خَلَقۡنَٰكُم مِّن ذَكَرٖ وَأُنثَىٰ وَجَعَلۡنَٰكُمۡ شُعُوبٗا وَقَبَآئِلَ لِتَعَارَفُوٓاْۚ إِنَّ أَكۡرَمَكُمۡ عِندَ ٱللَّهِ أَتۡقَىٰكُمۡۚ إِنَّ ٱللَّهَ عَلِيمٌ خَبِيرٞ ۝١٣
14

বেদুইনবিলাকে কয়, ‘আমি ঈমান আনিছোঁ’। কোৱা, ‘তোমালোকে ঈমান পোষণ কৰা নাই, বৰং তোমালোকে কোৱা, ‘আমি আত্মসমৰ্পণ কৰিছোঁ’, কাৰণ ঈমান এতিয়াও তোমালোকৰ অন্তৰত প্ৰৱেশ কৰা নাই। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা তেন্তে তেওঁ তোমালোকৰ আমলসমূহৰ ছোৱাব অকণো লাঘৱ নকৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু’।

۞ قَالَتِ ٱلۡأَعۡرَابُ ءَامَنَّاۖ قُل لَّمۡ تُؤۡمِنُواْ وَلَٰكِن قُولُوٓاْ أَسۡلَمۡنَا وَلَمَّا يَدۡخُلِ ٱلۡإِيمَٰنُ فِي قُلُوبِكُمۡۖ وَإِن تُطِيعُواْ ٱللَّهَ وَرَسُولَهُۥ لَا يَلِتۡكُم مِّنۡ أَعۡمَٰلِكُمۡ شَيۡـًٔاۚ إِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٌ ۝١٤
15

প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তাৰ পিছত তেওঁলোকে সন্দেহ পোষণ কৰা নাই, লগতে তেওঁলোকে জান-মালৰ সৈতে আল্লাহৰ পথত জিহাদ কৰিছে। তেওঁলোকেই হৈছে সত্যনিষ্ঠ।

إِنَّمَا ٱلۡمُؤۡمِنُونَ ٱلَّذِينَ ءَامَنُواْ بِٱللَّهِ وَرَسُولِهِۦ ثُمَّ لَمۡ يَرۡتَابُواْ وَجَٰهَدُواْ بِأَمۡوَٰلِهِمۡ وَأَنفُسِهِمۡ فِي سَبِيلِ ٱللَّهِۚ أُوْلَٰٓئِكَ هُمُ ٱلصَّٰدِقُونَ ۝١٥
16

কোৱা, ‘তোমালোকে তোমালোকৰ দ্বীন সম্পৰ্কে আল্লাহক অৱগত কৰি আছা নেকি? অথচ আল্লাহে জানে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে। আল্লাহ সকলো বিষয়েই সম্যক অৱগত’।

قُلۡ أَتُعَلِّمُونَ ٱللَّهَ بِدِينِكُمۡ وَٱللَّهُ يَعۡلَمُ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۚ وَٱللَّهُ بِكُلِّ شَيۡءٍ عَلِيمٞ ۝١٦
17

সিহঁতে ভাবে যে, সিহঁতে ইছলাম গ্ৰহণ কৰি তোমাক ধন্য কৰিছে। কোৱা, ‘তোমালোকে ইছলাম গ্ৰহণ কৰি মোক ধন্য কৰিছা বুলি নাভাবিবা; বৰং আল্লাহেই তোমালোকক ঈমানৰ দিশত পৰিচালিত কৰি তোমালোককহে ধন্য কৰিছে, যদি তোমালোকে সত্যবাদী হোৱা’।

يَمُنُّونَ عَلَيۡكَ أَنۡ أَسۡلَمُواْۖ قُل لَّا تَمُنُّواْ عَلَيَّ إِسۡلَٰمَكُمۖ بَلِ ٱللَّهُ يَمُنُّ عَلَيۡكُمۡ أَنۡ هَدَىٰكُمۡ لِلۡإِيمَٰنِ إِن كُنتُمۡ صَٰدِقِينَ ۝١٧
18

নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। লগতে তোমালোকে যি কৰা আল্লাহে তাৰ সম্যক দ্ৰষ্টা।

إِنَّ ٱللَّهَ يَعۡلَمُ غَيۡبَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَٱللَّهُ بَصِيرُۢ بِمَا تَعۡمَلُونَ ۝١٨