Sunday, 11 October 2026 Hijri: — 03:02:26 pm
MalayalamQuran.in
മുത്തുവേൽ പാണ്ഡ്യൻ വരുന്നു; 'ജയിലർ 2' കേരള അഡ്വാൻസ് ബുക്കിംഗ് ഇന്ന് മുതൽ — Asianet News Malayalam രാജി വിവാദം: ആർ ശ്രീലേഖയുടെ വിശദീകരണം ഇന്നുണ്ടായേക്കും, സമൂഹ മാധ്യമത്തിലൂടെയാവും വിശദീകരണം — Asianet News Malayalam 'ഇന്ന് മറ്റൊരിടം ജന്തർ മന്തറാകും' ഗ്യാനേഷിനെയോ യുവാക്കളെയോ ജയിലിലിടുക? സമരാഹ്വാനവുമായി നേഹ ബോറ — Asianet News Malayalam മുത്തുവേൽ പാണ്ഡ്യൻ വരുന്നു; 'ജയിലർ 2' കേരള അഡ്വാൻസ് ബുക്കിംഗ് ഇന്ന് മുതൽ — Asianet News Malayalam രാജി വിവാദം: ആർ ശ്രീലേഖയുടെ വിശദീകരണം ഇന്നുണ്ടായേക്കും, സമൂഹ മാധ്യമത്തിലൂടെയാവും വിശദീകരണം — Asianet News Malayalam 'ഇന്ന് മറ്റൊരിടം ജന്തർ മന്തറാകും' ഗ്യാനേഷിനെയോ യുവാക്കളെയോ ജയിലിലിടുക? സമരാഹ്വാനവുമായി നേഹ ബോറ — Asianet News Malayalam
Quran translation reader

അർ റഹ്മാൻ الرحمن Ar-Rahman

Surah 55 മദനിയ്യ • مدنية • Madaniyah 78 ആയത്തുകൾ • 78 Ayahs

സൂറത്ത് അർ റഹ്മാൻ (Ar-Rahman), ഖുർആൻ അധ്യായം 55 — അറബി ആയത്തുകളും অসমীয়া വിവർത്തനവും ഉൾപ്പെടെ 78 ആയത്തുകൾ വായിക്കുക. Read Surah Ar-Rahman with Arabic text and অসমীয়া translation.

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1

আৰ-ৰাহমান, (দয়াময় আল্লাহ)

ٱلرَّحۡمَٰنُ ۝١
2

তেৱেঁই শিক্ষা দিছে কোৰআন,

عَلَّمَ ٱلۡقُرۡءَانَ ۝٢
3

তেৱেঁই সৃষ্টি কৰিছে মানুহ,

خَلَقَ ٱلۡإِنسَٰنَ ۝٣
4

তেৱেঁই তাক ভাষা শিকাইছে,

عَلَّمَهُ ٱلۡبَيَانَ ۝٤
5

সূৰ্য আৰু চন্দ্ৰই নিৰ্ধাৰিত হিচাপ-অনুযায়ী আৱৰ্তন কৰে,

ٱلشَّمۡسُ وَٱلۡقَمَرُ بِحُسۡبَانٖ ۝٥
6

আৰু তৃণলতা (অথবা নক্ষত্ৰৰাজি) আৰু বৃক্ষাদিয়েও ছাজদা কৰে,

وَٱلنَّجۡمُ وَٱلشَّجَرُ يَسۡجُدَانِ ۝٦
7

আৰু তেৱেঁই আকাশখনক সমুন্নত কৰিছে আৰু স্থাপন কৰিছে তুলাচনী,

وَٱلسَّمَآءَ رَفَعَهَا وَوَضَعَ ٱلۡمِيزَانَ ۝٧
8

যাতে তোমালোকে জোখ-মাখত সীমালংঘন নকৰা।

أَلَّا تَطۡغَوۡاْ فِي ٱلۡمِيزَانِ ۝٨
9

আৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা।

وَأَقِيمُواْ ٱلۡوَزۡنَ بِٱلۡقِسۡطِ وَلَا تُخۡسِرُواْ ٱلۡمِيزَانَ ۝٩
10

আৰু তেৱেঁই পৃথিৱীখনক সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে;

وَٱلۡأَرۡضَ وَضَعَهَا لِلۡأَنَامِ ۝١٠
11

য’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত,

فِيهَا فَٰكِهَةٞ وَٱلنَّخۡلُ ذَاتُ ٱلۡأَكۡمَامِ ۝١١
12

আৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল।

وَٱلۡحَبُّ ذُو ٱلۡعَصۡفِ وَٱلرَّيۡحَانُ ۝١٢
13

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝١٣
14

তেৱেঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত পোৰা মাটিৰ দৰে শুকান মাটিৰ পৰা,

خَلَقَ ٱلۡإِنسَٰنَ مِن صَلۡصَٰلٖ كَٱلۡفَخَّارِ ۝١٤
15

আৰু জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা।

وَخَلَقَ ٱلۡجَآنَّ مِن مَّارِجٖ مِّن نَّارٖ ۝١٥
16

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝١٦
17

তেৱেঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক।

رَبُّ ٱلۡمَشۡرِقَيۡنِ وَرَبُّ ٱلۡمَغۡرِبَيۡنِ ۝١٧
18

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝١٨
19

তেৱেঁ দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়,

مَرَجَ ٱلۡبَحۡرَيۡنِ يَلۡتَقِيَانِ ۝١٩
20

কিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে।

بَيۡنَهُمَا بَرۡزَخٞ لَّا يَبۡغِيَانِ ۝٢٠
21

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٢١
22

উভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুতা আৰু পোৱাল।

يَخۡرُجُ مِنۡهُمَا ٱللُّؤۡلُؤُ وَٱلۡمَرۡجَانُ ۝٢٢
23

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٢٣
24

আৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰেই (নিয়ন্ত্ৰণাধীন);

وَلَهُ ٱلۡجَوَارِ ٱلۡمُنشَـَٔاتُ فِي ٱلۡبَحۡرِ كَٱلۡأَعۡلَٰمِ ۝٢٤
25

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٢٥
26

ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল,

كُلُّ مَنۡ عَلَيۡهَا فَانٖ ۝٢٦
27

আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহেৰা, যিজন মহিমাময়, মহানুভৱ;

وَيَبۡقَىٰ وَجۡهُ رَبِّكَ ذُو ٱلۡجَلَٰلِ وَٱلۡإِكۡرَامِ ۝٢٧
28

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٢٨
29

আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত।

يَسۡـَٔلُهُۥ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ كُلَّ يَوۡمٍ هُوَ فِي شَأۡنٖ ۝٢٩
30

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٣٠
31

হে মানৱ আৰু জিন! আমি অনতিপলমে তোমালোকৰ (হিচাপ-নিকাচ গ্ৰহণৰ) প্ৰতি মনোনিৱেশ কৰিম।

سَنَفۡرُغُ لَكُمۡ أَيُّهَ ٱلثَّقَلَانِ ۝٣١
32

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٣٢
33

হে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তি অবিহনে অতিক্ৰম কৰিব নোৱাৰিবা।

يَٰمَعۡشَرَ ٱلۡجِنِّ وَٱلۡإِنسِ إِنِ ٱسۡتَطَعۡتُمۡ أَن تَنفُذُواْ مِنۡ أَقۡطَارِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ فَٱنفُذُواْۚ لَا تَنفُذُونَ إِلَّا بِسُلۡطَٰنٖ ۝٣٣
34

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٣٤
35

তোমালোক উভয়ৰে প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ (অথবা গলিত তাম), তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা।

يُرۡسَلُ عَلَيۡكُمَا شُوَاظٞ مِّن نَّارٖ وَنُحَاسٞ فَلَا تَنتَصِرَانِ ۝٣٥
36

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٣٦
37

যিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব;

فَإِذَا ٱنشَقَّتِ ٱلسَّمَآءُ فَكَانَتۡ وَرۡدَةٗ كَٱلدِّهَانِ ۝٣٧
38

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٣٨
39

গতিকে সেইদিনা মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহ’ব আৰু জিনকো নহয়।

فَيَوۡمَئِذٖ لَّا يُسۡـَٔلُ عَن ذَنۢبِهِۦٓ إِنسٞ وَلَا جَآنّٞ ۝٣٩
40

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٤٠
41

অপৰাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব।

يُعۡرَفُ ٱلۡمُجۡرِمُونَ بِسِيمَٰهُمۡ فَيُؤۡخَذُ بِٱلنَّوَٰصِي وَٱلۡأَقۡدَامِ ۝٤١
42

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٤٢
43

এইটোৱে হৈছে সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।

هَٰذِهِۦ جَهَنَّمُ ٱلَّتِي يُكَذِّبُ بِهَا ٱلۡمُجۡرِمُونَ ۝٤٣
44

সিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘুৰি থাকিব।

يَطُوفُونَ بَيۡنَهَا وَبَيۡنَ حَمِيمٍ ءَانٖ ۝٤٤
45

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٤٥
46

আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুখন জান্নাত।

وَلِمَنۡ خَافَ مَقَامَ رَبِّهِۦ جَنَّتَانِ ۝٤٦
47

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٤٧
48

উভয়েই বহু শাখা-পল্লববিশিষ্ট।

ذَوَاتَآ أَفۡنَانٖ ۝٤٨
49

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٤٩
50

উভয় জান্নাতত আছে প্ৰবাহমান দুখন নিজৰা;

فِيهِمَا عَيۡنَانِ تَجۡرِيَانِ ۝٥٠
51

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٥١
52

উভয়ৰ মাজত আছে প্ৰতিটো ফল দুই দুই প্ৰকাৰৰ।

فِيهِمَا مِن كُلِّ فَٰكِهَةٖ زَوۡجَانِ ۝٥٢
53

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٥٣
54

তাত তেওঁলোকে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।

مُتَّكِـِٔينَ عَلَىٰ فُرُشِۭ بَطَآئِنُهَا مِنۡ إِسۡتَبۡرَقٖۚ وَجَنَى ٱلۡجَنَّتَيۡنِ دَانٖ ۝٥٤
55

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٥٥
56

তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

فِيهِنَّ قَٰصِرَٰتُ ٱلطَّرۡفِ لَمۡ يَطۡمِثۡهُنَّ إِنسٞ قَبۡلَهُمۡ وَلَا جَآنّٞ ۝٥٦
57

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٥٧
58

সিহঁত যেনিবা পদ্মৰাগ মণি আৰু মুকুতা।

كَأَنَّهُنَّ ٱلۡيَاقُوتُ وَٱلۡمَرۡجَانُ ۝٥٨
59

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٥٩
60

উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰুনো কি হ’ব পাৰে?

هَلۡ جَزَآءُ ٱلۡإِحۡسَٰنِ إِلَّا ٱلۡإِحۡسَٰنُ ۝٦٠
61

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٦١
62

আৰু এই দুখন জান্নাতৰ বাহিৰেও আৰু দুখন জান্নাত আছে।

وَمِن دُونِهِمَا جَنَّتَانِ ۝٦٢
63

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٦٣
64

জান্নাত দুখন হৈছে ঘন সেউজীয়া।

مُدۡهَآمَّتَانِ ۝٦٤
65

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٦٥
66

এই দুখন জান্নাতত আছে উচ্ছলিত দুখন নিজৰা।

فِيهِمَا عَيۡنَانِ نَضَّاخَتَانِ ۝٦٦
67

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٦٧
68

তাত আছে ফল-মূল, খেজুৰ আৰু ডালিম।

فِيهِمَا فَٰكِهَةٞ وَنَخۡلٞ وَرُمَّانٞ ۝٦٨
69

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٦٩
70

সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী।

فِيهِنَّ خَيۡرَٰتٌ حِسَانٞ ۝٧٠
71

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٧١
72

চামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল।

حُورٞ مَّقۡصُورَٰتٞ فِي ٱلۡخِيَامِ ۝٧٢
73

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٧٣
74

যিসকলক ইতিপূৰ্বে কোনো মানুহ অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

لَمۡ يَطۡمِثۡهُنَّ إِنسٞ قَبۡلَهُمۡ وَلَا جَآنّٞ ۝٧٤
75

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٧٥
76

সিহঁতে আউজি বহিব সেউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।

مُتَّكِـِٔينَ عَلَىٰ رَفۡرَفٍ خُضۡرٖ وَعَبۡقَرِيٍّ حِسَانٖ ۝٧٦
77

এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ ۝٧٧
78

বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ।

تَبَٰرَكَ ٱسۡمُ رَبِّكَ ذِي ٱلۡجَلَٰلِ وَٱلۡإِكۡرَامِ ۝٧٨