যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,
അൽ ഇൻഫിതാർ الانفطار Al-Infitar
സൂറത്ത് അൽ ഇൻഫിതാർ (Al-Infitar), ഖുർആൻ അധ്യായം 82 — അറബി ആയത്തുകളും অসমীয়া വിവർത്തനവും ഉൾപ്പെടെ 19 ആയത്തുകൾ വായിക്കുക. Read Surah Al-Infitar with Arabic text and অসমীয়া translation.
আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব,
আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব,
আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব,
তেতিয়া প্ৰত্যেকেই জানিব, সি আগলৈ কি প্ৰেৰণ কৰিছে আৰু পিছফালে কি থৈ আহিছে।
হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে?
যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে,
আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।
কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা;
আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;
সন্মানিত লেখক বৃন্দ;
তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।
নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।
আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।
সিহঁতে তাত প্ৰৱেশ কৰিব প্ৰতিদান দিৱসত;
আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব (বা পলায়ন কৰিব নোৱাৰিব)।
আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি?
আকৌ কৈছোঁ, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?
সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব (একমাত্ৰ) আল্লাহৰ।